অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সঞ্জনা সাংঘী

সঞ্জনা সাংঘী (Sanjana Sanghi; জন্ম: ২ ছেপ্টেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১১ চনৰ ৰকষ্টাৰ ছবিত এগৰাকী শিশু শিল্পী হিচাপে অভিনয়েৰে চলচ্চিত্ৰ জগতত খোজ দিয়ে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

সঞ্জনা সাংঘী (Sanjana Sanghi; জন্ম: ২ ছেপ্টেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১১ চনৰ ৰকষ্টাৰ ছবিত এগৰাকী শিশু শিল্পী হিচাপে অভিনয়েৰে চলচ্চিত্ৰ জগতত খোজ দিয়ে।১ পিছলৈ কেইটামান পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰাৰ পিছত ৰোমাণ্টিক নাট্যধৰ্মী ছবি দিল বেচাৰা (২০২০)ত অভিনয়েৰে তেওঁ সাফল্য অৰ্জন কৰিছিল। ইয়াৰ পিছত সাংঘীয়ে ৰাষ্ট্ৰ কৱচ ওম (২০২২), ধক ধক (২০২৩) আৰু কড়ক সিং (২০২৩) আদিৰ দৰে ছবিসমূহত অভিনয় কৰে।২৩

প্ৰাৰম্ভিক জীৱন

১৯৯৬ চনৰ ২ ছেপ্টেম্বৰ তাৰিখে,৪৫ ভাৰতৰ দিল্লী চহৰত ব্যৱসায়ী সন্দীপ সাংঘী আৰু গৃহিণী শ্বগুনৰ গৃহত সঞ্জনা সাংঘীয়ে জন্মগ্ৰহণ কৰিছিল।৬ তেওঁৰ ভায়েকৰ নাম সুমেৰ।৭ দিল্লীৰ মডাৰ্ণ স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ ২০১৭ চনত দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ পৰা সাংবাদিকতা আৰু গণসংযোগ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৮

কৰ্মজীৱন

২০১৭ চনত ''হিন্দী মিডিয়াম'' ছবিৰ ছেটত সাংঘী
২০১৭ চনত হিন্দী মিডিয়াম ছবিৰ ছেটত সাংঘীছবি: Sanjana Sanghi · CC BY-SA 4.0

প্ৰাৰম্ভিক কাম (২০১১–২০১৭)

২০১১ চনত ইমতিয়াজ আলীৰ ৰোমাণ্টিক নাট্যধৰ্মী ছবি ৰকষ্টাৰত অভিনয়েৰে সাংঘীয়ে ছবিজগতত আত্মপ্ৰকাশ কৰিছিল। স্কুলৰ মঞ্চত অভিনয় কৰা দেখি মুকেশ ছাব্ৰাই তেওঁক অভিনয়ৰ বাবে নিৰ্বাচিত কৰিছিল।৯ তেওঁ ২০১৬ চনত বাৰ বাৰ দেখো নামৰ ছবিখনত জয়ৰ শ্ৰেণীকোঠাৰ এগৰাকী স্কুলীয়া ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ ২০১৭ চনত ফুক্ৰে ৰিটাৰ্ণছ নামৰ ছবিখনত কেটীৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ সেই বছৰৰে হিন্দী মিডিয়াম নামৰ ছবিখনত ছাবা কমৰৰ সৰুকালৰ চৰিত্ৰটিত অভিনয় কৰিছিল।১০১১

মুখ্য ভূমিকা (২০১৮–বৰ্তমান)

২০১৮ চনত, তেওঁ দিল বেচাৰা নামৰ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল, যʼত তেওঁ অভিনেতা সুশান্ত সিং ৰাজপুতৰ বিপৰীতে অভিনয় কৰিছিল। ছবিখন আমেৰিকীয় উপন্যাস দ্য ফল্ট ইন আৱাৰ ষ্টাৰ্ছৰ আধাৰত নিৰ্মিত হৈছিল।১২ ২০২০ চনত ডিজনী+ হটষ্টাৰত ছবিখনে মুক্তি লাভ কৰিছিল।১৩

ইয়াৰ পিছত সাংঘীয়ে কপিল ভাৰ্মা পৰিচালিত একচন নাট্যধৰ্মী ছবি ৰাষ্ট্ৰ কৱচ ওমত আদিত্য ৰায় কাপুৰৰ বিপৰীতে অভিনয় কৰে।১৪ ২০২২ চনৰ জুলাই মাহত এই ছবিখনে মুক্তি লাভ কৰে।১৫ ২০২৩ চনত তেওঁ ধক ধক আৰু কড়ক সিং শীৰ্ষক দুখন চলচ্চিত্ৰত অভিনয় কৰে।১৬

অন্যান্য কাম

তনিষ্ক, কেডবেৰী, এয়াৰচে'ল, কোকাকোলা, মিন্ত্ৰা আৰু ডাবৰৰ দৰে কোম্পানীসমূহৰ বিজ্ঞাপনতো তেওঁক দেখা গৈছে।

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

এই চিনে এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজাইছে
বৰ্ষশিৰোনামভূমিকাটোকাতথ্যসূত্ৰ
২০১১ৰকষ্টাৰমেণ্ডী কৌল১৭
২০১৬বাৰ বাৰ দেখোএগৰাকী স্কুলীয়া ছাত্ৰীকেমিঅʼ উপস্থিতি
২০১৭হিন্দী মিডিয়ামসৰুকালৰ মীতা১৮
ফুক্ৰে ৰিটাৰ্ণছকেটী১৯
২০২০দিল বেচাৰাকিজি বসু২০
২০২২উলঝে হুয়েৰচিকাচুটি চলচ্চিত্ৰ২১
ৰাষ্ট্ৰ কৱচ ওমকাব্যা শৰ্মা২২
২০২৩ধক ধকমঞ্জৰী২৩
কড়ক সিংসাক্ষী শ্ৰীবাস্তৱ২৪
২০২৪ৱো ভী দিন থেমালাইকা "মিল্কি"২৫

সংগীত ভিডিঅʼ

বৰ্ষশিৰোনামকণ্ঠশিল্পীতথ্যসূত্ৰ
২০২০নেভাৰ চে গুডবাইএ. আৰ. আমিন২৬
২০২১মেহেন্দি ৱালে হাথগুৰু ৰন্ধাৱা২৭

বঁটা আৰু মনোনয়ন

বৰ্ষপুৰস্কাৰশিতানচলচ্চিত্ৰফলাফলতথ্যসূত্ৰ
২০২৩আইকনিক গোল্ড এৱাৰ্ডছমিলেনিয়াল ষ্টাৰ অন ৰাইজৰাষ্ট্ৰ কৱচ ওম২৮

তথ্যসূত্ৰ

  1. ↑ Dubey, Rachana. (20 September 2019). How Sanjana Sanghi overcame her fears... The Times of India
  2. ↑ (6 July 2020). Ahead of Sushant Singh Rajput's Dil Bechara trailer, fans make it a top trend; Sanjana Sanghi says 'I can feel y'all and him are with us'. Hindustan Times
  3. ↑ Basu, Nilanjana. (6 July 2020). Dil Bechara Trailer: Time Is Against Sushant Singh Rajput And Sanjana Sanghi's Magical Love Story. NDTV.com
  4. ↑ Tiwari, Rinki. (2 September 2023). Sanjana Sanghi Birthday: घूमने की शौकीन हैं संजना सांघी, बोल्ड लुक से देती हैं वेकेशन गोल्स, फोटोज हैं सबूत - Happy Birthday Sanjana Sanghi Hot Photos From Vacation See Here. Jagran
  5. ↑ (2023-09-08). This is how Sanjana Sanghi celebrated her 27th birthday. The Times of India
  6. ↑ (2021-04-05). Sanjana Sanghi's Delhi diaries in pics: Chhole bhature at Bengali Market, momos from Amar Colony. Hindustan Times
  7. ↑ (2024-07-17). Sanjana Sanghi Has The Sweetest Birthday Wish For Brother: 'Endlessly Proud Of You’. News18
  8. ↑ (21 February 2018). In Pictures: Meet Sanjana Sanghi, Sushant Singh Rajput's leading lady of 'The Fault in Our Stars' remake. Free Press Journal
  9. ↑ (10 July 2020). Before Dil Bechara, Sanjana Sanghi Was A Part Of Rockstar. News18
  10. ↑ (3 July 2020). Sanjana Sanghi clarifies she isn't 'bidding adieu' to Bollywood, writes, 'We'll all be back to life as per usual! But absolutely nothing to worry about'. The Times of India
  11. ↑ Mohanty, Debashree. (11 January 2020). Celeb Travel–Sanjana Sanghi, Model & Actor. Times of India Travel
  12. ↑ (11 July 2018). The Fault in Our Stars' Hindi Adaptation Titled Kizie Aur Manny. News18
  13. ↑ Jain, Arushi. (26 June 2020). Sushant Singh Rajput's Dil Bechara to premiere on Disney Plus Hotstar. The Indian Express
  14. ↑ (4 December 2020). 'OM: The Battle Within': Aditya Roy Kapur flaunts his ripped body in the first look poster - Times of India. The Times of India
  15. ↑ 'Teaser and Release date of Om: The Battle Within Released' - News ABP Live
  16. ↑ (16 May 2022). Dhak Dhak: Fatima Sana Sheikh, Ratna Pathak Shah, Dia Mirza & Sanjana Sanghi to take the 'high road' in adventure film. Pinkvilla
  17. ↑ (10 July 2020). Sanjana Sanghi recalls being a part of 'Rockstar'. Telangana Today
  18. ↑ (2020-07-23). Before Dil Bechara, did you spot Sanjana Sanghi in Hindi Medium and Fukrey Returns?. Hindustan Times
  19. ↑ (2020-07-24). All the movies of Sanjana Sanghi before Dil Bechara. The Indian Express
  20. ↑ (26 June 2020). "Let's Not Make It About The Size Of The Screen:" Dil Bechara Actress Sanjana Sanghi On Film's Online Release. NDTV
  21. ↑ (8 February 2022). Uljhe Hue Trailer: Sanjana Sanghi, Abhay Verma starrer explores modern day love; to release on February 11. Pinkvilla
  22. ↑ (3 December 2020). Aditya Roy Kapur, Sanjana Sanghi begin filming Om - The Battle Within. Outlook India
  23. ↑ (16 May 2022). 'Dhak Dhak': Fatima Sana Shaikh, Ratna Pathak Shah, Dia Mirza and Sanjana Sanghi promise a ride of a lifetime. Times Of India
  24. ↑ Kadak Singh Trailer OUT: Pankaj Tripathi's suspense thriller revolves around theme of identity. Pinkvilla
  25. ↑ Woh Bhi Din The OTT release date - When and where to watch Adarsh Gourav and Rohit Saraf-starrer after a decade-long delay. OTT Play
  26. ↑ Dil Bechara Song Never Say Goodbye: A Final Farewell To Sushant Singh Rajput. NDTV.com
  27. ↑ (14 January 2021). Mehendi Wale Haath: Guru Randhawa tugs at the heartstring with his first song of 2021 - Times of India. The Times of India
  28. ↑ Iconic Gold Awards 2023: Celebrating the Best of Bollywood and Television on March 18th in Mumbai. Freepressjournal

সম্পৰ্কিত শ্ৰেণী

দিল্লীৰ অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঞ্জনা সাংঘী” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৯৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।