নাদিয়া নদিম পাৰ্চী: نادیه ندیم; (জন্ম হৈছিল ২ জানুৱাৰী ১৯৮৮) এগৰাকী আফগান-ডেনিছ পেছাদাৰী মহিলা ফুটবলাৰ যি চিৰি এ ক্লাব এচি মিলানৰ হৈ ষ্ট্ৰাইকাৰ হিচাপে খেলে। আফগানিস্তানত জন্মগ্ৰহণ কৰা নাদিয়া নাদিমে ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় দলৰ হৈ ফুটবল খেলে।
নাদিমক সৰ্বকালৰ আটাইতকৈ প্ৰভাৱশালী আৰু সৰ্বশ্ৰেষ্ঠ আফগান মহিলা ফুটবলাৰ হিচাপে গণ্য কৰা হয়, বিশেষকৈ তেওঁ দুখন দেশত লীগ,২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লীগ খিতাপ (এনডব্লিউএছএল চেম্পিয়নশ্বিপ) পোৰ্টলেণ্ড থৰ্নছৰ সৈতে আৰু পেৰিছ ছেইণ্ট জাৰ্মেইনৰ সৈতে ২০২০-২১ ছিজনত ফ্ৰান্স লীগৰ খিতাপ জিকিছিল।১
প্ৰাৰম্ভিক জীৱন
নাদিয়াৰ জন্ম হৈছিল আফগানিস্তানৰ হেৰাটত এটা ধনী পৰিয়ালত। তেওঁৰ দেউতাক এজন আফগান নেচনেল আৰ্মীৰ (এএনএ) জেনেৰেল আছিল। যেতিয়া নাদিমৰ বয়স ৯ বছৰ আছিল তালিবানে তেওঁৰ দেউতাকক মৃত্যুদণ্ড দিছিল।২ নাদিয়াৰ ১১ বছৰ বয়সত তালিবানৰ অত্যাচাৰৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যে মাক আৰু চাৰিগৰাকী ভগ্নীৰ সৈতে আফগানিস্তানৰ পৰা পলায়ন কৰিছিল আৰু শৰণাৰ্থী হিচাপে ডেনমাৰ্কত উপস্থিত হৈছিল।২৩ডেনমাৰ্কলৈ অহাৰ পিছতে তেওঁ ১২ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ফুটবল খেলিবলৈ চেষ্টা কৰিছিল আলবৰ্গৰ সৰু স্থানীয় ক্লাব জিইউজিত।২ নাদিয়াৰ খেলুৱৈ জীৱনৰ ডাঙৰ আৰম্ভণি আলবৰ্গতে হৈছিল।৪
খেলুৱৈ জীৱন
নাদিমে ২০০৫ চনৰ পৰা ২০০৬ চনলৈ বি৫২ আলবৰ্গ, ২০০৫ চনৰ পৰা ২০০৬ চনলৈ ভিবৰ্গ দল আৰু ২০০৬ চনৰ পৰা ২০১২ চনলৈ আই কে স্কভবাকেনৰ হৈ খেলিছিল।৫তেওঁ একে বছৰৰ ছেপ্টেম্বৰত চেম্পিয়নছ লীগত আত্মপ্ৰকাশ কৰে, স্কটিছ চেম্পিয়নছ গ্লাছগো চিটিৰ বিৰুদ্ধে 2-1 ৰ দুয়োটা গ'ল কৰি জয়লাভ কৰে।৬

নাদিমে ২০১৪ চনৰ এনডব্লিউএছএল(NWSL) চিজনৰ শেষৰ ফালে এনডব্লিউএছএল ক্লাব স্কাই ব্লু এফ চিত যোগদান কৰিছিল। ছয়খন খেলত খেলি নাদিয়াই সাতটা গ'ল কৰিছিল আৰু তিনিটা সহায় পঞ্জীয়ন কৰিছিল। ২০১৪ চনৰ ১৯ আগষ্টত নাদিয়াক সপ্তাহটোৰ খেলুৱৈ আৰু ১৪ আগষ্টত এনডব্লিউএছএলৰ বাবে মাহটোৰ খেলুৱৈ হিচাপে মনোনীত কৰা হৈছিল। ১৬ ফেব্ৰুৱাৰী ২০১৫ তাৰিখে, স্কাই ব্লুয়ে ঘোষণা কৰে যে নাদিমক ২০১৫ চনৰ ছিজনতো স্কাই ব্লুৰ হৈ খেলিবলৈ চুক্তিবদ্ধ কৰা হৈছে।৭ ১৪ জানুৱাৰী ২০১৬ তাৰিখে, নাদিমক পোৰ্টলেণ্ড থৰ্নছ এফচিত ব্যৱসায়িকভাৱে খেলিবলৈ লয়। ৮ষ্ট্ৰাইকাৰ হিচাপে খেলি তেওঁ ২০১৬ চনৰ এনডব্লিউএছএল শ্বিল্ডত দলটোৱে বিজয়ী হোৱাৰ লগতে ২০খন খেলত নটা গ'ল কৰি দলটোৰ শীৰ্ষ স্কৰাৰ হিচাপে ২০১৬ বৰ্ষটো সমাপ্ত কৰে। ২০১৭ বৰ্ষত, তেওঁ দলটোক লীগত দ্বিতীয় স্থানলৈ অনাৰ লগতে এনডব্লিউএছএল চেম্পিয়নশ্বিপ খেলত বিজয় লাভ কৰাত সহায় কৰিছিল।৯২৮ ছেপ্টেম্বৰ ২০১৭ তাৰিখে নাদিয়াই ২০১৮ বৰ্ষৰ বাবে এফ.এ. মহিলা চুপাৰ লীগৰ দল মানচেষ্টাৰ চিটিৰ সৈতে স্বাক্ষৰ কৰে।১০ তেওঁ ২০১৮ চনৰ জানুৱাৰীত ক্লাবটোত যোগদান কৰি ৰিডিঙৰ বিৰুদ্ধে ৫-২ ৰ জয়লাভ কৰে। খেলপথাৰত ছয় মিনিট সময় যোৱাৰ পিছতে তেওঁ দলটোৰ হৈ প্ৰথমটো গ'ল কৰে, আৰু ২৬ মিনিটৰ পিছত তেওঁ মানচেষ্টাৰ চিটিয়ে মেচখনত তেওঁলোকৰ দ্বিতীয়টো গ'ল দিয়াত সহায় কৰে।১১ ৩জানুৱাৰী ২০১৯ তাৰিখে, নাদিমে পেৰিছ ছেইণ্ট জাৰ্মেইনৰ সৈতে স্বাক্ষৰ কৰে।১
২০১৯ চনৰ ৯ জুলাইত নাদিমে পেৰিছ ছেইণ্ট জাৰ্মেইনৰ সৈতে কৰা তেওঁৰ চুক্তিৰ সময় বৃদ্ধি কৰে১২২৭ জানুৱাৰী ২০২৪ তাৰিখে, নাদিমে ২০২৩-২৪ বৰ্ষৰ বাকী সময়ছোৱাত এচি মিলানৰ সৈতে স্বাক্ষৰ কৰে।১৩
আন্তৰাষ্ট্ৰীয় খেলুৱৈ জীৱন
ডেনমাৰ্কৰ জাতীয়তা আইনৰ অধীনত নাদিমে ২০০৬ চনত ১৮ বছৰ বয়সলৈকে নাগৰিকত্বৰ বাবে আবেদন কৰিব নোৱাৰিলে। অৱশেষত যেতিয়া ২০০৮ চনত নাগৰিকত্ব প্ৰদান কৰা হৈছিল, ফিফাৰ যোগ্যতাৰ নিয়মে নাদিমক ডেনমাৰ্কৰ হৈ খেলিবলৈ বাধা দিছিল, কিয়নো তেওঁ ১৮ বছৰ বয়সৰ পিছত প্ৰয়োজনীয় পাঁচ বছৰৰ বাবে আৱাসী হোৱা নাছিল। ১৪ডেনিছ ফুটবল এছ'চিয়েশ্যনৰ (ডিবিইউ) পৰৱৰ্তী প্ৰত্যাহ্বানৰ ফলত ফিফাৰ আইন বিভাগে নাদিমৰ ক্ষেত্ৰত নিয়মবোৰৰ ব্যতিক্ৰম কৰে। ১৫নাদিম তৎক্ষণাৎ ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় দলৰ সদস্য হয়, ২০০৯ চনৰ এলগাৰ্ভ কাপত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা ২-০ ৰ পৰাজয়ত আত্মপ্ৰকাশ কৰে।১৬১৭তেওঁ ফিনলেণ্ডত উৱেফা ইউৰোপিয়ান চেম্পিয়নশ্বিপ ২০০৯ ত ডেনমাৰ্কৰ তিনিওখন খেলত অংশগ্ৰহণ কৰিছিল।
তেওঁক উৱেফা ইউৰোপিয়ান চেম্পিয়নশ্বিপ ২০১৩-ৰ বাবে ৰাষ্ট্ৰীয় প্ৰশিক্ষক কেনেথ মোলাৰ ডেনমাৰ্ক দলত মনোনীত কৰা হৈছিল।১৮ ২০১৭ চনৰ উৱেফা মহিলা ইউৰো টুৰ্ণামেণ্টত, তেওঁ ডেনমাৰ্কৰ অগ্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
২০২০ চনৰ ২৭ অক্টোবৰত ডেনমাৰ্কে ইটালীৰ বিৰুদ্ধে জয়লাভ কৰি উৱেফা ইউৰোপিয়ান চেম্পিয়নশ্বিপ ২০২২ ৰ বাবে যোগ্যতা অৰ্জন কৰে, আৰু ফ্লৰেন্সত ইটালীৰ বিৰুদ্ধে ডেনমাৰ্কৰ ৩-১ গ'লৰ জয়ত দুটা গুৰুত্বপূৰ্ণ গ'ল কৰাৰ পিছত নাদিমক খেলখনৰ খেলুৱৈৰ মুকুট পিন্ধোৱা হয়। দুয়োটা গ'লে আগন্তুক ইউৰোত ডেনমাৰ্কৰ স্থান সুৰক্ষিত কৰিছিল।১৯ ২০২২ চনৰ জুন মাহৰ ২৪ তাৰিখে তেওঁ ব্ৰাজিলৰ বিৰুদ্ধে এখন বন্ধুত্বপূৰ্ণ মেচত ডেনমাৰ্কৰ হৈ তেওঁৰ খেলুৱৈ জীৱনৰ ১০০ তম খেল খেলিছিল।২০
ব্যক্তিগত জীৱন
নাদিমে আৰহছ বিশ্ববিদ্যালয়ৰ চিকিৎসা বিদ্যালয়ত পঢ়িছিল। ২০২২ চনত তেওঁ মেডিকেলৰ ডিগ্ৰী লাভ কৰে।২১ নাদিয়াই আঠোটা ভাষাত কথা পাতিব পাৰে। ২২ আফগান গায়িকা আৰিয়ানা চৈয়দ নাদিয়াৰ সম্পৰ্কীয় লোক। ২০২৪ চনৰ ৯ আগষ্টত নাদিমে তুৰষ্কৰ ইস্তাম্বুলত তেওঁৰ দীৰ্ঘম্যাদী সঙ্গী ইদ্ৰিছক বিয়া কৰায়।
বিশেষ সন্মান
২০১৯ ৰ জুলাইত নাদিয়া নদিমক ছোৱালী আৰু মহিলা শিক্ষাৰ বাবে ইউনেস্কো চেম্পিয়ন হিচাপে মনোনীত কৰা হৈছিল। ক্ৰীড়া আৰু লিংগ সমতাৰ প্ৰচাৰত তেওঁৰ ভূমিকা, যুৱ লোকসকলক অগ্ৰাধিকাৰ দিয়া সংগঠনৰ শৈক্ষিক কাৰ্যত তেওঁৰ অৱদান আৰু আন্তৰ্জাতিক পৰ্যায়ত ছোৱালী আৰু মহিলাৰ শিক্ষাৰ হৈ ওকালতি কৰাৰ বাবে এই স্বীকৃতি তেওঁ লাভ কৰিছিল।২৩
তথ্যসূত্ৰ
- ↑ (4 January 2019). Nadia Nadim da fuga aos talibãs ao Paris SG. Record
- ↑ (9 June 2018). Nadia Nadim fortæller om sit usædvanlige liv i ny kontroversiel bog. Politiken
- ↑ Best, Katelyn. (17 April 2017). Nadia Nadim Fled Afghanistan. Now She's a Portland Thorns Forward and a Medical Student.. Portland Monthly
- ↑ Nadia Nadim. www.dbu.dk. Danish Football Association
- ↑ (27 September 2012). Nadia Nadim. UEFA.com. UEFA
- ↑ (26 September 2012). Women's Champions League: Glasgow City 1–2 Fortuna Hjorring. BBC Sport. British Broadcasting Corporation (BBC)
- ↑ "Sky Blue Signs Nadia Nadim for 2015 Season",, accessed 11 March 2015
- ↑ Thorns FC acquire forward Nadia Nadim, third pick in 2016 NWSL College Draft from Sky Blue FC. Portland Timbers
- ↑ National Women's Soccer League. 2017 Standings. www.nwslsoccer.com
- ↑ (28 September 2017). Nadia Nadim: Manchester City Women sign Denmark striker. BBC Sport. British Broadcasting Corporation (BBC)
- ↑ Andersen, Jens. (7 January 2018). Nadim på tavlen i debut for Manchester City. Dr. DR.dk
- ↑ (9 July 2019). Nadia Nadim extends with Paris SG. Record
- ↑ (27 January 2024). Nadia Nadim joins AC Milan. AC Milan Women
- ↑ (21 November 2008). Ligatopscorer bremses af Fifa-regler. Jyllands-Posten
- ↑ Johansen, Anders; Wadland, Jacob. (15 January 2009). Nadia Nadim klar til kvindelandsholdet. Danish Football Association
- ↑ (4 March 2009). Woznuk and DiMartino Score as U.S. Women Defeat Denmark 2–0 to Open 2009 Algarve Cup. U.S.Soccer
- ↑ Nadia Nadim – Danish Football Association profile. Danish Football Association official website
- ↑ Bruun, Peter. (21 June 2013). Upbeat Heiner-Møller confirms Denmark squad. uefa.com. UEFA
- ↑ Italy vs. Denmark - 27 October 2020 - Soccerway. uk.soccerway.com
- ↑ (26 June 2022). Denmark defeat Brazil at Parken in front of historic home crowd. herfootballhub.com
- ↑ (2022-01-17). Nadia Nadim, footballer who fled Afghanistan as 11-year old, becomes doctor. Indian Express
- ↑ Slater, Chris. (28 September 2017). The Afghan refugee and trainee surgeon who can speak nine languages – and has just signed for Manchester City. Manchester Evening News
- ↑ sporty.com/news/video/nadia-nadim-delighted-with
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাদিয়া নদিম” প্ৰবন্ধৰ সংশোধন ৬৩৭২৭৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।