অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰীলতা নাম্বুতিৰি

শ্ৰীলতা নাম্বুতিৰি (ইংৰাজী: Sreelatha Namboothiri; জন্ম: অঞ্জিলিভেলিল বসন্ত) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য গায়িকা৷ তেওঁ মালয়ালম চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰে। তেওঁ প্ৰায় তিনিশৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৬৭ চনত মুক্তি লাভ কৰা খদীজা আছিল তেওঁৰ প্ৰথম চলচ্চিত্ৰ।

হালনাগাদ: ১৯ জুন ২০২৬ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

শ্ৰীলতা নাম্বুতিৰি (ইংৰাজী: Sreelatha Namboothiri; জন্ম: অঞ্জিলিভেলিল বসন্ত) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য গায়িকা৷ তেওঁ মালয়ালম চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰে।১ তেওঁ প্ৰায় তিনিশৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৬৭ চনত মুক্তি লাভ কৰা খদীজা আছিল তেওঁৰ প্ৰথম চলচ্চিত্ৰ। ১৯৫৩ চনত শিশু শিল্পী হিচাপে আশাদীপম ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু ২০২৩ চনত মালয়ালম চলচ্চিত্ৰ উদ্যোগত ৭০ বছৰ সম্পূৰ্ণ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

ত্ৰিভাংকুৰৰ আলাপ্পুজাৰ কৰুৱত্তাত শ্ৰীলতাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ অঞ্জিলিভেলিল বালকৃষ্ণন নাইৰ আছিল সেনা বিষয়া আৰু মাতৃ কমলাম্মা চৰকাৰী বিদ্যালয়ত সংগীতৰ শিক্ষয়িত্ৰী আছিল।২ তেওঁৰ প্ৰাথমিক শিক্ষা আলাপ্পুজাৰ হৰিপাদৰ চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত গ্ৰহণ কৰিছিল। বিদ্যালয়ত থাকোঁতে তেওঁ এগৰাকী খেলুৱৈ আছিল। ৰাজ্যিক পৰ্যায়ত দুবাৰকৈ দীঘল জাঁপৰ বাবে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল। কে.পি.এ.চি.ত (কেৰালা পিপলছ আৰ্টছ ক্লাব) যোগ দিছিল৷ সপ্তম শ্ৰেণীত পঢ়ি থকা সময়তে তেওঁ গায়িকা হিচাপে আৰু পিছলৈ বিভিন্ন পৰ্যায়ত নাটক পৰিবেশন কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ পঢ়া-শুনা আগবঢ়াই নিব নোৱাৰিলে। দক্ষিণামূৰ্তিৰ পৰা তেওঁ শাস্ত্ৰীয় সংগীত শিকিছিল।৩

ব্যক্তিগত জীৱন

১৯৭৯ চনত তেওঁ কালাদী নম্বুতিৰি নামেৰে পৰিচিত কালাদী পৰমেশ্বৰন নম্বুতিৰিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কালাদি এজন অভিনেতা আৰু আয়ুৰ্বেদ চিকিৎসক আছিল৷ বিয়াৰ পিছত চলচ্চিত্ৰৰ পৰা বিৰতি লৈ তেওঁ থ্ৰিছুৰৰ কুন্নামকুলামত নিগাজিকৈ বাস কৰিবলৈ লয়। তেওঁলোকৰ বিশাখ নামৰ এজন পুত্ৰ আৰু গংগা নামৰ এগৰাকী কন্যা আছে। ২০০৫ চনত স্বামীৰ মৃত্যুৰ পিছত তেওঁ উভতি আহিছিল আৰু বৰ্তমান তেওঁ কেৰেলাৰ তিৰুৱনন্তপুৰমত বাস কৰে।

তথ্যসূত্ৰ

  1. ↑ malayalamcinema.com, Official website of AMMA, Malayalam Film news, Malayalam Movie Actors & Actress, Upcoming Malayalam movies. kerala.com
  2. ↑ Archived copy
  3. ↑ പാടാൻ വന്നതു പൊട്ടിച്ചിരിയായി. manoramaonline.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীলতা নাম্বুতিৰি” প্ৰবন্ধৰ সংশোধন ৬১৩০৮৯ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।