জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কামিলা শামসী
কামিলা শামসী (Kamila Shamsie; জন্ম: ১৩ আগষ্ট, ১৯৭৩) ‘দ্য ৰয়েল চ’ছাইটি অৱ লিটাৰেচাৰ’ৰ এগৰাকী সহযোগী।তেওঁ জন্মসূত্ৰে পাকিস্তানী এগৰাকী ব্ৰিটিছ লেখক তথা ঔপন্যাসিক যাক তেওঁৰ বঁটা প্ৰাপ্ত উপন্যাস হ’ম ফায়াৰৰ বাবে জনা যায়।
-
কাম্যা পাঞ্জাবী
কাম্যা পাঞ্জাবী, লগতে কাম্যা শলভ ডাং (জন্ম: ১৩ আগষ্ট ১৯৭৯) হিচাপেও পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ কেইবাখনো হিন্দী টেলিভিছন ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত। ২০১৩ চনত কালাৰ্ছ টিভিৰ ৰিয়েলিটী শ্ব' বিগ বছ ৭ত অংশগ্ৰহণৰ বাবেও তেওঁ জনপ্ৰিয়।
-
কায়া চক্ৰৱৰ্তী
কায়া চক্ৰৱৰ্তী (ইংৰাজী: Kaya Chakrabortty; জাপানী: チャクラボルティ雅, Hepburn: Chakuraboruti Kaya; জন্ম: ৬ আগষ্ট, ২০০১) এগৰাকী জাপানী সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০২৪ চনৰ মিছ ইউনিভাৰ্চ জাপান খিতাপ জয় কৰিছিল।
-
কায়ান
অম্বিকা নায়ক, যি পেশাগতভাৱে কায়ান নামে পৰিচিত, এগৰাকী ভাৰতীয় সংগীতশিল্পী, গায়িকা আৰু ডিজে। তেওঁৰ মঞ্চনাম "কায়ান" হৈছে তেওঁৰ উপনাম "নায়ক"ৰ বিপৰীত আকাৰ। লগতে, তেওঁ কিমোচি ইয়ৌকাই গোটৰ সদস্য আৰু নিৰ্মিত শ্বাহৰ সৈতে নাথিং এন'নিমাছ নামৰ ইলেক্ট্ৰনিক সংগীতযুটিৰ অংশ।
-
কায়ৰা দত্ত
কায়ৰা দত্ত (ইংৰাজী: Kyra Dutt) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১৩ চনৰ বিখ্যাত কিংফিচাৰ কেলেণ্ডাৰৰ এগৰাকী মডেল আছিল। তেওঁ দেৱী দত্ত নামেৰেও পৰিচিত।
-
কালামান্দালাম গিৰিজা
কালামান্দালাম গিৰিজা এগৰাকী ভাৰতীয় কুটিয়ত্তম নৃত্যশিল্পী]। তেখেতক নাট্যকালাসৰ্বভৱমেন গুৰু পেইনকুলাম ৰামা চকিয়ৰ প্ৰশিক্ষণ দিছিল, যিয়ে ভাৰতীয় সংস্কৃত থিয়েটাৰ তথা নৃত্যৰ এই ধৰাৰ নবজাগৰণত মূল ভূমিকা পালন কৰিছিল।
-
কালাৱতী দেৱী
কালাৱতী দেৱী (: Kalavati Devi; জন্ম প্ৰায় ১৯৬৫) কানপুৰত শৌচাগাৰ নিৰ্মাতা হৈ পৰা এগৰাকী ভাৰতীয় ৰাজমিস্ত্ৰী।তেওঁ নিজৰ সমুদায়ত ৫০ আসনৰ শৌচালয় স্থাপন কৰি পৰিৱৰ্তন আনিছিল আৰু তাৰ পাছত আন সমুদায়সমূহলৈ আগবাঢ়িছিল। বিশেষকৈ মহিলা আৰু শিশুৰ বাবে অঞ্চলটো উন্নত কৰি ৪ হাজাৰটা শৌচাগাৰ নিৰ্মাণত সহায় কৰিছে।
-
কালী (চিত্ৰশিল্পী)
কালী ( Kali) (১৮ ডিচেম্বৰ, ১৯১৮ – ২০ জুন, ১৯৯৮) পোলেণ্ডত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান চিত্ৰশিল্পী আছিল আৰু তেওঁৰ ষ্টাইলাইজড প্ৰতিকৃতিৰ বাবে পৰিচিত আছিল। তেওঁক পোলেণ্ডৰ অন্যতম গুৰুত্বপূৰ্ণ মহিলা চিত্ৰশিল্পী হিচাপে বৰ্ণনা কৰা হৈছে।
-
কালীকৃষ্ণ মিত্ৰ
কালীকৃষ্ণ মিত্ৰ (Kalikrishna Mitra; ১৮২২ – ২ আগষ্ট ১৮৯১) আছিল এগৰাকী ভাৰতীয় সমাজহিতৈষী, শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁ ভাৰতৰ প্ৰথমখন বেচৰকাৰী বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।
-
কাল্বকুন্তল কবিতা
কাল্বকুন্তলা কবিতা (Kalvakuntla Kavitha, জন্ম: ১৩ মাৰ্চ ১৯৭৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২০ চনৰ পৰা নিজামাবাদৰ বিধান পৰিষদত কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ভাৰত ৰাষ্ট্ৰ সমিতি দলৰ সদস্য।
-
কাশিকা কাপুৰ
কাশিকা কাপুৰ (ইংৰাজী: Kashika Kapoor; জন্ম: ১৮ ফেব্ৰুৱাৰী ২০০৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বলিউড আৰু তেলুগু চিনেমাৰ লগতে মিউজিক ভিডিঅ'তো কাম কৰাৰ বাবে পৰিচিত।
-
কাশ্মীৰা ইৰানী
কাশ্মীৰা ইৰানী (ইংৰাজী: Kashmira Irani) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, দূৰদৰ্শন আৰু থিয়েটাৰ অভিনেত্ৰী। তেওঁ আম্বৰ ধাৰাত আম্বৰ, ধৰ্মক্ষেত্ৰত দ্ৰৌপদী, দোস্তী... য়াৰিয়াঁ... মনমৰ্জিয়াঁত ছমাইৰা খান্না আৰু জাংগুৰাত ৰাজকুমাৰী সোণালীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
কাশ্মীৰা কাকতি
কাশ্মীৰা কাকতি (Kashmira Kakati) হ'ল ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চলত কাম কৰা এগৰাকী বন্যপ্ৰাণী জীৱবিজ্ঞানী আৰু পৰিৱেশ কৰ্মী। ২০১০ চনত তেওঁ অসমৰ জয়পুৰ-দিহিং অভয়াৰণ্যত মেকুৰী পৰিয়ালৰ অন্তৰ্গত সাতবিধ প্ৰজাতিৰ মেকুৰীজাতীয় প্ৰাণীৰ উপস্থিতি আৱিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছিল।
-
কাশ্মীৰা পৰদেশী
কাশ্মীৰা পৰদেশী এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত কাম কৰে। তেওঁ নৰ্তনশালা (২০১৮) ছবিৰ জৰিয়তে তেলুগু চলচ্চিত্ৰত, শিৱপ্পু মঞ্জেল পাচৈ (২০১৯) যোগে তামিলত আৰু মিছন মংগল (২০১৯) ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।
-
কাৰমেন মাকী
কাৰমেন মাকী (ইংৰাজী: Carmen Maki; ১৮ মে’, ১৯৫১) এগৰাকী জাপানী গায়িকা আৰু গীতিকাৰ৷ তেওঁ কৰ্মজীৱনৰ পাঁচ বছৰতকৈও অধিক কাল লোক-সংগীতৰ চৰ্চা কৰি আহিছে। ১৯৬৯ চনত জনপ্ৰিয়তা লাভ কৰা একক এলবাম "টকি নি ৱা হাহা নো নাই কো নো য়নি"ৰ জৰিয়তে লোক গায়ক হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত, তেওঁ দ্ৰুতগতিত ৰক সংগীত গাবলৈ…
-
কাৰুৱাকী
কাৰুৱাকী বা চাৰুৱাকী আছিল মৌৰ্য সম্ৰাট অশোকৰ পত্নী।
-
কাৰ্তিকা থিৰুণাল লক্ষ্মী বাই
মহাৰাণী কাৰ্তিকা থিৰুণাল লক্ষ্মী বাই (Karthika Thirunal Lakshmi Bayi; ১৯১৬-২০০৮) আছিল ট্ৰাভাংকুৰৰ শেষ শাসক মহাৰাজ শ্ৰী চিথিৰা থিৰুণাল বালাৰামা বৰ্মা আৰু তেওঁৰ উত্তৰাধিকাৰী শ্ৰী উথ্ৰাডম থিৰুণাল মাৰ্থাণ্ডা বৰ্মাৰ একমাত্ৰ ভগ্নী।
-
কাৰ্তিকা নায়ৰ
কাৰ্তিকা নায়ৰ ( Karthika Nair; জন্ম: ২৭ জুন, ১৯৯২) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ দক্ষিণ ভাৰতৰ সকলো ভাষাৰ চলচ্চিত্ৰত কাম কৰিছিল। ২০০৯ চনত নাগা চৈতন্যৰ সৈতে তেলেগু বোলছবি জোছত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল।
-
কাৰ্পাগা
কাৰ্পাগা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল চলচ্চিত্ৰ পাল-ৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। তেওঁ ভাৰতত মূলধাৰাৰ চলচ্চিত্ৰত মুখ্য ভূমিকাত অভিনয় কৰা প্ৰথমগৰাকী ট্ৰান্সজেণ্ডাৰ ব্যক্তি।
-
কাৰ্বন ম'বাইল
কাৰ্বন (কাৰ্বন ম'বাইল নামে পৰিচিত) হৈছে এটা ভাৰতীয় বহুজাতিক প্ৰযুক্তি কোম্পানী, যিয়ে ফিচাৰ ফোন, স্মাৰ্টফোন, টেবলেট আৰু ম'বাইল ফোন এক্সেছৰী নিৰ্মাণ কৰে। এই কোম্পানীটো মাৰ্চ ২০০৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় দিল্লী, ভাৰতত অৱস্থিত। কাৰ্বন হৈছে United Telelinks Ltd.
-
কাৰ্মেন মৰী
কাৰ্মেন কাষ্ট্ৰো মৰী ( Carmen Castro Mory; ২ জুলাই ১৯০৬ – ৯ এপ্ৰিল ১৯৪৭) আছিল ৰেভেনছব্ৰুক কনচেনট্ৰেচন কেম্পত নাজী জাৰ্মানী আৰু কাপোৰ চুইজাৰলেণ্ডৰ চোৰাংচোৱা। ১৯৪৭ চনত হামবাৰ্গ ৰেভেন্সব্ৰুক বিচাৰত তেওঁক মৃত্যুদণ্ড দিয়া হৈছিল।
-
কাৰ্ল ৰজাৰ্ছ
কাৰ্ল ৰেনচম ৰজাৰ্ছ (ইংৰাজীঃ Carl Ransom Rogers; 8 জানুৱাৰী 1902-4 ফেব্ৰুৱাৰি 1987) এজন আমেৰিকান মনোবিজ্ঞানী আছিল যি মানৱতাবাদী মনোবিজ্ঞান অন্যতম প্ৰতিষ্ঠাপক আছিল আৰু বিশেষকৈ তেওঁৰ ব্যক্তি-কেন্দ্ৰিক মনোচিকিৎসা বাবে জনাজাত আছিল।
-
কাৰ্লা বাৰ্বাৰ
কাৰ্লা বাৰ্বাৰ গাৰ্চিয়া (ইংৰাজী: Carla Barber Garcia; জন্ম: ১৮ মে' ১৯৯০) এগৰাকী স্পেনিছ চিকিৎসক, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ স্পেইন ২০১৫ আৰু মিছ ৱৰ্ল্ড স্পেইন ২০১১ৰ মুকুট লাভ কৰিছিল।
-
কিকুক' চুমুৰা
কিকুক' চুমুৰা (津村 記久子, Tsumura Kikuko) অ’ছাকাৰ এগৰাকী জাপানী লেখক। তেওঁ তেওঁৰ সাহিত্য কৰ্মৰ বাবে আকুটাগৱা প্ৰাইজ, দ্য নমা লিটাৰেৰী নিউ ফেচ প্ৰাইজ, দ্য ডাযাই অ’ছামু প্ৰাইজ, দ্য কাৱাবটা য়েচুনেৰি প্ৰাইজ আৰু অ’ডা চাকুন’চুকে প্ৰাইজকে ধৰি বহুসংখ্যক জাপানী সাহিত্য বঁটা লাভ কৰিছে।
-
কিঞ্জল ডেভ
কিঞ্জল ডেভ ( Kinjal Dave; জন্ম: ২৪ নৱেম্বৰ ১৯৯৮) গুজৰাটী সংগীত জগতৰ কৰ্মৰাজিৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় গায়িকা। কিঞ্জলে কম বয়সতে গান গাবলৈ আৰম্ভ কৰে আৰু ২০১৭ চনত তেওঁৰ হিট গীত "চৰ বাংদী ৱলী গাদী"ৰ জৰিয়তে খ্যাতি অৰ্জন কৰে।
-
কিটু গিদৱানী
কিটু গিদৱানী বা কৌশল্যা কিটু গিদৱানী ( Kitu Gidwani) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। কেইবাখনো ভাৰতীয় কথাছবিত অভিনয় কৰাৰ উপৰি তেওঁ টেলিভিছনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে। টিভি ধাৰাবাহিক স্বাভিমানত কিটুৱে স্বেতলানাৰ চৰিত্ৰত অভিনয় কৰিছিল যাৰ দ্বাৰা তেওঁ দৰ্শকৰ ওচৰত পৰিচিত হৈ আনিছিল।
-
কিট্টি অ’নীল
কিট্টি লিন অ’নীল ( Kitty Linn O'Neil; ২৪ মাৰ্চ ১৯৪৬- ২ নবেম্বৰ ২০১৮) এগৰাকী আমেৰিকান ষ্টাণ্টৱুমেন আৰু অটো ৰেচাৰ আছিল। বিভিন্ন স্পীড ৰেকৰ্ডৰ বাবে তেওঁক পৃথিৱীৰ সবাতোকৈ বেগী মহিলা বুলি প্ৰায়ে উল্লেখ কৰা হৈছিল। ২০১৯ চনলৈ তেওঁৰ মহিলা স্পীড ৰেকৰ্ড কোনেও ভংগ কৰিব পৰা নাছিল।
-
কিট্টি শিৱা ৰাও
কিট্টি শিৱা ৰাও (ইংৰাজী: Kitty Shiva Rao; জন্ম: ১২ ডিচেম্বৰ ১৯০৩ – মৃত্যু: ৯ ফেব্ৰুৱাৰী ১৯৮০) অষ্ট্ৰিয়াৰ এগৰাকী মণ্টেছৰী শিক্ষয়িত্ৰী আৰু থিয়'ছফিষ্ট আছিল, যিয়ে ভাৰতৰ স্বাধীনতাৰ সময়ছোৱাত মহিলাৰ এখন সমিতিৰ নেতৃত্ব দি ভাৰতৰ নতুন সংবিধানৰ বাবে ভাৰতীয় মহিলাৰ অধিকাৰ আৰু কৰ্তব্যসমূহৰ এক চনদৰ খচৰা…
-
কিম ইউ-জুং
কিম ইউ-জুং (কোৰিয়ান: 김유정; জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৯৯) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ চাৰিবছৰ বয়সত মিঠাইৰ এটা বিজ্ঞাপনযোগে মডেল হিচাপে আত্মপ্ৰকাশ কৰিছিল। ২০০৩ চনত অভিনয় আৰম্ভ কৰাৰ পিছত তেওঁ কোৰিয়াৰ আটাইতকৈ জনপ্ৰিয় শিশুৰ অভিনেত্ৰীৰ অন্যতম হৈ উঠে।
-
কিম কাৰ্ডাশ্বিয়ান
কিম্বাৰ্লি নোয়েল কাৰ্ডাশ্বিয়ান (জন্ম অক্টোবৰ ২১, ১৯৮০) এগৰাকী আমেৰিকান মিডিয়া ব্যক্তিত্ব, সোচিয়েলাইট আৰু ব্যৱসায়িনী। ২০০৭ চনত আমেৰিকান গায়ক ৰে জে'ৰ সৈতে তেওঁৰ এটা যৌন ভিডিঅ' অননুমোদিতভাৱে প্ৰকাশ পোৱাৰ পিছত তেওঁ প্ৰথমে গণমাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে।