অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বন্দনা এলাংবাম

বন্দনা এলাংবাম (ইংৰাজী: Bondina Elangbam) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু শিল্পী। তেওঁ মণিপুৰৰ বাসিন্দা। তেওঁৰ সৰ্বাংগীণ তুলনামূলক বিশ্লেষণাত্মক গৱেষণামূলক কৰ্মসমূহৰ ভিতৰত "Is the Homosexual an Invisible Being? 'Comrade Love' in the Select Fiction of the Rohinton Mistry and Amitav Ghosh" অন্যতম।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৫৮০ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বন্দনা এলাংবাম (ইংৰাজী ভাষা: Bondina Elangbam) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু শিল্পী। তেওঁ মণিপুৰৰ বাসিন্দা। তেওঁৰ সৰ্বাংগীণ তুলনামূলক বিশ্লেষণাত্মক গৱেষণামূলক কৰ্মসমূহৰ ভিতৰত "Is the Homosexual an Invisible Being? 'Comrade Love' in the Select Fiction of the Rohinton Mistry and Amitav Ghosh" অন্যতম।১২ এগৰাকী লেখিকা হোৱাৰ উপৰি তেওঁ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱত আৰু ড° জছিয়া কে এইচৰ দৰে বহুতো শিল্পী তথা লেখকৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।৩৪৫ বৰ্তমান তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে।

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

বন্দনা এলাংবামৰ জন্ম মণিপুৰৰ ইম্ফলত হৈছিল। তেওঁ পিতৃ-মাতৃৰপৰা মেইটেই আৰু মাও উভয় সাংস্কৃতিক ঐতিহ্য উত্তৰাধিকাৰ সূত্ৰে লাভ কৰি ডাঙৰ-দীঘল হৈছিল। তেওঁৰ এই আন্তঃসাংস্কৃতিক বন্ধন তেওঁৰ কাব্যিক কৰ্মৰাজিত প্ৰতিফলিত হোৱা দেখা যায়। শৈশৱৰেপৰা বন্দনাৰ ছবি অঁকা, চুটিগল্প আৰু কবিতা লিখাৰ প্ৰতি এক তীব্ৰ ইচ্ছা আছিল। ২০১৬ চনৰ ১৯ ডিচেম্বৰত মুম্বাইত তেওঁৰ প্ৰথম কবিতা পুথি বিটুইন দ্য পয়েট এণ্ড হাৰ পেন্সিল প্ৰকাশ পায়। এই পুথিখনৰ পাতনি লিখিছিল বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱতে, যি বন্দনাৰ শৈশৱৰ বিদ্যালয়ৰ বান্ধৱী।৬৭৮৯১০১১

২০১৭ চনৰ ৯ জানুৱাৰীত "মণিপুৰ প্ৰেছ ক্লাব"ত 'এ বি অ' কে পাব্লিছিং হাউচ'ৰদ্বাৰা বন্দনা এলাংবামৰ গ্ৰন্থ বিটুইন দ্য পয়েট এণ্ড হাৰ পেন্সিল উন্মোচন কৰা হয়।১২

দ্য মৰুং এক্সপ্ৰেছৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত বন্দনাক যেতিয়া সোধা হৈছিল যে তেওঁ কবি আৰু চিত্ৰকৰ— এই দুয়োটা ক্ষেত্ৰক কেনেকৈ সংযোগ কৰে, তেতিয়া তেওঁ কৈছিল,

"চাওক, মোৰ কবিতাবোৰ জীৱন আৰু মানুহে জীৱনত অনুভৱ কৰা বিভিন্ন পৰিঘটনাৰ বিষয়ে। মোৰ ছবিবোৰো আকৌ জীৱনৰ বিভিন্ন উপাদান, বিভিন্ন আৱেগ আৰু জীৱনৰ আন বিভিন্ন দিশৰ বিষয়ে। জীৱনৰ সাৰমৰ্মই এই দুয়োটাকে সংযোগ কৰে আৰু এটা নহয় এটা দিশত এইবোৰ ওতপ্ৰোতভাৱে জড়িত হৈ থাকে।" ১৩

কংগনা ৰাণাৱতৰ সৈতে জীৱন

বন্দনা এলাংবাম আৰু কংগনা ৰাণাৱত চণ্ডীগড়ৰ ১৫ নম্বৰ ছেক্টৰত থকা ডিএভি স্কুলত পঢ়ি থকা সময়ত একেলগে পঢ়াৰ লগতে হোষ্টেলৰ কোঠালিৰ সংগীও আছিল। বন্দনাই চাৰুকলা (Fine Arts) শাখাত অধ্যয়ন কৰি থকাৰ বিপৰীতে কংগনাই বিজ্ঞান শাখাত অধ্যয়ন কৰিছিল।১৪১৫১৬১৭

বন্দনা এলাংবামৰ বিষয়ে লিখা এক পাতনিত কংগনা ৰাণাৱতে বন্দনাক প্ৰথমবাৰ দেখাৰ অভিজ্ঞতা বৰ্ণনা কৰি কৈছিল যে কঁকালৰ তললৈকে বৈ পৰা ঘন ক'লা চুলিৰে বন্দনা দেখিবলৈ এগৰাকী সুন্দৰী আৰু আকৰ্ষণীয় কিশোৰীৰ দৰে আছিল। কংগনাৰ মতে বন্দনাৰ কাম আছিল তেওঁৰ অন্তৰ্নিহিত প্ৰেৰণা আৰু প্ৰবৃত্তিৰ প্ৰতিফলন। তেওঁ বন্দনাৰ ব্যক্তিত্বৰ আটাইতকৈ আকৰ্ষণীয় দিশটো আঙুলিয়াই দি কৈছিল যে বন্দনাই কেতিয়াও কাকো আচৰিত কৰিবলৈ এৰা নাছিল— তেওঁ হয়তো বিষণ্ণ হৈ আছিল নতুবা নিয়ন্ত্ৰণহীনভাৱে হাঁহিছিল, কেতিয়াবা কাৰোবাৰ লগত চকুৱে চকুৱে নোচোৱাকৈ আছিল নতুবা তীব্ৰ চাৱনি দিছিল, আৰু কেতিয়াবা অন্তহীনভাৱে শুই আছিল নতুবা বিৰামহীনভাৱে কাম কৰি গৈছিল।১৮১৯

শৈশৱৰেপৰা কংগনাৰ হিন্দী ভাষা-উৰ্দু ভাষা কবিতা (শায়ৰী)ৰ প্ৰতি তীব্ৰ অনুৰাগ আছিল। বন্দনা এলাংবামৰ বাহিৰে বাকী বন্ধুসকলৰ বাবে কংগনাৰ এই আগ্ৰহটো অস্বাভাৱিক আছিল। কংগনাই বন্দনাৰ বাবে শায়ৰীবোৰ অনুবাদ কৰি দিছিল। অনুবাদৰ সময়ত বহুতো শব্দ আৰু জটিল চিন্তা প্ৰায়ে হেৰাই গৈছিল বা সৰল হৈ পৰিছিল যদিও কংগনা আৰু বন্দনা দুয়োৰে কবিতাৰ সৈতে এক বিশেষ সম্পৰ্ক আছিল।২০২১

কংগনা আৰু বন্দনা যেতিয়া ইজনে সিজনৰ অতি ঘনিষ্ঠ আছিল, তেতিয়া কংগনাই তেওঁলোকৰ শৈক্ষিক নিৰ্বাচন অৰ্থাৎ বিজ্ঞান আৰু কলাৰ মাজত থকা গুৰুত্বপূৰ্ণ পাৰ্থক্যসমূহ লক্ষ্য কৰিছিল। পৰৱৰ্তী সময়ত কংগনাই উপলব্ধি কৰিছিল যে তেওঁ হয়তো সঠিক কেৰিয়াৰৰ পথত নাছিল।২২২৩

কংগনাই তেওঁৰ পাতনিত উল্লেখ কৰিছে যে বন্দনাই তেওঁৰ ভিতৰত থকা সুপ্ত শিল্পীগৰাকীক জগাই তুলিছিল আৰু তেওঁৰ ভৱিষ্যতৰ কেৰিয়াৰ সম্পৰ্কীয় সিদ্ধান্তসমূহ প্ৰভাবিত কৰাৰ ক্ষেত্ৰত বন্দনাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।২৪২৫

স্কুলীয়া জীৱনৰ পিছত তেওঁলোকৰ মাজত যোগাযোগ নোহোৱা হৈছিল যদিও চণ্ডীগড়ত তানু ৱেডছ মানু ৰিটাৰ্ণছৰ প্ৰচাৰ চলাই থকাৰ সময়ত কংগনা আৰু বন্দনা পুনৰ মুখা-মুখি হয়। দুয়োৰে মাজত তেওঁলোকৰ স্কুলত সাক্ষাৎ হৈছিল। তেতিয়াই কংগনাই জানিব পাৰিছিল যে বন্দনাই চাৰুকলা, কবিতা আৰু লেখা-মেলাৰ চৰ্চা অব্যাহত ৰাখিছে। বন্দনাই কংগনাৰ ওচৰলৈ তেওঁৰ কিছুমান কাম পঠাইছিল। ইয়াৰ পিছতে কংগনাই বন্দনাৰ কিতাপখনৰ বাবে পাতনি লিখাৰ প্ৰস্তাৱ আগবঢ়ায়।২৬২৭২৮২৯

বঁটা আৰু সন্মান

  • ২০১০ চনত বন্দনা এলাংবামৰ "মাই ফিয়েৰ" (My Fear) নামৰ কবিতাটোৱে শ্বিলঙৰ নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ (NEHU) "ভাৰ্চিটি উইকৰ বিজয়ী খিতাপ" লাভ কৰিছিল।৩০
  • বন্দনা এলাংবামে শ্বিলঙৰ নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ (NEHU) পৰা ইংৰাজী সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।৩১

লগতে চাওক

  • আবেনাও এলাংবাম

তথ্যসূত্ৰ

  1. ↑ Mukherjee, Nibedita. (2015-10-13). Gendering the Narrative: Indian English Fiction and Gender Discourse. পৃ. A. ISBN 978-1-4438-8467-9
  2. ↑ Mukherjee, Nibedita. (2015-10-13). Gendering the Narrative: Indian English Fiction and Gender Discourse. পৃ. B. ISBN 978-1-4438-8467-9
  3. ↑ (2016-12-18). In this heartwarming foreword, Kangana talks about her younger years and how they shaped her career choices
  4. ↑ KanglaOnline. Kangana Ranaut launches book Between the Poet and Her Pencil – KanglaOnline
  5. ↑ GUPTA, MONIKA. (2020-11-10). LIFE AN INEFFABLE JOURNEY. ISBN 978-81-947397-7-7
  6. ↑ Between the Poet and Her Pencil: Bondina Elangbam. MorungExpress
  7. ↑ (2016-12-21). Manipur: Kangana Ranaut unveils childhood friend Bondina Elangbam's book!. thenortheasttoday.com
  8. ↑ (2016-12-20). Gulzar is an all-time great, says Kangana Ranaut
  9. ↑ IANS. (2016-12-20). Gulzar is an all-time great, says Kangana Ranaut. Business Standard India
  10. ↑ Kangana Ranaut launches book Between the Poet and Her Pencil – Manipur News
  11. ↑ Kapoor, Neha. (2016-12-21). Kangana Ranaut Spotted at Book Launch Looking Elegant!
  12. ↑ EpnSnipp4%3E&sNEnd=%3C! EpnSnipp4End%3E&sHead=%3C! EpnSnippHeading4%3E&sHeadEnd=%3C! EpnSnippHeading4End%3E Book launch ~ E-Pao! News About Manipur. e-pao.net
  13. ↑ Between the Poet and Her Pencil: Bondina Elangbam. MorungExpress
  14. ↑ (2016-12-18). In this heartwarming foreword, Kangana talks about her younger years and how they shaped her career choices
  15. ↑ KanglaOnline. Kangana Ranaut launches book Between the Poet and Her Pencil – KanglaOnline
  16. ↑ Kangana's School Friend Reveals The Actor's True Side In A Letter..
  17. ↑ (2017-10-13). This old letter penned by Kangana Ranaut's school friend reveals a lot about her personality
  18. ↑ (2016-12-18). In this heartwarming foreword, Kangana talks about her younger years and how they shaped her career choices
  19. ↑ KanglaOnline. Kangana Ranaut launches book Between the Poet and Her Pencil – KanglaOnline
  20. ↑ (2016-12-18). In this heartwarming foreword, Kangana talks about her younger years and how they shaped her career choices
  21. ↑ KanglaOnline. Kangana Ranaut launches book Between the Poet and Her Pencil – KanglaOnline
  22. ↑ (2016-12-18). In this heartwarming foreword, Kangana talks about her younger years and how they shaped her career choices
  23. ↑ KanglaOnline. Kangana Ranaut launches book Between the Poet and Her Pencil – KanglaOnline
  24. ↑ (2016-12-18). In this heartwarming foreword, Kangana talks about her younger years and how they shaped her career choices
  25. ↑ KanglaOnline. Kangana Ranaut launches book Between the Poet and Her Pencil – KanglaOnline
  26. ↑ Gulzar is an all-time great, says Kangana Ranaut
  27. ↑ (2016-12-20). Gulzar is an all-time great, says Kangana Ranaut
  28. ↑ (2016-12-21). Manipur: Kangana Ranaut unveils childhood friend Bondina Elangbam's book!. thenortheasttoday.com
  29. ↑ IANS. (2016-12-20). Gulzar is an all-time great, says Kangana Ranaut. Business Standard India
  30. ↑ Between the Poet and Her Pencil: Bondina Elangbam. MorungExpress
  31. ↑ Between the Poet and Her Pencil: Bondina Elangbam. MorungExpress

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকলেখিকাভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন্দনা এলাংবাম” প্ৰবন্ধৰ সংশোধন ৬৩৮৫৭৯ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।