ষ্টেফানি "ষ্টেফি" ডিচুজা, নী চেকুয়েৰা (২৬ ডিচেম্বৰ ১৯৩৬ – ১১ ছেপ্টেম্বৰ ১৯৯৮) এথলেটিকছ আৰু মহিলা হকীত ভাৰতক প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈ আছিল। ১৯৬৩ চনত তেওঁ অৰ্জুন বঁটা লাভ কৰা প্ৰথম মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়৷
প্ৰাৰম্ভিক জীৱন
ষ্টেফানি "ষ্টেফি" ডি চুজা (উত্তৰাধিকাৰীসূত্ৰে চেকুইৰা)ৰ ১৯৩৬ চনৰ ২৬ ডিচেম্বৰত জন্ম হৈছিল। তেওঁ পুনেৰ চৰ্দাৰ দস্তুৰ গাৰ্লছ স্কুলত অধ্যয়ন কৰাৰ পাছত ফাৰ্গুছন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ কেন্দ্ৰীয় ৰে’লৱেৰ পুনে বিভাগত কাম কৰিছিল। বিয়াৰ পিছত তেওঁ জামছেদপুৰলৈ স্থানান্তৰিত হয়।১
খেলুৱৈ জীৱন
ডিচুজা ১৯৫৪ চনৰ এছিয়ান গেমছত (ভায়োলেট পিটাৰ্ছ, চিৰষ্টিন ব্ৰাউন আৰু মেৰী ডিচুজাৰ সৈতে) ৪ × ১০০ মিটাৰ ৰিলেত স্বৰ্ণ পদক জয় কৰা ভাৰতীয় দলৰ অংশ আছিল আৰু ১৯৫৮ চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ ২০০ মিটাৰত ৰূপৰ পদক জয় কৰে, ছেমিফাইনেলত এছিয়ান অভিলেখ গঢ়ে, আৰু ১৯৫৮ চনৰ প্ৰতিযোগিতাত ১০০ মিটাৰত চতুৰ্থ স্থান লাভ কৰে। এটা সময়ত তেওঁ ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখৰ দখলকাৰী আছিল। তেওঁ ১২ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰা প্ৰথম ভাৰতীয় মহিলা আছিল৷ ১৯৫৬ চনত পুনেত মেৰী ডিচুজাৰ ১২.১ ছেকেণ্ডৰ পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি তেওঁ এই অভিলেখ গঢ়িছিল৷</ref>
৫৮.০ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ পিছতো ষষ্ঠ স্থান লাভ কৰাৰ বাবে ১৯৬৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ৪০০ মিটাৰৰ প্ৰথম ৰাউণ্ডতে তেওঁ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। ১৯৫৮ চনৰ কমনৱেলথ গেমছত ১০০ গজ আৰু ২২০ গজ স্প্ৰিণ্টত তেওঁ অংশগ্ৰহণ কৰিছিল। ডিচুজাই ১৯৫৩ চনত লণ্ডনত অনুষ্ঠিত প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা হকী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ১৯৬১ চনত দলটোৰ অধিনায়কত্ব কৰিছিল।২
১৯৬৩ চনত ষ্টেফি ডিচুজাই ভাৰত চৰকাৰে প্ৰদান কৰা অৰ্জুন বঁটা লাভ কৰে।৩ এই বঁটা পোৱা তেওঁ প্ৰথম মহিলা খেলুৱৈ৷ ৬১ বছৰ বয়সত জামছেদপুৰ (ঝাৰখণ্ড)ত তেওঁৰ মৃত্যু হয়৷
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা
| ১৯৫৪ | এছিয়ান গেমছ | মেণ্টিলা | প্ৰথম | ৪x১০০ মিটাৰ | ৪৯.৫ |
| ১৯৫৪ | এছিয়ান গেমছ | মেণ্টিলা | চতুৰ্থ | ২০০ মিটাৰ | |
| ১৯৫৭ | ৰাষ্ট্ৰীয় খেল | প্ৰথম | ১০০ মিটাৰ | ||
| প্ৰথম | ২০০ মিটাৰ | ||||
| ১৯৫৮ | এছিয়ান গেমছ | টকিয়ো | দ্বিতীয় | ২০০ মিটাৰ | ২৬.২ |
| তৃতীয় | ৪০০ মিটাৰ ৰিলে | ৪৯.৪ | |||
| ১৯৫৮ | কমনৱেলথ গেমছ | কাৰ্ডিফ | প্ৰাৰম্ভিক ৰাউণ্ডৰ পৰা বাহিৰ | ১০০ মিটাৰ আৰ ২০০ মিটাৰ |
গ্ৰন্থপঞ্জী
- K.R. Wadhwaney, Arjuna Awardees, Publications Division, Ministry of Information and Broadcasting, Government of India, 2002,
তথ্যসূত্ৰ
- ↑ Stephie D'Souza - Sports Bharti · sportsbharti.comSports Bharti · sportsbharti.com. www.sportsbharti.com
- ↑ Rai, Mrigya. List Of 60 First Indian Women In Various Fields Who Made History. Women's web
- ↑ [https:// fT ARJUNA AWARD WINNERS 1961-1973 - PIB Archive]. PIB India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টেফি ডিচুজা” প্ৰবন্ধৰ সংশোধন ৫৯৫৩২১ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।