অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাদিয়া আলেকজেণ্ডাৰ

নাদিয়া আলেকজেণ্ডাৰ (ইংৰাজী: Nadia Alexander; জন্ম ৫ এপ্ৰিল, ১৯৯৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ দা ছিনাৰ (২০১৭) আৰু চেভেন ছেকেণ্ডছ (২০১৮) আদিকে ধৰি কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ২১৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

নাদিয়া আলেকজেণ্ডাৰ (ইংৰাজী ভাষা: Nadia Alexander; জন্ম ৫ এপ্ৰিল, ১৯৯৪) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ দা ছিনাৰ (২০১৭) আৰু চেভেন ছেকেণ্ডছ (২০১৮) আদিকে ধৰি কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে।১ ২০১৭ চনৰ ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱত ব্লেম (২০১৭) ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ আমেৰিকাৰ শ্ৰেষ্ঠ বিৱৰণাত্মক চলচ্চিত্ৰৰ অভিনেত্ৰীৰ বঁটা লাভ কৰে।২ লগতে দা ডাৰ্ক (২০১৯) ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফেনগ’ৰিয়া চেইনশ্ব’ বঁটাৰ বাবে মনোনীত হৈছিল।

কেৰিয়াৰ

আলেকজেণ্ডাৰে ছয় বছৰ বয়সৰ পৰাই অভিনয় আৰম্ভ কৰিছিল, যেতিয়া তেওঁক পিটচবাৰ্গ অঞ্চলৰ এখন মঞ্চত দা চাউণ্ড অফ মিউজিক নাটকত গ্ৰেটলৰ চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচিত কৰা হৈছিল। তেওঁ সমগ্ৰ শৈশৱকালত দক্ষিণ-পশ্চিম পেঞ্চিলভেনিয়াৰ বেছিভাগ ইকুইটি থিয়েটাৰত পেছাদাৰীভাৱে কাম কৰিছিল। ইয়াৰ ভিতৰত পিটচবাৰ্গ পাব্লিক থিয়েটাৰ অন্যতম য’ত তেওঁ একেৰাহে তিনি বছৰ ধৰি বাৰ্ষিক শ্বেইক্সপীয়েৰ মনোলগ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল।৩

২০০৭ চনত আলেকজেণ্ডাৰ নিউয়ৰ্ক চহৰলৈ স্থানান্তৰিত হয় আৰু বিজ্ঞাপন তথা ধাৰাবাহিকৰ কাম আৰম্ভ কৰে। হাইস্কুলত পঢ়ি থকা অৱস্থাতে আলেকজেণ্ডাৰে ৰেটলষ্টিক প্লে ৰাইটছ থিয়েটাৰত দেয়াৰ আৰ নো ম’ৰ বিগ ছিক্ৰেটছ নামৰ নাটকৰ জৰিয়তে অফ-ব্ৰডৱেত অভিনয় কৰিছিল।৪ তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আছিল স্বতন্ত্ৰ ছবি পোষ্টেলছ। ইয়াৰ পিছত তেওঁ টেন থাউজেন্ড চেইণ্টছ আৰু ফেন গাৰ্লত অভিনয় কৰে।

২০১০ চনত তেওঁ ল’ এণ্ড অৰ্ডাৰৰ এটা খণ্ডত অতিথি শিল্পী হিচাপে ভূমুকি মাৰে। তেতিয়াৰ পৰা তেওঁ বোৰ্ডৱাক এম্পায়াৰ (২০১১), দা ফলোয়িং (২০১৫), দা ছিনাৰ (২০১৭) আৰু চেভেন ছেকেণ্ডছ (২০১৮) আদিকে ধৰি কেইবাখনো টেলিভিছন ধাৰাবাহিকত কাম কৰিছে।১

২০১৭ চনত তেওঁ ব্লেম (২০১৭) ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে। এই ছবিখন কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু তেওঁৰ কামৰ বাবে আলেকজেণ্ডাৰে ২০১৭ চনৰ ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱত আমেৰিকাৰ শ্ৰেষ্ঠ বিৱৰণাত্মক চলচ্চিত্ৰৰ অভিনেত্ৰীৰ বঁটা লাভ কৰে।২

ব্যক্তিগত জীৱন

আলেকজেণ্ডাৰে নিজকে পেনচেক্সুৱেল বুলি চিনাক্ত কৰে।৫ তেওঁ পূৰ্বে ব্লেমৰ সহ-অভিনেত্ৰী তথা পৰিচালক কুইন শ্বেফাৰ্ডৰ সৈতে সম্পৰ্কত আছিল।৬৭

তথ্যসূত্ৰ

  1. ↑ ‘Seven Seconds’ Trailer: Regina King Seeks Justice In Netflix Crime Anthology Series
  2. ↑ The Tribeca Film Festival.
  3. ↑ Pace, Laura. (March 23, 2005). Bethel Park actress, 10, wins contest as Juliet. Pittsburgh Post-Gazette
  4. ↑ Haagensen, Erik. (November 12, 2010). Off-Broadway Review, There Are No More Big Secrets. Backstage Magazine
  5. ↑ Nadia Alexander's Instagram
  6. ↑ Nadia Alexander's Instagram
  7. ↑ Instagram. www.instagram.com

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিআমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাদিয়া আলেকজেণ্ডাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৫১৩৭ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।