বলো সুত( Bolo Sut) ওৰফে বালিৰাম সুত১ নগাঁও জিলাৰ চলচলি বিৰহীগাঁৱৰ৷ তেওঁৰ পিতৃৰ নাম আছিল ভেবেলা সুত আৰু মাতৃ শুকুৰী৷ কৃষক সন্তান বলো সুত বিয়াল্লিছৰ গণ-আন্দোলনত নগাঁৱৰ বঢ়মপুৰত “পঞ্চবীৰ শ্বহীদ দিৱস’’ পালনৰ কাৰ্যসূচীত আৰক্ষীৰ অতৰ্কিত আক্ৰমণত নিহত হয়৷ শ্বহীদ হোৱাৰ পৰত তেওঁ পত্নী বাউলী, দুটি ল’ৰা, ক’লাই আৰু সৰুল’ৰা আৰু একমাত্ৰ কন্যা পাতৈক এৰি যায়৷ তেওঁৰ পত্নী বাউলীৰ ১৯৮৩ চনত মৃত্যু হয়৷২ বলো সুত আনুষ্ঠানিক শিক্ষাত বেছি আগুৱাব পৰা নাছিল, কিন্তু অসমৰ থলুৱা বাদ্যযন্ত্ৰ বজোৱাত পাকৈত হোৱাৰ উপি বিহুনাম গোৱাতো পাৰ্গত আছিল৷ সকলো ৰাজহুৱা কামতে আগবঢ়া বলো সুতে আনসকলৰ লগত কংগ্ৰেছৰ আহ্বানত দেশৰ হকে ওলাই আহিছিল৷ ১৯৪২ চনৰ ১৬ আগষ্টত পালন কৰা “পঞ্চবীৰ শ্বহীদ দিৱস’’ৰ দিনা ভোগেশ্বৰী ফুকননী আৰু পুলিচ-মিলিটাৰীৰ সৈতে হোৱা টনা-আজোঁৰাত কামাণ্ডাৰ ফিন্সৰ টুপী খুলি পৰাৰ অপৰাধত ভোগেশ্বৰীক গুলীয়াই আহত কৰা উন্মত্ত হৈ বলো সুত, ঠগী সুত আৰু লক্ষী হাজৰিকাই পুলিচক আগচি ধৰাত পুলিচে নিৰ্বিচাৰে গুলী কৰিবলৈ ধৰে আৰু আনসকলৰ লগতে বলো সুতো পুলিচৰ গুলীত বাগৰি পৰে৷১ মৃত্যুৰ সময়ত বলো সুতৰ বয়স আছিল ২৭ বছৰ৷ ২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বলো সুত” প্ৰবন্ধৰ সংশোধন ৩৭৭১২৩ (৫ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।