নাছিমা আক্তাৰ (বঙালী ভাষা: নাসিমা আক্তাব়; জন্ম ১৯৭০) এগৰাকী বাংলাদেশী বিজ্ঞানী যিয়ে পাৰমাণৱিক চিকিৎসা বিজ্ঞানত বিশেষজ্ঞতা অৰ্জন কৰিছে। ২০১০ চনত ভ্ৰুণৰ অস্বাভাৱিকতা ধৰা পেলোৱাৰ বাবে নাকল ট্ৰেন্সলুচেন্সী আৰু পাৰমাণৱিক হৃদৰোগ বিজ্ঞান বিষয়ত কৰা গৱেষণাৰ বাবে তেওঁ BAS-TWAS যুৱ বিজ্ঞানী বঁটা লাভ কৰে।১ ২০১৩ চনত পাৰমাণৱিক চিকিৎসা আৰু আল্ট্ৰাছন'গ্ৰাফীৰ ক্ষেত্ৰত আগবঢ়োৱা অগ্ৰণী কামৰ বাবে তেওঁক এলছেভিয়াৰ ফাউণ্ডেশ্যন বঁটাৰে সন্মানিত কৰা হয়।২
জীৱনী
১৯৭০ চনত জন্মগ্ৰহণ কৰা নাছিমা আক্তাৰে চিলেট এম এ জি ওচমানী চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি ১৯৯৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ বঙ্গবন্ধু শেখ মুজিব চিকিৎসা বিশ্ববিদ্যালয়ৰ পৰা এম. ফিল. (২০০১) আৰু জাপানৰ কানাজৱা বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি (২০০৮) ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ জাপানৰ কাগৱা বিশ্ববিদ্যালয়ত ধাত্ৰীবিদ্যা সংক্ৰান্তীয় আল্ট্ৰাছন'গ্ৰাফীৰ প্ৰশিক্ষণ লয়।১
১৯৯৮ চনত আক্তাৰে বাংলাদেশ পৰমাণু শক্তি আয়োগত এগৰাকী পাৰমাণৱিক চিকিৎসা চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ গৰ্ভধাৰণৰ প্ৰথম তিনি মাহত ভ্ৰুণৰ বিসংগতি ধৰা পেলাবলৈ নাকল ট্ৰেন্সলুচেন্সী ব্যৱহাৰৰ ওপৰত গৱেষণা কৰিছে। তেওঁ গ্ৰেভছ ৰোগৰ চিকিৎসাৰ বাবে ৰেডিঅ’আয়ডিন থেৰাপীৰ সৈতে আনুষংগিক ঔষধ ব্যৱহাৰৰ ওপৰতো গৱেষণা চলাইছে।৩ ইয়াৰ উপৰিও তেওঁ নিগনিৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাই চিগমা ৰিচেপ্টৰ ইমেজিং পদ্ধতিৰে ডিমেনচিয়া, স্কিজ'ফ্ৰেনিয়া আৰু টিউমাৰৰ বৃদ্ধিৰ তদন্ত কৰিবলৈ ৰেডিঅ'ট্ৰেচাৰ বিকশিত কৰাৰ কাম কৰিছে।৪
বঁটা আৰু সন্মান
এগৰাকী যুৱ বিজ্ঞানী হিচাপে নাছিমা আক্তাৰে বাংলাদেশ ছচাইটি অফ নিউক্লিয়াৰ মেডিচিনৰ পৰা যুৱ বিজ্ঞানী বঁটা আৰু স্বৰ্ণ পদককে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। ২০১০ চনত তেওঁ BAS-TWAS যুৱ বিজ্ঞানী বঁটা লাভ কৰে আৰু ২০১৩ চনত চিকিৎসা আৰু জীৱ বিজ্ঞানত তেওঁৰ অগ্ৰণী কামৰ বাবে OWSD-এলছেভিয়াৰ ফাউণ্ডেশ্যন বঁটাৰে সন্মানিত হয়।১২ এলছেভিয়াৰ বঁটাত নগদ ধনৰ উপৰিও বষ্টনত অনুষ্ঠিত আমেৰিকান এছ’চিয়েশ্যন ফৰ দ্য এডভান্সমেণ্ট অৱ ছায়েন্সৰ সভাত অংশগ্ৰহণৰ আমন্ত্ৰণো অন্তৰ্ভুক্ত আছিল।৪
তথ্যসূত্ৰ
- ↑ (14 August 2011). BAS Gold Medal Award Ceremony 2011. Bangladesh Academy of Sciences
- ↑ (10 February 2013). Awards recognize women scientists in developing countries. Elsevier
- ↑ (19 February 2013). Bangladesh radiologist honored by AAAS. AuntMinnie
- ↑ Nasima Akhter. Environmentalists for Nuclear, USA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাছিমা আক্তাৰ” প্ৰবন্ধৰ সংশোধন ৫৮৫৫৩৮ (৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।