অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বন্দনা বিঠলানী

বন্দনা বিঠলানী (ইংৰাজী: Vandana Vithlani; জন্ম: ২৬ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। তেওঁ ষ্টাৰ প্লাছৰ দীৰ্ঘদিনীয়া ধাৰাবাহিক সাথ নিভানা সাথিয়াত (২০১০–২০১৭) উৰ্মিলা শ্বাহৰ চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে পৰিচিত।

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ২১৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বন্দনা বিঠলানী (ইংৰাজী ভাষা: Vandana Vithlani; জন্ম: ২৬ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। তেওঁ ষ্টাৰ প্লাছৰ দীৰ্ঘদিনীয়া ধাৰাবাহিক সাথ নিভানা সাথিয়াত (২০১০–২০১৭) উৰ্মিলা শ্বাহৰ চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে পৰিচিত।১ ২০২০ চনত তেওঁ সাথ নিভানা সাথিয়াৰ দ্বিতীয় ছিজনত পুনৰ উৰ্মিলা শ্বাহৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।২

ব্যক্তিগত জীৱন

বিঠলানী অভিনেতা বিপুল বিঠলানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।

কেৰিয়াৰ

বিঠলানীয়ে ষ্টাৰ প্লাছৰ অন্যতম দীৰ্ঘদিনীয়া ধাৰাবাহিক সাথ নিভানা সাথিয়াৰ (২০১০–২০১৭) জৰিয়তে দূৰদৰ্শনত অভিনয় জীৱনৰ পাতনি মেলিছিল, য'ত তেওঁ ধাৰাবাহিকখনৰ আৰম্ভণিৰপৰা সমাপ্তিলৈকে ধাৰাবাহিকভাৱে ৭ বছৰ ধৰি উৰ্মিলা শ্বাহৰ শক্তিশালী আৰু গুৰুত্বপূৰ্ণ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।৩

২০১৭ চনৰ জুলাই মাহত সাথ নিভানা সাথিয়া শেষ হোৱাৰ পিছত, তেওঁ কালৰ্ছ টিভীৰ ধাৰাবাহিক শশুৰাল চিমৰ কাত ২০১৮ চনৰ মাৰ্চ মাহত ধাৰাবাহিকখন বন্ধ হোৱালৈকে খলনায়িকা ভৈৰৱী ধনৰাজ কাপুৰৰ চৰিত্ৰত অভিনয় কৰিছিল।৪ ২০১৮ চনত তেওঁ ষ্টাৰ ভাৰতৰ থ্ৰিলাৰ ধাৰাবাহিক কাল ভৈৰৱ ৰহস্য ২ত এটা চৰিত্ৰত অভিনয় কৰিছিল।৫ ২০১৯ চনত বিঠলানীয়ে জি টিভীৰ হমাৰী বহু চিল্ক আৰু ষ্টাৰ ভাৰতৰ মুস্কানত অভিনয় কৰিছিল।৬

২০২০ চনত তেওঁ ষ্টাৰ প্লাছত সম্প্ৰচাৰিত সাথ নিভানা সাথিয়াৰ পৰৱৰ্তী সংস্কৰণ সাথ নিভানা সাথিয়া ২ত এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰিছিল।৭ ২০২১ চনৰ মাৰ্চ মাহত তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক পাণ্ড্যা ষ্ট'ৰত কামিনীৰ চৰিত্ৰটো লাভ কৰে।৮ ২০২১ চনৰ আগষ্ট মাহত তেওঁ তেৰা মেৰা সাথ ৰাহে ধাৰাবাহিকত ৰমিলা হিচাপে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ লাভ কৰে।৯

পাৰিতোষিকৰ দাবী

বিঠলানীয়ে অভিযোগ কৰিছিল যে জি টিভীয়ে ২০১৯ চনত নিৰ্মাণ কৰা ধাৰাবাহিক হমাৰী বহু চিল্কৰ বাবে তেওঁক পাৰিতোষিক আদায় দিয়া নাছিল।১০

তথ্যসূত্ৰ

  1. ↑ Sadhna. (23 July 2020). Saath Nibhaana Saathiya actress Vandana Vithlani selling rakhis online after non-payment of dues. India Today
  2. ↑ (2020-08-28). Saath Nibhana Saathiya Season 2 to launch in October. The Indian Express
  3. ↑ Sadhna. (23 July 2020). Saath Nibhaana Saathiya actress Vandana Vithlani selling rakhis online after non-payment of dues. India Today
  4. ↑ (31 July 2017). Vandana Vithlani to play Rohan Mehra's mom on Sasural Simar Ka - Times of India. The Times of India
  5. ↑ (22 July 2020). 'Hamari Bahu Silk' actress Vandana Vithlani: I'm making rakhis and selling them to earn money - Times of India. The Times of India
  6. ↑ (2020-11-04). VIDEO: TV actress Vandana Vithlani speaks about her show Saath Nibhaana Saathiya. www.indiatvnews.com
  7. ↑ admin. (2020-05-18). Hamari Bahu Silk actors demand salary via video. ABP Live
  8. ↑ When there's work, I grab it and on dull days, I indulge myself creatively in other ways: Vandana Vithlani. The Times of India
  9. ↑ (2021-07-30). Vandana Vithlani talks about Tera Mera Saath Rahe: 'I am happy that work has come to me during this pandemic'. PINKVILLA
  10. ↑ admin. (2020-05-18). Hamari Bahu Silk actors demand salary via video. ABP Live

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় টেলিভিছন অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন্দনা বিঠলানী” প্ৰবন্ধৰ সংশোধন ৫৯৯৪৫৫ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।