অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বাইনী আব্ৰাহাম

শ্বাইনী উইলছন (বিবাহৰ পূৰ্বে আব্ৰাহাম, Shiny Abraham Wilson, জন্ম ৮ মে' ১৯৬৫) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় খেলুৱৈ। তেওঁ ১৪ বছৰ ধৰি ৮০০ মিটাৰ ট্ৰেক এণ্ড ফিল্ডত ৰাষ্ট্ৰীয় চেম্পিয়ন হৈ আছে। শ্বাইনী আব্ৰাহাম উইলছনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৭৫ বাৰতকৈও অধিক বাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২১ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শ্বাইনী উইলছন (বিবাহৰ পূৰ্বে আব্ৰাহাম, Shiny Abraham Wilson, জন্ম ৮ মে' ১৯৬৫) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় খেলুৱৈ। তেওঁ ১৪ বছৰ ধৰি ৮০০ মিটাৰ ট্ৰেক এণ্ড ফিল্ডত ৰাষ্ট্ৰীয় চেম্পিয়ন হৈ আছে।১ শ্বাইনী আব্ৰাহাম উইলছনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৭৫ বাৰতকৈও অধিক বাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ চাৰিখনকৈ বিশ্বকাপ প্ৰতিযোগিতাত এছিয়া মহাদেশক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ সম্ভৱতঃ একমাত্ৰ এথলীট যিয়ে জাকাৰ্টাত ১৯৮৫ চনৰ পৰা একেৰাহে ছয়খন এছিয়ান ট্ৰেক এণ্ড ফিল্ড মিটত অংশগ্ৰহণ কৰিছে।১ এই সময়ছোৱাত তেওঁ এছিয়াৰ প্ৰতিযোগিতাসমূহত সাতটা স্বৰ্ণ, পাঁচটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ সাতখন দক্ষিণ এছিয়ান ফেডাৰেচন (এছএএফ)-ৰ পৰা নিজ দক্ষতাৰে ১৮টা সোণ আৰু দুটা ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে।১২

প্ৰাৰম্ভিক জীৱন

১৯৬৫ চনৰ ৮ মে' তাৰিখে কেৰালাৰ ইডুক্কি জিলাৰ থোডুপুঝাত জন্মগ্ৰহণ কৰা শ্বাইনীয়ে সৰুতেই এথলেটিকছৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। পিছলৈ কোট্টায়ামৰ ক্ৰীড়া বিভাগত যোগদান কৰাৰ পিছত তেওঁ নিজৰ দক্ষতা বিকাশত সফল হয়। শ্বাইনীয়ে, পি. টি. উষা আৰু এম ডি বালচাম্মা সহিত কেৰালাৰ বিভিন্ন স্থানত একেটা ক্ৰীড়া বিভাগতে অধ্যয়ন কৰিছিল আৰু ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকক এনআইএছ প্ৰশিক্ষক পি জে দেৱেছলাই প্ৰশিক্ষণ দিয়ে।

তাৰ পিছত পালাইৰ আলফনচা মহাবিদ্যালয়লৈ যোৱাৰ আগতে শ্বাইনীক ত্ৰিবান্দ্ৰমৰ জি ভি ৰাজা ক্ৰীড়া বিদ্যালয়ত প্ৰশিক্ষণ দিয়া হৈছিল।১

তেওঁ উইলছন চেৰিয়ানৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, যি এগৰাকী আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ আৰু অৰ্জুন বঁটা প্ৰাপক খেলুৱৈ। তেওঁলোকৰ তিনিটা সন্তান ক্ৰমে শিল্পা, চেন্দ্ৰা আৰু শ্বেন।

তেওঁ বৰ্তমান ভাৰতীয় ক্ৰীড়া দলৰ নিৰ্বাচক আৰু বাছনি সমিতি পৰিষদৰ বাবে চৰকাৰীভাৱে মনোনীত ব্যক্তি। তেওঁ বৰ্তমান এফচিআই চেন্নাইত জেনেৰেল মেনেজাৰ (দক্ষিণ) হিচাপে কাম কৰি আছে।

কেৰিয়াৰ

১৯৮২ চনত নতুন দিল্লীত অনুষ্ঠিত এছিয়ান গেমছত তেওঁলোক দুয়োজনে দেশক প্ৰতিনিধিত্ব কৰাৰ সময়ৰ পৰাই শ্বাইনী আব্ৰাহামৰ এথলেটিকছ কেৰিয়াৰ পি. টি. উষাৰ সৈতে একেলগে চলিছিল। দিল্লীত অনুষ্ঠিত এছিয়ান গেমছৰ আগতে কোনোবা এটা বছৰত ৮০০ মিটাৰ ত শ্বাইনী ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিল।১

ইয়াৰ পিছত অৱসৰ ঘোষণা নকৰালৈকে, তেওঁ প্ৰতিবাৰেই ৰাষ্ট্ৰীয় ক্ষেত্ৰত অংশগ্ৰহণ কৰিছিল, তেওঁ চাৰিবাৰকৈ অলিম্পিক আৰু তিনিবাৰৰ এছিয়ান গেমছৰ অভিজ্ঞ এক ব্যক্তিত্ব। ১৯৮৪ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ অলিম্পিক ইভেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা তেওঁ ভাৰতৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ।১ আৰু অধিক গুৰুত্বপূৰ্ণ ভাৱে, তেওঁ ৰিলে দলৰ অংশ আছিল আৰু তেওঁলোকৰ দলটোৱে তাত এছিয়ান অভিলেখ গঢ়িছিল আৰু পুনৰ যেতিয়া ১৯৮৭ত ৰোমত বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল, সেই প্ৰতিযোগিতাত তেওঁলোকে পুনৰ নিজৰ ৰেকৰ্ড উন্নত কৰে।

১৯৮৬ চনত চিউলত অনুষ্ঠিত এছিয়ান গেমছৰ সময়ত খেলপথাৰৰ পৰা তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল।৩ ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিকত তেওঁ ভাৰতৰ বাবে পতাকা বাহক হোৱা প্ৰথম গৰাকী মহিলা।১

১৯৮৯ চনত দিল্লীৰ এছিয়ান ট্ৰেক এণ্ড ফিল্ড মিট প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণৰ পূৰ্বে বিবাহপাশত আবদ্ধ হয়। উক্ত প্ৰতিযোগিতাত ৮০০ মিটাৰৰ দৌৰ ইভেণ্টত চীনৰ চান চুমেইৰ পিছত তেওঁ দ্বিতীয় স্থান লাভ কৰিছিল কিন্তু চুমেইৰ ড'পিং পৰীক্ষণত ইতিবাচক ফলাফল ওলোৱাত শ্বাইনীক বিজয়ী ঘোষণা কৰা হৈছিল।১ পৰৱৰ্তী সময়ত তেওঁ সন্তানৰ মাতৃ হৈয়ো অধিক দ্ৰুতগতিৰে তেওঁৰ ক্ৰীড়া জীৱন আগুৱাই লৈ গৈছিল আৰু চেন্নাইত ১৯৯৫ চনৰ দক্ষিণ এছিয়ান ফেডাৰেচন (এছএএফ) গেমছত ৮০০ মিটাৰ দৌৰত ১:৫৯:৮৫ ৰ এক নতুন অভিলেখ গঢ়ে।১

১৯৮৮ চনৰ ডিচেম্বৰত তেওঁ সাঁতোৰবিদ উইলচন চেৰিয়ানৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৪

বঁটা আৰু সন্মান

১৯৮৫ চনত শ্বাইনীক অৰ্জুন বঁটা, ১৯৯৬ চনত বিৰলা বঁটা আৰু ১৯৯৮ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। তেওঁ এছিয়াৰ শীৰ্ষ দহজন খেলুৱৈৰ ভিতৰত এগৰাকী হোৱাৰ বাবে চীনা চৰকাৰে তেওঁক চীনা সাংবাদিক বঁটা ১৯৯১ প্ৰদান কৰে। ২০০২ চনত, তেওঁক ইউনিচেফ, লছ এঞ্জেলছৰ দ্বাৰা সন্মানিত কৰা হৈছিল। ২০০৯ চনত, দিল্লীত চিএনএন আইবিএনৰ পৰা লাইফটাইম এচিভমেণ্ট বঁটা, ২০১২ চনত, চেন্নাইত জেএফডব্লিউ এচিভাৰ্ছ বঁটাৰ পৰা জীৱনজোৰা সাধনা বঁটা তথা ২০১২ চনতেই, তেওঁক ক্ৰীড়া ক্ষেত্ৰৰ বাবে চান নেটৱৰ্কৰ পৰা মহিলাৰ শাখাত জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Chitra Garg. (2010). Indian Champions. Rajpal & Sons. পৃ. 52–54. ISBN 9788170288527
  2. ↑ Somak Adhikari. (3 January 2020). Shiny Abraham, The Lady From A Forgotten Era Of Indian Athletics Who Won Us Gold At Asian Championships. IndiaTimes
  3. ↑ Rahul Preeth. (24 September 2014). That One Mistake!. The New Indian Express
  4. ↑ (15 December 1988). Shiny Abraham the ties knot with ace swimmer Wilson Cherian. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীটভাৰতীয় অলিম্পিক প্ৰতিযোগীঅৰ্জুন বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাইনী আব্ৰাহাম” প্ৰবন্ধৰ সংশোধন ৩০০৯৭৪ (২৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।