শ্বাহীন মিস্ত্ৰী' ( Shaheen Mistri; জন্ম: ১৬ মাৰ্চ ১৯৭১ চন) আকাংক্ষা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক হিচাপে পৰিচিত এজন ভাৰতীয় সমাজ কৰ্মী আৰু শিক্ষাবিদ আৰু ২০০৮ চনৰ পৰা টিচ্ছ ফৰ ইণ্ডিয়া''ৰ চিইঅ' হিচাপে মুম্বাই আৰু পুনেত ভাৰতীয় অলাভজনক শিক্ষামূলক পদক্ষেপৰ বাবে পৰিচিত এগৰাকী সমাজ কৰ্মী।১২ তেওঁ ৰিড্ৰয়িং ইণ্ডিয়া(Redrawing India), টিচ্ছ ফৰ ইণ্ডিয়া ষ্টোৰী(The Teach for India story), মিছ মুগলী গ’জ তো মুম্বাই (Miss Muglie Goes to Mumbai), আদি গ্ৰন্থ লিখে৷
প্ৰাৰম্ভিক জীৱন
১৯৭১ চনৰ ১৬ মাৰ্চত ভাৰতৰ মুম্বাইত জন্মগ্ৰহণ কৰা শ্বাহীন মিষ্ট্ৰী পাঁচখন বেলেগ বেলেগ দেশত ডাঙৰ-দীঘল হ’বলগীয়া হৈছিল; কাৰণ তেওঁৰ পিতৃ চিটি গ্ৰুপৰ এগৰাকী জ্যেষ্ঠ বেংক বিষয়া আছিল আৰু পিতৃৰ সৈতে দেশ দেশে তেওঁ বদলি হৈ আছিল।৩ আঠাইশ বছৰ বয়সত তেওঁ নিজা চহৰ মুম্বাইলৈ উভতি আহিছিল আৰু ইয়াৰ বস্তিবোৰৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী হৈ পৰিছিল। সেয়ে, যেতিয়া তেওঁ মুম্বাই বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ শিক্ষা ব্যৱস্থাত বৈষম্যৰ কথা শ্বাহীনে সদায় শুনিছিল যদিও বাস্তৱিকতে যি দেখিছিল, তেওঁক স্তম্ভিত কৰি তুলিছিল। মুম্বাই বিশ্ববিদ্যালয়ৰ অধীনৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা তেওঁ সমাজবিজ্ঞানত বি এ ডিগ্ৰী লাভ কৰে আৰু পিছত মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্ৰী লাভ কৰে।৪ শ্বাহীন এগৰাকী অশোক ফেলো, আৰু বিশ্ব অৰ্থনৈতিক মঞ্চ আৰু এছিয়া ছ’চাইটিত ২১ৰ এগৰাকী ভৱিষ্যতৰ লিডাৰ হিচাপে কাম কৰি আহিছে। তদুপৰি, শ্বাহীন হৈছে ৰি-ড্ৰয়িং ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক।৫
কৰ্মজীৱন
শ্বাহীন মিস্ত্ৰীয়ে কলেজীয়া ছাত্ৰী হিচাপে মুম্বাইৰ বস্তিবোৰত সোমাই বিচৰণ কৰিছিল আৰু ৰাজপথত ঘূৰি ফুৰা ন্যূনতম সুবিধাপ্ৰাপ্ত শিশুসকলক পঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল।[6] ১৯৮৯ চনত শ্বাহীনে আকাংক্ষা কেন্দ্ৰ স্থাপন কৰে আৰু ১৫টা শিশুক নামভৰ্তি কৰি শিক্ষাদান কৰিবৰ বাবে কলেজীয়া বন্ধু-বান্ধৱীক স্বেচ্ছাসেৱক হিচাপে নিয়োগ কৰে। ক্ৰমে ক্ৰমে এই কেন্দ্ৰটো কম সুবিধাপ্ৰাপ্ত শিশুসকলক বিদ্যালয়ৰ পিছৰ সময়ত টিউচনৰ জৰিয়তে শিক্ষা প্ৰদান কৰা আকাংক্ষা ফাউণ্ডেশ্যনলৈ উন্নীত হয়; যিটো এটা অলাভজনক শিক্ষা প্ৰকল্প। বৰ্তমান আকাংক্ষাই নিজৰ স্কুল প্ৰজেক্ট মডেলৰ জৰিয়তে ৬৫০০ৰো অধিক শিশুৰ কাষ চাপিবলৈ সক্ষম হৈছে। ইয়াৰ কেন্দ্ৰ আৰু বিদ্যালয়সমূহ মুম্বাই আৰু পুনেত অৱস্থিত। শিক্ষকসকলে শিশুসকলক এক অভিনৱ পদ্ধতি ব্যৱহাৰ কৰি শিকায়, যাৰ বাবে ফাউণ্ডেশ্যনে আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। ২০০৮ চনৰ গ্ৰীষ্মকালত শ্বাহীনে ভাৰতৰ শৈক্ষিক বৈষম্যৰ অন্ত পেলোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ ভৱিষ্যতৰ সু-নাগৰিক গঢ়ি তোলাৰ লক্ষ্যৰে সমগ্ৰ ভাৰতৰ সকলো শিশুকে এক উৎকৃষ্ট শিক্ষা প্ৰণালী প্ৰদানৰ সাহসী দৃষ্টিভংগীৰে টিচ্ছ ফৰ ইণ্ডিয়া প্ৰতিষ্ঠা কৰে। টিচ্ছ ফৰ ইণ্ডিয়া ফেল'শ্বিপত আটাইতকৈ আশাব্যঞ্জক কথাটো হ’ল ভাৰতৰ কলেজ স্নাতক আৰু যুৱ পেছাদাৰীসকলক কম আয়ৰ বিদ্যালয়ত দুবছৰ শিক্ষকতা কৰি দেশৰ শৈক্ষিক ব্যৱধান দূৰ কৰাৰ প্ৰয়াস কৰিবলৈ নিয়োগ কৰা হয়।৬
শ্বাহীনে আকাংক্ষা ফাউণ্ডেশ্যন আৰু ছিম্পল এডুকেচন ফাউণ্ডেশ্যনৰ ব’ৰ্ডত কাৰ্যনিৰ্বাহ কৰাৰ উপৰি ডিজাইন ফৰ চেঞ্জ, থাৰ্মেক্স ফাউণ্ডেশ্যন আৰু টিচ ফৰ অলৰ ব’ৰ্ডৰ তেওঁ প্ৰাক্তন সদস্য।
শ্বাহীনে ২০১৪ চনত Redrawing India: The Teach for India Story প্ৰকাশ কৰে৷
তেওঁ ২০০১ চনত Ashoka Fellow লাভ কৰে৷ ২০০২ চনত Global Leader for Tomorrow at the World Economic Forum আৰু ২০০৬ চনত Asia Society 21 Leader নিৰ্বাচিত হয়৷
তথ্যসূত্ৰ
- ↑ Our Team | Teach for India
- ↑ Connecting the bright spots in India's dark education sky. Economic Times Blog
- ↑ Rebel with a Cause. India Today
- ↑ Shaheen Mistri | First Givers Club
- ↑ The Aspen Institute India
- ↑ Home · TeachforIndia. www.teachforindia.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাহীন মিস্ত্ৰী” প্ৰবন্ধৰ সংশোধন ৪০৬৬৭৬ (২০ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।