বলবিন্দৰ কৌৰ চউণ্ড (: Balvinder Kaur Saund, জন্ম প্ৰায় ১৯৫২ ) এগৰাকী ব্ৰিটিছ মানৱ অধিকাৰ কৰ্মী আৰু প্ৰাক্তন ৰাজনীতিবিদ। ২০০১ চনৰ পৰা শিখ মহিলা মিত্ৰজোঁটৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা বলবিন্দৰ কৌৰে যুক্তৰাজ্যত শিখ মহিলাসকলৰ অধিকাৰৰ বাবে ৰাজহুৱাভাৱে আহ্বান আৰু প্ৰচাৰ চলাই আহিছে। ২০১৪ চনত বিবিচিয়ে তেওঁক সেই বছৰৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰে।
সক্ৰিয় কৰ্মী
এটা পাঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ কৰা বলবিন্দৰ কৌৰ চউণ্ড ইষ্ট লণ্ডনৰ ইলফৰ্ড চহৰৰ এগৰাকী সমাজ কৰ্মী।১ তেওঁ লণ্ডন ইষ্টৰ গুৰদ্বাৰা সিং সভাৰ সদস্য আছিল।২
২০০১ চনত ইলফৰ্ডত শিখ সকলৰ পুৰুষৰ দল এটাই শিখ মহিলা মিত্ৰজোঁট এটা প্ৰতিষ্ঠা কৰে। কিন্তু কিছু দিনৰ পিছতে ইয়াৰ নেতৃত্ব বলবিন্দৰ কৌৰ চউণ্ড আৰু আন চাৰিগৰাকী মহিলাৰ হাতলৈ স্থানান্তৰিত হয় আৰু চউণ্ডে সংস্থাটোৰ অধ্যক্ষ হিচাপে কাৰ্য্য নিৰ্বাহ কৰে।৩৪ এছ ডব্লিউ এৰ জৰিয়তে চউণ্ডে শিখ সম্প্ৰদায়ৰ ভিতৰত ঘৰুৱা নিৰ্যাতন, সন্মানভিত্তিক হিংসা আৰু কণ্যা শিশু হত্যাকে ধৰি বিষয়সমূহৰ প্ৰতি অধিক সজাগতাৰ বাবে প্ৰচাৰ চলাইছে। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰু নানকে সমৰ্থন কৰা লিংগ সমতালৈ ঘূৰি আহিবলৈ আহ্বান জনাই আৰু ধৰ্মত নাৰীৰ ভূমিকা আৰু মৰ্যাদাত নাৰীবিদ্বেষৰ নেতিবাচক প্ৰভাৱ পৰিছে বুলি কৈছিল।৩ চউণ্ডে কিছু শিখ পৰিয়ালত পুত্ৰক কন্যাৰ তুলনাত অধিক প্ৰাধান্য দিয়াৰ প্ৰৱণতাৰ উদাহৰণ আগবঢ়াইছে। তেওঁৰ মতে, এই পক্ষপাতিতা কিছুমান আচৰণৰ জৰিয়তে দেখা যায়। যেনে,— ল’ৰা সন্তান জন্ম ল’লে গুৰু গ্ৰন্থ সাহিবৰ পৰা ধৰ্মীয় পাঠ অনুষ্ঠিত কৰা হয়, কিন্তু ছোৱালী জন্ম ল’লে তেনে পাঠ অনুষ্ঠিত নকৰা হয়, গ্ৰন্থীসকলক পুত্ৰ আৰু নাতিপুত্ৰৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কোৱা হয়, কিন্তু কন্যা আৰু নাতিনীৰ বাবে তেনে প্ৰাৰ্থনা বিচৰা নহয়। চউণ্ডে কৈছে যে এইবোৰ আচৰণ শিখ ধৰ্মৰ মূল শিক্ষাৰ অংশ নহয়, বৰং সামাজৰ বেয়া মানসিকতাৰ প্ৰতিফলন। শিখ ধৰ্মৰ প্ৰতিষ্ঠাতা গুৰু নানকে নাৰী আৰু পুৰুষৰ সমতাত গুৰুত্ব দিছিল। গুৰু গ্ৰন্থ সাহিবতো নাৰী–পুৰুষ সমান বুলি স্পষ্টকৈ উল্লেখ আছে। সেয়েহে, চউণ্ডে শিখ সমাজত নাৰীৰ অধিক গুৰুত্বপূৰ্ণ নেতৃত্বমূলক ভূমিকা দিয়াৰ আহ্বান জনাইছে।৫ তেওঁ বিশ্বাস কৰে যে নাৰীসকলৰ ভূমিকা কেৱল গুৰদ্বাৰত সমূহীয়া ৰান্ধনি শালত লংগৰ পৰিচালনাতে সীমাবদ্ধ নাথাকি, ধৰ্মীয়, প্ৰশাসনিক আৰু সিদ্ধান্ত গ্ৰহণকাৰী ক্ষেত্ৰতো বিস্তাৰিত হোৱা উচিত।#MeToo আন্দোলনৰ উত্থানৰ পিছত চাউণ্ডে গুৰদ্বাৰৰ ছোৱালী আৰু মহিলাসকলৰ বাবে অধিক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।৩
ৰাজনৈতিক কৰ্ম
চউণ্ড পূৰ্বে লেবাৰ পাৰ্টিৰ সদস্য আছিল আৰু ২০০৬ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ৰেডব্ৰিজ লণ্ডন বৰো কাউন্সিলৰ চেভেন কিংছ ৱাৰ্ডৰ কাউন্সিলাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১৩৬ ২০১৩ চনৰ মে’ মাহত চউণ্ডে সহযোগী লেবাৰ কাউন্সিলাৰ ফিলি মাৰাভালা আৰু বীৰেন্দ্ৰ তেৱাৰীৰ সৈতে ৰেডব্ৰিজ টাউন হলত ৰাজহুৱাভাৱে তেওঁলোকৰ লেবাৰ সদস্যপদৰ কাৰ্ড ধ্বংস কৰিছিল। ৬ এই পদক্ষেপটো লোৱা হৈছিল কাৰণ ব’ৰোৰ স্থানীয় লেবাৰ নেতৃত্বত পৰিবর্তন আহিছিল আৰু সেই নেতৃত্বই বহুদিন ধৰি কাম কৰা কিছুমান প্ৰাৰ্থীক, তেৱাৰীক ধৰি, পুনৰ মনোনয়ন দিয়া নাছিল। পিছত এই দলটোৱে ৰেডব্ৰিজ ইণ্ডিপেণ্ডেণ্ট গ্ৰুপ গঠন কৰে, আৰু চউণ্ডে ২০১৪ চনত অৱসৰ লোৱালৈকে ইয়াৰ উপ-নেতা হিচাপে কাম কৰে।
২০০৮, ২০১০ আৰু ২০১২ চনত হেভাৰিং আৰু ৰেডব্ৰিজৰ বাবে লণ্ডন বিধানসভাৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে লেবাৰ তালিকাৰ প্ৰাৰ্থী হিচাপেও প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও নিৰ্বাচিত হোৱা নাছিল।৭৮৯
স্বীকৃতি
২০১৪ চনত চউণ্ডক বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়।১০ চউণ্ডে ইষ্ট লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিগ্ৰী লাভ কৰে।৪
তথ্যসূত্ৰ
- ↑ Walawalkar, Aaron. (26 October 2018). Ilford faith leader presents award to UK’s first female Sikh MP. Ilford Recorder
- ↑ Munro, Victoria. (12 October 2020). Seven Kings tower block plans will leave Sikh mourners with nowhere to park. East London and West Essex Guardian
- ↑ (28 November 2021). DAY FOUR: Invisible Impact: Gender-based Violence and the Sikh Women’s Alliance 20 years on. 16 Days of Activism Against Gender-Based Violence Campaign
- ↑ 125 UEL Stories: Athletes. University of East London
- ↑ Ghural, Jasleen. (22 August 2016). Prayers only for the male child everywhere. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Shirinian, Zjan. (25 May 2013). Three Redbridge councillors resign from Labour Party because borough leadership has ‘lost the plot’. Ilford Recorder
- ↑ (5 April 2008). Labour accused of dirty tricks over 'threat to Freedom Pass'. Evening Standard
- ↑ Brooke, Mike. (2 April 2008). Gloves off as 10 square up for 'London Mayor' title fight. East London Advertiser
- ↑ (June 2017). Election 2017. Havering Fabian
- ↑ (26 October 2014). Who are the 100 Women 2014?. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বলবিন্দৰ কৌৰ চউণ্ড” প্ৰবন্ধৰ সংশোধন ৫৮১০৮৩ (২৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।