অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাদিয়া জামিল

নাদিয়া জামিল (জন্ম: ৩ অক্টোবৰ ১৯৮০), নাদিয়া ফজল জামিল নামেৰেও পৰিচিত) এগৰাকী পাকিস্তানী অভিনেত্ৰী আৰু অনুষ্ঠান-পৰিৱেশক৷ নবৈৰ দশকৰ শেষৰ ফালে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা জামিলে পৰৱৰ্তী সময়ত কেইবাটাও টেলিভিছন প্ৰডাকচনত অভিনয় কৰিছে। টেলিভিছনৰ উপৰিও থিয়েটাৰতো তেওঁ কাম কৰিছে।

হালনাগাদ: ২৯ জানুৱাৰী ২০২৬ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

নাদিয়া জামিল (জন্ম: ৩ অক্টোবৰ ১৯৮০), নাদিয়া ফজল জামিল নামেৰেও পৰিচিত) এগৰাকী পাকিস্তানী অভিনেত্ৰী আৰু অনুষ্ঠান-পৰিৱেশক৷ নবৈৰ দশকৰ শেষৰ ফালে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা জামিলে পৰৱৰ্তী সময়ত কেইবাটাও টেলিভিছন প্ৰডাকচনত অভিনয় কৰিছে। টেলিভিছনৰ উপৰিও থিয়েটাৰতো তেওঁ কাম কৰিছে। তেওঁৰ টেলিভিছনত অভিনয়ৰ ভিতৰত ধূপ মেইন সাৱান (১৯৯৮), মেৰে পাছ পাছ (২০০৫), মেৰী জান (২০০৯), বেহাড (২০১৩)১২ আৰু দমছা (২০১৯) আদি।৩ তেওঁৰ লাভ কৰা বঁটা-স্বীকৃতিসমূহৰ ভিতৰত আছে লাক্স ষ্টাইল বঁটাৰ বাবে তিনিটা মনোনয়ন।৪৫৬৭

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৮০ চনৰ ১৩ অক্টোবৰত লণ্ডনত জন্মগ্ৰহণ কৰা জামিল ৯ বছৰ বয়সত লাহোৰলৈ আহে। তেওঁ লাহোৰৰ কনভেণ্ট অৱ জিছুছ এণ্ড মেৰী স্কুলত পঢ়িছিল।৮ তেওঁ সাহিত্যত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।৯

জামিলে আমেৰিকাৰ হেম্পশ্বাৰ কলেজত নাটক আৰু সৃষ্টিশীল লেখাত স্নাতক ডিগ্ৰী লাভ কৰে।১০ এলেগেনী কলেজতো তেওঁ অধ্যয়ন কৰিছিল ৷ লণ্ডনৰ গ্ল’ব থিয়েটাৰত তেওঁ আন্তঃৰাষ্ট্ৰীয় ফেল’শ্বিপ সম্পূৰ্ণ কৰে।

কৰ্মজীৱন

জামিল যোৱা দুটা দশক ধৰি এগৰাকী পাকিস্তানী অভিনেত্ৰী১১১২ আৰু অনুষ্ঠান-পৰিৱেশক। নবৈৰ দশকত জামিলে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।১৩

জামিল সুঞ্জন নগৰৰ ট্ৰাষ্টী। এইখন ৰাজা কাজিমৰ আৰ্থিকভাৱে বঞ্চিত ছোৱালীৰ বিদ্যালয়। তেওঁলোকৰ সৈতে আল-হামৰাত এটা নাট্য প্ৰকল্প পৰিবেশন কৰিছিল। ছোৱালীৰ শিক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰা প্ৰকল্প গাৰ্ল ৰাইজিঙৰ এম্বেছাদৰ হিচাপেও তেওঁ কাম কৰে। নাট্য আৰু নাটকৰ অধ্যাপনা কৰা নাদিয়াই অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ আৰু আইচিছন, কিডছ কেম্পাছৰ দৰে প্ৰতিষ্ঠানৰ সৈতে কেইটামান প্ৰকল্পত কাম কৰি আছে।

ব্যক্তিগত জীৱন

আলী পাৰভাইজৰ সৈতে তেওঁৰ বিবাহ হয় আৰু তেওঁৰ দুজন পুত্ৰ ৰাকাই আৰু মিৰ ৱালি৷১৪

২০২০ চনৰ এপ্ৰিল মাহত জামিলৰ ষ্টেজ ১ স্তন কেন্সাৰ/গ্ৰেড ৩ টিউমাৰ ধৰা পৰে।[১৫১৬পৰৱৰ্তী সময়ত তেওঁৰ সফল অস্ত্ৰোপচাৰ কৰা হয়১৭ আৰু আগষ্ট মাহত তেওঁ সংকটৰ পৰা আঁতৰি যায়।১৮

তথ্যসূত্ৰ

  1. ↑ (25 May 2014). Nadia Jamil and Sania Saeed team up after 15 years - The Express Tribune
  2. ↑ (23 August 2017). Nadia Jamil allegedly refused service at Italian restaurant in UK - The Express Tribune
  3. ↑ Nadia Jamil is coming back to silver screen in a major role. Daily Pakistan Global
  4. ↑ (10 February 2016). Nadia Jamil on teaching voice modulation to 'Balu Mahi' actors. The Express Tribune
  5. ↑ Nadia Jamil is training Balu Mahi’s cast. www.thenews.com.pk
  6. ↑ Nadia Jamil: I love everything about Indian cinema - Times of India. The Times of India
  7. ↑ (22 March 2012). Review: The promising 'Durre-Shehwar'. DAWN.COM
  8. ↑ (31 October 2019). Nadia Jamil Reveals How Maryam Nawaz Used to Bully Her (Video). Lens
  9. ↑ Nadia Jamil. Pakistani.PK
  10. ↑ The Tribune, Chandigarh, India - Chandigarh Stories. www.tribuneindia.com
  11. ↑ Nadia Jamil speaks out about childhood abuse · SAMAA. Samaa TV
  12. ↑ (14 January 2018). I was four the first time I was sexually abused: Nadia Jamil. The Express Tribune
  13. ↑ Bollywood Movie Actress Nadia Jamil Biography, News, Photos, Videos. nettv4u
  14. ↑ Interview: Nadia Jamil. Newsline
  15. ↑ Nadia Jamil diagnosed with breast cancer
  16. ↑ (3 April 2020). Nadia Jamil diagnosed with breast cancer, grade 3 tumour. The Express Tribune
  17. ↑ Images Staff. (5 April 2020). Nadia Jamil is recovering well post breast cancer surgery. Images
  18. ↑ (13 September 2020). Years behind bars worse than a minute ending with death: Nadia Jamil. The Express Tribune

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ মহিলা অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাদিয়া জামিল” প্ৰবন্ধৰ সংশোধন ৫৭২২৭৫ (২৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।