অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বেতা বাসু প্ৰসাদ

শ্বেতা বাসু প্ৰসাদ (Shweta Basu Prasad, জন্ম ১১ জানুৱাৰী ১৯৯১) হৈছে এগৰাকী ভাৰতীয় কথাছবিৰ অভিনেত্ৰী। শ্বেতাই তেলুগু, তামিল, আৰু হিন্দী ছবিৰ উদ্যোগত নিজকে প্ৰতিষ্ঠিত কৰিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি শ্বেতা ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্যলৈ মনোনীত হৈছে।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২১ ৪৪৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

শ্বেতা বাসু প্ৰসাদ (Shweta Basu Prasad, জন্ম ১১ জানুৱাৰী ১৯৯১) হৈছে এগৰাকী ভাৰতীয় কথাছবিৰ অভিনেত্ৰী। শ্বেতাই তেলুগু, তামিল, আৰু হিন্দী ছবিৰ উদ্যোগত নিজকে প্ৰতিষ্ঠিত কৰিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি শ্বেতা ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্যলৈ মনোনীত হৈছে।

ব্যক্তিগত জীৱন

শ্বেতা বাসু প্ৰসাদৰ জন্ম হৈছিল ১৯৯১ চনৰ ১১ জানুৱাৰীত, জামছেদপুৰ (তেতিয়াৰ বিহাৰ আৰু এতিয়াৰ ঝাৰখণ্ড)-ত। পৰৱৰ্তী সময়ত শ্বেতাই নিজৰ পৰিয়ালৰ সৈতে মুম্বাইলৈ প্ৰব্ৰজন কৰে। সেই সময়ত তেখেত শিশোৱেই আছিল।

মুম্বাইস্থিত ছাণ্টাক্ৰুজত থকা আৰ.এন.পোড্ডাৰ হাইস্কুলত শ্বেতাই বাণিজ্য শাখাত অধ্যয়ন কৰে আৰু গণমাধ্যম আৰু সাংবাদিকতাত স্নাতক ডিগ্ৰী অৰ্জন কৰে। শ্বেতাই 'দ্য ইণ্ডিয়ান এক্সপ্ৰেছ' কাকতত স্তম্ভলেখক হিচাপেও কিছুদিন কৰ্মনিৰ্বাহ কৰে।১

মাকৰ বাসু নামটো শ্বেতাই নিজৰ নামৰ লগত সংযোজন কৰে।২ ২০১৮ চনৰ ১৩ ডিচেম্বৰ তাৰিখে শ্বেতাই ছবিনিৰ্মাতা ৰোহিত মিট্টালৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে।৩ অৱশ্যে তেওঁলোকৰ বৈবাহিক জীৱন বেছি দিন নিটিকিল। কিয়নো বিবাহৰ পৰৱৰ্তী বৰ্ষটোতেই অৰ্থাৎ ২০১৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে তেওঁলোকে ইনষ্টাগ্ৰামত বিচ্ছেদ ঘোষণা কৰে।৪

কৰ্মজীৱন

শ্বেতাক ২০০২ বৰ্ষটোৰ শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ বঁটা প্ৰদান কৰিছে। (শ্বেতাৰ লগত আছে পি.এছ. কীৰ্তনা, কান্নাথিল মুত্থামিট্টাল), ৫০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰদান অনুষ্ঠানত]]

অতি কম বয়সতেই শ্বেতাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। প্ৰথমে টেলিভিছনৰ জৰিয়তে শ্বেতাই অভিনয় জীৱনৰ পাতনি মেলিছিল যদিও অতি সোনকালেই বলিউডত পদাৰ্পণ কৰে। ২০০২ চনত 'মকড়ী' নামৰ ছবিখনত শ্বেতাই অভিষেক কৰে। এইখন ছবিত শ্বেতাই এটা দ্বৈত চৰিত্ৰ ৰূপায়ণ কৰে যাৰ বাবে তেখেতে 'শ্ৰেষ্ঠ শিশু অভিনেত্ৰী'ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্জন কৰে। ৰূপালী পৰ্দাত আহৰণ কৰা এই সফলতাৰ বলত শ্বেতাই "কাহানী ঘৰ ঘৰ কী" আৰু "কৰিশ্মা কা কৰীশ্মা"ৰ দৰে টেলিভিছন ছিৰিজত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে। ২০০৫ চনত শ্বেতাৰ অভিনয়-দক্ষতা চকুত পৰে পৰিচালক নাগেশ কুকুনুৰৰ। তেখেতে শ্বেতাক 'ইকবাল' নামৰ ছবিখনৰ প্ৰস্তাৱ আগবঢ়ায়। ছবিখনত শ্বেতাই "খাদিজা" নামৰ চৰিত্ৰটো ৰূপায়ণ কৰে আৰু দৰ্শকৰ মাজত এক পৰিচিতি লাভ কৰে। ছবিখনৰ বাবে তেখেতে পঞ্চম কৰাচী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে।

শ্বেতা বাসু গণমাধ্যম আৰু সাংবাদিকতাৰ এগৰাকী স্নাতক। শিক্ষা সমাপ্ত কৰাৰ পাছত তেখেতে ভাৰতীয় ধ্ৰুপদী সংগীতক বিষয় হিচাপে লৈ এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰে। তথ্যচিত্ৰখনত তেখেতে সংগীত উদ্যোগৰ বহুকেইগৰাকী প্ৰসিদ্ধ শিল্পীৰ জীৱন আৰু কৰ্ম সন্নিৱিষ্ট কৰে। এইখন তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ শ্বেতাই ২০১২ চনৰ পৰা চাৰিটা বছৰধৰি কাম কৰে। তথ্যচিত্ৰখন শুভা মুদগল, এ. আৰ. ৰহমান, পণ্ডিত শিৱ কুমাৰ শৰ্মা, হৰিপ্ৰসাদ চৌৰাচিয়া, বিশাল ভাৰদ্বাজ, অমিত ত্ৰিবেদী, আমজাদ আলী খানকে ধৰি একাধিক গণ্য-মান্য শিল্পীয়ে সমৃদ্ধ কৰে। তথ্যচিত্ৰখনত ভাৰতীয় সংগীতৰ ইতিহাসভিত্তিক এটি দহমিনিটীয়া এনিমেশ্যনো সন্নিৱিষ্ট হয়। "ৰুটছ" নামৰ এই তথ্যচিত্ৰখন এতিয়া নেটফ্লিক্সত উপলব্ধ।৫

শ্বেতাই ২০০৮ চনত "কোথা বাংগাৰু লোকাম" নামৰ ছবিখনৰ জৰিয়তে তেলুগু ছবিত অভিষেক কৰে। তামিল, তেলুগু আৰু বঙালী ভাষাত শ্বেতাই সৰ্বমুঠ আঠখন ছবিত এতিয়ালৈকে অভিনয় কৰিছে।

শ্বেতাই "দ্য টাছখেণ্ট ফাইলছ্" নামৰ এখন উৎকণ্ঠাপূৰ্ণ ড্ৰামা থ্ৰিলাৰ ছবিত এগৰাকী উদীয়মান সাংবাদিকৰ চৰিত্ৰ ৰূপায়ণ কৰে। ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ দেহাৱসানৰ ওপৰত আধাৰিত এই ছবিখনত শ্বেতাই কেন্দ্ৰীয় প্ৰটাগনিষ্টৰ ভূমিকা পালন কৰে। ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে তেখেতে ইতিবাচক চৰ্চা আৰু প্ৰশংসা লাভ কৰে।৬ ২০১৯ চনৰ বক্স অফিচত এই ছবিখনে আশ্চৰ্যসূচকভাৱে সফলতা লাভ কৰে।৭ ছবিখন একেৰাহে পঞ্চাছ দিন চলে।

বঁটা

বৰ্ষচলচ্চিত্ৰবঁটাশিতানফলাফলতথ্যউৎস
২০০৩মকড়ী৫০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ শিশু অভিনেত্ৰী৮
২০০৬ইকবালজি চিনে বঁটাসমালোচকৰ দ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ অভিনেত্ৰী
২০০৬স্ক্ৰীন বঁটাশ্ৰেষ্ঠ সহ-অভিনেত্ৰী
২০০৬৫১সংখ্যক ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ সহ-অভিনেত্ৰী৯
২০০৭কৰাচী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱশ্ৰেষ্ঠ সহ-অভিনেত্ৰী
২০০৯কোথা বাংগাৰু লোকাম৫৬ সংখ্যক ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্যতেলুগু ছবিৰ শ্ৰেষ্ঠ অভিনেত্ৰী১০
২০০৯সন্তোষম চলচ্চিত্ৰ মহোৎসৱশ্ৰেষ্ঠ অভিনেত্ৰী

তথ্যসূত্ৰ

  1. ↑ (19 November 2017). Shweta Basu Prasad columns
  2. ↑ Shweta Prasad's name games. Hindustan Times (2007-11-26). Retrieved on 2012-06-21
  3. ↑ Trending Pics From Actress Shweta Basu Prasad's Wedding. NDTV.com
  4. ↑ (10 December 2019). Shweta Basu Prasad Announces Separation from Husband Rohit Mittal in Less Than a Year of Marriage. News18
  5. ↑ (9 February 2017). Makdee star Shweta Basu Prasad makes a documentary about classical music. Hindustan Times
  6. ↑ Hungama, Bollywood. The Tashkent Files Review 1.5/5 | The Tashkent Files Movie Review | The Tashkent Files 2019 Public Review | Film Review
  7. ↑ Hungama, Bollywood. (25 April 2019). The Tashkent Files Box Office Collections – The Tashkent Files continues with good momentum, should find screens in third week too:Bollywood Box Office - Bollywood Hungama
  8. ↑ 50th National Film Awards. Directorate of Film Festivals
  9. ↑ Filmfare Awards Winners 2006: Complete list of winners of Filmfare Awards 2006. timesofindia.indiatimes.com
  10. ↑ (11 August 2009). 56th Idea Filmfare Awards 2008 South: The winners. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেতা বাসু প্ৰসাদ” প্ৰবন্ধৰ সংশোধন ৩০০৯৩৭ (২৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।