কাম্যা পাঞ্জাবী,১ লগতে কাম্যা শলভ ডাং২ (জন্ম: ১৩ আগষ্ট ১৯৭৯) হিচাপেও পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ কেইবাখনো হিন্দী ভাষা টেলিভিছন ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত।৩৪ ২০১৩ চনত কালাৰ্ছ টিভিৰ ৰিয়েলিটী শ্ব' বিগ বছ ৭ত অংশগ্ৰহণৰ বাবেও তেওঁ জনপ্ৰিয়।৫ ২০২১ চনৰ ২৭ অক্টোবৰত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে।৬
কৰ্মজীৱন
পাঞ্জাবীয়ে ভাৰতীয় টেলিভিছন ধাৰাবাহিক যেনে ৰেথ, অস্তিত্ব... এক প্ৰেম কাহিনী আৰু বানু মেইন তেৰী দুলহনত খলনায়িকাৰ চৰিত্ৰত অভিনয় কৰি পৰিচিতি লাভ কৰিছিল। ইয়াৰ উপৰি পাঞ্জাবীয়ে পিয়া কা ঘৰ, মৰ্যাদা: লেকিন কব তক আৰু কিউঁ হোতা হ্যায় প্যাৰত ইতিবাচক চৰিত্ৰত অভিনয় কৰিছে।
তেওঁ ছনি টিভিৰ কমেডী শ্ব’ কমেডী চাৰ্কাচৰ দ্বিতীয় ছিজনৰ অংশ আছিল আৰু কালাৰ্ছ টিভিৰ বিগ বছ ৭ত অংশগ্ৰহণ কৰিছিল।৭
১৯৯৭ চনত তেওঁ মেহেণ্ডী মেহেন্দী নামৰ এটা মিউজিক ভিডিঅ’ত অভিনয় কৰিছিল আৰু অনামিকা চৌধুৰীৰ কলা শ্বাহ কলা মিউজিক ভিডিঅ’টোৰো অংশ আছিল।৮ পাঞ্জাবীয়ে বলীউডৰ ছবি যেনে কহো না প্যাৰ হ্যায়, না তুম জানো না হম, য়াদেঁ, ফিৰ ভি দিল হ্যায় হিন্দুস্তানী আৰু কোই মিল গয়াৰ লগতে তেলেগু ছবি মা আৱিদা মিদা ওট্টু মী আৱিদা চালা মাঞ্চিদিত সৰু চৰিত্ৰত অভিনয় কৰিছিল।
২০১৯ চনত পাঞ্জাবীয়ে সহযোগী টেলিভিছন অভিনেত্ৰী কবিতা কৌশিকৰ সৈতে পাজামা পাৰ্টি নাটকৰ জৰিয়তে থিয়েটাৰত অভিষেক ঘটায়।৯
ব্যক্তিগত জীৱন
পাঞ্জাবীৰ জন্ম হৈছিল ১৯৭৯ চনৰ ১৩ আগষ্টত।১
বিগ বছ ৭ত থকা সময়ছোৱাত পাঞ্জাবীয়ে টেলিভিছন অভিনেত্ৰী প্ৰত্যুষা বেনাৰ্জীৰ সৈতে এক ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তুলিছিল।১০১১ বেনাৰ্জীৰ আত্মহত্যাৰ পিছত পাঞ্জাবীয়ে তেওঁৰ জীৱনৰ আধাৰত এখন ছবি মুক্তি দিছিল আৰু বেনাৰ্জীৰ প্ৰাক্তন প্ৰেমিকাই তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল।১২
২০০৩ চনত পাঞ্জাবীয়ে বান্তি নেগীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১৩ ২০০৯ চনত তেওঁ কন্যা আৰাৰ জন্ম দিয়ে।১৪ ২০১৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।১৫
তেওঁ টেলিভিছন অভিনেতা কৰণ পেটেলৰ সৈতে ডেটিং কৰিছিল যদিও ২০১৫ চনত তেওঁলোকৰ বিচ্ছেদ হয়।১৬১৭
২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত পাঞ্জাবীয়ে তেওঁৰ প্ৰেমিক দিল্লীৰ চিকিৎসক শলভ ডাঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১৮ শলভৰ পূৰ্বৰ বিবাহৰপৰা ঈশান নামৰ এজন পুত্ৰ আছিল। কাম্যা আৰু শলভ বৰ্তমান আৰা আৰু ঈশান দুয়োৰে পিতৃ-মাতৃ।১৯২০২১
ৰাজনীতি
২০২১ চনৰ ২৭ অক্টোবৰত পাঞ্জাবীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে।২২
তথ্যসূত্ৰ
- ↑ (13 August 2017). Happy Birthday Kamya Punjabi: 5 times the actor ruled television. Indian Express
- ↑ (2021-10-28). Kamya Panjabi joins Congress, calls it a 'beautiful start to my new beginning'. The Indian Express
- ↑ (10 July 2017). Kamya Panjabi goes bare back to support Ekta Kapoor for her film Lipstick Under My Burkha. The Times of India
- ↑ Mazumder, Ranjib. (28 January 2009). Kamya Panjabi does a balancing act. DNA India
- ↑ (16 December 2013). I prepared myself to prove that women can tough it out: Kamya Panjabi. Hindustan Times
- ↑ (2021-10-27). Actor Kamya Panjabi joins Congress, says 'looking forward to serving nation'. Hindustan Times
- ↑ IANS. (March 26, 2023). Kamya Panjabi: I Am Not Open To Any Dance Reality Shows. Outlook India
- ↑ Kamya PanjabiPhotos - Stars-TV-The Times of India Photogallery. photogallery.indiatimes.com
- ↑ Vajpayee, Soumya. (16 May 2019). TV actresses Kavita Kaushik and Kamya Punjabi debut with a play on women's empowerment. The Times of India
- ↑ (10 August 2018). Kamya Punjabi posts heartwarming video for late friend Pratyusha Banerjee on her birth anniversary. India Today
- ↑ (21 September 2016). Shooting a suicide scene made Kamya Punjabi emotional, remember Pratyusha Banerjee. The Indian Express
- ↑ (5 April 2017). Mumbai court issues notices to Kamya Punjabi for releasing film starring Pratyusha Banerjee. She join congress party in october 2021 in mumbai.. Hindustan Times
- ↑ (17 May 2013). Trouble in Kamya Punjabi's marriage again?. The Times of India
- ↑ (6 October 2020). Kamya Panjabi and husband Shalabh Dang wish daughter Aara on her birthday, share heart-touching posts - Times of India. The Times of India
- ↑ (16 June 2019). Urvashi Dholakia to Kamya Punjabi, TV's single moms who essayed the roles of a father in their child's life. The Times of India
- ↑ (2 June 2015). Karan Patel and Kamya break up: What went wrong? - Times of India ►. The Times of India
- ↑ (19 February 2016). Ex Kamya Punjabi slams Karan Patel; wife Ankita stands by him - Times of India. The Times of India
- ↑ (9 September 2019). Kamya Punjabi to get married next year. India Today
- ↑ (12 September 2019). Kamya Punjabi to tie the knot with Shalabh Dang. The Indian Express
- ↑ (12 September 2019). Kamya Punjabi to get married next year. India Today
- ↑ (10 February 2020). Unseen pictures from Shakti actress Kamya Panjabi and Shalabh Dang's fun-filled wedding. The Times of India
- ↑ (27 October 2021). Television actor Kamya Punjabi joins Congress in Mumbai
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাম্যা পাঞ্জাবী” প্ৰবন্ধৰ সংশোধন ৫৯৮৬০৯ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।