কাৰুৱাকী১ বা চাৰুৱাকী আছিল মৌৰ্য সম্ৰাট অশোকৰ পত্নী।
চমু জীৱনী
ইতিহাসবিদ এম. এন. দাসৰ মতে কাৰুবাকী বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি নন হৈ পৰা এজন মাছমৰীয়াৰ কন্যা আছিল। মৌৰ্য সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁক বিয়া কৰাইছিল।২ কাৰুৱাকীয়ে অশোকক ধৰ্মৰ পথত পৰিচালিত কৰিলে। ধৰ্মীয় হোৱাৰ সমান্তৰালকৈ কাৰুৱাকী দাতব্য ধ্যান-ধাৰণাৰ বাবেও বিখ্যাত আছিল।৩ এটা অশোক স্তম্ভত খোদিত কৰা এটা শিলালিপিত লিখা আছে যে অশোকে, কাৰুৱাকীৰ পৰামৰ্শ মতে নিজৰ জীৱনশৈলী সলনি কৰি জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল।২ এই শিলালিপিত কাৰুৱাকী ৰাজকুমাৰ তিবলৰ মাতৃ বুলি উল্লেখ কৰা হৈছে।৩৪৫৬৭ যিহেতু অশোকৰ কোনো এটা শিলালিপিতে তেওঁৰ আন পত্নী বা সন্তানৰ নাম উল্লেখ কৰা হোৱা নাই৮৯ কৰুবাকী আৰু তিবল সম্ৰাটৰ প্ৰিয় আছিল বুলি বিশ্বাস কৰা হয় যদিও সম্ভৱতঃ অশোকৰ আগতেই তিবালৰ মৃত্যু হৈছিল আৰু তেওঁৰ উত্তৰাধিকাৰী হ'ব পৰা নাছিল।১০১১
ৰাণীৰ শিলালিপি
আল্লাহাবাদৰ স্তম্ভত উৎকীৰ্ণ ৰাণীৰ শিলালিপিত কৰুবাকীৰ দানমূলক কৰ্মৰ কথা উল্লেখ আছে:১২১৩
দেৱতাসদৃশ প্ৰিয়জনৰ আদেশ অনুসাৰে সকলো ঠাইৰ কৰ্মচাৰীক নিৰ্দেশ দিয়া হ’ব যে, দ্বিতীয় ৰাণীয়ে যি দানেই কৰা হওক—জীৱন্ত আম বাগিচা, বিহাৰ, দান বিতৰণৰ প্ৰতিষ্ঠান বা আন কোনো দান—সেই সকলো দান দ্বিতীয় ৰাণীৰ কৃতিত্ব হিচাপে গণ্য কৰা হ’ব... দ্বিতীয় ৰাণী, তীবালাৰ মাতৃ, কৰুবাকী।১৪
জনপ্ৰিয় সংস্কৃতিত
- ২০০১ চনৰ বলিউড চলচ্চিত্ৰ ‘‘অশোক’’ত কৰুবাকীৰ ভূমিকাত কৰিণা কাপুৰে অভিনয় কৰিছিল।১৫
- ‘‘চক্ৰৱৰ্তী অশোক সম্ৰাট’’ নামৰ ২০১৫ চনৰ কালাৰ্ছ টিভিৰ ঐতিহাসিক নাট্যত সৌম্যা শেঠে কৰুবাকীৰ ভূমিকাত অভিনয় কৰে, আৰু কৈশোৰ অৱস্থাত কৰুবাকীৰ ৰূপত ৰীম শ্বেইখে অভিনয় কৰে।১৬
- ‘‘দ্য অশোকা ত্ৰয়ী’’ শৃংখলাৰ ‘‘দ্য প্ৰিন্স অৱ পাটলিপুত্ৰ’’ নামৰ গ্ৰন্থত তেওঁ মুখ্য চৰিত্ৰ ৰূপে উপস্থিত।
- কলিংগ সাহিত্য উৎসৱত কলিংগৰ বীৰ ৰাণী কৰুবাকীক সন্মান জনাবলৈ ‘‘কলিংগ কৰুবাকী বঁটা’’ স্থাপন কৰা হৈছে।১৭
- একতা কপূৰৰ ঐতিহাসিক নাট্য শৃংখলা ‘‘প্ৰচ্ছন্দ অশোক’’ত মাল্লিকা সিঙে কৰুবাকীৰ ভূমিকাত অভিনয় কৰিছে, যি কালাৰ্ছ টিভিত প্ৰচাৰিত।১৮
তথ্যসূত্ৰ
- ↑ (ছেপ্টেম্বৰ ৩, ২০১১). Play to depict Ashoka legend. দ্য টেলিগ্ৰাফ
- ↑ Imran Khan. (October 27, 2001). Aśoka stirs up the historians. Rediff
- ↑ Mukherjee, Hemchandra Raychaudhuri. (2005). Political history of ancient India: from the accession of Parikshit to the extinction of the Gupta dynasty. Oxford University Press. পৃ. 178, 310
- ↑ (1999). The Queen Edict. Buddha's World
- ↑ Thapar, Romila. (1973). Aśoka and the decline of the Mauryas. Oxford University Press. পৃ. 30
- ↑ (1934). The Cambridge Shorter History of India. Cambridge University Press Archive. পৃ. 53
- ↑ S. N. Sen. (1999). Ancient Indian History And Civilization. New Age International. পৃ. 151. ISBN 8122411983
- ↑ Gupta, Subhadra Sen. (2009). Ashoka. Penguin UK. ISBN 9788184758078
- ↑ University of Allahabad. Dept. of Modern Indian History, University of Kerala. Dept. of History, University of Travancore, University of Kerala. (1963). Journal of Indian History. Department of Modern Indian History. পৃ. 155
- ↑ Thapar, Romila. (1973). Aśoka and the decline of the Mauryas. Oxford University Press. পৃ. 185
- ↑ Arthur Smith, Vincent. (1998). Ashoka: The Buddhist Emperor of India. Asian Educational Services. পৃ. 220. ISBN 8120613031
- ↑ Bhandarkar 1925, পৃ. 336
- ↑ Smith 1920, পৃ. 215–219
- ↑ Thapar, Romila. (2012). Aśoka and the Decline of the Mauryas. Oxford University Press. পৃ. 388–390. ISBN 9780198077244
- ↑ Ashoka the Great (2001). IMDb
- ↑ Reem to play Ashoka's love interest. The Times of India
- ↑ Kalinga Lit Fest begins in city on June 10
- ↑ Adnan Khan and Mallika Singh to play leads in Ekta Kapoor's new historical drama series 'Pracchand Ashok'
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰুৱাকী” প্ৰবন্ধৰ সংশোধন ৬৩১১৬১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।