অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাইচুং ভূটীয়া

বাইচুং ভূটীয়া এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় ফুটবল খেলুৱৈ।ফুটবলত শ্বুটিং দক্ষতাৰ বাবে তেওঁক প্ৰায়ে ছিকিমৰ স্নাইপাৰ বুলি অভিহিত কৰা হয়। বাইচুং ভুটিয়াক আন্তৰ্জাতিকভাৱে ভাৰতীয় ফুটবলৰ টৰ্চবাহক হিচাপে গণ্য কৰা হয়। কিংবদন্তী ভাৰতীয় খেলুৱৈ আই.এম.

হালনাগাদ: ৩ জুলাই ২০২৬ ৩৬৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বাইচুং ভূটীয়া এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় ফুটবল খেলুৱৈ।১২৩ফুটবলত শ্বুটিং দক্ষতাৰ বাবে তেওঁক প্ৰায়ে ছিকিমৰ স্নাইপাৰ বুলি অভিহিত কৰা হয়।৪ বাইচুং ভুটিয়াক আন্তৰ্জাতিকভাৱে ভাৰতীয় ফুটবলৰ টৰ্চবাহক হিচাপে গণ্য কৰা হয়। কিংবদন্তী ভাৰতীয় খেলুৱৈ আই.এম. বিজয়নে বাইচুং ভুটিয়াক "ভাৰতীয় ফুটবলৰ বাবে ঈশ্বৰৰ উপহাৰ" বুলি বৰ্ণনা কৰিছিল।৫তিব্বতীয় স্বাধীনতা আন্দোলনৰ সমৰ্থনত অলিম্পিক টৰ্চ ৰেলী বৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈজনেই হ'ল বাইচুং ভূটীয়া। ভাৰতীয় ফুটবললৈ আগবঢ়োৱা অৱদানৰ সন্মানত তেওঁৰ নামেৰে এখন ফুটবল ষ্টেডিয়াম ৰখা হৈছে। ভূটিয়াই তেওঁ খেলি থকা সময়তে এনে সন্মান লাভ কৰা প্ৰথমজন খেলুৱৈ। বাইচুং আগবঢ়োৱা খেলৰ অৱদানৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা অৰ্জুন বঁটা আৰু পদ্মশ্ৰী সন্মানো লাভ কৰিছে।৬৭

প্ৰাৰম্ভিক জীৱন

ভাইচুং ভূটীয়াৰ জন্ম ভাৰতৰ ছিক্কিমৰ টিনকিটামত হৈছিল। তেওঁ পূব ছিকিমৰ পাকিয়ঙৰ ছেইণ্ট জেভিয়াৰ্ছ স্কুলত শিক্ষা আৰম্ভ কৰিছিল। বাইচুং ভূটীয়াৰ ককায়েকৰ নাম নাম চেৱাং ভুটিয়া। চেৱাং আৰু বাইচুং দুয়ো বৰ্ডিং স্কুলত পঢ়া শুনা কৰিছিল। তাৰ পিছত তেওঁ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৰা বৃত্তি লাভ কৰে আৰু গেংটকৰ তাছি নামগয়াল একাডেমীত নামভৰ্তি কৰে। তেওঁ ছিকিমৰ বহুতো বিদ্যালয় আৰু স্থানীয় ক্লাবৰ হৈ খেলিছিল। ১৯৯২ চনৰ 'সুব্ৰত কাপ'ত তেওঁৰ প্ৰদৰ্শনে মুখ্য ক্ৰীড়া সংস্থাসমূহৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ১৯৯৩ চনত ষোল্ল বছৰ বয়সত তেওঁ স্কুল এৰি পেছাদাৰী হিচাপে ইষ্ট বেংগল দলত যোগদান কৰে। ১৯৯৫ চনত, তেওঁ ফাগোৰাৰ জেচিটি মিলছত যোগদান কৰে। ক্লাবটোৱে সেই বছৰ ৰাষ্ট্ৰীয় ফুটবল লীগ জিকিছিল। ভাইচুং সেই বছৰ ৰাষ্ট্ৰীয় লীগৰ সৰ্বোচ্চ গ'লদাতা হৈছিল আৰু নেহৰু কাপত খেলিবলৈ নিৰ্বাচিত হৈছিল। তেওঁক ১৯৯৬ চনৰ 'ইণ্ডিয়ান প্লেয়াৰ অৱ দি ইয়েৰ' হিচাপে মনোনীত কৰা হৈছিল। তেতিয়াৰ পৰা তেওঁ আৰু বহুতো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। তেওঁ লাভ কৰা পুৰস্কাৰ সমূহ ক্ৰমে ২০০২ চনত এলজি কাপ, ২০০৫ চনত চাফ কাপ, ২০০৭ চনত অএনজিচি কাপ,২০০৮ চনত এএফচি চেলেঞ্জাৰ কাপ। যেতিয়া তেওঁ ইংলিছ ক্লাব বুৰীত যোগদান কৰিছিল, তেতিয়া তেওঁ ইউৰোপীয় ক্লাবৰ সৈতে চুক্তি স্বাক্ষৰ কৰা প্ৰথম ভাৰতীয় ফুটবলাৰ হয় আৰু মহম্মদ চেলিমৰ পিছত ইউৰোপত পেছাদাৰীভাৱে খেলা প্ৰথম খেলুৱৈ হয়। পিছত তেওঁ মালয়েছিয়াৰ ফুটবল ক্লাব পেৰাক এফএৰ হৈ খেলিছিল আৰু লগতে কৃতিত্ব‌ও লাভ কৰিছিল। তেওঁ জেচিটি মিলছৰ হৈ খেলিছিল, যি তেওঁৰ কাৰ্যকালত এবাৰ লীগ জিকিছিল; আৰু মোহন বাগানৰ হৈ দুটা কাৰ্যকালত এবাৰ লীগ জিকিবলৈ ব্যৰ্থ হৈছিল।

ব্যক্তিগত জীৱন

ভুটীয়াৰ মাক দেউতাক কৃষক আছিল। তেওঁৰ দুজন ককায়েক আৰু এগৰাকী জ্যেষ্ঠ ভগ্নী আছে।৮বাইচুঙে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা মাধুৰী টিপনিছক ২০০৪ চনৰ ২৭ ডিচেম্বৰত বিয়া কৰাইছিল আৰু ২০১৪ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। ভুটীয়া তিনিটা সন্তানৰ পিতৃ। তেওঁৰ দুজনী ছোৱালী আৰু এজন ল'ৰা সন্তান আছে।

তথ্যসূত্ৰ

  1. ↑ web.archive.org/web/20220811200704/https://www.n
  2. ↑ www.timesnownews.com/sports/football/article/how
  3. ↑ web.archive.org/web/20211215125445/https://india
  4. ↑ (5 January 2009). Bhutia expects more international matches after I-League. Indian Express
  5. ↑ (23 August 2009). 'Bhutia is God's gift to Indian football'. Rediff
  6. ↑ আৰ্কাইভ কপি
  7. ↑ www.indianfootball.de/data/nationalawards.html
  8. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অৰ্জুন বঁটা বিজয়ীনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাইচুং ভূটীয়া” প্ৰবন্ধৰ সংশোধন ৬১৫৩৬৯ (৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।