অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাশ্মীৰা কাকতি

কাশ্মীৰা কাকতি‍ (Kashmira Kakati) হ'ল ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চলত কাম কৰা এগৰাকী বন্যপ্ৰাণী জীৱবিজ্ঞানী আৰু পৰিৱেশ কৰ্মী। ২০১০ চনত তেওঁ অসমৰ জয়পুৰ-দিহিং অভয়াৰণ্যত মেকুৰী পৰিয়ালৰ অন্তৰ্গত সাতবিধ প্ৰজাতিৰ মেকুৰীজাতীয় প্ৰাণীৰ উপস্থিতি আৱিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কাশ্মীৰা কাকতি‍ (Kashmira Kakati) হ'ল ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চলত কাম কৰা এগৰাকী বন্যপ্ৰাণী জীৱবিজ্ঞানী আৰু পৰিৱেশ কৰ্মী। ২০১০ চনত তেওঁ অসমৰ জয়পুৰ-দিহিং অভয়াৰণ্যত মেকুৰী পৰিয়ালৰ অন্তৰ্গত সাতবিধ প্ৰজাতিৰ মেকুৰীজাতীয় প্ৰাণীৰ উপস্থিতি আৱিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছিল।১২৩ মেকুৰী পৰিয়ালৰ অন্তৰ্গত মেকুৰীজাতীয় প্ৰাণীৰ উপস্থিতি কেমেৰা ট্ৰেপ ব্যৱহাৰ কৰি নথীভুক্ত কৰাৰ তেওঁৰ কামটো বি.বি.চি.-ৰ তথ্যচিত্ৰ লষ্ট লেণ্ড অৱ দ্য টাইগাৰৰ প্ৰথম খণ্ডত অন্তৰ্ভুক্ত কৰা হৈছিল।৪

শি‍ক্ষা

কাকতিয়ে ডেৰাডুনৰ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৫ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ বন্যপ্ৰাণী গৱেষণা গোটৰ অংশ হিচাপে তেওঁ অসমৰ হলৌ বান্দৰ বিষয়ত পি.এইচডি. ডিগ্ৰীৰ বাবে‍ গৱেষণা কৰিছিল।১ স্কুলীয়া শিক্ষাৰ একাংশ তেওঁ ভাৰতৰ চিমলাৰ লৰেন্স স্কুল ছানাৱাৰত লৈছিল।

কেৰিয়াৰ

কাকতিৰ ডক্টৰেট ডিগ্ৰীৰ বাবে কৰা গৱেষণাৰ বিষয়বস্তু আছিল দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ হলৌ বান্দৰবোৰ। হলৌ বান্দৰৰ বিষয়ে‍ গৱেষণা কৰি থাকোঁতেই তেওঁ নিম্নভূমিত বিচাৰি পোৱা চিকাৰী প্ৰাণীৰ আহ-যাহ কৰা বাটবোৰৰ বিষয়ে কৌতূহলী হৈ পৰিছিল। এই আগ্ৰহেই তেওঁক মেকুৰী পৰিয়ালৰ বিষয়ে‍ কাম কৰিবলৈ বাধ্য কৰে।৬

২০০৭-২০০৯ চনত কাকতি আৰু তেওঁৰ দলটোৱে অসমৰ জয়পুৰ-দিহিং বনাঞ্চলৰ নিম্নভূমিৰ চিৰসেউজ অৰণ্যত ৩০টা ডিজিটেল কেমেৰা ট্ৰেপ স্থাপন কৰিছিল। ইয়াৰ যোগেদি‍ তেওঁৰ দলটোৱে সাতটা প্ৰজাতিৰ মেকুৰী আৰু অন্যান্য বিৰল বন্য জন্তুৰ তথ্য নথিভুক্ত কৰিবলৈ সক্ষম হৈছিল।৬ গৱেষণাত ৩৫৪ বৰ্গমাইল (৫৭০ বৰ্গ কিলোমিটাৰ) পৰিসৰত ৭টা মেকুৰী প্ৰজাতি পোৱা গৈছে — যিটোক এতিয়ালৈকে এটা অঞ্চলত ফটো তোলা সৰ্বাধিক মেকুৰী প্ৰজাতিৰ বৈচিত্ৰ্য বুলি বিবেচনা কৰা হয়।৬ ২০১২-২০১৫ চনত তেওঁ ভাৰতৰ মেঘালয় ৰাজ্যৰ বালপাক্ৰাম অঞ্চলৰ এখন অৰণ্যত ছুইডেন কৃষি মেট্ৰিস্কত স্তন্যপায়ী প্ৰাণীৰ উপস্থিতিৰ বিষয়ে‍ অধ্যয়ন কৰিছিল আৰু তাত ৫১বিধ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী নথিভুক্ত কৰিছিল; তাৎপৰ্যপূৰ্ণভাৱে‍ ইয়াৰ ভিতৰত ৫বিধ প্ৰজাতিৰ মেকুৰীজাতীয় প্ৰাণীও আছিল।৫

কাকতিৰ এই গৱেষণা-কৰ্মক অসম চৰকাৰৰ বন বিভাগৰ সহযোগত আৰু ক্ৰিটিকেল ইক’চিষ্টেম পাৰ্টনাৰশ্বিপ ফাণ্ড (চিইপিএফ), বন্যপ্ৰাণী সংৰক্ষণ সমিতি–ভাৰত কাৰ্যসূচী আৰু যুক্তৰাজ্যৰ ৰাফৰ্ড স্মল গ্ৰাণ্টছ ফাউণ্ডেচনৰ পুঁজিয়ে সহায় কৰিছিল।২

কামৰ ক্ষেত্ৰসমূহ

কাকতিৰ কামৰ ক্ষেত্ৰখনত বন্যপ্ৰাণী সংৰক্ষণ, প্ৰজাতিৰ বৈচিত্ৰ্য, জীৱ বৈচিত্ৰ্য নিৰীক্ষণ আৰু প্ৰাণী পৰিৱেশ বিজ্ঞান আদি অন্তৰ্ভুক্ত।৭

২০১১ চনত কাকতিয়ে বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজেৰে ঘাইপথ নিৰ্মাণৰ ভাৰত চৰকাৰৰ পৰিকল্পনাক সমালোচনা কৰি এক প্ৰতিৱে‍দন প্ৰস্তুত কৰিছিল। দুবছৰৰ পাছতো, ভাৰত বাৰ্মাক সংযোগ কৰা ৯৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক পথ প্ৰকল্পৰ বাবে ই আছিল "একমাত্ৰ জনা প্ৰভাৱ অধ্যয়ন"।৮

২০১৪ চনত কাকতিয়ে পৰিৱেশ সুৰক্ষা আইনৰ অধীনত হাতী কৰিডৰৰ আইনী সুৰক্ষা বিচাৰি আৱেদন দাখিল কৰিছিল। তেওঁ ৰাজ্য চৰকাৰে পৰিৱেশ আইন উলংঘা কৰি গোলাই হাতী কৰিড’ৰত তেল প্ৰেৰণ কৰা টাৰ্মিনেল নিৰ্মাণৰ অনুমতি দিয়া বুলি অভিযোগ তুলিছিল৷ কাকতিৰ আৱেদন অনুসৰি প্ৰায় ২৯৫টা হাতীয়ে দুয়োটা কৰিড’ৰ ব্যৱহাৰ কৰি সংৰক্ষিত বনাঞ্চলৰ এটা মূৰৰ পৰা আনটো মূৰলৈ প্ৰব্ৰজন কৰে য’ত ৪০টাতকৈও অধিক প্ৰজাতিৰ স্তন্যপায়ী আৰু ১৯টা মাংসভোজী প্ৰাণীও আছে।৯

তথ্যসূত্ৰ

  1. ↑ Mammals in Jeypore Dehring Forest. Conservation India
  2. ↑ (February 20, 2010). http://www.thehindu.com/sci-tech/energy-and-environment/Scientist-discovers-Himalayan-wildcat-haven/article16815726.ece
  3. ↑ (July 28, 2010). Finding the Fiery Eyes of the Night. Sustainable Development. বিশ্ব বেংক
  4. ↑ Lost Land of the Tiger Episode #1 on ইণ্টাৰনেট মুভি ডাটাবেছ
  5. ↑ Cat SG member
  6. ↑ Morrison, Dan. (March 12, 2010). 7 Cat Species Found in 1 Forest—A Record. National Geographic News. National Geographic
  7. ↑ Kashmira Kakati
  8. ↑ Schearf, Daniel. (June 17, 2013). Burma-India Transport Project Raises Opportunities, Concerns. Voice of America
  9. ↑ (February 4, 2014). NGT notice to PSUs on threat to Assam elephant corridor. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানীঅসমৰ অৰণ্যসেৱক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাশ্মীৰা কাকতি” প্ৰবন্ধৰ সংশোধন ৬৩৬৯১৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।