শ্ৰুতি হৰিহৰ সুব্ৰমণিয়ান (ইংৰাজী ভাষা:Sruti Harihara Subramanian) এগৰাকী পৰিচালক, উদ্যমী, থিয়েটাৰ অভিনেত্ৰী আৰু ২০০২ চনৰ প্ৰাক্তন মিছ চেন্নাই।১২৩৪ শিল্পী কৃষাণ খান্নাৰ ওপৰত নিৰ্মিত তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ তথ্যচিত্ৰ এ ফাৰ আফটাৰনুন-এ দুটাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল: ৬৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ কলা আৰু সংস্কৃতিমূলক ছবিৰ বাবে ৰজত কমল বঁটা আৰু নন-ফিচাৰ ফিল্মৰ শ্ৰেষ্ঠ সংগীতৰ বঁটা।৫ ৫টা খণ্ডৰ আমাজন এক্সক্লুছিভ মিউজিকেল ডকু-চিৰিজ হাৰ্মনী উইথ এ. আৰ. ৰহমান আৰু ২০১৭ চনৰ তথ্যচিত্ৰ ব্ৰেভ এণ্ড বল্ড পৰিচালনাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।৬৭৮ ২০১৯ চনত তেওঁ ভাৰতীয় বাণিজ্য আৰু উদ্যোগ মহাসংঘৰ পৰা (FICCI) 'বছৰটোৰ উদীয়মান উদ্যমী' বঁটা লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
তথ্যচিত্ৰ পৰিচালক হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে তেওঁ ২০০২ চনত মিছ চেন্নাই আছিল আৰু ৰেৱতীৰ দৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। তেওঁ ২০০৯ চনত য়াভাৰুম নালাম আৰু ১৩বি চলচ্চিত্ৰত বিক্ৰম কে. কুমাৰক আৰু ২০১১ চনত পাঞ্জা চলচ্চিত্ৰত বিষ্ণুবৰ্ধনক সহায় কৰিছিল। শ্ৰুতীয় ২০০৩ চনত চাহানা, ২০০৪ চনত চিদাম্বৰ ৰহস্যমৰ দৰে তামিল টিভি ধাৰাবাহিকত অভিনয় কৰাৰ লগতে ১০০তকৈও অধিক ছপা বিজ্ঞাপনত ভূমুকি মাৰিছিল। ২০০২ চনৰ মিছ চেন্নাই প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ্ছ-আপ হোৱাৰ উপৰি তেওঁ মিছ টেলেণ্ট আৰু মিছ চাইবাৰ প্ৰিন্সেছ খিতাপো অৰ্জন কৰিছিল। তেওঁ এগৰাকী প্ৰশিক্ষিত কৰ্ণাটকী সংগীত শিল্পী আৰু ভাৰতনাট্যম নৃত্যশিল্পীও।৯১০
উদ্যমী জীৱন
শ্ৰুতি এগৰাকী উদ্যমী আৰু ‘গলি চোডা ষ্টোৰ’ৰ (Goli Soda Store) প্ৰতিষ্ঠাপক, যিখন ২০১৩ চনত চেন্নাইত ‘জিৰো ৱাষ্টেজ’ বা আৱৰ্জনা বিহীন স্থিৰতা বিপণী হিচাপে মুকলি কৰা হৈছিল।
২০১৯ চনত শ্ৰুতিক ভাৰতীয় বাণিজ্য আৰু উদ্যোগ মহাসংঘৰ (FICCI) লেডিজ অৰ্গেনাইজেশ্যনৰ (FLO) তৰফৰ পৰা ‘বছৰটোৰ উদীয়মান উদ্যমী’ বঁটা প্ৰদান কৰা হয়। তামিলনাডুৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতৰ পৰা শ্ৰুতিয়ে এই বঁটা গ্ৰহণ কৰিছিল। একে বছৰতে তেওঁ শ্ৰেষ্ঠ উদ্যমী বিভাগত ‘যুৱ সন্মান ইয়ং এচিভাৰ’ বঁটাও লাভ কৰে।১১১২
শ্ৰুতি ‘দ্য চিনেমা ৰিচৰ্চ চেন্টাৰ’ৰো (TCRC) প্ৰতিষ্ঠাপক ন্যাসৰক্ষী। এইটো ভাৰতীয় চলচ্চিত্ৰৰ এটা লাভবিহীন ৰাজহুৱা আৰ্কাইভ, যিটো ভাৰতীয় চলচ্চিত্ৰই নিৰ্মাণ কৰা শ্ৰাব্য-দৃশ্য সাংস্কৃতিক সমলসমূহৰ ওপৰত গৱেষণা কৰিবলৈ ডিজাইন কৰা হৈছে, বিশেষকৈ দক্ষিণ ভাৰতীয় আঞ্চলিক ভাষাত নিৰ্মিত ছবিসমূহৰ ওপৰত।১৩
তথ্যসূত্ৰ
- ↑ (18 October 2018). Sruti finds her metier in film. Indian Express
- ↑ Nadadhur, Srivathsan. (30 November 2016). Sruti Harihara Subramanian: Documenting art. The Hindu
- ↑ (5 February 2016). Expect the unexpected in cinema'. Deccan Chronicle
- ↑ A saga from the banks of Meenachil. Malayala Manorama
- ↑ (31 March 2016). Between dawn and dusk. The Hindu
- ↑ (6 January 2019). AR Rahman has a childlike nature: Sruti Harihara. Indian Express
- ↑ (27 September 2015). A Far Afternoon — A Painted Saga by Krishen Khanna, Sruti Harihara Subramanian captures in reel how the life and craft of this artist are intertwined. The Hindu
- ↑ The Slow Unfolding of an Artist's Creative Process. The Wire
- ↑ (5 February 2016). Expect the unexpected in cinema'. Deccan Chronicle
- ↑ A saga from the banks of Meenachil. Malayala Manorama
- ↑ (8 March 2019). Women's Day Special: These Indian business heads help Mother Earth profit with every sale. Indian Express
- ↑ Buy less, waste less, live in harmony with nature. Money control
- ↑ (11 June 2020). 'Rewind. Pause. Archive': The Cinema Resource Centre's efforts to preserve forgotten treasures of Indian cinema. New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰুতি হৰিহৰ সুব্ৰমণিয়ান” প্ৰবন্ধৰ সংশোধন ৫৯৭২১৭ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।