কামিলা শামসী (Kamila Shamsie; জন্ম: ১৩ আগষ্ট, ১৯৭৩) ‘দ্য ৰয়েল চ’ছাইটি অৱ লিটাৰেচাৰ’ৰ এগৰাকী সহযোগী।১তেওঁ জন্মসূত্ৰে পাকিস্তানী এগৰাকী ব্ৰিটিছ লেখক তথা ঔপন্যাসিক যাক তেওঁৰ বঁটা প্ৰাপ্ত উপন্যাস হ’ম ফায়াৰৰ বাবে জনা যায়।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
পাকিস্তানৰ এটি সম্ভ্ৰান্ত বুদ্ধিজীৱীৰ পৰিয়ালত শামসীৰ জন্ম হয়। তেওঁৰ মাক মুনিজা শামসী এগৰাকী সাংবাদিক তথা সম্পাদক, খুড়ী আইতাক আত্তিয়া হোছেইন এগৰাকী লেখক আৰু তেওঁ আত্মজীৱনীকাৰ (স্মৃতিকথা লেখক) জাহানাৰা হবিবুল্লাহৰ নাতিনী। ২ কৰাছী গ্ৰামাৰ স্কুলত পঢ়া-শুনা কৰি শামসী কৰাছীতে ডাঙৰ-দীঘল হয়।১নিউয়ৰ্কৰ হেমিল্টন বিশ্ববিদ্যালয়ৰপৰা তেওঁ সৃজনীশীল সাহিত্যত স্নাতক ডিগ্ৰী, ১আৰু মাচাচুসেট্চ এমহৰ্ষ্ট বিশ্ববিদ্যালয়ৰপৰা এম এফ এ (এম এফ এ প্ৰ'গ্ৰাম ফ'ৰ পয়েটচ্ এণ্ড ৰাইটাৰ্ছ) ডিগ্ৰী লাভ কৰিছিল,১য'ত তেওঁ কাশ্মিৰী কবি আঘা শাহিদ আলিৰ দ্বাৰা প্ৰভাৱাম্বিত হৈছিল।৩
কৰ্ম্মজীৱন
শামসীয়ে তেওঁৰ প্ৰথমখন কিতাপ ইন দ্য চিটি অৱ দ্য চি মহাবিদ্যালয়ত অধ্যয়নৰত কালত লিখি উলিয়াইছিল; যিখনে ১৯৯৮ চনত, শামসীৰ ২৫ বছৰ বয়সত প্ৰকাশৰ মুখ দেখে।৪এই উপন্যাসখনৰ বাবে তেওঁ ১৯৯৯ চনত পাকিস্তানী সাহিত্য কীৰ্তিৰ প্ৰধান মন্ত্ৰীৰ পুৰস্কাৰ লাভ কৰিছিল।৩২০০০ চনত প্ৰকাশিত, তেওঁৰ দ্বিতীয়খন উপন্যাস চল্ট এণ্ড চেফ্ৰনৰ বাবে তেওঁ একৈশ শতিকাৰ ‘অৰেঞ্জ’ৰ ২১ গৰাকী লেখকৰ তালিকাত স্থান পায়।৩তৃতীয়খন উপন্যাস কাৰ্ট’গ্ৰাফী(২০০২)য়ে সমালোচকৰ বিপুল প্ৰশংসা লাভ কৰে আৰু কিতাপখন যুক্তৰাষ্ট্ৰৰ ‘জ’ন লেৱেলিন ৰাইচ পুৰস্কাৰ’ৰ বাবে তালিকাভুক্ত হয়।৫ তেওঁৰ দুয়োখন উপন্যাস কাৰ্ট’গ্ৰাফী(২০০২) আৰু ব্ৰ’কেন ভাৰ্চেচে (২০০৫) পাকিস্তানী একাডেমী অৱ লেটাৰচ্ৰপৰা পাত্ৰাস বোখাৰি বঁটা লাভ কৰিছিল৩শামসীৰ পঞ্চমখন উপন্যাস বাৰ্ণ্ট চেদ’জ (২০০৯) কল্প-সাহিত্যৰ অৰেঞ্জ পুৰস্কাৰৰ বাবে তালিকাভুক্ত হৈছিল ৫ আৰু ‘আনিছফিল্ড ওল্ফ বুক এৱাৰ্ড ফ'ৰ ফিকচন’ বঁটা লাভ কৰিছিল।৬আ গ’ড ইন এভ্ৰি ষ্ট’ন(২০১৪) ২০১৫ চনত ‘ৱাল্টাৰ স্কট’ ৭ আৰু ‘বেইলিজ ৱুমেনচ্ প্ৰাইজ ফ’ৰ ফিকচন’ বাবে তালিকাভুক্ত হৈছিল। ৮২০১৭ চনৰ বুকাৰ বঁটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা শামসীৰ কিতাপখন আছিল তেওঁৰ সপ্তমখন উপন্যাস হ’ম ফায়াৰ। ৯কিতাপখনে ২০১৮ চনত কল্প-সাহিত্যৰ বাবে মহিলা লেখকৰ বঁটা লাভ কৰে।১০
২০০৯ চনত, কামিলা শামসীয়ে ‘অক্সফাম’ৰ ‘অক্স-টেলচ্’ প্ৰকল্পলৈ তেওঁৰ দ্য ডেজাৰ্ট টৰ’চ' গল্পটি দান কৰিছিল- এয়া আছিল ৩৮ জন লেখকৰ দ্বাৰা লিখিত চাৰিটা ইউৰোপীয় কাহিনীৰ সংকলন। এয়াৰ শীৰ্ষক সংকলনটোত শামসীৰ গল্পটো সংকলিত হৈছিল।১১২০১১ চনৰ জয়পুৰ সাহিত্য সন্মিলনত শামসীয়ে ভাগ লৈছিল; য’ত তেওঁ নিজস্ব লেখন শৈলী বিষয়ক বক্তৃতা প্ৰদান কৰিছিল। বুচ থিয়েটাৰৰ ‘চিকষ্টি চিক্স বুকচ্’ প্ৰকল্পত তেওঁ ভাগ লৈছিল১২২০১৩ চনত ২০ গৰাকী সৰ্বশ্ৰেষ্ঠ যুৱ ব্ৰিটিছ লেখকৰ ‘গ্ৰন্ত’ তালিকাত কামিলা শামসীৰ নাম অন্তৰ্ভুক্ত হয়। ১৩ S
ব্যক্তিগত জীৱন
শামসীয়ে কৈছে যে, তেওঁ নিজকে মুছলিম বুলি গণ্য কৰে।১৪২০০৭ চনত তেওঁ লণ্ডনলৈ যায় আৰু ইতিমধ্যে তেওঁ পাকিস্তান আৰু ইংলেণ্ড, এই দুয়োখন দেশৰে দ্বৈত নাগৰিকত্ব লাভ কৰিছে।
বঁটা আৰু স্বীকৃতি
- ১৯৯৯: পাকিস্তানী সাহিত্য কীৰ্তিৰ বাবে প্ৰধান মন্ত্ৰীৰ পুৰস্কাৰ ( ইন দ্য চিটি অৱ দ্য চি গ্ৰন্থৰ বাবে)
- ২০০২: পাকিস্তানী একাডেমী অৱ লেটাৰচ্ৰপৰা পাত্ৰাস বোখাৰি বঁটা
- ২০০৫: পাত্ৰাস বোখাৰি পুৰস্কাৰ, (ব্ৰ’কেন ভাৰ্চেচ গ্ৰন্থৰ বাবে)
- ২০১০: আনিছফিল্ড ওল্ফ বুক এৱাৰ্ড ফ’ৰ ফিকচন (বাৰ্ণ্ট চেড’জ গ্ৰন্থৰ বাবে)৬
- ২০১৮: ৱ’মেনচ্ প্ৰাইজ ফ’ৰ ফিকচন (হ’ম ফায়াৰ গ্ৰন্থৰ বাবে)১৫
- ২০১৯: নেলি চেক্স প্ৰাইজ ১৬
গ্ৰন্থপঞ্জী
- ইন দ্য চিটি অৱ দ্য চি (১৯৯৮)
- চল্ট এণ্ড চেফ্ৰন (২০০০)
- কাৰ্ট’গ্ৰাফী (২০০২)
- ব্ৰ’কেন ভাৰ্চেচ (২০০৫)
- অ’ফেন্স: দ্য মুছলিম কেচ (২০০৯)
- বাৰ্ণ্ট চেদ’জ (২০০৯)
- আ গ’ড ইন এভ্ৰি ষ্ট’ন (২০১৪)
- হ’ম ফায়াৰ (২০১৭)
তথ্যসূত্ৰ
- ↑ (8 March 2013). Kamila Shamsie: Following in her father's footsteps. South Asian Diaspora
- ↑ Major, Nick. (2018-08-18). THE SRB INTERVIEW: Kamila Shamsie. Scottish Review of Books
- ↑ Agha, Saira. (26 August 2016). Pride of Pakistan:Kamila Shamsie. Daily Times
- ↑ Hanman, Natalie. (2014-04-11). Kamila Shamsie: 'Where is the American writer writing about America in Pakistan? There is a deep lack of reckoning'. The Guardian
- ↑ Kamila Shamsie. Bloomsbury
- ↑ "Kamila Shamsie | Burnt Shadows", Anisfiels-Wolf Book Awards
- ↑ (24 March 2015). 2015 Shortlist announced. Walter Scott Prize
- ↑ Driscoll, Brogan. (2015-04-13). Baileys Women's Prize for Fiction Shortlist Announced. HuffPost UK
- ↑ Beer, Tom. (14 August 2017). What to read this week. Newsday
- ↑ Flood, Alison (6 June 2018), "Kamila Shamsie wins Women's prize for fiction for 'story of our times'", The Guardian
- ↑ "The Desert Torso" – A short story from the OX-Tales series/
- ↑ Kamila Shamsie - "The Letter in response to Philemon", Sixty-Six Books, Bush Theatre
- ↑ Best of Young British Novelists 4, Granta 123
- ↑ Nicol, Patricia. (2017-09-20). Author of the moment Kamila Shamsie on what it is to be a Muslim today. Evening Standard
- ↑ "Announcing the 2018 Women’s Prize winner!", Women's Prize for Fiction
- ↑ Flood, Allison. (19 September 2019). Kamila Shamsie’s book award withdrawn over her part in Israel boycott. The Guardian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামিলা শামসী” প্ৰবন্ধৰ সংশোধন ৬৩৬৯১৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।