কালীকৃষ্ণ মিত্ৰ (Kalikrishna Mitra; ১৮২২ – ২ আগষ্ট ১৮৯১) আছিল এগৰাকী ভাৰতীয় সমাজহিতৈষী, শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁ ভাৰতৰ প্ৰথমখন বেচৰকাৰী বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।১
প্ৰাৰম্ভিক জীৱন
ব্ৰিটিছ ভাৰতৰ কলকাতাত শিৱনাৰায়ণ মিত্ৰৰ ঘৰত কালীকৃষ্ণ মিত্ৰৰ জন্ম হৈছিল। কলিকতাস্থিত হেয়াৰ স্কুলৰ পৰা উত্তীৰ্ণ হৈ তেওঁ প্ৰেচিডেন্সি কলেজত ভৰ্তি হয় যদিও আৰ্থিক দূৰৱস্থাৰ বাবে পঢ়া-শুনা এৰি বৰ্তমানৰ উত্তৰ ২৪ পৰগনা জিলাৰ বাৰাসতত অৱস্থিত মোমায়েকৰ ঘৰতে থাকিবলগীয়া হয়। তেওঁৰ ককায়েক, নবীনকৃষ্ণ মিত্ৰ এগৰাকী প্ৰখ্যাত চিকিৎসক আছিল।২১
অৱদান
মিত্ৰই প্ৰগতিশীল শিক্ষা আন্দোলন আৰু প্ৰধানকৈ বংগত কিছু সমাজ সংস্কাৰৰ সৈতে জড়িত কেইবাটাও কামৰ লগত জড়িত হৈ পৰিছিল। ১৮৪৭ চনত তেওঁ ককায়েক নবীনকৃষ্ণ আৰু শিক্ষাবিদ প্যাৰীচৰণ সৰকাৰৰ সহযোগিতাত বাৰাসতত এখন ব্যক্তিগত খণ্ডৰ বালিকা বিদ্যালয় স্থাপন কৰে।৩ এইখনেই আছিল অভিজাত হিন্দু পৰিয়ালৰ ছোৱালীৰ বাবে কোনো ভাৰতীয়ই প্ৰতিষ্ঠা কৰা প্ৰথমখন বিদ্যালয়।৪ প্ৰথম অৱস্থাত মাত্ৰ দুগৰাকী ছোৱালীৰ সৈতে বিদ্যালয়খন আৰম্ভ কৰা হৈছিল। তাৰে ভিতৰত অন্যতম এগৰাকী আছিল নবীনকৃষ্ণৰ কন্যা কুন্তীবালা। যদিও তাহানিৰ হিন্দু জমিদাৰ আৰু ৰক্ষণশীল সমাজে এনে কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰিছিল কিন্তু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰুজন ইলিয়ট ড্ৰিংকৱাটাৰ বেথুনে বংগত নাৰী শিক্ষাৰ বাবে মিত্ৰৰ এই প্ৰচেষ্টাক প্ৰচুৰ সমৰ্থন কৰিছিল।৫ পিছলৈ বিদ্যালয়খনৰ নাম সলনি কৰি কালীকৃষ্ণ বালিকা হাইস্কুল ৰখা হয়। আনকি বেথুনেও ১৮৪৯ চনত, বেথুন স্কুল স্থাপনৰ প্ৰেৰণা পাইছিল, যেতিয়া তেওঁ শিক্ষা পৰিষদৰ সভাপতি হিচাপে পৰিদৰ্শনৰ বাবে তালৈ গৈছিল।৬ মিত্ৰই বাৰাসতত বৈজ্ঞানিক কৃষি, বৃক্ষৰোপণ আৰু গৱেষণাৰ বাবে ১৫০ বিঘাৰ এটি কৃষি প্ৰতিষ্ঠান গঢ়ি তুলিছিল। ইয়াৰ বাবে তেওঁ ইংলেণ্ডৰ পৰা আধুনিক সা-সৰঞ্জাম আনিছিল। তেওঁ হোমিঅ’পেথি ঔষধৰ প্ৰসাৰতো অৰিহণা যোগাইছিল।১৭
সাহিত্যিক ৰচনা
ইংৰাজী সাহিত্য, দৰ্শন, যোগ, ইতিহাস আৰু বিজ্ঞান সম্পৰ্কে মিত্ৰৰ জ্ঞান আছিল। তেওঁ বাংলা আৰু ইংৰাজী আলোচনীত বিভিন্ন প্ৰবন্ধ প্ৰকাশ কৰিছিল। মিত্ৰই ৰচনা কৰা গ্ৰন্থসমূহ হʼল:৮
- বামা চিকিৎসা
- গাৰ্হস্থ্যব্যবস্থা ও শিশু চিকিৎসা
- পশু চিকিৎসা
তথ্যসূত্ৰ
- ↑ Vol II, Anjali Basu. (2004). Sansad Bangali Charitabhidhan. Sahitya Sansad. পৃ. 78. ISBN 81-86806-99-7
- ↑ Mitra, Subal Chandra. Chapter 15. Isvar Chandra Vidyasagar, a story of his life and work
- ↑ Barasat Government College
- ↑ Chiranjit Roy. Madanmohan Tarkalankar and Women Education in the First Half of 19th Century Bengal
- ↑ Ishvarchandra Vidyasagar. (22 November 2011). Hindu Widow Marriage. Columbia University Press. ISBN 9780231526609
- ↑ Bagal, Jogesh C., History of The Bethune School and College in the Bethune School and College Centenary Volume, 1849–1949.
- ↑ Projit Bihari Mukharji. (2011). Nationalizing the Body: The Medical Market, Print and Daktari Medicine. Anthem Press. ISBN 9780857289353
- ↑ Mitra, Kalikrishna. (1896). Garhasthya-byabastha O Shishu Chikitsa
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালীকৃষ্ণ মিত্ৰ” প্ৰবন্ধৰ সংশোধন ৬২১৮৮৮ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।