নাদিয়া গামাল ( Nadia Gamal; আৰবী: نادية جمال, ১৯৩৭ – ১৯৯০ ) এগৰাকী ইজিপ্তৰ নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল। স্থানীয় ইজিপ্তৰ বেলী নৃত্যক তেওঁ ৱেষ্টাৰ্ণ ৱাল্টজ, কাউবয়, ছা ছা নৃত্য আৰু অন্যান্য কিছু নৃত্যৰ সৈতে মিহলি কৰা বুলি জনা যায়।১
প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন
ইজিপ্তৰ আলেকজেণ্ড্ৰিয়াত নাদিয়া গামালৰ জন্ম হৈছিল। তেওঁ পিতৃ আছিল গ্ৰীক আৰু মাতৃ ইটালীয়। নাদিয়াৰ ঘৰৰ নাম মাৰিয়া কেৰিডিয়াছ হিচাপে সৰু কালত জনাজাত আছিল।২৩ নৃত্য শিল্পী জীৱনত গামালে প্ৰথমে মাকৰ কেবাৰে অভিনয়ৰ অংশ হিচাপে নাচিবলৈ আৰম্ভ কৰিছিল। পিয়ানোৰ লগতে বেলেট আৰু টেপৰ দৰে কেইবাবিধো নৃত্যৰ প্ৰশিক্ষণপ্ৰাপ্ত গামালে প্ৰথমে মাকৰ অভিনয়ত ইউৰোপীয় লোকনৃত্য প্ৰদৰ্শন কৰিছিল। নাদিয়াৰ ১৪ বছৰ বয়সত মাকৰ শিল্পী দলৰ এগৰাকী অসুস্থ নৃত্যশিল্পীয়ে লেবাননত ৰাকছ শ্বাৰকীত নাদিয়াক নৃত্য পৰিৱেশন কৰাৰ সুযোগ দিছিল, যিটো কম বয়সৰ বাবে দেউতাকে প্ৰথমে মানা কৰিছিল। নৃত্য পৰিৱেশনৰ এই আৰম্ভণিৰ পিছত তেওঁ এগৰাকী জনপ্ৰিয় নৃত্যশিল্পী হৈ পৰে আৰু ইজিপ্তৰ বহু ছবিত অভিনয় কৰিবলৈ সুযোগ পায়।
ভাৰতীয় চিনেমা তাৰকা ছাম্মি কাপুৰক ১৯৫৩ চনত শ্ৰীলংকাত লগ পায়। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল যদিও নাদিয়া পুনৰ কাইৰোলৈ গুচি যায়। তেওঁ কেইবাখনো ভাৰতীয় চিনেমাতো অভিনয় কৰিছিল।
১৯৬৮ চনত গামালে বালবেক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত অনুষ্ঠান পৰিৱেশন কৰা প্ৰথমজন ৰাকছ শ্বাৰকী নৃত্যশিল্পী হিচাপে পৰিগণিত হয়। কাইৰো অপেৰা হাউচতো উপস্থিত হৈ ৰজা হুছেইন আৰু ইৰাণৰ শ্বাহৰ হৈ নৃত্য কৰিছিল। গামালে নিজৰ কেৰিয়াৰৰ সময়ছোৱাত এছিয়া, মধ্যপ্ৰাচ্য, ইউৰোপ, লেটিন আমেৰিকা, উত্তৰ আমেৰিকা আদি বিভিন্ন ঠাইত নৃত্য পৰিৱেশন কৰিছিল। ১৯৭৮ আৰু ১৯৮১ চনত তেওঁ নিউয়ৰ্ক চহৰত নৃত্য কৰ্মশালাত নৃত্যৰ বিষয়ে পাঠ উপস্থাপন কৰিছিল। পিছলৈ গামালে নৃত্য শিক্ষাৰ এখন বিদ্যালয় আৰম্ভ কৰে।
১৯৯০ চনত গামালৰ স্তন কেন্সাৰ ধৰা পৰে আৰু বেইৰুটত চিকিৎসাধীন হৈ থকাৰ সময়তে নিউমোনিয়াত আক্ৰান্ত হয় আৰু তেওঁৰ তাতে মৃত্যু হয়।
শৈলী আৰু প্ৰভাৱ
মজিয়াৰ কামৰ ব্যাপক ব্যৱহাৰৰ বাবে গামাল পৰিচিত আছিল। তেখেতে প্ৰায়ে ৰক্ছ বালাদি (লোক নৃত্য), বেদুইন নৃত্য আৰু ৰক্ছ শ্বাৰকিৰ সৈতে জাৰ নৃত্য৪ অন্তৰ্ভুক্ত কৰিছিল। ইব্ৰাহিম ফাৰাহ, চুহাইলা চেলিমপুৰ, ক্লেয়াৰ নাফা আদি বহু নৃত্যশিল্পীক তেওঁ প্ৰভাৱিত কৰিছিল।১
কথাছবি
প্ৰেম পূজাৰী (১৯৭০), বাজী-ই এচাঘ (১৯৬৮), বেজি-ই-শ্বেন্স (১৯৬৮), মাৱাল আল আকদম আল জাহাবিয়া (১৯৬৬), টুৱেণ্টি ফোৰ আৱাৰ টু কিল (১৯৬৫), গাৰো (১৯৬৫), লায়ালী আল চাৰ্ক (১৯৬৫), জেনুব্বা (১৯৫৬) আৰু মাওৱাল।
তথ্যসূত্ৰ
- ↑ Sharif, Keti. (2005). Bellydance: A Guide to Middle Eastern Dance, Its Music, Its Culture and Costume. Allen & Unwin. পৃ. 97–98. ISBN 1-74114-376-4
- ↑ Joseph, Suad; Zaatari, Zeina. (2022-12-30). Routledge Handbook on Women in the Middle East. Taylor & Francis. পৃ. 595. ISBN 978-1-351-67643-4
- ↑ Great Spirits: Portraits of LifeChanging World Music Artists. Univ. Press of Mississippi. পৃ. 207. ISBN 978-1-60473-341-9
- ↑ Ramona. (2007). Dynamic Belly Dance: The Joyful Journey of Dancemaking and Performing. ABI. পৃ. 152. ISBN 978-0-615-13326-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাদিয়া গামাল” প্ৰবন্ধৰ সংশোধন ৬৩২৫৩১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।