শৰ্মিলা বিশ্বাস ওড়িছীৰ এগৰাকী প্ৰখ্যাত ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী তথা ক'ৰিয়'গ্ৰাফাৰ আৰু গুৰু কেলুচৰণ মহাপাত্ৰৰ শিষ্য। ১৯৯৫ চনত তেখেত কলকাতাত ওড়িছী ভিচন এণ্ড মুভমেণ্ট ছেণ্টাৰ প্ৰতিষ্ঠা কৰে, য'ত তেখেত শৈল্পিক পৰিচালক। কেন্দ্ৰ অ'ভিএম ন্যাসও আছে।
২০১২ চনত, বিশ্বাস সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল, সংগীত নাটক একাডেমী, ভাৰতৰ সংগীত, নৃত্য তথা নাটকৰ বাবে ৰাষ্ট্ৰীয় একাডেমীৰ দ্বাৰা ভূষিত কৰা হয়
প্ৰাথমিক জীৱন আৰু শিক্ষা
শৰ্মিলা কলিকতাত জন্ম গ্ৰহণ কৰে আৰু তাতেই ডাঙৰ দীঘল হয়। তাত তেখেত আট বছৰ বয়সৰ পৰাই নৃত্য শিকিবলৈ লৈছিল। তেওঁৰ বয়স যেতিয়া ষোল্ল বছৰ, তেতিয়া তেখেত মুৰালিধৰন মাঝিৰ পৰা ওড়িছীৰ প্ৰশিক্ষণ লব ধৰিছিল আৰু পিছত গুৰু কেলুচৰণ মহাপাত্ৰৰ পৰা প্ৰশিক্ষণ লয়।১
পাছপাকত, তেখেত কলানিধি নাৰায়ণনৰ পৰা অভিনয়া শিকিছিল।২
ব্যক্তিগত জীৱন
শৰ্মিলা ১৯৮৭ চনত স্বপন কুমাৰ বিশ্বাসক বিয়া কৰাইছিল, যিয়ে স্বাস্থ্য ব্যৱস্থাপনাত বিশেষজ্ঞ এগৰাকী চিকিৎসক। এই দম্পতি কলিকতাত থাকে আৰু তেওঁলকৰ এজন পুতেক আছে, নাম - শৌমিক বিশ্বাস।১
পেচা
বছৰৰ পিছত বছৰ ধৰি বিশ্বাস এলিফেণ্টা, খাজুৰাহো নৃত্য উৎসৱ আৰু কোনাৰ্ক নৃত্য উৎসৱত আৰু যুক্তৰাজ্য, মাৰ্কিন যুক্তৰাষ্ট্ৰ, জাৰ্মানি, ৰাছিয়া, ডুবাই আৰু বাংলাদেশত আৰ্ট ফেষ্টিভেলত অংশ লৈছিল।১ তেখেত শাত্ৰীয় ওড়িছীৰ লগতে তেওঁৰ পৰীক্ষামূলক ক'ৰিয়'গ্ৰাফিকৰ কাম উভয়ই সম্পাদনা কৰে।২৩৪
ওড়িশাৰ মন্দিৰ নৃত্যশিল্পীসকলৰ দ্বাৰা পৰিৱেশন কৰা প্ৰাচীন মহাৰী নৃত্য লৈও তেখেত ব্যাপক গৱেষণা কৰিছে।২ ১৯৯৫ চনত তেখেত কলকাতাত ওড়িছী ভিচন এণ্ড মুভমেণ্ট ছেণ্টাৰ (অভিএম) প্ৰতিষ্ঠা কৰে, য'ত শিল্পী পৰিচালক, আৰু তৰুণ নৃত্যশিল্পীক প্ৰশিক্ষণ দিয়ে, ইনষ্টিটিউট আভিএম-ৰ ন্যাসও পৰিচালনা কৰে।২
২০০৯ চনত, তেখেত পূব তথা উত্তৰ-পূব ভাৰতৰ ঐতিহ্যবাহী নৃত্যৰ এখন বাৰ্ষিক উৎসৱত পূৰ্ব ধাৰা আৰাম্ভ কৰিছিল।৫
বঁটাসমূহ
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰনালয়, চৰকাৰ কৰ্তৃক তেওঁক "শ্ৰেষ্ঠ ক'ৰিয়'গ্ৰাফী বঁটা" প্ৰদান কৰিছিল। ভাৰতত তেওঁৰ নৃত্যৰ প্ৰযোজনাৰ বাবে, সম্পৰ্ণা পুৰী দেৱদাসীসকলৰ উপৰত ভিত্তি কৰে।১ ১৯৯৮ চনত, পশ্চিমবঙ্গ চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ পৰা উদয় শঙ্কৰ বঁটা প্ৰদান কৰে।২ ২০১০ চনত বিশ্বাসক মহাৰী বঁটা দিয়া হয়।৬ ২০১২ চনত, তেখেত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল, যিটো অভিনয় শিল্পীসকলৰ বাবে সৰ্বোচ্চ বঁটা, সংগীত নাটক তথা নাটক, ভাৰতৰ ৰাষ্ট্ৰীয় একাডেমী সংগীত নাটক একাডেমীৰ দ্বাৰা ভূষিত হয়।৭৮
তথ্যসূত্ৰ
- ↑ (23 April 2005). Rhythms of life. The Telegraph
- ↑ (2011). Katha Kavya Abhinaya. Sangeet Natak Akademi
- ↑ Gowri Ramnarayan. (28 January 2010). Treat to the eye and ear. The Hindu
- ↑ (14 Apr 2006). A blend of lasya and tandava: Innovative dance recital by Sharmila Biswas marked the Dhauli Mohotsav.. The Hindu
- ↑ (29 October 2009). East is most. The Hindu
- ↑ Sharmila Biswas conferred Mahari Award. The Hindu
- ↑ Sangeet Natak Akademi Fellowships and Akademi Awards 2012. Press Information Bureau, Govt of India
- ↑ SNA: List of Akademi Awardees. সংগীত নাটক একাডেমী Official website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰ্মিলা বিশ্বাস” প্ৰবন্ধৰ সংশোধন ৬১৭৪০৪ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।