অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাজমা চৌধুৰী

নাজমা চৌধুৰী (Nazma Chowdhury; ২৬ ফেব্ৰুৱাৰী ১৯৪২ – ৮ আগষ্ট ২০২১) এগৰাকী বাংলাদেশী শিক্ষাবিদ আছিল। তেওঁ হাবিব প্ৰশাসনৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বাংলাদেশত নাৰী অধ্যয়ন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ আগৰণুৱা আছিল। ২০০০ চনত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ মহিলা আৰু লিংগ অধ্যয়ন বিভাগ প্ৰতিষ্ঠা কৰে।

হালনাগাদ: ২২ মাৰ্চ ২০২৫ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

নাজমা চৌধুৰী (Nazma Chowdhury; ২৬ ফেব্ৰুৱাৰী ১৯৪২ – ৮ আগষ্ট ২০২১) এগৰাকী বাংলাদেশী শিক্ষাবিদ আছিল। তেওঁ হাবিব প্ৰশাসনৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বাংলাদেশত নাৰী অধ্যয়ন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ আগৰণুৱা আছিল। ২০০০ চনত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ মহিলা আৰু লিংগ অধ্যয়ন বিভাগ প্ৰতিষ্ঠা কৰে।১ ১৯৯৬ চনত তেওঁ প্ৰথম কেয়াৰটেকাৰ চৰকাৰৰ উপদেষ্টা আছিল।২ ২০০৮ চনত গৱেষণাৰ বাবে বাংলাদেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান একুশ্বে পদক বঁটা লাভ কৰে।৩

শিক্ষা

১৯৪২ চনৰ ২৬ ফেব্ৰুৱাৰীত চিলেটৰ এটা বঙালী মুছলমান পৰিয়ালত চৌধুৰীৰ জন্ম হয়।৪ প্ৰথম দুটা সন্তানৰ মৃত্যুৰ পিছত চৌধুৰী ইমামুজ্জামান আৰু আমিৰুন্নেছা খাতুনৰ তৃতীয় সন্তান। তেওঁৰ মাতৃ আমুৰুন্নেছা খাতুন এগৰাকী গৃহিণী হোৱাৰ বিপৰীতে তেওঁৰ পিতৃ চৌধুৰী ইমামুজ্জামান আছিল এজন চিভিল ইঞ্জিনিয়াৰ।৫তেওঁৰ দেউতাক নবীগঞ্জৰ পিতুৱা-সদ্ৰাবাদৰ চৌধুৰী বাৰীৰ। ১৩০৩ চনত চিলেট বিজয়ত অংশগ্ৰহণ কৰা শ্বাহ জালালৰ কোৰেইশ্বী সহযোগী শ্বাহ ছাদৰুদ্দিন কুৰেছিৰ বংশধৰ আছিল।৬

তেওঁৰ প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা অসমত আৰম্ভ হয়। পূব পাকিস্তান ভাৰতৰ পৰা পৃথক হোৱাৰ পিছত পিতৃয়ে নতুন চাকৰি পোৱাৰ পিছত পৰিয়ালটো পূব পাকিস্তানৰ ঢাকালৈ গুচি যায়।৪

চৌধুৰীক ঢাকাৰ বিদ্যা মন্দিৰ স্কুলত তৃতীয় শ্ৰেণীত ভৰ্তি কৰা হৈছিল। তাৰ পিছত আকৌ চতুৰ্থ শ্ৰেণীত তেওঁক ৰাজশাহীৰ পি এন গাৰ্লছ স্কুলত নামভৰ্তি কৰা হয়। ১৯৫৬ চনত কামৰুনেছা গাৰ্লছ স্কুলৰ পৰা এছ এছ চি প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ইষ্ট পাকিস্তান মাধ্যমিক শিক্ষা ব’ৰ্ডত ছোৱালীৰ ভিতৰত অষ্টম স্থান লাভ কৰে। ঢাকাৰ হলি ক্ৰছ কলেজৰ পৰা তেওঁ এইচ এছ চি উত্তীৰ্ণ হয়। পূব পাকিস্তান উচ্চতৰ মাধ্যমিক শিক্ষা ব'ৰ্ডৰ মেধা তালিকাত তেওঁ নৱম স্থানত আছিল।৪

চৌধুৰীয়ে ঢাকা বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৭ পি এইচ ডিৰ বাবে যুক্তৰাজ্যলৈ যোৱাৰ আগতে বাংলাদেশ বেটাৰৰ হৈ তেওঁ গীটাৰ বজাইছিল।৫

কৰ্মজীৱন

১৯৬৩ চনত চৌধুৰীয়ে ঢাকা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।৭১৯৬৬ চনত তেওঁ কমনৱেলথ বৃত্তিৰে লণ্ডন বিশ্ববিদ্যালয়ৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজলৈ গৈ পি এইচ ডি লাভ কৰে।৭ ১৯৭২ চনত বাংলাদেশলৈ উভতি আহি ১৯৮৪ চনৰ পৰা ১৯৮৭ চনলৈ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি বিভাগটোত থকা কালত মহিলা সবলীকৰণ আৰু বিকাশ সম্পৰ্কীয় পাঠ্যক্ৰম পাঠ্যক্ৰমত প্ৰৱৰ্তন কৰে। বিশ্ববিদ্যালয়খনৰ ভিতৰতে গৱেষণা কেন্দ্ৰ চেণ্টাৰ ফৰ উইমেন ষ্টাডিজো স্থাপন কৰে।৫

চৌধুৰীয়ে ১৯৮৮ চনত মিনেছ'টা বিশ্ববিদ্যালয়ত ফুলব্ৰাইট ফেল'শ্বিপৰ অধীনত তিনিমাহ অতিথি পণ্ডিত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৪ ৰাজনীতি বিজ্ঞানী বাৰ্বাৰা জে নেলছনৰ বন্ধু আছিল। ১৯৯৪ চনত এই যুটিয়ে ইয়েল ইউনিভাৰ্চিটি প্ৰেছৰ দ্বাৰা প্ৰকাশিত এখন কিতাপ উইমেন এণ্ড পলিটিক্স ৱৰ্ল্ডৱাইড সম্পাদনা কৰে।৮ ১৯৯৫ চনত এই কিতাপখনে ভিক্টোৰিয়া শ্বুক বঁটা লাভ কৰে।৯ আমেৰিকান পলিটিকেল ছায়েন্স এছ'চিয়েচনে এই কিতাপখনক ১৯৯৪ চনৰ বাবে শ্ৰেষ্ঠ গ্ৰন্থ বুলি অভিহিত কৰিছে।১০

মৃত্যু

২০২১ চনৰ ৮ আগষ্টত, ঢাকাৰ এখন চিকিৎসালয়ত ক'ভিড-১৯ত আক্ৰান্ত হৈ চৌধুৰীৰ মৃত্যু হয়।১১ মৃত্যুৰ সময়ত তেওঁ ৭৯ বছৰ হৈছিল৷ ৫ ঢাকাৰ বানানী কবৰস্থানত তেওঁক সমাধিস্থ কৰা হয়।৫

তথ্যসূত্ৰ

  1. ↑ (25 February 2007). Workshop on gender begins. The Daily Star
  2. ↑ (21 October 2013). Spotlight on former caretaker advisors. bdnews24.com
  3. ↑ (19 February 2008). 9 get Ekushey Padak 2008. The Daily Star
  4. ↑ Shiropa, Touhida. (4 December 2010). bn:কৰ্মে জীবন ভৰা. Prothom Alo
  5. ↑ Rubel, Sirajul Islam. (9 August 2021). Prof Najma Chowdhury passes away. The Daily Star
  6. ↑ Ahmad, Syed Kamaluddin. (30 June 2021). তৰফেৰ সৈয়দ বংশ ও লাকসাম নবাব পৰিবাৰ
  7. ↑ (2 September 2008). Prof Najma Chowdhury honoured. The Daily Star
  8. ↑ Women and Politics Worldwide. Yale University Press
  9. ↑ Schwartz, Larry. American Political Science Association Victoria Schuck award. web.mnstate.edu
  10. ↑ (8 August 2021). Najma Chowdhury, an Ekushey Padak-winning professor, dies of COVID at 79. bdnews24.com
  11. ↑ (8 August 2021). Educationist Nazma Chowdhury passes away. Prothom Alo

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ নাৰী অধিকাৰ কৰ্মীবাংলাদেশৰ নাৰীবাদীশিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাজমা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪৯৫৬৩৮ (২২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।