বন্তি শেনচোৱা (১৯৬০-) একাধাৰে এগৰাকী ঔপন্যাসিক, গল্পকাৰ অধ্যাপিকা। তেওঁ ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা। ২০০৩ চনত তেওঁৰ প্ৰথমখন গল্প সংকলন 'নিষাদ গান্ধাৰ' প্ৰকাশ হয়। তেওঁৰ একমাত্ৰ উপন্যাস হৈছে- 'আকণ বিন্ধীৰ সোণ পৰুৱা'। বৰ্তমানেও তেওঁ সাহিত্য জগতৰ সৈতে জড়িত হৈ আছে। ১
জন্ম পৰিচয়
বন্তি শেনচোৱাৰ জন্ম হয় ১৯৬০ চনত, শিৱসাগৰ জিলাৰ অন্তৰ্গত গড়গাঁৱত৷ পিতৃৰ নাম কমল শেনচোৱা আৰু মাতৃৰ নাম গুণেশ্বৰী শেনচোৱা।
শিক্ষা
তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰে মিঠা পুখুৰী মধ্য অসমীয়া বিদ্যালয়ৰ পৰা। হাইস্কুলীয়া শিক্ষা লাভ কৰে শিমলুগুৰি হাইস্কুলৰ পৰা। স্নাতক শিক্ষা লাভ কৰে গড়গাঁও মহাবিদ্যালয় (ইংৰাজী অনাৰ্চ)ৰ পৰা আৰু ১৯৮৯ চনত উত্তৰ পূৰ্ব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২
কৰ্ম জীৱন
- ১৯৯০ ৰ পৰা ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপকৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পৰিৱেশ অধ্যয়ন বিষয়ৰ নডেল বিষয়া (অবৈতনিক)।
সাহিত্যপঞ্জী
গল্প সংকলন
বন্তি শেনচোৱাৰ সৰ্বমুঠ ৪ খন গল্প সংকলন প্ৰকাশ পাইছে৷৩
- নিষাদ গান্ধাৰ, ২০০৩, বাণী মন্দিৰ, আখৰ প্ৰকাশ
- সৰল আৰু সুন্দৰ, ২০০৬, বাণী মন্দিৰ, আখৰ প্ৰকাশ
- দুপৰৰ পাৰ চৰাই, ২০০৯, আখৰ প্ৰকাশ, গুৱাহাটী
- মৌসৰা, ২০১১, ভবানী প্ৰিন্ট আৰু পাব্লিকেশ্বন
উপন্যাস
- আকণ বিন্ধীৰ সোণ পৰুৱা, পেপিৰাছ্, ২০১৭
সম্পাদনা
- অসমীয়া লেখিকাঃ গল্প ২০১০, কথা প্ৰকাশন ৪
- মানসী শৰ্মা গল্প সংগ্ৰহ, কথা ৰিদাৰ্চ ফ'ৰাম, ২০১৪
বঁটা
- জেহিৰুল হুছেইন স্মাৰক বঁটা, ২০০৬
- জগন্নাথ ঠাকুৰ সাহিত্য সন্মান, ২০২২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন্তি শেনচোৱা” প্ৰবন্ধৰ সংশোধন ৩৩৫০৬৫ (১৫ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।