কিট্টি লিন অ’নীল ( Kitty Linn O'Neil; ২৪ মাৰ্চ ১৯৪৬- ২ নবেম্বৰ ২০১৮) এগৰাকী আমেৰিকান ষ্টাণ্টৱুমেন আৰু অটো ৰেচাৰ আছিল।১২ বিভিন্ন স্পীড ৰেকৰ্ডৰ বাবে তেওঁক পৃথিৱীৰ সবাতোকৈ বেগী মহিলা বুলি প্ৰায়ে উল্লেখ কৰা হৈছিল।৩৪ ২০১৯ চনলৈ তেওঁৰ মহিলা স্পীড ৰেকৰ্ড কোনেও ভংগ কৰিব পৰা নাছিল।
শৈশৱত হোৱা অসুখৰ বাবে তেওঁ শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলাইছিল। প্ৰাপ্তবয়স্ক অৱস্থাত হোৱা ৰোগে তেওঁৰ প্ৰতিযোগিতামূলক ডাইভিঙৰ কেৰিয়াৰ চুটি কৰি তাৰ পিছত অ'নীল কাৰ-ৰেচৰ ক্ষেত্ৰখনলৈ আহে আৰু হলিউডৰ ষ্টাণ্ট উদ্যোগৰ এগৰাকী অগ্ৰণী মহিলা হৈ পৰে। তেওঁ বহুতো টেলিভিছন আৰু চলচ্চিত্ৰ প্ৰকল্পত ষ্টাণ্ট কৰিছিল।৫ ৯১তম অস্কাৰ বঁটাত৬ আৰু ২০২৩ চনৰ ২৪ মাৰ্চত গুগল-ডুডলেৰে তেওঁক সন্মানিত কৰা হয়।৭
প্ৰাৰম্ভিক জীৱন
১৯৪৬ চনৰ ২৪ মাৰ্চত টেক্সাছৰ কৰ্পাছ ক্ৰীষ্টিত কিট্টি লিন অ’নীলৰ জন্ম হৈছিল।৫ তেওঁৰ পিতৃ জন অ’নীল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ বায়ুসেনাৰ এজন বিষয়া আছিল। কিট্টি সৰু থাকোঁতেই এক বিমান দুৰ্ঘটনাত দেউতাকৰ মৃত্যু হয়। তেওঁৰ মাতৃ পেট্ ছি কম্পটন অ’নীল আছিল স্থানীয় চেৰ’কি সম্প্ৰদায়ৰ ব্যক্তি। পাঁচ মাহ বয়সত অ’নীলে ৰোগত আক্ৰান্ত হৈ৪ শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলায়। দুবছৰ বয়সত তেওঁৰ বধিৰতা স্পষ্ট হোৱাৰ পিছত মাকে লিপ-ৰিডিং আৰু কথা কোৱা শিকায়।
কিশোৰী অৱস্থাত কিট্টি এগৰাকী প্ৰতিযোগিতামূলক ১০-মিটাৰ প্লেটফৰ্ম ডাইভাৰ আৰু ৩ মিটাৰ স্প্ৰিংবৰ্ড ডাইভাৰ হয় আৰু এমেচাৰ এথলেটিক ইউনিয়ন ডাইভিং চেম্পিয়নশ্বিপত জয়ী হয়।৮ ১৯৬৪ চনৰ পৰা তেওঁ ডাইভিং প্ৰশিক্ষক ছেমি লীৰ অধীনত প্ৰশিক্ষণ লৈছিল। ১৯৬৪ চনৰ অলিম্পিকৰ প্ৰস্তুতি চলি থকা অৱস্থাত তেওঁৰ হাতৰ মণিবন্ধ ভাঙি মেৰুদণ্ডৰ মেনিনজাইটিছত আক্ৰান্ত হয় আৰু খোজ কঢ়াৰ ক্ষমতাৰ প্ৰতি ভাবুকি আহি পৰে।৯৫ ১৯৬৫ চনৰ গ্ৰীষ্মকালীন ডিফলিম্পিকত তেওঁ ১০০ মিটাৰ বেকষ্ট্ৰ'ক আৰু ১০০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰত অংশগ্ৰহণ কৰে।১০ মেনিনজাইটিছৰ পৰা সুস্থ হোৱাৰ পিছত তেওঁ ডাইভিঙৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলায় আৰু ৱাটাৰ স্কিইং, স্কুবা ডাইভিং, স্কাইডাইভিং আৰু হেং গ্লাইডিঙৰ ফালেহে আগ্ৰহী হয়।৭ তেওঁ কেন্সাৰৰ দুটা চিকিৎসা গ্ৰহণ কৰে, তেওঁৰ বয়স যেতিয়া ত্ৰিশৰ ঘৰত আছিল।১১
ৰেচিং আৰু ষ্টাণ্ট কৰ্মজীৱন
১৯৭০ চনৰ ভিতৰত বাজা ৫০০ আৰু মিণ্ট ৪০০ত অংশগ্ৰহণ কৰি অ’নীলে জল আৰু স্থলত ৰেচিং আৰম্ভ কৰে। তেওঁ মটৰচাইকেল ৰেচৰ সময়ত ষ্টাণ্টমেন হাল নিডহাম আৰু ৰন হেম্বলটনক লগ পাইছিল। কিছু দিনৰ বাবে মটৰচাইকেল ৰেচিং এৰি তেওঁ হেম্বলটনৰ সৈতে একেলগে বাস কৰিছিল। ১৯৭০ দশকৰ মাজভাগত তেওঁ নিডহাম, হেম্বলটন আৰু ডাৰ ৰবিনছনৰ অধীনত প্ৰশিক্ষণ লৈ ষ্টাণ্টৰ জগতত প্ৰৱেশ কৰে। ১৯৭৬ চনত তেওঁ ষ্টাণ্ট আনলিমিটেড নামৰ আগশাৰীৰ ষ্টাণ্ট এজেঞ্চীত ষ্টাণ্ট প্ৰদৰ্শন কৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়।১২ ষ্টাণ্টৱুমেন হিচাপে তেওঁ দ্য বায়নিক ৱুমেন, এয়াৰপৰ্ট ’৭৭, দ্য ব্লুজ ব্ৰাদাৰ্ছ, স্মোকি এণ্ড দ্য বেণ্ডিট-II তথা অন্যান্য টেলিভিছন আৰু চলচ্চিত্ৰ প্ৰডাকচনত কাম কৰে।
তথ্যসূত্ৰ
- ↑ Hayward, Anthony. (2018-11-12). Kitty O’Neil obituary. The Guardian
- ↑ Stunts, Women In. (2018-11-02). Kitty O'Neil. Women In Stunts
- ↑ (September 26, 2001). Last U.S. Smallpox Outbreak Left Mental Scars on Witnesses. Los Angeles Times. Associated Press
- ↑ Jares, Sue Ellen. (January 4, 1977). The Renaissance Woman of Danger—That's Tiny Kitty O'Neil. People
- ↑ Barnes, Mike. (November 5, 2018). Kitty O'Neil, Famed Hollywood Stuntwoman and Daredevil, Dies at 72. Hollywood Reporter
- ↑ Kitty Linn O'NEIL – ICSD
- ↑ Sandomir, Richard. (November 6, 2018). Kitty O'Neil, Stuntwoman and Speed Racer, Is Dead at 72. New York Times
- ↑ Cobb, Marnee. (May 18, 1977). The Day Kitty O'Neil Couldn't Break the Record. Lakeland Register
- ↑ Smith, Harrison. (November 4, 2018). Kitty O'Neil, deaf daredevil who became 'world's fastest woman,' dies at 72. Washington Post
- ↑ Kitty Linn O'NEIL – ICSD
- ↑ (November 13, 2009). 1976: Deaf stuntwoman Kitty O'Neil sets women's land-speed record. History
- ↑ First female member of Stunts Unlimited Kitty O'Neil Dies at 72. Stunts Unlimited
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিট্টি অ’নীল” প্ৰবন্ধৰ সংশোধন ৪২২৪৫৬ (৭ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।