অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰীলীলা

শ্ৰীলীলা (জন্ম: ১৪ জুন, ২০০১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ শিশু শিল্পী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ২০১৯ চনৰ ছবি কিছৰ জৰিয়তে মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৫১৬ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শ্ৰীলীলা (জন্ম: ১৪ জুন, ২০০১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু ভাষা চলচ্চিত্ৰত কাম কৰে। তেওঁ শিশু শিল্পী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ২০১৯ চনৰ ছবি কিছৰ জৰিয়তে মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ পেল্লী চন্দা ডি (২০২১), ধামাকা (২০২২), ভগাৱন্ত কেশৰী (২০২৩), গুণ্টুৰ কাৰম (২০২৪) আৰু মাছ জাতৰা (২০২৫) ছবিত অভিনয় কৰে। তেওঁ তিনিটাকৈ ছাউথ ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল মুভি এৱাৰ্ড লাভ কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

শ্ৰীলীলাৰ জন্ম হৈছিল ২০০১ চনৰ ১৪ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছিগানৰ ডেব্ৰুইটৰ এটা তেলুগু পৰিয়ালত।১২ তেওঁ ভাৰতৰ বেংগালুৰুত ডাঙৰ-দীঘল হৈছিল।৩৪ তেওঁৰ আইতাক-ককাক অন্ধ্ৰ প্ৰদেশৰ ওংগোলৰ বাসিন্দা আৰু শৈশৱত তেওঁ প্ৰায়ে সেই ঠাইলৈ গৈছিল।৫ তেওঁৰ মাতৃ স্বৰ্ণলতা বেংগালুৰুৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ।৬ স্বৰ্ণলতা উদ্যোগপতি সুৰাপানেনি শুভাকৰ ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু এই দম্পতীৰ বিচ্ছেদৰ বহু পিছত শ্ৰীলীলাৰ জন্ম হৈছিল। ৰাওৱে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে শ্ৰীলীলা তেওঁৰ কন্যা নহয়। স্বৰ্ণলতাই এতিয়ালৈকে শ্ৰীলীলাৰ পিতৃ কোন সেই কথা প্ৰকাশ কৰা নাই।৭৪৮

শ্ৰীলীলাই সৰুৰেপৰাই ভৰতনাট্যম নৃত্যৰ প্ৰশিক্ষণ লৈছিল। ২০২৬ চনত তেওঁ নবী মুম্বাইৰ ডি. ৱাই. পাটিল স্কুল অৱ মেডিচিনৰপৰা এমবিবিএছ ডিগ্ৰী লাভ কৰি এগৰাকী চিকিৎসক হিচাপে পৰিগণিত হয়।৯১০১১

কেৰিয়াৰ

প্ৰাৰম্ভিক কাম (২০১৭–২০২০)

শ্ৰীলীলাই ২০১৭ চনৰ তেলুগু চলচ্চিত্ৰ চিত্ৰাংগদাৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল, য’ত তেওঁ সিন্ধু টোলানীৰ চৰিত্ৰটোৰ সৰু কালৰ সংস্কৰণটো ৰূপায়ণ কৰিছিল।১২ পৰিচালক এ. পি. অৰ্জুনে চিনেমাটোগ্ৰাফাৰ ভুৱন গৌড়ায়ে তোলা শ্ৰীলীলাৰ ছবি ছচিয়েল মিডিয়াত দেখিছিল আৰু তেওঁক ২০১৯ চনৰ বোলছবি কিছত মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ দিছিল। অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে তেলুগু চলচ্চিত্ৰ জগতত চিনাকি থকা সত্ত্বেও তেওঁ কানাড়া ভাষাৰ চলচ্চিত্ৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল কাৰণ তেওঁ বেংগালুৰুত ডাঙৰ-দীঘল হৈছিল।১৩

শ্ৰীলীলা প্ৰাক-বিশ্ববিদ্যালয় পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত থাকোঁতেই ২০১৭ চনত কিছৰ চিত্ৰগ্ৰহণ আৰম্ভ হৈছিল।১ ২০১৯ চনত মুক্তি পোৱা ছবিখনে বক্স অফিচত সফলতা অৰ্জন কৰিছিল।১৪ দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এ. শাৰদাই কৈছিল যে শ্ৰীলীলাই এক আত্ম-বিশ্বাসী অভিষেক ঘটাইছে। টাইমছ অৱ ইণ্ডিয়াৰ সমালোচক বিনয় লোকেশেও একে সুৰতে কয় যে শ্ৰীলীলাই নিজৰ চৰিত্ৰত উজ্জ্বল প্ৰদৰ্শন কৰিছে।১৫ এমাহৰ পিছত শ্ৰীমুৰলীৰ বিপৰীতে তেওঁৰ দ্বিতীয়খন ছবি ভাৰাতে মুক্তি পায়।১৬ তেওঁৰ অভিনয় পৰ্যবেক্ষণ কৰি দ্য নিউজ মিনিটৰ অৰবিন্দ শ্বেতাই লিখিছে: "শ্ৰীৰ অভিনয় ভাল আৰু অভিনয় তথা পৰ্দাত উপস্থিতিৰ ক্ষেত্ৰত তেওঁ শ্ৰী মুৰলীৰ সৈতে সমানে খোজ মিলাইছে।" ১৭

কৰ্মজীৱনৰ উঠা-নমা (২০২১–বৰ্তমান)

২০২২ চনত শ্ৰীলীলা
২০২২ চনত শ্ৰীলীলাছবি: People Media Factory · CC BY 3.0

২০২১ চনত শ্ৰীলীলাই ৰোমাণ্টিক মিউজিকেল ছবি পেল্লী চন্দা ডিত অভিনয়ৰ সুযোগ লাভ কৰে, যিখন আছিল তেলুগু চলচ্চিত্ৰ জগতত তেওঁৰ অভিষেক ছবি।১৮ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ চৰিত্ৰটোক এটা অতি আকৰ্ষণীয় ভূমিকা বুলি অভিহিত কৰিছিল।১৯ ছবিখনে নেতিবাচক সমালোচনা লাভ কৰিলেও শ্ৰীলীলাৰ অভিনয়ে সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।২০ দ্য হিন্দুৰ সংগীতা দেৱীয়ে ছবিখনক মুখ্য অভিনেতা ৰোচন আৰু শ্ৰীলীলাৰ বাবে এক ব্যয়-বহুল "শ্ব'ৰিল" বুলি অভিহিত কৰি মন্তব্য কৰে যে তেওঁলোকক পৰ্দাত সতেজ দেখিছিল যদিও তেওঁলোকৰ মাজত ৰসায়নৰ অভাৱ আছিল।২১

২০২২ চনত তেওঁ কানাড়া ৰোমাণ্টিক কমেডী বাই টু লাভত অভিনয় কৰে। দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ শাৰদাই ছবিখনত তেওঁৰ অভিনয় উপভোগ্য বুলি অনুভৱ কৰিছিল।২২ ডেক্কান হেৰাল্ডৰ এটা পৰ্যালোচনাত কোৱা হৈছে যে তেওঁৰ অভিনয় প্ৰভাৱশালী আছিল যদিও শ্ৰীলীলাৰ কানাড়া উচ্চাৰণত অধিক উন্নতিৰ থল আছিল।২৩ ইয়াৰ পিছত তেওঁ ২০২২ চনৰ ছবি জেমছৰ "ট্ৰেডমাৰ্ক" গীতটিত এক বিশেষ চৰিত্ৰত ভূমুকি মাৰে।২৪ পেল্লী চন্দা ডিৰ সফলতাৰ পিছত শ্ৰীলীলাই তেলুগু ছবিত কেইবাটাও সুযোগ লাভ কৰে।২০২৫ ইয়াৰ পিছত তেওঁ ৰবি তেজাৰ বিপৰীতে ধামাকা ছবিত অভিনয় কৰে, যিখনে বক্স অফিচত সফলতা লাভ কৰিছিল।২৬

২০২৩ চনত শ্ৰীলীলাই ৰাম পোটিনেনিৰ সৈতে স্কন্দ ছবিত অভিনয় কৰে।২৭ ছবিখনে সমালোচকৰপৰা মিশ্ৰিত তথা নেতিবাচক সমালোচনা লাভ কৰে আৰু বক্স অফিচত বিফল হয়।২৮ ইয়াৰ পিছত শ্ৰীলীলা অনিল ৰবিপুদীৰ পৰিচালনাত নন্দমুৰী বালকৃষ্ণ আৰু কাজল আগৰৱালৰ সৈতে ভগাৱন্ত কেশৰীত অভিনয় কৰে। এই ছবিখনে সমালোচকৰপৰা ইতিবাচক সঁহাৰি লাভ কৰে।২৯

তথ্যসূত্ৰ

  1. ↑ (October 15, 2017). KISS debutante determined to be a doctor. Cinema Express
  2. ↑ Sreeleela. manoramaonline.com
  3. ↑ Adivi, Sashidhar. (February 14, 2022). Ravi Teja is full of energy: Sreeleela. Deccan Chronicle
  4. ↑ (October 17, 2021). Industrialist Clarifies PelliSandaD Heroine Sree Leela Is Not His Daughter. Sakshi Post
  5. ↑ (October 29, 2023). Sreeleela: "నేనూ ఒంగోలియనే.." ఒంగోలులో సందడి చేసిన హీరోయిన్ శ్రీలీల. News18
  6. ↑ (June 10, 2020). Mum's the word. The New Indian Express
  7. ↑ (September 21, 2025). What happened between Sreeleela and her father? The truth behind the buzz. Indulge Express
  8. ↑ (October 17, 2021). Pelli SandaD heroine Sree Leela is not my daughter: Subhakara Rao Suprapaneni states in a press meet. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  9. ↑ (February 12, 2026). Actress Sreeleela passes MBBS and becomes a qualified doctor. Which medical college was she studying at?. The Economic Times
  10. ↑ (February 11, 2026). Sreeleela graduates with medical degree after 6 years of juggling acting with studies, fans impressed by her discipline. hindustantimes.com
  11. ↑ (February 11, 2026). 'Dr Sreeleela' is official: Actress wins hearts as she graduates medical school while starring in blockbusters. indianexpress.com
  12. ↑ Mounika. (June 14, 2023). శ్రీలీల చైల్డ్ ఆర్టిస్ట్ గా నటించిన చిత్రం ఏదో తెలుసా.?. Manam News
  13. ↑ (November 14, 2018). Bhuvan Gowda's pictures of me landed me in Kannada films: Actress Sree Leela. The Times of India
  14. ↑ (February 18, 2020). Kiss Movie: Viraat, Sree Leela-starrer Kiss crosses 100th day milestone. Bangalore Mirror
  15. ↑ Vinay Lokesh. (September 27, 2019). Kiss movie review. The Times of India
  16. ↑ (October 14, 2019). Interview · Expect no shades of 'KISS' in 'Bharaate', says actress Sreeleela. The New Indian Express
  17. ↑ (October 18, 2019). 'Bharaate' review: Sri Murali film is all mass with too many subplots. The News Minute
  18. ↑ (May 8, 2021). Not much difference between Sandalwood and Tollywood: Sreeleela. The New Indian Express
  19. ↑ (January 13, 2021). I got a role to die for in my Telugu film debut: Sreeleela. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  20. ↑ (February 3, 2022). Does Sreeleela demand Rs 1 crore for a film?. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  21. ↑ Chowdhary, Y. Sunita. (October 16, 2021). 'Pelli SandaD' movie review: Done and dusted old school romance. দ্য হিন্দু
  22. ↑ (February 19, 2022). By Two Love is all about relationship management. The New Indian Express
  23. ↑ (February 18, 2022). 'By Two Love' review: An epic misfire. Deccan Herald
  24. ↑ (March 2022). 'James': Rachita Ram, Sreeleela, and others shine in the Trademark single from the Puneeth Rajkumar starrer. The Times of India
  25. ↑ Chanti, Rajani. (October 17, 2021). Sree Leela: వివాదంలో పెళ్ళిసందD హీరోయిన్..శ్రీలీల నా కూతురు కాదంటూ... TV9 Telugu
  26. ↑ OTT: ఈ వారం ఓటీటీలో బ్లాక్ బస్టర్ సినిమాలు. వీకెండ్ ఎంజాయ్మెంట్ వేరే లెవల్!. Samayam Telugu
  27. ↑ (June 2, 2023). Boyapati Rapo movie climax shot for 24 days
  28. ↑ Skanda: The expected OTT release date of the Ram Pothineni starrer is here. OTTPlay
  29. ↑ (October 21, 2023). Bhagavanth Kesari: Where director Anil Ravipudi proves it's possible to make a meaningful massy film. OTTplay.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীলীলা” প্ৰবন্ধৰ সংশোধন ৫৯৬৮৭৫ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।