শোভনাসুন্দৰী মুখোপাধ্যায় (ইংৰাজী: Shobhanasundari Mukhopadhyay; জন্ম: ১৮৭৭ - মৃত্যু: ২৬ মে' ১৯৩৭) এগৰাকী ভাৰতীয় লেখিকা তথা লোককথাবিদ আছিল। তেওঁ লোককথা সম্পৰ্কীয় সংকলনৰ বাবে বিশেষভাৱে পৰিচিত। তেওঁ আছিল হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা আৰু সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী।
জীৱনী
১৮৭৭ চনত কলিকতাত এটা উচ্চবৰ্ণ ইংৰাজী-শিক্ষাৰে শিক্ষিত হিন্দু পৰিয়ালত শোভনাসুন্দৰী মুখোপাধ্যায়ৰ জন্ম হৈছিল।১২ তেওঁৰ জন্ম নাম আছিল শোভনা দেৱী ঠাকুৰ। তেওঁ হেমেন্দ্ৰনাথ ঠাকুৰৰ পঞ্চম কন্যা আছিল। জয়পুৰৰ ইংৰাজী অধ্যাপক নগেন্দ্ৰনাথ মুখোপাধ্যায়ৰ সৈতে তেওঁৰ বিবাহ পাশত আবদ্ধ হৈছিল।২
১৯২৩ চনত তেওঁৰ খুৰাক ৰবীন্দ্ৰনাথ ঠাকুৰে যুৱতী শোভনালৈ "শ্বিলং-এৰ চিঠি" ("শ্বিলংৰ পৰা চিঠি") বুলি এক পত্ৰ-কাব্য লিখিছিল।৩
১৯৩৭ চনৰ ২৬ মে'ত উচ্চ ৰক্তচাপৰ সৈতে জড়িত জটিলতাৰ বাবে ষাঠি বছৰ বয়সত হাওড়াত তেওঁৰ মৃত্যু হয়।৪
কৰ্ম
মুখোপাধ্যায়ৰ প্ৰথম প্ৰকল্পসমূহৰ ভিতৰত এটা অন্যতম প্ৰকল্প আছিল তেওঁৰ পেহীয়েক স্বৰ্ণকুমাৰী দেৱীৰ বাংলা উপন্যাস কাহাকে?ৰ ইংৰাজী অনুবাদ।২৫ ইয়াৰ পিছত স্থানীয় মৌখিক পৰম্পৰা আৰু লোককথা লিপিবদ্ধ কৰাৰ প্ৰতি মুখোপাধ্যায় আগ্ৰহী হৈ পৰে।
দ্য অৰিয়েণ্ট পাৰ্লছ (১৯১৫)
দ্য অৰিয়েণ্ট পাৰ্লছ: ইণ্ডিয়ান ফকল’ৰ হৈছে আঠাইশটা ভাৰতীয় লোককথাৰ সংকলন। এই লোককথাবোৰ মুখোপাধ্যায়ে নিজেই সংগ্ৰহ কৰিছে, ইয়াৰে কিছুমান তেওঁ পৰিয়ালৰ ভৃত্যসকলৰ পৰা সংগ্ৰহ কৰিছিল।১৬২ কিতাপখনৰ প্ৰস্তাৱনাত তেওঁৰ প্ৰেৰণা আৰু প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা কৰা হৈছে:
“মোৰ ককা মহাশয় ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ খণ্ড এটা পঢ়ি থাকোঁতে এই কাহিনীবোৰ লিখাৰ ধাৰণাটো মোৰ মনলৈ আহিল; কিন্তু যিহেতু মোৰ হাতত তেওঁৰ দৰে কোনো উদ্ভাৱনী প্ৰতিভা নাই, সেয়েহে মই লোককথা সংগ্ৰহ কৰি ইংৰাজী পোছাক পিন্ধাবলৈ আৰম্ভ কৰিলোঁ; আৰু তলৰ পৃষ্ঠাবোৰত থকা কাহিনীবোৰ মোক বিভিন্ন নিৰক্ষৰ গাঁৱলীয়া মানুহে কৈছিল আৰু ইয়াৰে কেইটামান এতিয়াও মোক সেৱা আগবঢ়োৱা এজন অন্ধ মানুহে কৈছিল, যাৰ স্মৃতি প্ৰখৰ আছিল আৰু কাহিনী কোৱাৰ ক্ষমতাও বিশাল আছিল।৭
অৰিয়েণ্ট পাৰ্লছৰ পৰ্যালোচনা “দ্য ডায়েল” (The Dial) আৰু “দ্য স্পেক্টেটৰ”ৰ (The Spectator) দৰে প্ৰকাশনত প্ৰকাশ কৰা হৈছিল আৰু প্ৰকাশৰ কিছু সময়ৰ পিছতে বিশ্বৰ পুথিভঁৰালসমূহত স্থান পাইছিল।৮৯১০ এই গ্ৰন্থখনে বাংলা লোককথাসমূহক বিশ্বৰ ইংৰাজী ভাষী লোককথাবিদসকলৰ দৃষ্টিগোচৰ কৰিছিল, যিসকলে ইয়াক কম্পিউটাৰ সহায়ক অধ্যয়নৰ নতুন ৰূপকে ধৰি নিজৰ তুলনামূলক কামত উৎস হিচাপে ব্যৱহাৰ কৰিছিল।১১১২১৩১৪ ভাৰতীয় মহিলাসকলৰ লেখাৰ শেহতীয়া শৈক্ষিক সংকলনসমূহত তেওঁৰ গল্পসমূহ পুনৰ প্ৰকাশ পাইছে।১৫
কিছুমান পণ্ডিতে মুখোপাধ্যায়ৰ ৰচনাক পদ্ধতি আৰু সুৰত ব্ৰিটিছ ঔপনিৱেশিক নৃতাত্ত্বিকতাৰ সৈতে একে বুলি স্থান দিছে।১১৬ আন কিছুমানে ভাৰত আৰু অন্যান্য ঠাইত নিৰ্মিত অন্যান্য ভিক্টোৰিয়ান চুটিগল্প সংকলনৰ সৈতে ইয়াৰ সাদৃশ্য বৰ্ণনা কৰে, যিবোৰ সামাজিক সংস্কাৰৰ বিষয়ে সূক্ষ্ম ধাৰণাৰে ভৰি থাকে,১৭ বা লোককথাসমূহ উপনিবেশিকৰ ভাষালৈ অনুবাদ কৰাৰ জটিল আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰদৰ্শনকাৰী বুলি বৰ্ণনা কৰে। আন কিছুমানে তেওঁক স্থানীয় সংস্কৃতিৰ প্ৰতি আগ্ৰহ থকা ভাৰতীয় জাতীয়তাবাদৰ পূৰ্বসূৰী হিচাপে গণ্য কৰে।১৮ আন এজন পণ্ডিতে যুক্তি আগবঢ়ায় যে ঠাকুৰৰ প্ৰস্তাৱনাই এগৰাকী মহিলা লেখিকাৰ বাধাগ্ৰস্ততাৰ স্থিতি স্বীকাৰ কৰে।১৯
পৰবৰ্তী কৰ্ম
মুখোপাধ্যায়ে ১৯১৫ চনৰ পৰা ১৯২০ চনৰ ভিতৰত লণ্ডনস্থিত প্ৰকাশন সংস্থা মেকমিলানৰ তৰফৰ পৰা ভাৰতীয় লোককথা, ধৰ্ম, সংস্কৃতি আৰু কিংবদন্তিৰ ওপৰত চাৰিখন গ্ৰন্থ প্ৰকাশ কৰে। ১৯১৯ চনত প্ৰকাশিত “ইণ্ডিয়ান ফেবলছ এণ্ড ফ’ক-ল’ৰ” আৰু ১৯২০ চনত প্ৰকাশ কৰা “দ্য টেলছ অৱ দ্য গডছ অৱ ইণ্ডিয়া”ত তেওঁ লিপিবদ্ধ কৰা গল্পসমূহৰ তথ্য উৎস অন্তৰ্ভুক্ত কৰে, যিটো তেওঁ আগতে কৰা নাছিল।২২০
গ্ৰন্থপঞ্জী
- To Whom? ভাৰতীয় প্ৰেম কাহিনী (স্বৰ্ণকুমাৰী দেৱীৰ বাংলা উপন্যাস ‘কাহাকে?’ৰ ইংৰাজী অনুবাদ) (১৮৯৮৫ বা ১৯১০২)
- The Orient Pearls: Indian Folktales (১৯১৫)
- Indian Nature Myths (১৯১৯) (ইণ্টাৰনেট আৰ্কাইভত উপলভ্য)
- Indian Fables and Folk-lore (১৯১৯)
- The Tales of the Gods of India (১৯২০)
তথ্যসূত্ৰ
- ↑ Prasad, Leela. (2020-11-15). The Audacious Raconteur: Sovereignty and Storytelling in Colonial India. Cornell University Press. পৃ. 7. ISBN 978-1-5017-5228-5
- ↑ Deb, Chitra. (2010-04-06). Women of The Tagore Household. Penguin UK. ISBN 978-93-5214-187-6
- ↑ Das, Manosh. (June 28, 2012). Tagore's 'Letter from Shillong' in English. The Times of India
- ↑ (10 June 1937). Deaths. The Times of India. পৃ. 2
- ↑ Rani, K. Suneetha. (2017-09-25). Influence of English on Indian Women Writers: Voices from Regional Languages. SAGE Publishing India. ISBN 978-93-81345-34-4
- ↑ Prasad, Leela. (October 2015). Cordelia's Salt: Interspatial Reading of Indic Filial-Love Stories. Oral Histories. পৃ. 253
- ↑ Mukhopadhyay, Shobhanasundari. (1915). The Orient Pearls. MacMillan and Co., Ltd
- ↑ (1916). Bulletin of the Public Library of the City of Boston. The Trustees of the Boston Public Library. পৃ. 123
- ↑ (April 13, 1916). New Books. The Dial. পৃ. 394
- ↑ (December 18, 1915). 'The Orient Pearls by Shovona Devi (book review).. The Spectator''. পৃ. 885
- ↑ Brown, W. N. (1921). Vyaghramari, or the Lady Tiger-Killer: A Study of the Motif of Bluff in Hindu Fiction. American Journal of Philology. পৃ. 139
- ↑ Bruce, James Douglas. (1923). The Evolution of Arthurian Romance from the Beginnings Down to the Year 1300. Johns Hopkins Press. পৃ. 22
- ↑ Davidson, Hilda Ellis; Davidson, Hilda Roderick Ellis; Chaudhri, Anna. (2006). A Companion to the Fairy Tale. DS Brewer. পৃ. 245. ISBN 978-1-84384-081-7
- ↑ Colby, B. N.; Collier, George A.; Postal, Susan K. (1963). Comparison of Themes in Folktales by the General Inquirer System. The Journal of American Folklore. পৃ. 318–323
- ↑ Souza, Eunice de; Pereira, Lindsay. (2004). Women's Voices: Selections from Nineteenth and Early Twentieth Century Indian Writing in English. Oxford University Press India. পৃ. 380. ISBN 978-0-19-566785-1
- ↑ Prasad, Leela. (2003). The Authorial Other in Folktale Collections in Colonial India: Tracing Narration and its Dis/Continuities. Cultural Dynamics. পৃ. 7
- ↑ K., Naik, M. (1987). Studies in Indian English literature. Sterling Publishers. ISBN 81-207-0657-9
- ↑ Islam, Mazharul. (1985). Folklore, the Pulse of the People: In the Context of Indic Folklore. Concept Publishing Company. পৃ. 117
- ↑ Roy, Sarani. (2021-07-31). Defining the Rupkatha: Tracing the Generic Tradition of the Bengali Fairy Tale. Children's Literature in Education. পৃ. 488–506
- ↑ Shovona, Devi. (1919). Indian Fables and Folk-lore. Macmillan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোভনাসুন্দৰী মুখোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৪১০৫৭১ (৯ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।