অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কিটু গিদৱানী

কিটু গিদৱানী বা কৌশল্যা কিটু গিদৱানী ( Kitu Gidwani) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। কেইবাখনো ভাৰতীয় কথাছবিত অভিনয় কৰাৰ উপৰি তেওঁ টেলিভিছনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে। টিভি ধাৰাবাহিক স্বাভিমানত কিটুৱে স্বেতলানাৰ চৰিত্ৰত অভিনয় কৰিছিল যাৰ দ্বাৰা তেওঁ দৰ্শকৰ ওচৰত পৰিচিত হৈ আনিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৪১৯ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কিটু গিদৱানী বা কৌশল্যা কিটু গিদৱানী ( Kitu Gidwani) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। কেইবাখনো ভাৰতীয় কথাছবিত অভিনয় কৰাৰ উপৰি তেওঁ টেলিভিছনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে।

টিভি ধাৰাবাহিক স্বাভিমানত কিটুৱে স্বেতলানাৰ চৰিত্ৰত অভিনয় কৰিছিল যাৰ দ্বাৰা তেওঁ দৰ্শকৰ ওচৰত পৰিচিত হৈ আনিছিল। তাৰ পিছত শক্তিমান ধাৰাবাহিকত সৈতে চুক্তিবদ্ধ হৈ সত্যৰ পক্ষত থিয় দিয়া নিউজ চেনেলৰ সাংবাদিক “গীতা বিশ্বাস’’ৰ চৰিত্ৰত অভিনয় কৰে। কেইটামান খণ্ডৰ পিছত শ্ব’টো এৰি থৈ পিছলৈ ১৯৮৬ চনত দূৰদৰ্শনত প্ৰচাৰিত এয়াৰ হোষ্টেছ নামৰ টিভি ধাৰাবাহিকখনৰ লগত জড়িত হৈ জনপ্ৰিয় হৈ পৰে আৰু ডান্স অৱ দ্য উইণ্ড(১৯৯৭), দীপা মেহতাৰ আৰ্থ (১৯৯৮), গোবিন্দ নিহালানীৰ ৰুক্মাৱতী কি হাভেলী(১৯৯১), কমল হাছানৰ অভয় আৰু দেহাম(২০০১)ৰ চৰিত্ৰত অভিনয় কৰি সমালোচকৰ প্ৰশংসা লাভ কৰে।১

ব্যক্তিগত জীৱন

গিদৱানীৰ জন্ম হৈছিল মুম্বাইত। ভাৰত বিভাজনৰ পিছত তেওঁৰ সিন্ধী পিতৃ-মাতৃ পাকিস্তানৰ পৰা প্ৰব্ৰজন কৰি আহি ভাৰতত সোমাইছিল। তেওঁলোকে ৱৰ্লিৰ এটা শৰণাৰ্থী শিবিৰত বাস কৰিছিল।২ তেওঁৰ এটি ভায়েক আছে।

গিদৱানীয়ে মুম্বাইৰ ফ’ৰ্ট কনভেণ্ট স্কুলত পঢ়িছিল। তেওঁ বাণিজ্য শাখাত স্নাতক আৰু ফৰাচী ভাষাত এম.এ.৩ ফৰাচী নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে। কিছুদিন পিছতে তেওঁ জনক টোপৰাণীৰ দ্বাৰা পৰিচালিত ইংৰাজী নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁ কেইবাখনো টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰিছিল আৰু তাৰ পিছত ফৰাচী ছবি ব্লেক(১৯৮৭)ত অভিনয় কৰিছিল, য'ত তেওঁ শৰীৰৰ উৰ্দ্ধাংশ নগ্ন কৰিবলৈ সাহস কৰিছিল, যিটো সেই সময়ছোৱাৰ বাবে অতি অস্বাভাৱিক আছিল। ছবিখনত তেওঁ এগৰাকী ব্ৰাজিলিয়ান ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল।৪

অভিনয় জীৱন

১৯৮৪ চনত গিদৱানীয়ে টিভি ধাৰাবাহিক তৃষ্ণাত অভিনয়েৰে টেলিভিছনত নিজৰ অভিষেক ঘটায় আৰু ১৯৮০ আৰু ৯০ৰ দশকত স্বাভিমান, এয়াৰ হোষ্টেছ আৰু জুনুনৰ দৰে টিভি ধাৰাবাহিকত কিছু স্মৰণীয় অভিনয় কৰে।৫ জুনুন ছবিত অভিনেতা টম আলটাৰৰ সৈতে বিছনাত চুমা খোৱাৰ দৃশ্যটোৱে দৰ্শকৰ মাজত যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিছিল। ১৯৯৭ চনত তেওঁ একেটা সময়ত চাৰিখনকৈ ধাৰাবাহিকত কাম কৰি আছিল, স্বাভিমান আৰু জুনুনৰ উপৰিও তেওঁ সাহিল, য়ে কাহান আ গেয়ে হম ছবিতো অভিনয় কৰিছিল।৬ শেহতীয়াকৈ তেওঁ বহু অভিনেতাৰ সমাৱেশ হোৱা হিন্দী ধাৰাবাহিক কাশীষ আৰু কুলবধূ ত অভিনয় কৰিছিল।

১৯৯৭ চনত ডান্স অৱ দ্য উইণ্ডত তেওঁ গুৰু/মাতৃক হেৰুৱাই কণ্ঠ ঘূৰাই পাবলৈ সংগ্ৰাম কৰা হিন্দুস্তানী শাস্ত্ৰীয় গায়িকা পল্লৱীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই চৰিত্ৰটোৱে নাণ্টেছৰ ত্ৰিদেশীয় সমাৰোহত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।৭ পংকজ বুটালিয়াৰ শ্বেড'ছ ইন দ্য ডাৰ্কত তেওঁ বৰ্তমানৰ পাকিস্তানত বাস কৰা এগৰাকী আদবয়সীয়া মহিলা 'লাজমা'ৰ চৰিত্ৰত অভিনয় কৰিছিল।৪ ২০১০ চনত তেওঁ ফেশ্বন, ধোবি ঘাট আৰু ষ্টুডেণ্ট অৱ দা ইয়াৰ ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰে।৫

২০০১ চনত আইটিচি লিমিটেডৰ মালিকানাধীন পোছাক শৃংখল উইলছ লাইফষ্টাইলৰ সৈতে সংগতি ৰাখি তেওঁ উইলছ স্প'ৰ্ট লাইফষ্টাইল ব্ৰেণ্ডৰ কাপোৰৰ প্ৰচাৰ কৰে।৮ ২০০৬ চনত তেওঁ দৰ্শন জাৰিৱালাৰ ৰচিত 'Your Place or Mine’তো অভিনয় কৰে।৯

তেওঁ এখন নাটক Sock ’em With Honeyতো অভিনয় কৰিছিল, য'ত তেওঁ পাকিস্তানৰ এগৰাকী পৰম্পৰাগত পাৰ্চী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ জীয়েক এজন ইহুদীৰ প্ৰেমত পৰে আৰু যাৰ ফলত তেওঁ প্ৰথম বিদেশ ভ্ৰমণৰ অৱকাশ সৃষ্টি হয়।১০

বঁটা

১৯৯৭ চনত ফ্ৰান্সৰ নান্টেছত অনুষ্ঠিত হোৱা থ্ৰী কন্টিনেণ্ট ফেষ্টিভেলত কিটু গিদৱানীয়ে শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰে। এই বঁটাৰ জৰিয়তে ডান্স অৱ দ্য উইণ্ডত তেওঁ ৰূপায়ণ কৰা পল্লৱীৰ চৰিত্ৰৰ অসাধাৰণ অভিনয় কৃতিত্বক স্বীকৃতি দিয়া হয়।১১

তথ্যসূত্ৰ

  1. ↑ Kulkarni, Ronjita. (3 May 2002). For Kitu Gidwani, it's mind over body!. Rediff.com
  2. ↑ Singh, Sanghita. (1 April 2002). It's back to the basics for Kitu Gidwani. The Times of India
  3. ↑ Modelling becomes a stepping-stone to the silver screen. India Today
  4. ↑ rediff.com US edition: You can do whatever you believe of yourself: Kitu Gidwani. Rediff.com
  5. ↑ Bhattacharya, Budhaditya. (24 July 2013). She has seen it all... The Hindu
  6. ↑ Bhandare, Namita. (16 June 1997). TV actors never had it so good: recognition, astronomical rates and roles for the asking. India Today
  7. ↑ (23 October 2011). I'm happy, I'm free. The Hindu
  8. ↑ (8 July 2001). Read(il)y made lifestyle. দ্য হিন্দু
  9. ↑ Play on man-woman relationship The Tribune, 7 July 2006
  10. ↑ Kitu's Kitty is Full
  11. ↑ Kitu Gidwani bags Best Actress Award for her role in Dance of the Wind at France film fest. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিটু গিদৱানী” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৩৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।