অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাটালিয়া গুইমাৰেজ

নাটালিয়া আপাৰেচিডা গুইমাৰেজ (জন্ম: ২৫ ডিচেম্বৰ ১৯৮৪) এগৰাকী ব্ৰাজিলিয়ান অভিনেত্ৰী, টিভি সঞ্চালক, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ব্ৰাজিল ২০০৭ খিতাপ অৰ্জন কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৭ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰি প্ৰথম ৰানাৰ-আপৰ স্থান লাভ কৰিছিল।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ৩২৬ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

নাটালিয়া আপাৰেচিডা গুইমাৰেজ (জন্ম: ২৫ ডিচেম্বৰ ১৯৮৪) এগৰাকী ব্ৰাজিলিয়ান অভিনেত্ৰী, টিভি সঞ্চালক, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ব্ৰাজিল ২০০৭ খিতাপ অৰ্জন কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৭ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰি প্ৰথম ৰানাৰ-আপৰ স্থান লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

পৰ্তুগীজ ভাষাত বৰদিনক নেটাল বুলি কোৱা হয়। বৰদিনৰদিনা জন্ম হোৱাৰ বাবে নাটালিয়াৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম নাটালিয়া ৰাখিছিল। তেওঁৰ পিতৃ-মাতৃৰ মতে, তেওঁৰ দ্বিতীয়টো নাম 'আৱাৰ লেডী অৱ আপাৰেচিডা'ৰ প্ৰতি জনোৱা এক শ্ৰদ্ধাঞ্জলি। তেওঁ সন্তগৰাকীৰ কেইবাটাও পদকৰ এটা পেকেট লগত ৰাখিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৭ প্ৰতিযোগিতাৰ বিভিন্ন কাৰ্যসূচী তথা দূৰদৰ্শন সম্প্ৰচাৰৰ সময়ত ইয়াৰে এটা কৱচ হিচাপে ব্যৱহাৰ কৰিছিল।

নাটালিয়াৰ হাতত ছটাকৈ আঙুলি আছিল। তেওঁ পিতৃৰপৰা বহুআঙুলিতা নামৰ এক বংশগতি|বংশগত বৈশিষ্ট্য লাভ কৰিছিল,১ যিটো মানুহৰ ক্ষেত্ৰত এক জন্মগত শাৰীৰিক বিসংগতি; এই অতিৰিক্ত আঙুলিৰদ্বাৰা গৰাকীৰ কোনো সমস্যা নহয়। সংবাদ মাধ্যমৰ বাতৰিৰ জৰিয়তেহে এই বৈশিষ্ট্যটো পোহৰলৈ আহিছিল।

বৰ্তমানৰ কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে নাটালিয়াই ৰেড গ্ল’বোৰ টেলিৰাজ ধাৰাবাহিক এষ্ট্ৰেলা গুইয়াত অভিনয়ৰ বাবে অডিচন দিছিল। কিন্তু তেওঁৰ পিতৃয়ে মডেলিং কাৰ্যকলাপৰ স্বাৰ্থত ইয়াত বাধা দিছিল।২ গুইমাৰেজে স্থপতি্যা অধ্যয়ন কৰিবলৈ পিইউচি-এমজিত নামভৰ্তি কৰিছিল যদিও সৌন্দৰ্য প্ৰতিযোগিতাত মনোনিৱেশ কৰিবলৈ ছয় ষাণ্মাসিকৰ পিছত পঢ়া ত্যাগ কৰে।৩

সৌন্দৰ্য প্ৰতিযোগিতা

১৫ বছৰ বয়সতে মডেলিং কেৰিয়াৰ আৰম্ভ কৰা আৰু পূৰ্বে ফৰ্ড মডেলছৰ হৈ কাম কৰা গুইমাৰেজে ২০০৬ চনৰ ‘টপ মডেল অৱ দ্য ৱৰ্ল্ড’ আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাতো জয়লাভ কৰিছিল। অৱশ্যে মিছ ইউনিভাৰ্ছ ২০০৭ত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ এই খিতাপ ত্যাগ কৰে আৰু ফিলিপাইনছৰপৰা অহা তেওঁৰ ৰানাৰ-আপ গৰাকীয়ে এই খিতাপ গ্ৰহণ কৰে।

মিছ ব্ৰাজিল ২০০৭

গুইমাৰেজে মিছ ব্ৰাজিল ২০০৭ত মিনাস গেৰাইছ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁ ব্ৰাজিলৰ বিভিন্ন ৰাজ্য আৰু ফেডাৰেল ডিষ্ট্ৰিক্টৰপৰা অহা আন ২৬ গৰাকী প্ৰতিযোগীক পৰাস্ত কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ মিছ ইউনিভাৰ্ছ ২০০৭ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ লাভ কৰে।

মিছ ইউনিভাৰ্ছ ২০০৭

২০০৭ চনৰ ২৮ মে’ত নাটালিয়াই মেক্সিকোৰ মেক্সিকো চিটিত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০০৭ত ব্ৰাজিলক প্ৰতিনিধিত্ব কৰে। য’ত তেওঁ পুৱৰ্টো ৰিকোৰ জুলেইকা ৰিভেৰাৰ উত্তৰাধিকাৰী হোৱাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু অৱশেষত জাপানৰ ৰিয়ো মোৰীৰ পিছতে প্ৰথম ৰানাৰ-আপ হিচাপে সমাপ্ত কৰিছিল।

মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ পাছদিনা মেক্সিকোৰ এটা টেলিভিছন অনুষ্ঠানে জনসাধাৰণক সুধিছিল যে এই প্ৰতিযোগিতাত কোনে জিকা উচিত আছিল। গুইমাৰেজে প্ৰায় এক তৃতীয়াংশ ভোট লাভ কৰি এই জনমত জৰীপত জয়লাভ কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (3 August 2007). Miss Brasil Natália Guimarães born with six fingers on hand. Terra TV
  2. ↑ (14 August 2007). Miss Brazil Natália Guimarães made an actress test on Globo. Folha Online
  3. ↑ Mineira, modelo, estudante de arquitetura, fã da Disneylândia. Quem é a Miss Brasil?

সম্পৰ্কিত শ্ৰেণী

ব্ৰাজিলৰ ব্যক্তিঅভিনেত্ৰীমডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাটালিয়া গুইমাৰেজ” প্ৰবন্ধৰ সংশোধন ৬০২৪০১ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।