সংগীতা কাকতি (Sangita Kakati; জন্ম - ২০জানুৱাৰী) অসমৰ এগৰাকী কণ্ঠশিল্পী। সংগীতা কাকতিয়ে শাস্ত্ৰীয়, লঘু শাস্ত্ৰীয়,আধুনিক, লোক সংগীত, বৰগীতৰ লগতে বহুতো ভক্তিমূলক গীততো কণ্ঠ দান কৰিছে। এতিয়ালৈকে তেওঁ গোৱা গীতৰ সংখ্যা ১০০০ তকৈ অধিক হৈছেগৈ।
ব্যক্তিগত জীৱন
অসমৰ গুৱাহাটী চহৰত সংগীতা কাকতিৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম প্ৰয়াত ডা॰ সুৰেন্দ্ৰ নাৰায়ণ কাকতি আৰু মাতৃৰ নাম অঞ্জলি কাকতি। সংগীতা কাকতিয়ে ছয়গাওঁ হাইস্কুলৰ পৰা প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাচত এখেতে পুনা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে। মুম্বাইৰ চেইণ্ট জেভিয়াৰ্চ কলেজৰ পৰা জন-সংযোগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি নতুন দিল্লীৰ এম. এচ. পি. আই.ৰ পৰা ডিপ্লোমা লাভ কৰে। ১৯৯৬ চনত তেখেত ৰাজীৱ প্ৰকাশ বৰুৱাৰ লগত বিবাহপাশত আবদ্ধ হয়। এওঁলোকৰ পুত্ৰৰ নাম গীত আৰু জীয়াৰীৰ নাম অনুস্কা (ঝুম্পা)। এখেতে ইংৰাজী সাহিত্যত পি এইছ দি হোৱাৰ উপৰিও সংগীত আৰু শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আয়ত্ত কৰে।১
কৰ্ম জীৱন
প্ৰথমে তেওঁ গুৱাহাটীৰ ৰিজিঅ'নেল ইনষ্টিটিউট অফ জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্বন আৰু মেডিয়াত প্ৰৱক্তা হিচাবে কাৰ্যনিৰ্বাহ কৰে। তাৰ পাছত ১৯৯৭-২০০৭ চনলৈ ছয়গাঁৱৰ কে আৰ ডি কলেজ অফ এডুকেশ্বনত ইংৰাজী বিভাগৰ প্ৰৱক্তা হিচাবে যোগদান কৰে।
শিল্পী জীৱন
সংগীতা কাকতিৰ আদি গুৰু আছিল কৰুণা শঙ্কৰ ঠাকুৰীয়া। সংগীতা কাকতিয়ে মুম্বাইৰ গন্ধৰ্ব মহাবিদ্যালৰ পৰা কণ্ঠ সংগীতৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ কল্যাণজী-আনন্দজী, চাৰুশীলা দিৱেকৰ, দেৱেন শৰ্মা, অশ্বিনী বিধে, মন্দিৰা লাহিৰিৰ দৰে সংগীতজ্ঞৰ ওচৰত সংগীতৰ পাঠ গ্ৰহণ কৰে। তেওঁ অসমীয়া ভাষাৰ বাহিৰেও অন্যান্য ৩০টা ভাষাৰ গীতত কণ্ঠদান কৰিছেে।২ এখেত আকাশবাণী গুৱাহাটী আৰু মুম্বাই তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ 'বি হাই' গ্ৰেডৰ নিয়মীয়া কণ্ঠশিল্পী। ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ, কুমাৰ চানু, অভিজিত, উদিত নাৰায়ণ, বাপ্পী লাহিড়ি, পঙ্কজ উধাচ, জগজিৎ সিং, কবিতা কৃষ্ণমূৰ্ত্তি, অলকা য়াগনিক, সাধনা স্বৰগম, চনু নিগম, চান, ইলা অৰুণ আদি ভাৰতৰ বিখ্যাত শিল্পী সকলৰ সৈতে সহশিল্পী হিচাপে গীত বাণীবন্ধন কৰিছে।৩
কণ্ঠদান কৰা চলচ্চিত্ৰ
- আই মোৰ জনমে জনমে (১৯৮৮)
- সোণ পখিলী
- নতুন দিনৰ বাবে
- জ্যোতি প্ৰসাদ
- মনত বিৰিনাৰ জুই
- মনে মোৰ কইনা বিচাৰে
- প্ৰেম প্ৰতিশোধ
- ক্ৰান্তিলগ্ন (বাংলা)
- অপৰাজিতা
- সেউজী ধৰণী ধুনীয়া
- মেঘৰ মুখৰ ৰ'দ -নিপ বৰুৱা
- ৰফু চক্কৰ(হিন্দী)
- অগ্নি প্ৰেম(হিন্দী)
- এৰা সুঁতিৰ ধল
উল্লেখযোগ্য গীত
সংগীতা কাকতিৰ কেইটামান উল্লেখযোগ্য গীত:
উপাধি তথা সন্মান
১৯৭৬ চনৰ পৰা ভাৰত চৰকাৰৰ সাংস্কৃতিক আৰু মানৱ সম্পদ বিভাগৰ পৰা কাকতিয়ে একেৰাহে ৮ বাৰকৈ প্ৰতিভা সন্ধানী বৃত্তি লাভ।
তথ্যসূত্ৰ
- ↑ কাশ্যপ, বাসৱী. (মাৰ্চ, ২০১৪). সংগীতৰ পৃথিৱীত সংগীতা (সাৰেগামা). পৃ. ৫
- ↑ Nehal Jain. (7 March 2018). https://www.guwahatiplus.com/guwahati/meet-dr-sangita-kakati-assamese-singer-who-has-sung-songs-in-30-different-languages. Guwahatiplus.com
- ↑ Sweeter than honey. stuti-goswami.blogspot.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংগীতা কাকতি” প্ৰবন্ধৰ সংশোধন ৩৩৪৫৪৪ (৮ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।