অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাৰমেন মাকী

কাৰমেন মাকী (ইংৰাজী: Carmen Maki; ১৮ মে’, ১৯৫১) এগৰাকী জাপানী গায়িকা আৰু গীতিকাৰ৷ তেওঁ কৰ্মজীৱনৰ পাঁচ বছৰতকৈও অধিক কাল লোক-সংগীতৰ চৰ্চা কৰি আহিছে। ১৯৬৯ চনত জনপ্ৰিয়তা লাভ কৰা একক এলবাম "টকি নি ৱা হাহা নো নাই কো নো য়নি"ৰ জৰিয়তে লোক গায়ক হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত, তেওঁ দ্ৰুতগতিত ৰক সংগীত গাবলৈ…

হালনাগাদ: ১ মাৰ্চ ২০২৫ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কাৰমেন মাকী (ইংৰাজী: Carmen Maki; ১৮ মে’, ১৯৫১) এগৰাকী জাপানী গায়িকা আৰু গীতিকাৰ৷ তেওঁ কৰ্মজীৱনৰ পাঁচ বছৰতকৈও অধিক কাল লোক-সংগীতৰ চৰ্চা কৰি আহিছে।১ ১৯৬৯ চনত জনপ্ৰিয়তা লাভ কৰা একক এলবাম "টকি নি ৱা হাহা নো নাই কো নো য়নি"ৰ জৰিয়তে লোক গায়ক হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত, তেওঁ দ্ৰুতগতিত ৰক সংগীত গাবলৈ লৈছিল আৰু ১৯৭২ চনৰ পৰা ১৯৭৭ চনলৈকে অ'জ (Oz) বেণ্ডৰহৈ গীত পৰিবেশন কৰিছিল। মাকী আছিল জাপানৰ প্ৰথমগৰাকী মহিলা ৰক কণ্ঠশিল্পী, আৰু অ'জ আৰু ব্লুজ ক্ৰিয়েশ্যনৰ (Blues Creation) সৈতে কৰা তেওঁৰ কামক সাধাৰণতে জাপানী ৰক সংগীতত অগ্ৰণী ভূমিকাৰ কৃতিত্ব দিয়া হয়।২৩৪৫

প্ৰাথমিক জীৱন

জাপানৰ কামাকুৰাত তেওঁৰ জন্ম হৈছিল। তেওঁৰ মাতৃ জাপানী আৰু পিতৃ আমেৰিকান আছিল।৬ পূৰ্বতে তেওঁৰ নাম আছিল মাকী এনেটী লভেলেচ (Maki Annette Lovelace)৷ মাকিৰ জন্মৰ কিছু সময়ৰ পিছতে তেওঁৰ দেউতাকে জাপান এৰি থৈ যায়। ৬ তেওঁৰ পিতৃ পক্ষৰ ককাক আইৰিছ আৰু আইতাক পোলেণ্ড-ইহুদী।১ মাকী টকিঅ'ৰ মাতৃৰ ফালৰ ককাক-আইতাকৰ ঘৰত ডাঙৰ-দীঘল হৈছিল।৬ ১৯৬৮ চনত ছেইণ্ট হিল্ডাছ স্কুলৰ দ্বিতীয় বৰ্ষত তেওঁ পঢ়া বাদ দিয়ে। ১৬ তেওঁ শ্বিনজুকু আৰু শ্বিবুয়াৰ জাজ কেফে আৰু ডিস্কোথেকত সময় কটায়, অৱশেষত তেওঁ শ্বুজি টেৰায়ামাৰ টেঞ্জো ছাজিকি থিয়েটাৰ কোম্পানীয়ে পৰিবেশন কৰা ব্লুবিয়াৰ্ড চাবলৈ যায়।৭ মাকীয়ে লগে লগে দলটোত যোগদান কৰাৰ সিদ্ধান্ত লয়, আৰু আগষ্ট মাহত প্ৰথমবাৰৰ বাবে গীত পৰিবেশন কৰে।১৭ এই সময়তে নৱগঠিত চিবিএছ/ছ’নী ৰেকৰ্ড লেবেলৰ দৃষ্টি আকৰ্ষণ কৰি গায়কীৰ চুক্তিত স্বাক্ষৰিত হয়। মঞ্চ পৰিবেশনৰ বাবে আখৰা কৰি থাকোঁতে আকস্মিকভাবে তেওঁ মঞ্চ নাম কাৰমেন মাকী গ্ৰহণ কৰে।

তথ্যসূত্ৰ

  1. ↑ (2018-08-16). Profile. Carmen Maki Official Web
  2. ↑ (2014-06-01). カルメン・マキ、初のオールタイム・ベスト. Barks
  3. ↑ (2018-08-16). カルメン・マキ&OZ、41年ぶり再結成 クラブチッタ30周年に久保田利伸らレジェンド集結. Oricon
  4. ↑ (2019-01-16). 長沢ヒロへ、リスペクトの嵐. Barks
  5. ↑ (2021-04-07). カルメン・マキがブルース・クリエイションとともに日本のロックの礎を作り上げたと言っていい意欲作. OK Music
  6. ↑ (2017-03-04). カルメン・マキ(歌手) ザ・インタビュー ~トップランナーの肖像~. BS Asahi
  7. ↑ (2023-05-05). 寺山修司が世に出した"ふたりのマキ"②カルメン・マキ「時には母のない子のように」. Tap the Pop

সম্পৰ্কিত শ্ৰেণী

Articles containing Japanese language textজাপানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰমেন মাকী” প্ৰবন্ধৰ সংশোধন ৪৮৫০০৩ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।