নাজনীন বনিয়াদী (ফাৰ্চী ভাষা: نازنین بنیادی; জন্ম: ২২ মে’ ১৯৭৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু মানৱাধিকাৰ কৰ্মী। তেহৰাণত জন্মগ্ৰহণ কৰা আৰু লণ্ডনত ডাঙৰ-দীঘল হোৱা বনিয়াদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। তাতেই তেওঁ জেনেৰেল হস্পিটেল (২০০৭–২০০৯) নামৰ ধাৰাবাহিকখনত আৰু ইয়াৰ স্পিন-অফ জেনেৰেল হস্পিটেল: নাইট শ্বিফ্ট (২০০৭)-ত লেইলা মীৰৰ চৰিত্ৰত অভিনয় কৰি প্ৰথম গুৰুত্বপূৰ্ণ সফলতা লাভ কৰে। তাৰ পিছৰেপৰা তেওঁ হাউ আই মেট ইউৰ মাদাৰ (২০১১) নামৰ ধাৰাবাহিকখনত নোৰা, হোমলেণ্ড (২০১৩–২০১৪) নামৰ স্পাই থ্ৰিলাৰ ধাৰাবাহিকখনত ফাৰা শেৰাজী, ঐতিহাসিক ড্ৰামা চলচ্চিত্ৰ বেন-হুৰ (২০১৬)-ত এষ্টাৰ, বিজ্ঞান কল্পকাহিনী ভিত্তিক থ্ৰিলাৰ ধাৰাবাহিক কাউণ্টাৰপাৰ্ট (২০১৭–২০১৮)-ত ক্লেয়াৰ কোৱেল, একচন থ্ৰিলাৰ চলচ্চিত্ৰ হোটেল মুম্বাই (২০১৮)-ত জহৰা কাশানী আৰু ফেণ্টাছী ধাৰাবাহিক দ্য লৰ্ড অৱ দ্য ৰিংছ: দ্য ৰিংছ অৱ পাৱাৰ (২০২২)-ৰ প্ৰথম সংস্কৰণত ব্ৰনৱিনৰ চৰিত্ৰত অভিনয় কৰিছে।
তেওঁ ২০০৯ চনৰপৰা ২০১৫ চনলৈকে এমনিষ্টি ইণ্টাৰনেচনেলৰ মুখপাত্ৰ আছিল আৰু ২০১৫ চনৰ অক্টোবৰৰপৰা ২০২১ চনৰ ফেব্ৰুৱাৰীলৈকে চেণ্টাৰ ফৰ হিউমেন ৰাইটছ ইন ইৰানৰবোৰ্ড সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মূল গুৰুত্ব আছিল যুৱ অধিকাৰ আৰু মহিলাৰ অধিকাৰৰ ওপৰত।
প্ৰাৰম্ভিক জীৱন
নাজনীন বনিয়াদীৰ জন্ম ১৯৭৯ চনৰ ২২ মে’ত১ ইৰানী বিপ্লৱৰ ঠিক পিছৰ সময়ছোৱাত তেহৰাণত হৈছিল। জন্মৰ এমাহো নৌহওঁতেই তেওঁ আৰু তেওঁৰ পিতৃ-মাতৃয়ে ইৰান এৰি লণ্ডনত ৰাজনৈতিক শৰণাৰ্থী হিচাপে আবেদন কৰিছিল।২৩৪
বনিয়াদীয়ে লণ্ডনৰ হেম্পষ্টেডৰ এখন স্বতন্ত্ৰ বিদ্যালয়ত পঢ়া-শুনা কৰিছিল।৫ সৰু ছোৱালী অৱস্থাতে তেওঁ বেহেলা বজাইছিল আৰু বেলে নৃত্য পৰিৱেশন কৰিছিল।৬৭
বনিয়াদীয়ে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ইৰভিন (UCI)-ৰপৰা জৈৱিক বিজ্ঞানত সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াত কৰ্কট ৰোগৰ চিকিৎসা আৰু হৃদযন্ত্ৰ সংৰোপণ প্ৰত্যাখ্যানৰ সৈতে জড়িত আণৱিক গৱেষণাৰ বাবে তেওঁ চাং পিন-চুন আণ্ডাৰগ্ৰেজুৱেট ৰিচাৰ্চ বঁটা লাভ কৰিছিল। বনিয়াদী ইয়াৰ আণ্ডাৰগ্ৰেজুৱেট চিকিৎসা বিজ্ঞানৰ বাৰীপেপাৰ মেডটাইমছ-ৰ সহকাৰী মুখ্য সম্পাদকো আছিল।৮
বনিয়াদীয়ে ২০০৬ চনত বিজ্ঞানৰপৰা নিজৰ কেৰিয়াৰ সলনি কৰি অভিনয় ক্ষেত্ৰখন বাছি লয়। ২০০৯ চনত তেওঁ লণ্ডনৰ ৰয়েল একাডেমী অৱ ড্ৰামেটিক আৰ্টত সমসাময়িক নাট্যৰ এক চুটি পাঠ্যক্ৰম অধ্যয়ন কৰে।৯
তথ্যসূত্ৰ
- ↑ (2019-05-23). Nazanin Boniadi on Instagram: "May 22, 1979. The internet has had it wrong for a long time. Owning 40. Never felt more comfortable with who I am. Thank you, @rolivek, for a magical celebration. And to the best group of girlfriends who made me play Queen for the night.". Instagram
- ↑ Terrero, Nina. This Iranian-Born Actress Is Changing the Acting World. Time
- ↑ Blake, Meredith. (January 3, 2019). The Conversation: Counterparts Nazanin Boniadi on the complexities of playing Middle Eastern roles. Los Angeles Times
- ↑ (2019-07-17). Nazanin Boniadi on a "very personal trip" to Calais. Care4Calais
- ↑ Sanghani, Radhika. (31 May 2017). Homeland's Nazanin Boniadi: 'It isn't safe for me to go back to Iran'. The Telegraph
- ↑ (19 May 2006). Nazanin Boniadi, a New Face in the Hollywood Cinema Industry. BBC Persian
- ↑ (22 October 2008). Human Rights Education a Priority for Iranian Actress. United States Department of State
- ↑ (6 June 2011). UCI grads make good. University of California, Irvine
- ↑ Bowler, Natasha. (22 January 2016). Nazanin Boniadi on Life, Acting & Human Rights. IranWire
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাজনীন বনিয়াদী” প্ৰবন্ধৰ সংশোধন ৬১০৪৫১ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।