শোভানা নৰসিংহ (Shobhana Narasimhan) হৈছে বাংগালোৰস্থিত 'জৱাহৰলাল নেহৰু উচ্চ বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ'ৰ এগৰাকী অধ্যাপিকা। তেখেতে তাত্ত্বিক বিজ্ঞানত অধ্যাপনা কৰে। তেখেতৰ গৱেষণাক্ষেত্ৰৰ মূল বিষয় হৈছে গণনামূলক নেনোবিজ্ঞান। মাত্ৰাৰ লঘূকৰণ (lowering of dimensionality) আৰু আকাৰৰ হ্ৰাসকৰণে (reduction of size) কিদৰে পদাৰ্থৰ ধৰ্মৰ ওপৰত প্ৰভাৱ পেলায়-সেইটো বিষয়ত তেখেতে গৱেষণাৰ জৰিয়তে পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰে।১ তেখেত ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ এগৰাকী সভ্য।২
শিক্ষা আৰু কৰ্মজীৱন
শোভানা নৰসিংহই ১৯৮৩ চনত মুম্বাইস্থিত ছেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী অৰ্জন কৰে। তাৰপিছত ১৯৮৫ চনত আইআইটি বোম্বাইৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯১ চনত হাৰ্ভাড বিশ্ববিদ্যালয়ৰ পৰা তাত্ত্বিক পদাৰ্থ বিজ্ঞানত ডক্তৰেট ডিগ্ৰী লাভ কৰে।৩ পৰৱৰ্তী সময়ত, তেখেতে (১৯৯১-১৯৯৪) আমেৰিকা যুক্তৰাষ্ট্ৰত থকা "ব্ৰুকহাভেন ৰাষ্ট্ৰীয় প্ৰয়োগশালা" আৰু বাৰ্লিনস্থিত "ফ্ৰিটজ হাবেৰ ইনষ্টিটিউট অৱ দ্যা মেক্স প্লাংক ছ'ছাইটি"ত (১৯৯৪-১৯৯৬) যথাক্ৰমে প'ষ্টডক্তৰেল গৱেষণা সহযোগী আৰু অনাৱসিক বিজ্ঞানী হিচাপে কৰ্মনিৰ্বাহ কৰে। ১৯৯৬ চনত শোভানাই জৱাহৰলাল উচ্চ বৈজ্ঞানিক গৱেষণা কেন্দ্ৰৰ তাত্ত্বিক বিজ্ঞান বিভাগত যোগদান কৰে আৰু এতিয়া এইটো প্ৰতিষ্ঠানতে তেখেতে অধ্যাপক হিচাপে কৰ্মনিৰ্বাহ কৰি আছে। উল্লেখযোগ্য যে, তেখেত এইটো প্ৰতিষ্ঠানতে ২০০৮ চনৰ পৰা ২০১২ চনলৈকে তাত্ত্বিক বিজ্ঞান গোটৰ সভাপতিৰ পদ অলংকৃত কৰিছিল।৪
শিক্ষা-প্ৰদানৰ অভিনৱ পদ্ধতিৰ প্ৰতি শোভানা নৰসিংহৰ বিশেষ আগ্ৰহ আছে। তাৰবাবে তেখেতে কেইবাটাও কৰ্মশালাৰ আয়োজন আৰু তত্ত্বাৱধান কৰিছে। আৰু এইটো পদক্ষেপ কেইবাখনো দেশত গ্ৰহণ কৰিছে।৫ ইয়াৰ লগতে তেখেতে জ্ঞান-বিজ্ঞানৰ ক্ষেত্ৰখনত নাৰীসমাজক আগবঢ়াই নিয়াতো গুৰুত্ব আৰোপ কৰি আহিছে। তেখেত ভাৰত চৰকাৰৰ "বিজ্ঞান-ক্ষেত্ৰত নাৰী"ৰ স্থায়ী সমিতিৰ সদস্যা। ইয়াৰ আগতে তেখেতে "ভাৰতীয় বিজ্ঞান একাডেমী"ৰ এটা বিশেষ পদক্ষেপ "বিজ্ঞানক্ষেত্ৰত নাৰী"ৰ এগৰাকী পেনেল সদস্য আছিল।৬ তেখেতে ইটালীৰ ট্ৰিষ্টিস্থিত "তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান কেন্দ্ৰ" আৰু ৰাৱাণ্ডাৰ কিগালিস্থিত "মৌলিক গৱেষণাৰ পূব-আফ্ৰিকীয় প্ৰতিষ্ঠান"ত পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত কৰ্মৰত নাৰীসকলকৰ বাবে কিছুমান কেৰিয়াৰ বিকাশ কৰ্মশালা আয়োজন কৰে।৭৮
শোভানাৰ উদ্যোগত আয়োজিত হোৱা এক বিশেষ সম্পৰীক্ষা বিশেষভাৱে লেখত ল'বলগীয়া। এইটো ব্যতিক্ৰমী পদক্ষেপত ৬৭ গৰাকী ব্যক্তি লগ হৈ এখন গৱেষণা-পত্ৰ লিখি উলিয়াইছিল। ২০০৬ চনত জুলাই মাহত, বাংগালোৰত সেইটো কাম কৰা হৈছিল। ২০০৭ চনত প্ৰকাশিত হোৱা সেই গৱেষণা-পত্ৰখনৰ নাম হৈছে: ''Six C1−x O2 alloys: a possible route to stabilize carbon-based silica-like solids”, Solid State Commun. 144 273 (২০০৭)৯
প্ৰকাশিত গৱেষণাপত্ৰ
শোভানা নৰসিংহৰ প্ৰকাশিত গৱেষণাপত্ৰৰ তালিকা দীঘলীয়া। তেখেতৰ লগত বহুকেইজন গৱেষক-বিজ্ঞানীয়ে সহযোগিতা কৰিছে। তেখেতৰ কেইখনমান গৱেষণাপত্ৰ হৈছে-
- শোভানা নৰসিংহ, A Tryst with Density: Walter Kohn and Density Functional Theory, Resonance, 22, 731 - 746 (২০১৭)
- সানন্দা বিশ্বাস আৰু শোভানা নৰসিংহ, Bromine as a Preferred Etchant for Si Surfaces in the Supersaturation Regime: Insights from Calculations of Atomic Scale Reaction Pathways, J. Phys. Chem. C, 120, 15230 - 15234 (২০১৬).
- নিশা মামেন আৰু শোভানা নৰসিংহ, Diffusion barriers, growth pathways, and scaling relations for small supported metal clusters, J. Chem. Phys., 151, 144709 (২০১৯).
- সুকন্যা ঘোষ, নিশা মামেন আৰু শোভানা নৰসিংহ, A Descriptor for the Efficacy of Aliovalent Doping of Oxides and Its Application for the Charging of Supported Au Clusters, J. Phys. Chem. C, 123, 19794 - 19805 (২০১৯).
- দেৱিনা শৰ্মা, গৌৰৱ গৌতম আৰু শোভানা নৰসিংহ, A simple descriptor for binding at charge transfer at blue phosphorene - metal interfaces, Applied Surface Science, 492, 16 - 22 (২০১৯)
- নিশা মামেন আৰু শোভানা নৰসিংহ, Inducing wetting morphologies and increased reactivities of small Au clusters on doped oxide supports, J. Chem. Phys., 149, 174701 (২০১৮)
- জে.পল আৰু শোভানা নৰসিংহ, Effect of coordination on bond properties: A first principles study, Bulletin of Materials Science, 31, 569 - 572 (২০০৮).
- পি.ঘোষ, শোভানা নৰসিংহ, এছ. জেনকিন্স, আৰু ডি.এ. কিংগ; Lifting of Ir(100) reconstruction by CO adsorption: an ab initio study, J. Chem. Phys., 126, 244701 (২০০৭).
- জে. ভট্টাচাৰ্য, শোভানা নৰসিংহ আৰু ইউ.ভি. ৱাগমাৰে, Distiribution of Electron Charge Centres: A Picture of Bonding Based on Geometric Phases, arXiv, 06, 12468 (২০০৬)১০
বঁটা আৰু সন্মান
- ২০১১ চনত শোভানা নৰসিংহ "ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰত"লৈ এগৰাকী সভ্য হিচাপে নিৰ্বাচিত হয়।
- ২০১০ চনত তেখেতে "স্ত্ৰী-শক্তি সন্মান বিজ্ঞান বঁটা"ও লাভ কৰে।১১
- ২০১০ চনতে তেখেতে কৰ্ণাটক চৰকাৰৰ পৰা কল্পনা চাওলা মহিলা বিজ্ঞানী বঁটা অৰ্জন কৰে।১২
- ১৯৯৮ চনত তেখেতে International Union of Materials Research Societies Young Research বঁটা লাভ কৰে।
- ২০০১ চনত তেখেতে "ভাৰতৰ পদাৰ্থ গৱেষণা সমাজ" পদক অৰ্জন কৰে।
- ১৯৮৫ চনত আইআইটি বোম্বাইত "প্ৰতিষ্ঠানৰ ৰূপালী পদক" (Institute Silver Medal) লাভ কৰে।১৩
তথ্যসূত্ৰ
- ↑ Shobhana Narasimhan: Research Interests
- ↑ Fellows, National Academy of Sciences, India. National Academy of Sciences, India
- ↑ Harvard PhD Theses in Physics: 1971-1999. Harvard PhD Theses in Physics: 1971-1999
- ↑ Faculty, Theoretical Sciences Unit, JNCASR. JNCASR
- ↑ Shobhana Narasimhan. JNCASR
- ↑ Panel Members, Women in Science, IAS. Indian Academy of Sciences
- ↑ Career Development Workshop for Women in Physics at ICTP. International Centre for Theoretical Physics
- ↑ eaifr.ictp.it/events/women-in-science/
- ↑ www.jncasr.ac.in/shobhana/index.php?menu_id=6&am
- ↑ www.jncasr.ac.in/shobhana/publication.php?user_i
- ↑ Stree Shakti. Stree Shakti
- ↑ Scientists, engineers get awards. The Hindu
- ↑ www.jncasr.ac.in/shobhana/index.php?menu_id=2&am
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোভানা নৰসিংহ” প্ৰবন্ধৰ সংশোধন ৪৮৫১৯৯ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।