নাছৰোলা এণ্টেজাম (Nasrollah Entezam) পাৰ্চী ভাষাত নাছৰ-আল্লাহ এণ্টেজাম। (জন্ম,১৬ ফেব্ৰুৱাৰী ১৯০০ – মৃত্যু,১৯ ডিচেম্বৰ ১৯৮০) আছিল এগৰাকী কূটনীতিবিদ, ৰাজনীতিবিদ আৰু ইৰানৰ মন্ত্ৰী। তেওঁ আমেৰিকা আৰু ফ্ৰান্সত ইৰাণৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২ ১৯৪৭ চনৰপৰা ১৯৫০ চনলৈকে ৰাষ্ট্ৰসংঘত ইৰাণৰ প্ৰথম ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৫০ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পঞ্চম অধিৱেশনৰ সময়ত সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৩
জীৱনী
প্ৰাৰম্ভিক জীৱন
১৯০০ চনৰ ১৬ ফেব্ৰুৱাৰীত ইৰাণৰ তেহৰাণত কাজাৰী পৰিয়ালত নাছৰোলা এণ্টেজামৰ জন্ম হৈছিল।১ তেওঁৰ পিতৃ আল-ছালতানা এণ্টেজাম আৰু ডাঙৰ ভাতৃ আব্দুল্লা এণ্টেজামো কূটনীতিবিদ আৰু ৰাজনীতিবিদ আছিল আৰু তেওঁৰ ককাদেউতাক নাছেৰ আল-দিন শ্বাহ কাজাৰৰ অধীনত শৃংখলা মন্ত্ৰী আছিল ২৪ তেওঁৰ মাতৃ খোৰ্ছিদ লাকা গাফ্ফাৰী কাছানৰ গাফ্ফৰী পৰিয়ালৰ বংশধৰৰ আছিল। ৫ নাছৰোলা আৰু তেওঁৰ ভাতৃ দুয়োজনে তেহৰাণৰ জাৰ্মান এম্বেচি স্কুলত অধ্যয়ন কৰিছিল ৬ ইয়াৰ পিছত এণ্টেজামে তেহৰাণ বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান আৰু পেৰিছ বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰে। ১৪৭
কৰ্মজীৱন
১৯১৮ চনত প্ৰথম বিশ্বযুদ্ধৰ পিছত এণ্টেজামে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ত যোগদান কৰে আৰু ১৯২৬ চনৰপৰা ১৯২৯ চনৰ ভিতৰত পেৰিছ, ৱাৰ্ছ, বাৰ্ন আৰু লণ্ডনত ইৰাণৰ কূটনৈতিক দূতাবাসসমূহৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে ১২৮ ১৯৩৩ চনত লণ্ডনত অনুষ্ঠিত হোৱা বিশ্ব অৰ্থনৈতিক সন্মিলনত ইৰাণ চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল আৰু ১৯৩৪ চনৰপৰা ১৯৩৮ চনৰ ভিতৰত বাৰ্নত ইৰাণৰ চাৰ্জ ডি এফেয়াৰ্ছ আৰু ইৰাণৰ প্ৰতিনিধি দলৰ উপ-মুৰব্বী আছিল।[ ২১ ১৯৩২-১৯৩৩ চনত এংলো-পাৰ্চিয়ান অইল কোম্পানী বিবাদৰ সময়ত এণ্টেজামে ইৰাণৰ প্ৰতিনিধি দলৰ সম্পাদক হিচাপে কাম কৰিছিল আৰু আলী-আকবৰ দাভাৰ আৰু হোছেইন আলা'ৰ সৈতে জেনেভালৈ গৈ ইৰাণৰ গোচৰ জাতিসংঘত দাখিল কৰিছিল।২৬ ১৯৩৮ চনত এণ্টেজামে বাৰ্ন এৰি তেহৰাণলৈ উভতি যায় আৰু চাৰি বছৰ ধৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ ৰাজনৈতিক বিভাগৰ সঞ্চালক আছিল ২১
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইৰাণ দখল কৰাৰ সময়ত এণ্টেজামে জনস্বাস্থ্য মন্ত্ৰী, ডাক আৰু টেলিগ্ৰাফ মন্ত্ৰী, পথ মন্ত্ৰী আৰু ১৯৪৪-১৯৪৫ চনত প্ৰধানমন্ত্ৰী বায়াতৰ অধীনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আদি কেইবাটাও পদত কাৰ্যনিৰ্বাহ কৰিছিল। ২১৪ ১৯৪১ চনৰ ছেপ্টেম্বৰ মাহত ৰেজা শ্বাহ পাহলৱীয়ে পদত্যাগ কৰাৰ পাছত ১৯৪২ চনৰ মাৰ্চ মাহত মহম্মদ আলী ফ'ৰ'ঘিক আদালত মন্ত্ৰী হিচাপে নিযুক্তি পোৱালৈকে নাছৰোলা "আদালতৰ সম্পূৰ্ণ দায়িত্বত" আছিল আৰু মহম্মদ ৰেজা শ্বাহ পাহলৱীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল। ৬ ১৯৪২ চনত ইম্পেৰিয়েল পেলেচত গ্ৰেণ্ড মাষ্টাৰ অৱ চেৰেমনি হিচাপেও নিযুক্তি লাভ কৰে। ৯১০ "যুদ্ধৰ পিছতো তেওঁ বৈদেশিক পৰিক্ৰমাত নিজৰ কাম অব্যাহত ৰাখিছিল। ১৯৪৫ চনৰ ছান ফ্ৰান্সিস্কো সন্মিলনত ইৰাণক প্ৰতিনিধিত্ব কৰিছিল। এইখন সন্মিলনে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰিছিল আৰু ১৯৪৬ চনত সাধাৰণ পৰিষদৰ প্ৰথম অধিৱেশনত অংশগ্ৰহণ কৰিছিল।২১১১ ১৯৪৭ চনত তেওঁ ৰাষ্ট্ৰসংঘত ইৰাণৰ স্থায়ী প্ৰতিনিধি হয় আৰু ৰাষ্ট্ৰসংঘৰ পেলেষ্টাইন সম্পৰ্কীয় বিশেষ সমিতিত যোগদান কৰে, ১২ আৰু ১৯৪৯ চনত তেওঁ সাধাৰণ পৰিষদৰ বিশেষ ৰাজনৈতিক সমিতিৰ অধ্যক্ষ হিচাপে "সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰে।" ১২ ৰাষ্ট্ৰসংঘৰ স্থায়ী মুখ্য কাৰ্যালয়ৰ অৱস্থানৰ বিষয়েও তেওঁ এখন উপশমিতিৰ অধ্যক্ষতা কৰিছিল আৰু ১৯৪৯ চনত তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতি পদৰ প্ৰাৰম্ভিক প্ৰাৰ্থীসকলৰ ভিতৰত অন্যতম আছিল।১২ শেষত "এছিয়াৰ ঐক্যৰ স্বাৰ্থত" তেওঁ ফিলিপাইনছৰ কাৰ্লোছ পি ৰোমুলোৰ সপক্ষে নিৰ্বাচনৰপৰা আঁতৰি যায়। ১

১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ তৃতীয় অধিৱেশনৰ সময়ত তেওঁ ৰাষ্ট্ৰসংঘৰ ট্ৰাষ্টীশ্বিপ কাউন্সিল আৰু পদ্ধতিৰ বিশেষ সমিতিৰ অধ্যক্ষ আছিল। ৩২১
শেষৰ সময় আৰু মৃত্যু
১৯৬০ চনৰ শেষৰফালে তথা ১৯৭০ চনৰ আৰম্ভণিতে ২ এণ্টেজামে অৱসৰ গ্ৰহণ কৰে যদিও কিছু পৰিমাণে শ্বাহৰ সেৱা কৰি থাকিল। তেওঁৰ শেষৰটো কাম আছিল আমেৰিকাৰ দ্বিশতবাৰ্ষিকী উদ্যাপনৰ অধ্যক্ষ আৰু ৰাস্তাফেৰিয়ান পাৰ্টিৰ সহ-অধ্যক্ষ হিচাপে। কেইবাবছৰ পাছত ইছলামিক বিপ্লৱৰ পিছত চুইজাৰলেণ্ডত হাঁপানীৰ চিকিৎসা গ্ৰহণ কৰি ইৰাণলৈ উভতি আহিছিল; যদিও পৰিয়ালে তেওঁক বিদেশত থাকিবলৈ আহ্বান জনাইছিল।৪ চুইজাল’লেণ্ডৰপৰা মেহৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰন কৰা লগে লগেই তেওঁক জব্দ কৰা হয় আৰু "ৰাজনৈতিক অভিযোগত" গ্ৰেপ্তাৰ কৰা হয়। ২৪ তেওঁক ইভিন কাৰাগাৰত ৰখা হৈছিল, য'ত তেওঁক অত্যাচাৰ কৰা হৈছিল আৰু পিছলৈ ষ্ট্ৰোক হৈছিল, যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।৪২ ইয়াৰ কিছুসময়ৰ পাছতে ১৯৮০ চনৰ ১৯ ডিচেম্বৰত এণ্টেজামৰ মৃত্যু হয়; কিন্তু তেহৰাণত তেওঁৰ মৃত্যু ক'ত হৈছিল সেই সম্পৰ্কে উৎসসমূহৰ মাজত পাৰ্থক্য আছে। উৎসৱোৰ বেলেগ যেনে তেওঁৰ নিজৰ ঘৰত, ভগ্নীৰ ঘৰত, কাৰাগাৰত বা চিকিৎসালয়ত। তেওঁক বেহেষ্ট-ই-জাহৰাত সমাধিস্থ কৰা হৈছে। ১৪৯
তথ্যৰ উৎস
- ghaffaris.com - Family website
তথ্যসূত্ৰ
- ↑ Tucker, Spencer C. The Encyclopedia of the Korean War: A Political, Social, and Military History, 2nd Edition (3 Volumes): A Political, Social, and Military History
- ↑ Berridge, G.; James, Alan; Lloyd, Lorna. The Palgrave Macmillan Dictionary of Diplomacy
- ↑ Christian E. Burckel. Who's who in the United Nations: Volume 1. পৃ. 140
- ↑ Surasrafil, Behrooz. (2021-03-02). ریاست یک ایرانی بر مجمع عمومی سازمان ملل متحد. VOA News
- ↑ (n.d.). About. Ghaffaris.com
- ↑ (2011). ENTEẒĀM, ʿABD-ALLĀH and NAṢR-ALLĀH. Encyclopaedia Iranica
- ↑ Imseis, Ardi. (2018). The United Nations and the question of Palestine: A study in international legal subalternity. University of Cambridge
- ↑ (n.d.). Nasrollah Entezam (Iran). United Nations
- ↑ (1981-02-13). Nasrollah Entezam. The San Francisco Examiner
- ↑ (1950-10-02). International: The Nichevo Line. Time
- ↑ (2016-10-20). UNIC, UNHCR, UNODC, UN-HABITAT, UNIDO, UNDP and IOM were set up and enthusiastically managed by the UN communications team. AVA Diplomatic
- ↑ Ben-Dror, Elad. (2022). UNSCOP and the Arab-Israeli Conflict: The Road to Partition. Routledge. ISBN 978-1032059631
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাছৰোলা এণ্টেজাম” প্ৰবন্ধৰ সংশোধন ৬০৮৭৭৮ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।