ষ্টেলা এটকিন্স কানাডাৰ চাইমন ফ্ৰেজাৰ বিশ্ববিদ্যালয়ৰ কম্পিউটিং বিজ্ঞানৰ এমেৰিটাছ অধ্যাপক,১ আৰু কম্পিউটিঙৰ কাৰিকৰী মহিলাৰ বাবে গঠিত চিষ্টাৰ্চ সম্প্ৰদায়ৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক সদস্য।২ তেওঁৰ প্ৰধান গৱেষণামূলক আগ্ৰহ মেডিকেল কম্পিউটিঙত যেনে, লেপাৰ'স্কপিক অস্ত্ৰোপচাৰ, টোপনিৰ অধ্যয়ন আৰু টেলিহেল্থ আদি আৰু চিকিৎসা বিজ্ঞানৰ ছবি প্ৰদৰ্শন আৰু বিশ্লেষণ কৰা।১
শিক্ষা
গণিতৰ প্ৰতি তীব্ৰ আগ্ৰহৰ সৈতে ইংলেণ্ডত ডাঙৰ-দীঘল হৈছিল এটকিন্স। তেওঁৰ দেউতাক অভিযন্তা আৰু মাক আছিল এগৰাকী পৰিসংখ্যাবিদ। তেওঁ আজৰি সময় কটোৱাৰ বাবে গণিতৰ কিতাপ পঢ়ি ভাল পাইছিল যদিও ভনীয়েকে কলেজত গণিত পঢ়ি থকাৰ বাবে তেওঁ বেলেগ পথ ল'ব বিচাৰিছিল আৰু তাৰ পৰিৱৰ্তে তেওঁ ৰসায়ন বিজ্ঞান অধ্যয়নৰ বাবে বাছি লৈছিল।৩ বিশ্ববিদ্যালয় বাছি লওঁতে এটকিন্সে ইংলেণ্ডৰ নটিংহাম বিশ্ববিদ্যালয় বাছি লৈছিল, কাৰণ ৰসায়নবিদ ড’ৰথী হডকিন, যিয়ে মাত্ৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল, তেওঁ তাত কৰ্মৰত আছিল।৪
এটকিন্সে বি. নটিংহাম বিশ্ববিদ্যালয়ৰপৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে (১৯৬৬),১ তাৰ পিছত তেওঁ শ্বেল ৰিফাইনিং কোম্পানীত ৰাসায়নিক অভিযন্তা হিচাপে কাম কৰে। তাত তেওঁ তেল শোধনাগাৰ আৰু তেলৰ প্ৰৱাহৰ চিমুলেচন কৰিছিল আৰু তাতেই কম্পিউটিঙৰ প্ৰতি তেওঁৰ আগ্ৰহ গঢ়ি তুলিছিল৪
পিছলৈ এটকিন্স ইংলেণ্ডৰ ৱাৰউইক বিশ্ববিদ্যালয়৪ ৰ বৈজ্ঞানিক কম্পিউটাৰ প্ৰগ্ৰেমাৰ উপদেষ্টা হয় আৰু তাৰ পৰাই ১৯৭৬ চনত তাৰপৰা কম্পিউটাৰ বিজ্ঞানত এম.ফিল. ডিগ্ৰী লাভ কৰে।১ ১৯৮৫ চনত এটকিন্সে ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞান বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ লাভ কৰে লাভ কৰে।১
তথ্যসূত্ৰ
- ↑ Stella Atkins - Computing Science - Simon Fraser University. www.sfu.ca
- ↑ Founding Systers - AnitaB.org. AnitaB.org
- ↑ Home Page - M. Stella Atkins. www.cs.sfu.ca
- ↑ The Evolving Pattern that is Stella Atkins - November 2001 - Simon Fraser University. www.sfu.ca
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টেলা এটকিন্স” প্ৰবন্ধৰ সংশোধন ৫৯৬৯১৬ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।