জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
শোভনাসুন্দৰী মুখোপাধ্যায়
শোভনাসুন্দৰী মুখোপাধ্যায় (ইংৰাজী: Shobhanasundari Mukhopadhyay; জন্ম: ১৮৭৭ - মৃত্যু: ২৬ মে' ১৯৩৭) এগৰাকী ভাৰতীয় লেখিকা তথা লোককথাবিদ আছিল। তেওঁ লোককথা সম্পৰ্কীয় সংকলনৰ বাবে বিশেষভাৱে পৰিচিত। তেওঁ আছিল হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা আৰু সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী।
-
শোভা গুৰ্টু
শোভা গুৰ্টু ( Shobha Gurtu; ১৯২৫–২০০৪) লঘু হিন্দুস্তানী শাস্ত্ৰীয় শৈলীৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আছিল। বিশুদ্ধ শাস্ত্ৰীয় শৈলীৰ ওপৰতো সমান আধিপত্য আছিল যদিও লঘু শাস্ত্ৰীয় সংগীতৰ দ্বাৰাহে তেওঁ খ্যাতি লাভ কৰিছিল। এটা সমৃদ্ধ কণ্ঠৰ বাবে তেওঁ থুমৰী ৰাণী হিচাপে পৰিচিত হৈছিল।
-
শোভা দে
শোভা ৰাজাধ্যাক্সা বা শোভা দে (জন্ম ৭ জানুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ৷ তেওঁক প্ৰধানকৈ তেওঁৰ কাহিনীসমূহত অংকণ কৰা সমাজৰ ৰূপ আৰু যৌনতাৰ বাবে জনা যায়৷ সাহিত্যিক কৰ্মৰাজিত প্ৰাধান্য পোৱা এই মূল বিষয়-বস্তুৰ বাবে তেওঁক ’ভাৰতৰ জেকি কলিনছ (Jackie Collins of India) বুলিও অভিহিত কৰা…
-
শোভানা নৰসিংহ
শোভানা নৰসিংহ (Shobhana Narasimhan) হৈছে বাংগালোৰস্থিত 'জৱাহৰলাল নেহৰু উচ্চ বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ'ৰ এগৰাকী অধ্যাপিকা। তেখেতে তাত্ত্বিক বিজ্ঞানত অধ্যাপনা কৰে। তেখেতৰ গৱেষণাক্ষেত্ৰৰ মূল বিষয় হৈছে গণনামূলক নেনোবিজ্ঞান।
-
শ্বাইনী আব্ৰাহাম
শ্বাইনী উইলছন (বিবাহৰ পূৰ্বে আব্ৰাহাম, Shiny Abraham Wilson, জন্ম ৮ মে' ১৯৬৫) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় খেলুৱৈ। তেওঁ ১৪ বছৰ ধৰি ৮০০ মিটাৰ ট্ৰেক এণ্ড ফিল্ডত ৰাষ্ট্ৰীয় চেম্পিয়ন হৈ আছে। শ্বাইনী আব্ৰাহাম উইলছনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৭৫ বাৰতকৈও অধিক বাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
শ্বাহ চুলতান ৰুমী
শ্বাহ চুলআন কামাৰ আদ-দীন ৰুমী (শাহ সুলতান কমর উদ্দিন রুমী,Shāh Sulṭān Qamar ad-Dīn Rumī) আছিল একাদশ শতিকাৰ এগৰাকী চুফী মুছলমান ব্যক্তি; যিয়ে পৰম্পৰা অনুসৰি প্ৰথম চুফী ভ্ৰমণ কৰাৰ লগতে বসতি স্থাপন কৰিছিল বুলি বিশ্বাস কৰা হয়।
-
শ্বাহ বাদাখছি
মুল্লা শ্বাহ বাদাখছি, জনপ্ৰিয়ভাৱে মুল্লা শ্বাহ নামেৰে পৰিচিত আছিল, ১৭ শতিকাৰ এজন মুছলমান চুফী আৰু বিখ্যাত চুফী সন্ত মিয়ান মীৰ(১৫৫০ – ১৬৩৫)ৰ আধ্যাত্মিক উত্তৰাধিকাৰী। তেওঁৰ জন্ম হৈছিল বাদাখছান (বৰ্তমান আফগানিস্তান)ৰ ৰুস্তাক অঞ্চলৰ আৰাস্কা গাঁৱত এজন কাজীৰ ঘৰত, যাৰ পৰাই তেওঁৰ নামটোও উদ্ভৱ হৈছে।
-
শ্বাহনাজ বুখাৰী
শ্বাহনাজ বুখাৰী (Shahnaz Bukhari) এগৰাকী পাকিস্তানী মনোবিজ্ঞানী আৰু মহিলা অধিকাৰ কৰ্মী। তেওঁ বেচৰকাৰী সংগঠন প্ৰগতিশীল মহিলা সন্থা চমুকৈ পিডব্লিউএৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক। এই সংগঠনে মহিলাৰ বিৰুদ্ধে হিংসাক নথিভুক্ত আৰু বিৰোধিতা কৰে।
-
শ্বাহীন মিস্ত্ৰী
শ্বাহীন মিস্ত্ৰী ( Shaheen Mistri; জন্ম: ১৬ মাৰ্চ ১৯৭১ চন) আকাংক্ষা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক হিচাপে পৰিচিত এজন ভাৰতীয় সমাজ কৰ্মী আৰু শিক্ষাবিদ আৰু ২০০৮ চনৰ পৰা টিচ্ছ ফৰ ইণ্ডিয়াৰ চিইঅ' হিচাপে মুম্বাই আৰু পুনেত ভাৰতীয় অলাভজনক শিক্ষামূলক পদক্ষেপৰ বাবে পৰিচিত এগৰাকী সমাজ কৰ্মী।
-
শ্বীবা চাদ্ধা
শ্বীবা চাদ্ধা ( Sheeba Chaddha) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টেলিভিছন অভিনেত্ৰী। ২০২২ চনত বধাই দো আৰু ডক্টৰ জি ছবিত তেওঁ অভিনয় কৰে আৰু বধাই দোৰ ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।
-
শ্বেতা বাসু প্ৰসাদ
শ্বেতা বাসু প্ৰসাদ (Shweta Basu Prasad, জন্ম ১১ জানুৱাৰী ১৯৯১) হৈছে এগৰাকী ভাৰতীয় কথাছবিৰ অভিনেত্ৰী। শ্বেতাই তেলুগু, তামিল, আৰু হিন্দী ছবিৰ উদ্যোগত নিজকে প্ৰতিষ্ঠিত কৰিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি শ্বেতা ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্যলৈ মনোনীত হৈছে।
-
শ্বেফালী জাৰিৱালা
শ্বেফালী জাৰিৱালা (Shefali Jariwala; ১৫ ডিচেম্বৰ ১৯৮২ – ২৭ জুন ২০২৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ কেইবাখনো হিন্দী সংগীত ভিডিঅʼ, ৰিয়েলিটি শ্ব' আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল। কাঁটা লগা শীৰ্ষক মিউজিক ভিডিঅ’ত অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
শ্যাম সুন্দৰ পালিৱাল
শ্যাম সুন্দৰ পালিৱাল এজন সমাজ সেৱক, যি ভাৰতৰ ৰাজস্থানৰ ৰাজসমন্দ জিলাৰ পিপলান্ত্ৰী গাঁৱৰ বাসিন্দা। ২০২১ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক সমাজ সেৱাৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে। তেওঁ "ইকো-নাৰীবাদৰ জনক" হিচাপে পৰিচিত।
-
শ্যামা (অভিনেত্ৰী)
শ্যামা (জন্ম: খুৰচিদ আখটাৰ; Shyama; ৭ জুন ১৯৩৫-১৪ নবেম্বৰ ২০১৭) এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল। ১৯৪৫ৰ ১৯৮৯লৈ তেওঁ অভিনয় জীৱনত সক্ৰিয় হৈ আছিল। তেওঁক আৰপাৰ, বৰসাত কী ৰাত আদি ছবিৰ বাবে খ্যাত।
-
শ্ৰী গুনসিংহে
শ্ৰী গুণসিংহে (Siri Gunasinghe; সিংহলী: සිරි ගුණසිංහ; ১৮ ফেব্ৰুৱাৰী ১৯২৫ – ২৫ মে’ ২০১৭) শ্ৰীলংকাৰ এগৰাকী শিক্ষাবিদ, কবি, সংস্কৃতিবিদ, শিল্পকলা ইতিহাসবিদ, লেখক তথা চলচ্চিত্ৰ নিৰ্মাতা আছিল। মুক্ত সিংহল কবিতাৰ সৃষ্টিশীলতাক নিখুঁত আৰু তীক্ষ্ণ কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
শ্ৰীপদ ডাভোলকাৰ
শ্ৰীপদ এ ডাভোলকাৰ (Shripad Dabholkar, ১৯২৪ – মে’ ২০০১) এগৰাকী ভাৰতীয় বুদ্ধিজীৱী আৰু সমাজকৰ্মী আছিল। তেওঁ প্ৰকৃতিৰ অনুকূল গ্ৰাম্য উন্নয়নৰ বাবে তৃণমূল পৰ্যায়ৰ নেটৱৰ্কিঙৰ এক গাঁথনিহীন পদ্ধতিৰ প্ৰতিষ্ঠাপক আছিল, যাক প্ৰয়োগ পাৰিবাৰ (পৰীক্ষামূলক সম্প্ৰদায়) বুলি কোৱা হৈছিল।
-
শ্ৰীমতী লাল
শ্ৰীমতী প্ৰিয়দৰ্শিনী লাল (১৯৫৯ – ২০১৯) এগৰাকী ভাৰতীয় শিল্পী, কবি, লেখিকা, শিল্প সমালোচক আৰু কিউৰেটৰ আছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ কৰ্মৰাজিৰ বিশটাতকৈও অধিক প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল।
-
শ্ৰীলতা নাম্বুতিৰি
শ্ৰীলতা নাম্বুতিৰি (ইংৰাজী: Sreelatha Namboothiri; জন্ম: অঞ্জিলিভেলিল বসন্ত) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য গায়িকা৷ তেওঁ মালয়ালম চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰে। তেওঁ প্ৰায় তিনিশৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৬৭ চনত মুক্তি লাভ কৰা খদীজা আছিল তেওঁৰ প্ৰথম চলচ্চিত্ৰ।
-
শ্ৰীলীলা
শ্ৰীলীলা (জন্ম: ১৪ জুন, ২০০১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ শিশু শিল্পী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ২০১৯ চনৰ ছবি কিছৰ জৰিয়তে মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
শ্ৰুতি হৰিহৰ সুব্ৰমণিয়ান
শ্ৰুতি হৰিহৰ সুব্ৰমণিয়ান (ইংৰাজী:Sruti Harihara Subramanian) এগৰাকী পৰিচালক, উদ্যমী, থিয়েটাৰ অভিনেত্ৰী আৰু ২০০২ চনৰ প্ৰাক্তন মিছ চেন্নাই। শিল্পী কৃষাণ খান্নাৰ ওপৰত নিৰ্মিত তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ তথ্যচিত্ৰ এ ফাৰ আফটাৰনুন-এ দুটাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল: ৬৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ…
-
শৰ্মিলা বিশ্বাস
শৰ্মিলা বিশ্বাস ওড়িছীৰ এগৰাকী প্ৰখ্যাত ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী তথা ক'ৰিয়'গ্ৰাফাৰ আৰু গুৰু কেলুচৰণ মহাপাত্ৰৰ শিষ্য। ১৯৯৫ চনত তেখেত কলকাতাত ওড়িছী ভিচন এণ্ড মুভমেণ্ট ছেণ্টাৰ প্ৰতিষ্ঠা কৰে, য'ত তেখেত শৈল্পিক পৰিচালক। কেন্দ্ৰ অ'ভিএম ন্যাসও আছে।
-
শৰৎ চন্দ্ৰ ৰায়
শৰৎচন্দ্ৰ ৰায় (Sarat Chandra Roy; ৪ নৱেম্বৰ ১৮৭১– ৩০ এপ্ৰিল ১৯৪২ ) এজন ভাৰতীয় নৃতত্ত্বৰ পণ্ডিত আছিল। তেওঁ ‘ভাৰতীয় নৃতাত্ত্বিকতাৰ পিতৃ’, ‘প্ৰথম ভাৰতীয় নৃতাত্ত্বিক’, আৰু ‘প্ৰথম ভাৰতীয় নৃতত্ত্ববিদ’ হিচাপে পৰিচিত।
-
ষ্টিভেন জনছন
ষ্টিভেন বাৰ্লিন জনছন (জন্ম ৬ জুন, ১৯৬৮) এজন আমেৰিকান জনপ্ৰিয় বিজ্ঞান লেখক আৰু মিডিয়া তত্ত্ববিদ।
-
ষ্টেফান বিব্ৰ’স্কি
লিয়নেল দ্য লায়ন-ফেচড মেন নামেৰে বেছি পৰিচিত ষ্টেফান বিব্ৰ’স্কি (১৮৯০–১৯৩২) আছিল এজন বিখ্যাত বাটৰ কাষত প্ৰদৰ্শন কৰা অভিনয় শিল্পী। গোটেই শৰীৰটো দীঘল চুলিৰে আবৃত আছিল যিয়ে তেওঁক সিংহৰ দৰে ৰূপ দিছিল; ইয়াৰ কাৰণ হ’ব পাৰে হাইপাৰট্ৰাইক’ছিছ নামৰ বিৰল অৱস্থা।
-
ষ্টেফি ডিচুজা
ষ্টেফানি "ষ্টেফি" ডিচুজা, নী চেকুয়েৰা (২৬ ডিচেম্বৰ ১৯৩৬ – ১১ ছেপ্টেম্বৰ ১৯৯৮) এথলেটিকছ আৰু মহিলা হকীত ভাৰতক প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈ আছিল। ১৯৬৩ চনত তেওঁ অৰ্জুন বঁটা লাভ কৰা প্ৰথম মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়৷
-
ষ্টেলা এটকিন্স
ষ্টেলা এটকিন্স কানাডাৰ চাইমন ফ্ৰেজাৰ বিশ্ববিদ্যালয়ৰ কম্পিউটিং বিজ্ঞানৰ এমেৰিটাছ অধ্যাপক, আৰু কম্পিউটিঙৰ কাৰিকৰী মহিলাৰ বাবে গঠিত চিষ্টাৰ্চ সম্প্ৰদায়ৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক সদস্য।
-
সংগীতা কাকতি
সংগীতা কাকতি (Sangita Kakati; জন্ম - ২০জানুৱাৰী) অসমৰ এগৰাকী কণ্ঠশিল্পী। সংগীতা কাকতিয়ে শাস্ত্ৰীয়, লঘু শাস্ত্ৰীয়,আধুনিক, লোক সংগীত, বৰগীতৰ লগতে বহুতো ভক্তিমূলক গীততো কণ্ঠ দান কৰিছে। এতিয়ালৈকে তেওঁ গোৱা গীতৰ সংখ্যা ১০০০ তকৈ অধিক হৈছেগৈ।
-
সংযুক্তা (অভিনেত্ৰী)
সংযুক্তা (Samyuktha; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯৫; পূৰ্বতে সংযুক্তা মেনন) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ মালয়ালম আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কেৰালা ফিল্ম ক্ৰিটিকছ এছ’চিয়েচন বঁটা আৰু সন্তোষম ফিল্ম বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
সংযুক্তা পাণিগ্ৰাহী
সংযুক্তা পাণিগ্ৰাহী (ইংৰাজী: Sanjukta Panigrahi; ২৪ আগষ্ট ১৯৪৪ – ২৪ জুন ১৯৯৭) ভাৰতৰ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্য ওড়িছীৰ আগশাৰীৰ প্ৰতিষ্ঠাপক আছিল।
-
সঞ্জনা সাংঘী
সঞ্জনা সাংঘী (Sanjana Sanghi; জন্ম: ২ ছেপ্টেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১১ চনৰ ৰকষ্টাৰ ছবিত এগৰাকী শিশু শিল্পী হিচাপে অভিনয়েৰে চলচ্চিত্ৰ জগতত খোজ দিয়ে।