অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কিম ইউ-জুং

কিম ইউ-জুং (কোৰিয়ান: 김유정; জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৯৯) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ চাৰিবছৰ বয়সত মিঠাইৰ এটা বিজ্ঞাপনযোগে মডেল হিচাপে আত্মপ্ৰকাশ কৰিছিল। ২০০৩ চনত অভিনয় আৰম্ভ কৰাৰ পিছত তেওঁ কোৰিয়াৰ আটাইতকৈ জনপ্ৰিয় শিশুৰ অভিনেত্ৰীৰ অন্যতম হৈ উঠে।

হালনাগাদ: ১৭ জুন ২০২৬ ১,৬২২ শব্দ · ৯ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কিম ইউ-জুং (কোৰিয়ান: 김유정; জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৯৯) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ চাৰিবছৰ বয়সত মিঠাইৰ এটা বিজ্ঞাপনযোগে মডেল হিচাপে আত্মপ্ৰকাশ কৰিছিল। ২০০৩ চনত অভিনয় আৰম্ভ কৰাৰ পিছত তেওঁ কোৰিয়াৰ আটাইতকৈ জনপ্ৰিয় শিশুৰ অভিনেত্ৰীৰ অন্যতম হৈ উঠে।

তেওঁৰ অভিনীত টেলিভিছন শৃংখলাসমূহত ডং ই (২০১০), মুন এমব্ৰেচিং দা চান (২০১২), মে কুইন (২০১২), গোল্ডেন ৰেইনব’ (২০১৩), ছিক্ৰেট ড’ৰ (২০১৪), আৰু এংগ্ৰী মাম (২০১৫) উল্লেখযোগ্য। তেওঁ কমিটমেণ্ট (২০১৩), থ্ৰেড অফ লাইছ (২০১৪), আৰু চাৰ্কল অফ এট’নমেণ্ট (২০১৫) চলচ্চিত্ৰতো অভিনয় কৰিছিল। তেওঁ নৱেম্বৰ ২০১৪ ৰ পৰা এপ্ৰিল ২০১৬ লৈ ইনকিগায়ো নামৰ সংগীত অনুষ্ঠানটো পৰিচালনা কৰিছিল। তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰ আছিল ঐতিহাসিক ৰোমাণ্টিক নাটক লভ ইন দা মুনলাইট (২০১৬)। ইয়াৰ পিছত তেওঁ বিকজ আই লভ ইউ (২০১৭), ক্লিন উইথ পাছন ফৰ নাউ (২০১৮), বেকষ্ট্ৰীট ৰুকি (২০২০), দ্য এইথ নাইট (২০২১), লভাৰ্ছ অফ দা ৰেড স্কাই (২০২১), টুৱেণ্টিথ চেঞ্চুৰি গাৰ্ল (২০২২), আৰু মাই ডেমন (২০২৩–২০২৪) নাটক আৰু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ "ৰাষ্ট্ৰীয় সৰু ভনীয়েক" বুলি জনাজাত, যিয়ে তেওঁৰ বহুতো শিশু চৰিত্ৰৰ বাবে খ্যাতি লাভ কৰিছে।১ ২০১৭ চনত তেওঁ ফৰ্বছ কোৰিয়া পাৱাৰ চেলিব্ৰিটি তালিকাত ৮তম স্থান লাভ কৰিছিল, যাৰ ফলত ১৭ বছৰ বয়সত শীৰ্ষ ১০ত অন্তৰ্ভুক্ত হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি আছিল।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

কিম ১৯৯৯ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে দক্ষিণ কোৰিয়াৰ চেৱংডোং জিলা, চেউলত জন্মগ্ৰহণ কৰিছিল।৩ তেওঁ তিনিজন সহোদৰৰ ভিতৰত কনিষ্ঠ। তেওঁৰ বাইদেউ কিম ইয়ন-জং ২০১৭ চনত অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল।

কিমে গোৱাং হাইস্কুল অৱ আৰ্টছত শিক্ষা গ্ৰহণ কৰিছিল আৰু ২০১৮ চনৰ জানুৱাৰী মাহত উত্তীৰ্ণ হৈছিল।৪ ২০১৭ চনত তেওঁ ৰাষ্ট্ৰীয় কলেজ উপযোগীতা পৰীক্ষা (CSAT) দিব নোখোজিলে আৰু তেওঁৰ অভিনয় জীৱনলৈ মনোযোগ দিবলৈ সিদ্ধান্ত লৈছিল।

কেৰিয়াৰ

২০০৩–২০১১: শৈশৱ অভিনেত্ৰী হিচাপে আৰম্ভণি

২০১০ চনৰ জুলাইত কিম ইউ-জুং
২০১০ চনৰ জুলাইত কিম ইউ-জুংছবি: https://www.flickr.com/photos/paparazzistudio · CC BY 2.0

কিম ইউ-জুং কেৱল ৪ বছৰ বয়সত অভিনয় আৰম্ভ কৰাৰ পাছতে দ্ৰুতগতিত দক্ষিণ কোৰিয়াৰ আটাইতকৈ উচ্চ প্ৰয়োজনীয় শৈশৱ অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম হৈ পৰে।৫ তেওঁ পঞ্চম শ্ৰেণীৰ ছাত্ৰী থাকোঁতেই ১৩খন টেলিভিছন নাটক আৰু ১৫খন চলচ্চিত্ৰত অংশগ্ৰহণ কৰিছিল।

২০০৮ চনত কিমে ইলজিমে আৰু পেইণ্টাৰ অৱ দ্য উইণ্ড নাটকৰ বাবে "শ্ৰেষ্ঠ শৈশৱ অভিনেত্ৰী" বঁটা লাভ কৰে। তাৰ পাছত ডং ই (২০১০) আৰু ফ্লেমছ অৱ ডিজায়াৰ (২০১০)ত তেওঁৰ অভিনয় উচ্চ প্ৰশংসা লাভ কৰে।৬ গ্ৰাজ: দ্য ৰিভল্ট অৱ গুমিহো (২০১০) নাটকটোত কিমে প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰ ৰূপায়ণ কৰে, যি আন কোনো অভিনেত্ৰীৰ শৈশৱ অৱস্থা নহয়।৭

২০১২–২০১৪: জনপ্ৰিয়তা বৃদ্ধি

২০১২ চনত কিম ইউ-জুং ফেণ্টাচি-ঐতিহাসিক নাটক মুন এমব্ৰেচিং দা চান-ত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ পিছত জনপ্ৰিয়তা লাভ কৰে। এই নাটকত তেওঁ গ্ৰাজ: দা ৰিভল্ট অৱ গুমি'হো-ৰ সহ-অভিনেতা লী টে-ৰি আৰু ইলজিমে-ৰ সহ-অভিনেতা ইয়ো জিন-গু'-ৰ সৈতে পুনৰ একেলগ হৈছিল।৮৯

মুন এমব্ৰেচিং দা চান-এ ৪০% ৰেটিং অতিক্ৰম কৰি "জাতীয় নাটক"ৰ স্বীকৃতি লাভ কৰে। তেওঁ যুৱ চৰিত্ৰটো উৎকৃষ্টভাৱে ৰূপায়ণ কৰাৰ বাবে ৪৮তম বেক্সাং আৰ্টছ এৱাৰ্ড-ত শ্ৰেষ্ঠ নতুন অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে, লগতে ১ম কে-ড্ৰামা ষ্টাৰ এৱাৰ্ড আৰু ২০১২ এমবিচি ড্ৰামা এৱাৰ্ড-ত শ্ৰেষ্ঠ যুৱ অভিনেত্ৰীৰ সন্মান লাভ কৰে। তাৰ পিছত তেওঁ মে কুইন (২০১২)৮-ত অভিনয় কৰে আৰু ২০১৩ চনৰ চলচ্চিত্ৰ কমিটমেণ্ট-ত সহায়ক ভূমিকাত অংশ গ্ৰহণ কৰে।১০ সেইটো পৰৱৰ্তী সময়ত পৰিয়াল-কেন্দ্ৰিক নাটক গ’ল্ডেন ৰেইনব’ (২০১৩)-ত অভিনয় কৰে।১১

২০১৪ চনত, কিম ইউ-জুং-এ থ্ৰেড অৱ লাইছ-ত কিশোৰী গুণ্ডাৰ ভূমিকাত অভিনয় কৰি সমালোচনামূলক প্ৰশংসা লাভ কৰে আৰু ব্লু ড্ৰেগন ফিল্ম এৱাৰ্ড-ত শ্ৰেষ্ঠ নতুন অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে।১২ তাৰ পিছত তেওঁ একক খণ্ডৰ নাটক ড্ৰামা স্পেচিয়েল-ত (ঐতিহ্যগত শোক সংগীত "গক-বি" গায়িকা হিচাপে) অভিনয় কৰে,১৩ আৰু তাৰ পিছত ইংৰাজী ভাষাৰ ভৌতিক-ৰহস্য চলচ্চিত্ৰ ৰুম ৭৩১-ত অভিনয় কৰে, যিটো দক্ষিণ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ৰ (USC) শিক্ষাৰ্থী কিম ইয়ং-মিনৰ স্নাতক থিছিছ চলচ্চিত্ৰ আছিল।১৪ তাৰ পিছত তেওঁ ঐতিহাসিক নাটক চিক্ৰেট ড’ৰ-ত মুখ্য চৰিত্ৰত অভিনয় কৰে।১৫ কিম ইউ-জুং ২০১৪ চনৰ নৱেম্বৰত সংগীত অনুষ্ঠান ইনকিগায়ো-ৰ উপস্থাপক হিচাপে যোগদান কৰে আৰু ২০১৬ চনৰ এপ্ৰিলত অনুষ্ঠানটো ত্যাগ কৰে।১৬

২০১৫–২০২২: মুখ্য ভূমিকালৈ পৰিৱৰ্তন

২০১৬ চনৰ অক্টোবৰ মাহত ''লভ ইন দ্য মুনলাইট'' নাটকৰ অনুগামী সাক্ষাতৰ এক অনুষ্ঠানত কিম।
২০১৬ চনৰ অক্টোবৰ মাহত লভ ইন দ্য মুনলাইট নাটকৰ অনুগামী সাক্ষাতৰ এক অনুষ্ঠানত কিম।ছবি: 사요미 · CC BY 4.0

২০১৫ চনত কিমে টেলিভিশন নাটক এংগ্ৰী মমত অভিনয় কৰে, যি বিদ্যালয়ৰ গুণ্ডামি আৰু হিংসাৰ বিষয়বস্তু লৈ প্ৰস্তুত হৈছিল।১৭ সেই একেই বছৰত, তেওঁ লভ ছেলচ নামৰ দুই খণ্ডৰ ৱেব ছিৰিজত অভিনয় কৰে, যি একেই নামৰ ৱেবটুনৰ পৰা সংগৃহীত। তাতে তেওঁ এটা হত্যাকাৰীৰ কন্যাৰ চৰিত্ৰও অভিনয় কৰে থ্ৰিলাৰ চলচ্চিত্ৰ চাৰ্কেল অফ এটোনিমেণ্ট-ত।১৮১৯

আগষ্ট ২০১৬ চনত, কিমে তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰত অভিনয় কৰে যুৱকেন্দ্ৰিক ঐতিহাসিক নাটক লভ ইন দ্য মুনলাইট-ত। তেওঁ ইয়াত হং ৰা-অন নামৰ এটা ল’ৰাৰ দৰে ডাঙৰ হোৱা ছোৱালীক অভিনয় কৰে, যি পিছত ক্ৰাউন প্ৰিন্সৰ ইউনুচ ৰূপে কৰ্ম কৰে, যাক পাৰ্ক বো-গুমে অভিনয় কৰিছিল।২০ নাটকখন দেশজুৰি জনপ্ৰিয় হয় আৰু ২৩.৩% দৰ্শক ৰেটিং লাভ কৰে, যাক "মুনলাইট ছিনড্ৰম" বুলি অভিহিত কৰা হয়।২১ কিমে নাটকখনৰ বাবে ৩০তম KBS ড্ৰামা বঁটাত "উৎকৃষ্ট অভিনেত্ৰী" বঁটা লাভ কৰে।২২

২০১৭ চনত, কিম ইউ-জংয়ে চা টে-হিউনৰ সৈতে ৰোমাণ্টিক-কমেডি চলচ্চিত্ৰ বিকজ আই লাভ ইউত অভিনয় কৰে।২৩ ২০১৭ চনৰ ৪ ফেব্ৰুৱাৰীত তাইৰ পৰা আৰম্ভ কৰি কিম ইউ-জংয়ে প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক ফেন অনুষ্ঠান পৰিচালনা কৰে।২৪

২০১৮ চনত, কিমে "ক্লিন উইথ পেচন ফৰ নাও" নামৰ ৰোমাণ্টিক-কমেডি নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰে। এই নাটকটো একে নামৰ এখন ৱেবটুনৰ ওপৰত আধাৰিত। কিমে ইয়াত এজনী পৰিষ্কাৰ-কৰ্মী ৰূপে অভিনয় কৰে যিয়ে ময়লা সম্পৰ্কে বিন্দুমাত্ৰও চিন্তা নকৰে।২৫

২০২০ চনত, কিমে "বেকষ্ট্ৰীট ৰুকী" নামৰ ৰোমাণ্টিক-কমেডি নাটকত জি চাং-উকৰ বিপৰীতে অভিনয় কৰে, যিটো একে নামৰ এখন ৱেবটুনৰ ওপৰত আধাৰিত। ইয়াত তাই এজনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুষ্ট ছাত্ৰী যিয়ে পাছত এখন সুবিধাজনক দোকানত আংশিক-সময়ৰ কৰ্মচাৰী ৰূপে কাম কৰে।২৬ এই নাটকৰ বাবে কিমে নিজৰ দ্বন্দ্ব-দৃশ্য নিজেই সম্পাদন কৰাৰ বাবে কাৰ্যশালা লৈছিল।২৭

২০২০ চনৰ ৩১ ডিচেম্বৰত অনুষ্ঠিত ২০২০ SBS ড্ৰামা এৱাৰ্ডছত, কিম ইউ-জংক মুখ্য পৰিচালক হিচাপে নিৰ্বাচিত কৰা হৈছিল শিন ডং-য়পৰ সৈতে।২৮

একেই অনুষ্ঠানত, কিমে বেকষ্ট্ৰীট ৰুকীত জং ছেত-বুলৰ ভূমিকাৰ অভিব্যক্তিৰ বাবে উৎকৃষ্টতাৰ বঁটা, মিনিচিৰিজ ফেণ্টাচি/ৰোমাঞ্চ নাটকৰ অভিনেত্ৰী লাভ কৰে।২৯

২০২২ চনৰ অক্টোবৰত BIFF এছিয়া ষ্টাৰ এৱাৰ্ডছত কিম
২০২২ চনৰ অক্টোবৰত BIFF এছিয়া ষ্টাৰ এৱাৰ্ডছত কিমছবি: Marie Claire Korea · CC BY 3.0

ডিচেম্বৰ ২০২০ত, কিমে ঐতিহাসিক-ফেণ্টেচী নাটক লভৰ্চ অৱ দ্য লভ স্কাইৰ মহিলা মুখ্য চৰিত্ৰ হিচাপে অভিনয় কৰিব বুলি নিশ্চিত কৰা হৈছিল, যি জং ইউন-উলৰ উপন্যাসৰ ওপৰত আধাৰিত। নাটকখন ২০২১ চনৰ আগষ্টত SBS TV-ত প্ৰসাৰিত হৈছিল,৩০ আৰু কিমে হং চুন-গিৰ ভূমিকাত অভিনয় কৰিছিল, যি জোছন ৰাজবংশৰ একমাত্ৰ মহিলা চিত্ৰশিল্পী, আৰু আন হ্য’-চেপে হা ৰাম, এজন অন্ধ জ্যোতিষীৰ ভূমিকাত অভিনয় কৰিছিল।৩১

এই নাটকটোত কিম ১৩ বছৰ পিচত পুনৰ জাং টায়ে-য়ুৰ সৈতে একেলগ হৈছিল, যি পেইণ্টাৰ অৱ দ্য ৱিণ্ড (২০০৮) নাটকত তেওঁৰ শৈশৱৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।৩২

২০২১ চনত, কিম অতীন্দ্ৰিয়জ্ঞৰ ভূমিকাত ৰহস্য-থ্ৰিলাৰ চলচ্চিত্ৰ দ্য এইথ নাইট-ত অভিনয় কৰে।৩৩৩৪

ডিচেম্বৰ ২০২১-ত, তেওঁ টেলিভিছন শৃংখলা ৱান অৰ্ডিনাৰী ডে-ৰ অন্তিম খণ্ডত অতিথি শিল্পী হিচাপে উপস্থিত হয়।৩৫

২০২১ চনৰ শেষত, কিম আৰু শ্বিন ডং-য়প একেলগে SBS ড্ৰামা এৱাৰ্ডছ পৰিচালনা কৰে। তেওঁ লভাৰ্ছ অৱ দ্য ৰেড স্কাই নাটকৰ বাবে "টপ এক্সেলেন্স এৱাৰ্ড, মিনিট ছিৰিজ (Genre/Fantasy)" আৰু "শ্ৰেষ্ঠ যুটী এৱাৰ্ড" লাভ কৰে।৩৬

২০২২ চনত, কিম লভ ইন দ্য মুনলাইট নাটকৰ পৰিচালক আৰু কলাকুশলীৰ সৈতে একেলগে ইয়ং এক্টৰ্ছ' ৰিট্ৰিট নামৰ TVING ভ্ৰমণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে।৩৭

একেই বছৰত, তেওঁ টুৱেণ্টিথ ছেঞ্চুৰী গাৰ্ল চলচ্চিত্ৰত মুখ্য চৰিত্ৰ ১৭ বছৰীয়া না বো-ৰাৰ ভূমিকাত অভিনয় কৰে।৩৮

২০২৩: মঞ্চ অভিষেক

''শ্বেইক্সপীয়েৰৰ ইন লভ'' নাটকৰ প্ৰেছ কনফাৰেন্সত (৭ ফেব্ৰুৱাৰী, ২০২৩) অভিনেতাসকল: কিম, জং ছ’-মিন আৰু চায়ে ছু-বিন (বাওঁৰ পৰা সোঁলৈ)।
শ্বেইক্সপীয়েৰৰ ইন লভ নাটকৰ প্ৰেছ কনফাৰেন্সত (৭ ফেব্ৰুৱাৰী, ২০২৩) অভিনেতাসকল: কিম, জং ছ’-মিন আৰু চায়ে ছু-বিন (বাওঁৰ পৰা সোঁলৈ)।ছবি: K-POPIT 케이팝잇 TV10 · CC BY 3.0

জানুৱাৰী ২০২৩-ত, কিমে কিম ডং-য়ন পৰিচালিত শ্বেইক্সপীয়েৰৰ ইন লভ নাটকৰ যোগেদি মঞ্চত অভিষেক কৰে। নাটকখন ১৯৯৮ চনৰ একে নামৰ চলচ্চিত্ৰৰ পৰা ৰূপান্তৰ কৰা হৈছিল।৩৯

তেওঁ নাটকখনত ভায়োলা ডি লেচেপছ নামৰ চৰিত্ৰটো অভিনয় কৰে, যি এগৰাকী ধনী ব্যৱসায়ীৰ কন্যা আছিল আৰু থমাছ কেণ্ট নাম লৈ এজন পুৰুষৰ ৰূপ ধৰি থিয়েটাৰৰ অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে, যি সময়ত মহিলাসকলৰ বাবে নাট্যাভিনয় নিষিদ্ধ আছিল।৪০

নাটকখন ইতিবাচক সমালোচনা লাভ কৰে, আৰু কিমৰ অভিনয় সমালোচক আৰু দৰ্শকৰ দ্বাৰা প্ৰশংসিত হয়।৪১

মাৰ্চ ২০২৩-ত, তেওঁ জেছন কিম পৰিচালিত মাই হাৰ্ট পাপ্পি চলচ্চিত্ৰত আহ-মিন নামৰ চৰিত্ৰত বিশেষ উপস্থিতি দিয়ে, যি এটা শাৰীৰিক অক্ষমতাৰ সৈতে জীৱন অতিবাহিত কৰা ছোৱালী আৰু পৰিত্যক্ত কুকুৰবোৰৰ যত্ন লয়।৪২

জানুৱাৰী ২০২৩-ত, তেওঁ SBSৰ নতুন টেলিভিছন শৃংখলা মাই ডেমনত ডু-ডো-হি নামৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচিত হয়, যি এজন চেব'ল উত্তৰাধিকাৰী। এই শৃংখলাটো নভেম্বৰ ২০২৩-ত মুক্তি পায়।৪৩

২০২৪-ত, কিমে Netflixৰ অৰিজিনেল শৃংখলা চিকেন নাগেটত বিশেষ উপস্থিতি দিয়ে। তেওঁ চই মিন-আহ নামৰ চৰিত্ৰত অভিনয় কৰে, যি এখন কোম্পানীৰ সভাপতিৰ কন্যা আৰু নতুন মেচিনটোৰ সহায়ত ক্লান্তি দূৰ কৰিব বুলি ভাবি ভুলতে নিজৰ ৰূপান্তৰ ক’ৰাত সমস্যাত পৰে।৪৪

ব্যক্তিগত জীৱন

২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাইছিল যে কিমৰ থাইৰয়ড গ্ৰন্থিৰ বিসংগতি ধৰা পৰিছিল আৰু তেওঁ অভিনয়ৰ পৰা বিৰতি ল’ব।

সমাজসেৱা

কিম ইউ-জুংয়ে বিভিন্ন সমাজসেৱামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তেখেতে সমাজৰ বিভিন্ন সমস্যাৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ আৰু লোকসকলক সহায় কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

২০১৯ পিংক ৰাণ' ছিউল প্ৰতিযোগিতাত কিম
২০১৯ পিংক ৰাণ' ছিউল প্ৰতিযোগিতাত কিমছবি: Korean Newspaper Newspaper "NewsInstar" · CC BY 3.0

বাণিজ্যিক সমৰ্থন

তেওঁ বিভিন্ন প্ৰতিষ্ঠানৰ বাণিজ্যিক সমৰ্থক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। উদাহৰণস্বৰূপে, কোকা-কোলাৰ 'টোৰেটা' পানীয়ৰ নতুন মডেল হিচাপে ২০২১ চনত নিৰ্বাচিত হৈছিল।

এইদৰে, কিম ইউ-জুংয়ে সমাজসেৱা আৰু বাণিজ্যিক ক্ষেত্ৰত তেখেতৰ অৱদানৰ জৰিয়তে জনসাধাৰণৰ মাজত ইতিবাচক প্ৰভাৱ পেলাইছে।

কিম ইউ-জুংৰ সংগীত, দূতীয়ালি আৰু বঁটা সমূহৰ সংক্ষিপ্ত তথ্য তলত দিয়া হৈছে:

ডিস্কোগ্ৰাফি

  • ২০০৫: "দা মোষ্ট বিউটিফুল ক্ৰিষ্টমাছ ইন মাই লাইফ" (লী বুং-জুনৰ সৈতে)
  • ২০১৪: "আই লাভ সো মাচ" (লাভ চেলছ অ'এছটি)
  • ২০১৪: "ৱি'ৰ হেপি" (ডিজিটেল ছিংগল)

সংক্ষেপে ফিল্মোগ্ৰাফী

  • চলচ্চিত্ৰ ২৪ খন।
  • টেলিভিছন চিৰিজ ৩৩ খন।
  • ৱেব চিৰিজ ৪ খন।
  • টেলিভিছন শ্ব' ৪১ টা।
  • ৱেব শ্ব' এটা।
  • তথ্যচিত্ৰ ৩ খন।
  • হ'ষ্টিং ৮ খন।
  • সংগীত ভিডিঅ' ৮ খন।
  • থিয়েটাৰ ৩ খন।

❖ ইংৰাজী ৱিকিপিডিয়াত কিমৰ ফিল্মগ্ৰাফী সম্পৰ্কে প্ৰবন্ধ

ৰাষ্ট্ৰদূত পদ (এম্বাছাডৰশ্বীপ)

  • ২০০৪: কোৰিয়া এচ'চিয়েচন অৱ চিল্ড্ৰেন'ছ এড'প্তিভ পেৰেণ্টছ এম্বাছাডৰ
  • ২০১০: চেং ৱা দে চিল্ড্ৰেন'ছ নিউজপেপাৰ এম্বাছাডৰ; ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন (KFDA) চাইল্ড এম্বাছাডৰ
  • ২০১২: কোৰিয়ান ইউথ এম্বাছাডৰ (লী মিন-হ'ৰ সৈতে); গিয়ংগি এণ্টি-চাইল্ড এবিউজ এম্বাছাডৰ
  • ২০১৩: ৫৮তম মেম'ৰিয়েল ডে বিগ ট্ৰী নেচনেল লাভ বেজ (দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি পাৰ্ক গেউন-হিয়েৰ পৰা প্ৰদান)
  • ২০১৪: ছউল টুৰিজম এম্বাছাডৰ (জাং হিউকৰ সৈতে); ৯ম কনফাৰেন্স অৱ দা কোৰিয়ান ভলণ্টিয়াৰ এম্বাছাডৰ
  • ২০১৫: ৬ষ্ঠ কোৰিয়া শ্বেয়াৰিং ফেষ্টিভেল (অ' জি-হ'ৰ সৈতে)

বঁটা আৰু মনোনয়ন

  • ২০০৬: ৪৩তম গ্ৰেণ্ড বেল এৱাৰ্ডছ - বেষ্ট নিউ এক্ট্ৰেছ (All for Love) - মনোনীত
  • ২০০৮: ১৬তম এছবিএছ ড্ৰামা এৱাৰ্ডছ - বেষ্ট ইয়াং এক্ট্ৰেছ (Iljimae, Painter of the Wind) - বিজয়ী
  • ২০১০: ২৯তম এমবিচি ড্ৰামা এৱাৰ্ডছ - বেষ্ট ইয়াং এক্ট্ৰেছ (Dong Yi, Flames of Desire) - বিজয়ী
  • ২০১০: ২৪তম কেবিএছ ড্ৰামা এৱাৰ্ডছ - বেষ্ট ইয়াং এক্ট্ৰেছ (Grudge: The Revolt of Gumiho) - বিজয়ী
  • ২০১২: ৪৮তম বেকচাং আৰ্টছ এৱাৰ্ডছ - বেষ্ট নিউ এক্ট্ৰেছ (টিভি) (Moon Embracing the Sun) - মনোনীত
  • ২০১২: ৬ষ্ঠ এমনেট ২০'ছ চয়েছ এৱাৰ্ডছ - ২০'ছ আপকামিং ২০'ছ - মনোনীত
  • ২০১২: ৩১তম এমবিচি ড্ৰামা এৱাৰ্ডছ - বেষ্ট ইয়াং এক্ট্ৰেছ (Moon Embracing the Sun, May Queen) - বিজয়ী; পপুলাৰিটি এৱাৰ্ড - মনোনীত; বেষ্ট কাপল এৱাৰ্ড (য়' জিন-গুৰ সৈতে) - মনোনীত
  • ২০১৪: ২২তম এছবিএছ ড্ৰামা এৱাৰ্ডছ - নিউ ষ্টাৰ এৱাৰ্ড (Secret Door) - বিজয়ী
  • ২০১৫: ৩৪তম এমবিচি ড্ৰামা এৱাৰ্ডছ - টপ ১০ ষ্টাৰ্ছ এৱাৰ্ড (Angry Mom) - বিজয়ী
  • ২০১৬: ৫ম এপেন ষ্টাৰ এৱাৰ্ডছ - বেষ্ট নিউ এক্ট্ৰেছ (Love in the Moonlight) - বিজয়ী; এছিয়া আৰ্টিষ্ট এৱাৰ্ডছ - ম'ষ্ট পপুলাৰ এক্ট্ৰেছ - মনোনীত; বেষ্ট আইকন এৱাৰ্ড (ড্ৰামা) - বিজয়ী; ৩০তম কেবিএছ ড্ৰামা এৱাৰ্ডছ - এক্সেলেন্স এৱাৰ্ড, এক্ট্ৰেছ ইন এ মিড-লেংথ ড্ৰামা (Love in the Moonlight) - বিজয়ী; নেটিজেন এৱাৰ্ড, এক্ট্ৰেছ - মনোনীত; বেষ্ট কাপল এৱাৰ্ড (পাৰ্ক ব' গুমৰ সৈতে) - বিজয়ী
  • ২০১৭: ৫৩তম বেকচাং আৰ্টছ এৱাৰ্ডছ - ম'ষ্ট পপুলাৰ এক্ট্ৰেছ (টেলিভিছন) - বিজয়ী
  • ২০২৩: এছবিএছ ড্ৰামা এৱাৰ্ডছ - বেষ্ট এক্ট্ৰেছ (মিনিচিৰিজ - ৰোমাঞ্চ/ৰোমাণ্টিক কমেডি) (My Demon) - বিজয়ী; বেষ্ট কাপল এৱাৰ্ড (ছং কাংৰ সৈতে) - বিজয়ী

তথ্যসূত্ৰ

  1. ↑ (December 2, 2016). Korea's little sister grows up: YP chats with Love in the Moonlight star Kim Yoo-jung. South China Morning Post
  2. ↑ (February 23, 2017). (SPECIAL EDITION (1)) 박보검·송중기 한국 최고 파워 셀러브리티. Forbes
  3. ↑ (June 30, 2024). Kim Yoo Jung: all you need to know about her journey from child star to global recognition in 'My Demon'. The Times of India
  4. ↑ (February 9, 2018). (SBS Star) Kim Yoo Jung Graduates from High School!. SBS News
  5. ↑ (May 15, 2008). If child star Kim Yoo-jeong comes out, it goes well. হানচিনেমা
  6. ↑ Lee Ga-on, Lee Seung-han. (December 31, 2010). 2010 10Asia's Awards "Thank You" List: Reincarnation of the Year. ১০এছিয়া
  7. ↑ Choi Ji-eun, Lee Seung-han. (December 22, 2010). INTERVIEW: Child actress Kim Yoo-jung – Part 1. ১০এছিয়া
  8. ↑ Kwon, Ji-youn. (January 13, 2014). Discovering a new me. দা কোৰিয়া টাইম্‌চ
  9. ↑ Lee, Jin-ho. (February 15, 2012). Kim Yoo Jung of The Sun and the Moon Poses School Girl Style. enewsWorld
  10. ↑ Hong, Grace Danbi. (June 25, 2012). Kim Yoo Jung and Han Ye Ri to Become T.O.P's Ladies in The Alumni. enewsWorld. CJ E&M
  11. ↑ (October 30, 2013). 'Golden Rainbow' actors meet child stars. কোৰিয়া জুংআং ডেইলি
  12. ↑ Lee, Claire. (February 26, 2014). Elegant Lies tackles teen bullying. দা কোৰিয়া হেৰাল্ড
  13. ↑ Kim, Hee-eun. (March 7, 2014). Kim Yoo-jung stars in Gok-bi. কোৰিয়া জুংআং ডেইলি
  14. ↑ (February 8, 2014). Horror role for Kim Yoo-jung. কোৰিয়া জুংআং ডেইলি
  15. ↑ Park, Ji-ryeon. (June 28, 2014). Kim Yoo Jung to Take Role in Secret Door with Han Seok Gyu and Lee Je Hoon. enewsWorld
  16. ↑ (November 6, 2014). Kim Yoo Jung Takes Baton from Lee Yubi as New MC of 'Inkigayo'. enewsWorld
  17. ↑ Sohn, Ji-young. (March 18, 2015). New MBC drama to address school violence, bullying. The Korea Herald
  18. ↑ Hong, Hye-jin. (June 4, 2015). Kim Yoo-jung to star in Web drama. Kpop Herald
  19. ↑ (January 14, 2015). JOY to Start Shooting This February. Korean Film Biz Zone
  20. ↑ Doo, Doo. (August 18, 2016). Park Bo-gum and Kim Yoo-jung star in new period drama series. The Korea Herald
  21. ↑ (September 7, 2016). (SC초점) '태후'→'구르미'로 본 성공법칙, #엔딩5분#박보검#송중기. Sports Chosun
  22. ↑ (November 2, 2016). 'I don't want to let go of Moonlight'. The Korea Times
  23. ↑ (October 13, 2016). NEW측 "차태현 김유정 '사랑하기 때문에', 12월 좋은 때 개봉 논의中"(공식입장). Newsen
  24. ↑ (December 1, 2016). ko:구르미 그린 '최연소 한류스타'. Sports Donga
  25. ↑ (January 23, 2018). Kim Yoo-jung confirms lead role in upcoming JTBC drama. Kpop Herald
  26. ↑ (January 22, 2020). Ji Chang Wook and Kim You Jung pair up in new drama "Convenience Store Saet Byul". V Live
  27. ↑ Kim Jun-seok. (June 9, 2020). ko:'편의점 샛별이' 김유정, 러블리 알바생의 반전 일상? '포스 뿜뿜'. Sports Chosun
  28. ↑ Yoon Hyo-jeong. (December 24, 2020). 'SBS연기대상' 신동엽·김유정 2MC.."방역 지침 따라 안전한 진행". News1
  29. ↑ Jo Hye-jin. (January 1, 2021). ko:'스토브리그' 남궁민 대상 "사실 받고 싶었다"→'펜트하우스' 9관왕 (종합) (SBS 연기대상). Xport News
  30. ↑ Jeong Tae-gun. (August 5, 2021). ko:(공식) '홍천기' 8월 30일 첫 방송 확정..김유정X안효섭 운명적 만남. Ten Asia. Naver
  31. ↑ Kim Ga-young. (December 11, 2020). ko:김유정, '홍천기' 타이틀롤 확정..안효섭과 호흡 (공식). E-Daily
  32. ↑ Kang Seon-ae. (August 26, 2021). ko:사극 여신의 귀환..'홍천기' 김유정 "기존 여성 캐릭터와 다른 매력". SBS Entertainment
  33. ↑ (22 মে', 2019). Kim Yoo-jung Starring in "The Night of the 8th Day". HanCinema
  34. ↑ Kwak Yeon-soo. (27 মে', 2021). Occult thriller 'The 8th Night' to debut on Netflix in July. The Korea Times
  35. ↑ Lee Seung-mi. (20 ডিচেম্বৰ, 2021). (SC초점)"신규가입자 254%↑+김유정 깜짝 등판"..'어느날' 시즌2를 기대케 하는 이유. Sports Chosun
  36. ↑ Yoon Hyo-jeong. (2 ডিচেম্বৰ, 2021). ko:(단독) 신동엽·김유정, 2년 연속 SBS 연기대상 진행 맡는다. News 1. Naver
  37. ↑ Park Soo-in. (1 ছেপ্তেম্বৰ, 2022). ko:김유정 "'청춘MT'서 새롭게 친해진 분 있어, 신선한 조합 기대하길". Newsen
  38. ↑ Ham Na-yan. (1 ছেপ্তেম্বৰ, 2021). ko:김유정X변우석 '20세기 소녀', 제작확정 (공식). Sports Donga
  39. ↑ Kang Hyo-jin. (November 8, 2022). ko:(단독)'글로벌 첫사랑' 김유정, 생애 첫 연극 도전..'셰익스피어 인 러브' 주연. SpoTV News
  40. ↑ Cho Yeon-kyung. (December 5, 2022). ko:김성철·김유정 합류 '셰익스피어 인 러브' 1월 28일 韓초연 개막. JTBC
  41. ↑ Hwang So-young. (January 30, 2023). ko:'연극 첫 도전' 김유정, '셰익스피어 인 러브' 성공적 데뷔. JTBC
  42. ↑ Kim Bo-young. (February 13, 2023). ko:정인선·류수영·김유정 명품 배우 총출동..'멍뭉이' 빛낸 특급 카메오. E-Daily
  43. ↑ 연, 휘선. ko:김유정·송강 양측 "'마이데몬', 제안받은 작품 중 하나..검토 중" (공식입장). Naver News
  44. ↑ 이, 한림. ko:이병헌 감독 차기작 '닭강정', 넷플릭스 제작 확정. Naver News

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীদক্ষিণ কোৰিয়ান অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিম ইউ-জুং” প্ৰবন্ধৰ সংশোধন ৬১২৬৪৬ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।