অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাৰ্তিকা নায়ৰ

কাৰ্তিকা নায়ৰ ( Karthika Nair; জন্ম: ২৭ জুন, ১৯৯২) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ দক্ষিণ ভাৰতৰ সকলো ভাষাৰ চলচ্চিত্ৰত কাম কৰিছিল। ২০০৯ চনত নাগা চৈতন্যৰ সৈতে তেলেগু বোলছবি জোছত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪৩৬ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কাৰ্তিকা নায়ৰ ( Karthika Nair; জন্ম: ২৭ জুন, ১৯৯২) ১ এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ দক্ষিণ ভাৰতৰ সকলো ভাষাৰ চলচ্চিত্ৰত কাম কৰিছিল।২ ২০০৯ চনত নাগা চৈতন্যৰ সৈতে তেলুগু ভাষা বোলছবি জোছত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল। জিইভা আৰু পিয়া বাজপেয়ীৰ সৈতে অভিনয় কৰা দ্বিতীয়খন আৰু প্ৰথমখন সফল তামিল ভাষা ছবি কো ৰ জৰিয়তে তেওঁ প্ৰাধান্য লাভ কৰে। দিলীপৰ বিপৰীতে মালয়ালম ছবি প্ৰপ্ৰাইটাৰ্ছ: কম্মথ এণ্ড কম্মথত তেওঁ অধিক সফলতা লাভ কৰে।৩৪৫

প্ৰাথমিক আৰু ব্যক্তিগত জীৱন

কাৰ্তিকা ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী ৰাধাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ এজন ভাতৃ আৰু এগৰাকী ভগ্নী আছে, থুলাছি নায়ৰ, যিগৰাকীও দক্ষিণ ভাৰতীয় অভিনেত্ৰী। মুম্বাইৰ পোদ্দাৰ ইণ্টাৰনেশ্যনেল স্কুল৬ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু লণ্ডন স্কুল অৱ ইকনমিক্সৰ সৈতে জড়িত কলেজৰ পৰা ব্যৱসায়ত ডিগ্ৰী লাভ কৰে।৭

২০২৩ চনৰ ১৯ নৱেম্বৰত কেৰালাৰ তিৰুৱনন্তপুৰমৰ উদয় সমুদ্ৰা লেজাৰ বিচ হোটেলত ৰোহিত মেননৰ সৈতে কাৰ্তিকা নায়ৰৰ বিবাহ হয়।৮৯

কৰ্মজীৱন

১৭ বছৰ বয়সতে ২০০৯ চনত নাগা চৈতন্যৰ বিপৰীতে তেলেগু ছবি জোছত অভিনয়ত আত্মপ্ৰকাশ কৰে। যদিও ছবিখনে মিশ্ৰিত সমালোচনা লাভ কৰিছিল, তথাপি কলেজলৈ যাবলৈ হাহাকাৰ কৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বিদ্যাৰ চৰিত্ৰত তেওঁৰ অভিনয়ে সমাদৰ লাভ কৰিছিল। তেওঁৰ দ্বিতীয়খন ছবি কো তামিল ভাষাত কে ভি আনন্দৰ পৰিচালনাত জিইভা আৰু পিয়া বাজপেয়ীয়ে অভিনয় কৰিছিল আৰু বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল।১০ ৰাজনৈতিক থ্ৰিলাৰ ধাৰাত ছবিখনে কাল্টৰ মৰ্যাদা লাভ কৰে। ৰাজনীতিবিদৰ অন্যায় কাম উদঙাই দিয়া অনুসন্ধানমূলক সাংবাদিক ৰেণুকা নাৰায়ণনৰ চৰিত্ৰত তেওঁৰ অভিনয়ৰ যথেষ্ট প্ৰশংসা হয়। তেওঁ দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল, সুগন্ধা বাই, এগৰাকী চিত্ৰকলাৰ মডেল আৰু উৰ্বশী, এগৰাকী ঐশ্বৰিক সৌন্দৰ্য্য।১১১২ তেওঁৰ প্ৰথম দ্বৈত চৰিত্ৰটোৱে সমাদৰ লাভ কৰিছিল আৰু সমালোচকসকলে তেওঁৰ অভিনয়ক প্ৰশংসা কৰিছিল।

২০১২ চনত বয়াপতি শ্ৰীনুৰ পৰিচালনাত নিৰ্মিত একক তেলেগু ছবি দম্মুত সীমিত গ্লেমাৰাছ চৰিত্ৰত অভিনয় কৰে। তাইৰ অভিনয় আৰু চিনেমাখনে মিশ্ৰিত সমালোচনা লাভ কৰিছিল আৰু শেষত ব্যাৱসায়িকভাৱে বিফল হৈছিল। এন টি ৰামা ৰাও জুনিয়ৰৰ সৈতেযোৰ কৰিছিল আৰু তৃষাৰ সৈতে পৰ্দাৰ স্থান শ্বেয়াৰ কৰিছিল।

২০১৩ চনত তেওঁ মেমমুটি আৰু দিলীপৰ সৈতে কমেডী ছবি প্ৰপ্ৰাইটাৰছ: কাম্মাথ এণ্ড কামাথত অভিনয় কৰে। ভাৰতীয় ৰাজহ সেৱাত কাম কৰা এগৰাকী বোবা খ্ৰীষ্টান যুৱতী বিধৱা সুৰেখাৰ চৰিত্ৰত তেওঁৰ অভিনয়ে বহুত সমাদৰ লাভ কৰিছিল আৰু ছবিখনো তেনেকুৱাই। পিছলৈ তেওঁ কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা ভাৰতীৰাজৰ পৰিচালনাত নিৰ্মিত তামিল ছবি অন্নকোডিত শিৰোনাম চৰিত্ৰত অভিনয় কৰে। ১৩ যদিও ছবিখনে নেতিবাচক সমালোচনা লাভ কৰিছিল, তথাপি দুৰ্দশাগ্ৰস্ত ছোৱালী হিচাপে তেওঁৰ অভিনয়ে ইতিবাচক সঁহাৰি লাভ কৰিছিল। তেলেগু ব্লকবাষ্টাৰ ছবি বৃন্দাৱনমৰ পুনৰ্নিৰ্মাণ ব্ৰিন্দাভানা ছবিৰে তেওঁ কানাড়া ভাষাত অভিষেক ঘটায়। ১৪ ছবিখনে মূল ছবিখনৰ সফলতাৰ পুনৰাবৃত্তি কৰিছিল। ছবিখনত তেওঁ দৰ্শনৰ সৈতে অভিনয় কৰিছিল।

দূৰদৰ্শন

২০১৭ চনত কাৰ্তিকাই চিনেমাৰ পৰা অৱসৰ লোৱাৰ পিছত টেলিভিছনত অভিষেক ঘটায়, ২০১৫ চনৰ পৰা ভি বিজয়েন্দ্ৰ প্ৰসাদৰ দ্বাৰা লিখা আৰু গোল্ডি বেহলৰ পৰিচালিত এপিক নাটক আৰম্ভৰ জৰিয়তে, যিখন নাটক ষ্টাৰ প্লাছত প্ৰচাৰিত হৈছিল, য'ত ৰাজনীশ ডুগলৰ বিপৰীতে অভিনয় কৰিছিল।১৫ ধাৰাবাহিকখনত তেওঁ দেৱসেনা নামৰ যোদ্ধা ৰাণীৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু দৰ্শক আৰু সমালোচক উভয়েই ভাল সমাদৰ লাভ কৰিছিল। ২০১৭ চনৰ ১০ ছেপ্টেম্বৰত এই অনুষ্ঠানটোৰ শেষ খণ্ড প্ৰচাৰ কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ (27 June 2013). Karthika celebrates 20st birthday. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (2021-06-25). Tollywood Actress Says Goodbye to Movies. Sakshi Post
  3. ↑ Princess Devsena, now on television – Rediff.com Movies . Rediff.com (7 June 2017). Retrieved on 2017-08-30
  4. ↑ (22 May 2017). Rajniesh Duggal: 'Aarambh' is not based on 'Baahubali'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ (9 May 2017). Here's everything you want to know about Baahubali inspired show Aarambh. India Today
  6. ↑ (2 September 2009). Karthika: T-town's new face. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ Nayar, Parvathy S. (14 August 2012). Karthika gearing up for a career in hotel industry. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ The Times of India. (20 November 2023). Karthika Nair gets married to Rohit Menon
  9. ↑ (2023-11-22). Radha's daughter Karthika Nair is a happy bride in latest wedding pictures. The Indian Express
  10. ↑ (11 June 2011). Ko hits half-century!. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ (1 February 2011). 'Makara Manju' was a tough experience: Karthika Nair. Filmydum
  12. ↑ (2010). Karthika debuts in Malayalam with Makaramanju. Sify
  13. ↑ Karthika is Annakodi!. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  14. ↑ (25 January 2013). Karthika and Vedhika in Darshan's Brindavana. Telugu Now
  15. ↑ (9 May 2017). Aarambh PROMO: Fiery Tanuja Mukerji & gorgeous Karthika Nair as 'Devsena' in Star Plus magnum opus will blow your mind!. ABP News

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্তিকা নায়ৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬৯২০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।