অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাশিকা কাপুৰ

কাশিকা কাপুৰ (ইংৰাজী: Kashika Kapoor; জন্ম: ১৮ ফেব্ৰুৱাৰী ২০০৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বলিউড আৰু তেলুগু চিনেমাৰ লগতে মিউজিক ভিডিঅ'তো কাম কৰাৰ বাবে পৰিচিত।

হালনাগাদ: ২১ মাৰ্চ ২০২৬ ৪৫৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

কাশিকা কাপুৰ (ইংৰাজী ভাষা: Kashika Kapoor; জন্ম: ১৮ ফেব্ৰুৱাৰী ২০০৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বলিউড আৰু তেলুগু ভাষা চিনেমাৰ লগতে মিউজিক ভিডিঅ'তো কাম কৰাৰ বাবে পৰিচিত। তেওঁ ২০২৪ চনত সামাজিক প্ৰেক্ষাপটত নিৰ্মিত ড্ৰামা আয়ুস্মতী গীতা মেট্ৰিক পাছৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰে আৰু ২০২৫ চনত এল ওৱাই এফ: লাভ ইউৰ ফাদাৰ ছবিৰ জৰিয়তে তেলুগু চিনামাত খোজ পেলায়। তেওঁ এক ডজনতকৈও অধিক মিউজিক ভিডিঅ'ত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

২০০৬ চনৰ ১৮ ফেব্ৰুৱাৰীত ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত দীপক টেকচান্দানী আৰু দিব্য ৰিতু কাপুৰৰ ঘৰত কাশিকা কাপুৰৰ জন্ম হৈছিল। তেওঁৰ সাক্ষী টেকচান্দানী কাপুৰ নামৰ এগৰাকী ভগ্নীও আছে।

কাপুৰে মুম্বাইৰ যমুনাবাই নাৰ্চী স্কুলত অধ্যয়ন কৰিছিল আৰু পিছলৈ এন এম আই এম এছ ডিমান-টু-বি-ইউনিভাৰ্চিটিৰপৰা দূৰৱৰ্তী শিক্ষাৰ জৰিয়তে বেচেলৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেচন ডিগ্ৰী লাভ কৰে। তেওঁ মুম্বাইৰ জেফ গোল্ডবাৰ্গ ষ্টুডিঅ'ত ছয় মাহ ধৰি অভিনয়ৰ প্ৰশিক্ষণ লৈছিল আৰু নিউয়ৰ্ক ফিল্ম একাডেমীত তিনিবছৰীয়া পেছাদাৰী অভিনয় পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল।১২

মিউজিক ভিডিঅ'

চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে কাপুৰে কেইবাটাও মিউজিক ভিডিঅ'ত অভিনয় কৰি নিজৰ পাৰদৰ্শিতাৰ বাবে স্বীকৃতি লাভ কৰিছিল। তেওঁৰ কেইটামান উল্লেখনীয় কাম হ'ল:৩৪৫৬৭

  • অ' মেৰে দিল কে চেইন (২০২১), কণ্ঠ: শ্বাহিদ মালিয়া (সাৰেগামা)
  • দিল পে জখম (২০২২), কণ্ঠ: জুবিন নটিয়াল (টি-চিৰিজ)
  • তু লৌট আ (২০২২), কণ্ঠ: য়াচিৰ দেশাই (জেম টিউনছ পঞ্জাবী)
  • নিন্দ্ৰা (২০২২), কণ্ঠ: শিবাণী কাশ্যপ (জী মিউজিক)
  • সাজন (২০২২), কণ্ঠ: অংকিত তিৱাৰী (ৱাইল্ড বাফেলো মিউজিক), য'ত তেওঁ এটা জম্বিৰ চৰিত্ৰত অভিনয় কৰিছিল
  • হিচাপ (২০২২), সহযোগী: পাৰস অৰোৰা (জী মিউজিক)
  • থোড়ী থোড়ী ছাঞ্চ (২০২২) (মিট ব্ৰজ)
  • ইশ্কা (২০২৩), কণ্ঠ: বৰুণ জৈন (ইউনিভাৰ্চেল মিউজিক ইণ্ডিয়া)
  • অ' মাহী (২০২৩), কণ্ঠ: মহম্মদ দানিছ (টি-চিৰিজ)
  • তেৰে কল ৰহণা (২০২৪), কণ্ঠ: বিশাল মিশ্ৰ (টি-চিৰিজ)
  • চ্চা ৱালা প্যাৰ (২০২৪), কণ্ঠ: তুলসী কুমাৰ আৰু বিশাল মিশ্ৰ (টি-চিৰিজ)
  • তেৰা মেৰা মিলনা (২০২৪) (জী মিউজিক)
  • হাৰ (২০২৫), কণ্ঠ: নিশান্ত মালকানি

চলচ্চিত্ৰ আৰু দূৰদৰ্শন

কাপুৰে ২০২২ চনত ধাৰাবাহিক দ্য ভাইব হাণ্টাৰ্ছৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে, য’ত তেওঁ তিনিটা খণ্ডত তান্যাৰ চৰিত্ৰত অভিনয় কৰিছিল।৮৯

২০২৪ চনত আয়ুস্মতী গীতা মেট্ৰিক পাছৰ জৰিয়তে তেওঁৰ বলিউডত অভিষেক ঘটে। এই ছবিখনত তেওঁ গীতা নামৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে গ্ৰাম্য ভাৰতত ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত থকা সামাজিক বাধাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনায়।১০

প্ৰদীপ খাইৰৱাৰৰদ্বাৰা পৰিচালিত এই ছবিখনে লিংগ সমতা আৰু সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে প্ৰশংসা লাভ কৰিছিল। চৰিত্ৰটোৰ বাবে সাজু হ’বলৈ কাপুৰে গ্ৰাম্য অঞ্চলৰ ছোৱালীৰ সৈতে সময় কটাইছিল যাতে গীতাৰ অভিজ্ঞতাখিনি সঠিকভাৱে ফুটাই তুলিব পাৰে।১১১২১৩

২০২৫ চনত পৱন কেথাৰাজুৰদ্বাৰা পৰিচালিত এল ওৱাই এফ: লাভ ইউৰ ফাদাৰ (LYF: Love Your Father) ছবিৰ জৰিয়তে কাপুৰে তেলেগু চিনামাত আত্মপ্ৰকাশ কৰে। চিনেমাখনত তেওঁ ছুইটীৰ চৰিত্ৰত অভিনয় কৰিছিল য’ত পিতৃ আৰু কন্যাৰ মাজৰ আৱেগিক সম্পৰ্কক অন্বেষণ কৰা হৈছে। ১৪১৫

কাপুৰে প্যাৰ তুনে ক্যা কিয়া আৰু আদালতৰ দৰে দূৰদৰ্শন ধাৰাবাহিকতো অভিনয় কৰিছে। ইয়াৰ উপৰি দৰ্শকৰ সৈতে পোনপটীয়া যোগাযোগ কৰিবলৈ তেওঁ ৰিয়েলিটী শ্ব'ত অংশগ্ৰহণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে।১৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Chakravorty, Reshmi. (2025-04-09). Kashika Kapoor: I believe in being raw and real. The New Indian Express
  2. ↑ Cover Story: "I’m Rising With Resilience, Shining With Intention," Says Kashika Kapoor · Filmfare.com. www.filmfare.com
  3. ↑ (11 November 2022). Kashika Kapoor turns into a-human eating zombie for Ankit Tiwari's new track 'Saajan'. The Times of India
  4. ↑ (1 November 2022). Kashika Kapoor to collaborate with Nishant Malkhani for 'Thodi Thodi Saans'. The Times of India
  5. ↑ (1 November 2022). Kashika Kapoor To Collaborate With Nishant Malkhani For 'Thodi Thodi Saans'. Outlook India
  6. ↑ Ganguly, Dharitri. (2023-02-25). Singer Mohd Danish to feature in music video ‘O Maahi’ with Kashika Kapoor. Indulgexpress
  7. ↑ Kashika Kapoor is overwhelmed by the response to her latest track Neendra. The Times of India
  8. ↑ Developer, Web. `The Vibe Hunters`s Kashika Kapoor all set to make her Bollywood debut with Pradip Khairwar`s rom-com. Mid-day
  9. ↑ Kashika Kapoor will be seen in The Vibe Hunter. The Tribune
  10. ↑ Aayushmati Geeta Matric Pass Movie Review: This social drama makes a strong point despite the flaws. timesofindia.indiatimes.com
  11. ↑ (16 October 2024). Aayushmati Geeta Matric Pass movie review: Prradip Khairwar-Kashika Kapoor's film beautifully talks about girl education, gender equality, social justice & more. Firstpost
  12. ↑ Ganguly, Dharitri. (24 September 2024). Actor Kashika Kapoor on her character Geeta on her film 'Ayushmati Geeta Matric Pass'. Indulgexpress
  13. ↑ (4 October 2024). Kashika Kapoor set to mark her debut in Aayushmati Geeta Matric Pass. The Times of India
  14. ↑ (2024-10-16). Kashika Kapoor, Tollywood debut, 'Love You Father' - Pune Times Mirror
  15. ↑ Varma, Lipika. (2024-10-06). Kashika Kapoor talks about her Telugu debut LYF and Hindi debut AGMP. www.deccanchronicle.com
  16. ↑ Features, C. E. (2022-12-10). Kashika Kapoor to make Bollywood debut. Cinema Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাশিকা কাপুৰ” প্ৰবন্ধৰ সংশোধন ৫৯১৬৯৫ (২১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।