শ্বেফালী জাৰিৱালা (Shefali Jariwala; ১৫ ডিচেম্বৰ ১৯৮২ – ২৭ জুন ২০২৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ কেইবাখনো হিন্দী সংগীত ভিডিঅʼ,১ ৰিয়েলিটি শ্ব' আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল।২ কাঁটা লগা শীৰ্ষক মিউজিক ভিডিঅ’ত অভিনয়ৰ বাবে তেওঁ পৰিচিত। তেওঁ পৰাগ ত্যাগীৰ সৈতে ডান্স ৰিয়েলিটি শ্বʼ নাচ বলিয়ে ৫ আৰু নাচ বলিয়ে ৭-ত অংশগ্ৰহণ কৰিছিল। ২০১৯ চনত তেওঁ বিগ বছ ১৩-ত অংশগ্ৰহণ কৰিছিল। ২০১৮ চনত তেওঁ অল্ট বালাজীৰ বেবী কম না শীৰ্ষক ৱেব ধাৰাবাহিকত অভিনেতা শ্ৰেয়াছ তালপাডেৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল।৩
ব্যক্তিগত জীৱন
২০০৪ চনত শ্বেফালী জাৰিৱালাই মীত ব্ৰাদাৰ্ছৰ সংগীতজ্ঞ হৰমীত সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ২০০৯ চনত শ্বেফালীয়ে হৰমীতৰ বিৰুদ্ধে অভিযোগ কৰাৰ পিছতে দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়।৪ পিছত ২০১৫ চনত তেওঁ অভিনেতা পৰাগ ত্যাগীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। শ্বেফালী জাৰিৱালাই কম্পিউটাৰ এপ্লিকেচন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৫
ই টাইমছ টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে ১৫ বছৰ বয়সত তেওঁ প্ৰথমবাৰ মৃগীৰোগত আক্ৰান্ত হৈছিল। তেওঁ কোৱা মতে মানসিক চাপ আৰু উদ্বেগৰ বাবেই তেওঁৰ এই ৰোগ হৈছিল। ব্যায়াম-যোগাসন আদিৰ যোগেদি তেওঁ ৰোগমুক্ত হৈছিল আৰু লগতে হতাশাৰ বিৰুদ্ধে যুঁজিবলৈ চেষ্টা কৰিছিল।
২০২৫ চনৰ ২৭ জুনৰ নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ ফলত জাৰিৱালাৰ মৃত্যু হয়।৬৭
কৰ্মজীৱন
২০০২ চনৰ ভিডিঅʼ এলবাম কাঁটা লগাত গীত এটিত অভিনয়েৰে শ্বেফালীয়ে খ্যাতি লাভ কৰিছিল।৮
চলচ্চিত্ৰপুঞ্জী
টেলিভিছন
| বৰ্ষ | অনুষ্ঠান | ভূমিকা |
|---|---|---|
| ২০০৮ | বুগী ৱুগী | প্ৰতিযোগী |
| ২০১২–২০১৩ | নাচ বালিয়ে ৫ | |
| ২০১৫–২০১৬ | নাচ বলিয়ে ৭ | |
| ২০১৯–২০২০ | বিগ বছ ১৩ | |
| ২০২৪ | শৈতানী ৰাছমেইঁ | কপালিকা |
চলচ্চিত্ৰ
| বৰ্ষ | চলচ্চিত্ৰ | ভূমিকা | ভাষা |
|---|---|---|---|
| ২০০৪ | মুঝছে শ্বাদী কৰোগী | বিজলি | হিন্দী |
| ২০১১ | হুদুগাৰু | পংকজ | কন্নড় ভাষা |
ৱেব ধাৰাবাহিক
| বৰ্ষ | অনুষ্ঠান | ভূমিকা |
|---|---|---|
| ২০১৮ | বেবী কাম না | চাৰা |
সংগীত ভিডিঅʼ
| বৰ্ষ | এলবাম | গীত | কণ্ঠশিল্পী |
|---|---|---|---|
| ২০০২ | ডিজে ডল - কাঁটা লগা ৰিমিক্স | কাঁটা লগা | ডিজে ডল৯ |
| ২০০৪ | চুইট হানী মিক্স | কভি আৰ কভি পাৰ ৰিমিক্স | স্মিতা |
| ডিজে ডল এণ্ড দ্য ৰিটাৰ্ণ অৱ দ্য কাঁটা মিক্স ভলিউম.২ | কাঁটা লগা | ডিজে ডল |
তথ্যসূত্ৰ
- ↑ (13 July 2022). Shefali Jariwala: মুখ ফিৰিয়েছে বলিউড, হট শেফালিৰ হাত ধৰে এবাৰ 'কাঁটা লাগবে' বাংলাদেশে. The Bengali Chronicle
- ↑ (November 2018). Shefali Jariwala on her web show Baby Come Naa: There isn't any ..
- ↑ (30 October 2019). Bigg Boss 13: Shefali Jariwala to enter as wild card, Rashami Desai and Arti Singh fight over Sidharth Shukla
- ↑ (3 May 2021). Shefali Jariwala On Divorce From Harmeet Singh: "Not Every Kind Of Violence Is Physical". NDTV
- ↑ (19 August 2014). Shefali Zariwala enters matrimony with Parag Tyagi. Zee News
- ↑ (27 June 2025). Salman Khan & Akshay Kumar's Mujhse Shaadi Karogi costar Shefali Jariwala dies: Report. Firstpost
- ↑ (28 June 2025). Bigg Boss 13 Fame Shefali Jariwala passes away due to cardiac arrest at the age of 42. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (6 December 2021). I didn’t work much after Kaanta Laga because I suffered from epilepsy seizures: Shefali Jariwala. The Times of India
- ↑ (14 August 2014). 'Kaanta Laga' item girl Shefali Zariwala secretly marries boyfriend Parag Tyagi. www.indiatvnews.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেফালী জাৰিৱালা” প্ৰবন্ধৰ সংশোধন ৫২৩৫০৫ (১১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।