অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বলীন সন্দিকৈ

বলীন সন্দিকৈ (Bolin Handique হৈছে একাধাৰে ভাষাবিদ, লেখক, গৱেষক, সহযোগী অধ্যাপক। বৰ্তমান তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক। তেওঁ ২০০৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।

হালনাগাদ: ৮ মে’ ২০২৫ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বলীন সন্দিকৈ (Bolin Handique হৈছে একাধাৰে ভাষাবিদ, লেখক, গৱেষক, সহযোগী অধ্যাপক। বৰ্তমান তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক। তেওঁ ২০০৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাৰ বিষয় আছিল "টাই-টুৰুং ভাষাঃ এটি বৰ্ণনাত্মক অধ্যয়ন।" তেওঁ ২০১২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত তত্ত্বাৱধায়কৰূপে স্বীকৃতি লাভ কৰিছিল।

জন্ম

বলীন সন্দিকৈৰ জন্ম হয় ১৯৭২ চনৰ আগষ্ট মাহৰ ১৬ তাৰিখে, ডিব্ৰুগড় জিলাৰ পানীগাঁও, লেজাইত। তেওঁৰ পিতৃ আছিল ঘনকান্ত সন্দিকৈ আৰু মাতৃ আছিল চন্দ্ৰপ্ৰভা সন্দিকৈ।

শিক্ষা

বলীন সন্দিকৈয়ে শিক্ষা জীৱনৰ পাতনি মেলিছিল জামুগুৰি প্ৰাথমিক বিদ্যালয়, লেজাই, পানীগাঁৱৰ পৰা। তেওঁ লেজাই উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা ১৯৮৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৯০ চনত ৰামেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৯৩ চনত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে। ১৯৯৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৮ চনত "পদ্মনাথ গোহাঞিবৰুৱাৰ গদ্য ৰচনাৰ জতুৱা ঠাঁচ" বিষয়ত এম.ফিল ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

  • ১২-০৮-২০০০ চনৰ পৰা ১-০৭-২০১৩ চনলৈ তেওঁ মৰাণ মহাবিদ্যালয়ত কৰ্মৰত আছিল।
  • ২-০৭-২০১৩ ৰ পৰা বৰ্তমান তেওঁ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত।

সাহিত্যৰাজি

ভাষাবিষয়ক গ্ৰন্থ

  • ভাষা চিন্তা, চন্দ্ৰপ্ৰভা প্ৰকাশন, লেজাই, ডিব্ৰুগড, ২০০৭
  • সোণোৱাল কছাৰী: জনগোষ্ঠী আৰু ভাষা,বলীন সন্দিকৈ,ৰামধেনু প্ৰিণ্টাৰ, ডিব্ৰুগড, ২০০৩

সম্পাদিত গ্ৰন্থ

  • লেজাই, অসম সাহিত্য সভাৰ ডিব্ৰুগড় জিলা অধিৱেশনৰ মুখপত্ৰ, ২০০৫
  • এনাজৰী, (কাৰ্বি বিশেষ সংখ্যা) মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত চতুৰ্দশ বাৰ্ষিক বহাগী মহোৎসৱৰ স্মৃতিগ্ৰন্থ, ২০০৯
  • কৰ্মিষ্ঠ, সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ ৪৬ তম কেন্দ্ৰীয় অধিৱেশনৰ মুখপত্ৰ, ২০১২
  • পু-লান-চি(গৱেষণা পত্ৰিকা), টাই অধ্যয়ন আৰু গৱেষণাৰ প্ৰতিষ্ঠান, মৰাণহাট চৰাইদেউ, ২০১৯

তথ্য সংগ্ৰহ

বলীন সন্দিকৈ(২০২৩),"সোণোৱাল কছাৰী: জনগোষ্ঠী আৰু ভাষা",ৰামধেনু প্ৰিণ্টাৰ, ডিব্ৰুগড়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বলীন সন্দিকৈ” প্ৰবন্ধৰ সংশোধন ৫০৬৯২৬ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।