শ্ৰী গুণসিংহে (Siri Gunasinghe; সিংহলী: සිරි ගුණසිංහ; ১৮ ফেব্ৰুৱাৰী ১৯২৫ – ২৫ মে’ ২০১৭) শ্ৰীলংকাৰ এগৰাকী শিক্ষাবিদ, কবি, সংস্কৃতিবিদ, শিল্পকলা ইতিহাসবিদ, লেখক তথা চলচ্চিত্ৰ নিৰ্মাতা আছিল।১ মুক্ত সিংহল কবিতাৰ সৃষ্টিশীলতাক নিখুঁত আৰু তীক্ষ্ণ কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।২ সিংহলী সাহিত্যত সাহিত্যিক ভাষাৰ পৰিৱৰ্তে কথিত ভাষা ব্যৱহাৰত গুণসিংহেই অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ৩
প্ৰাৰম্ভিক জীৱন
শ্ৰীলংকাৰ কেগালে জিলাৰ ৰুৱানৱেলাত শ্ৰী গুণসিংহেৰ জন্ম হৈছিল। তেওঁ মহিন্দা মহাবিদ্যালয়, গালে আৰু চেইলন বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। চৰবোন বিশ্ববিদ্যালয়ত, তেওঁ ‘ভাৰতীয় চিত্ৰকলাৰ কৌশল’ সন্দৰ্ভত পিএইচডি সম্পূৰ্ণ কৰে।৪ পিছলৈ শ্ৰী গুনসিংহে বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হয় আৰু শ্ৰীলংকাৰ পেৰাডেনিয়া বিশ্ববিদ্যালয় আৰু কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ভিক্টোৰিয়া বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। ইয়াত তেওঁ শিল্পকলাৰ ইতিহাস পঢ়াইছিল।৫ পৰৱৰ্তী সময়ত তেওঁ পেৰিছ ভ্ৰমণ কৰিছিল; য’ত তেওঁ তেওঁৰ পঢ়া-শুনা অব্যাহত ৰাখে আৰু লা টেকনিক দে লা পেইনচাৰ ইণ্ডিনে ডি’এপ্ৰছ লেচ টেক্সটেছ ডু চিলপা লিখে।৬ তেওঁৰ ভাতৃ ধৰ্ম গুণসিংহে, কলম্বোৰ নালন্দা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল।৭
গুণসিংহে ১৯৭০ চনৰপৰা কানাডাত বাস কৰিছিল। ২০১৭ চনৰ ২৫ মে’ত ৯২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৮
কৰ্মজীৱন
তেওঁৰ আটাইতকৈ উৎকৃষ্ট সাফল্যবোৰ হৈছে; ১৯৫৬ চনত কবিতা সংকলন মাছ লিয়া নতি আতা (ব্লিচড বোনছ) প্ৰকাশৰ সৈতে সিংহলী কবিতাত মুক্ত শ্লোকৰ সৃষ্টি; ই সেই সময়ৰ সাহিত্যত এক বিপ্লৱৰ সূচনা কৰিছিল।৯ তেওঁ ১৯৬০ চনত হেৱেনেলা প্ৰকাশ কৰিছিল,১০ যাক চেতনা বৰ্ণনা শৈলীৰ নিয়ম অনুসৰি লিখা প্ৰথম সিংহলা উপন্যাস বুলি গণ্য কৰা হয়।১১ গুণসিংহে তেওঁৰ লিখনিত সিংহল আখৰ এন আৰু এল (මූර්ධජ ණ සහ ළ বৰ্জন কৰিছিল।২
তেওঁ তেওঁৰ কবিতাবোৰ এনেকুৱা বিষয়বস্তুৰ ওপৰত লিখিছিল যিবোৰ মী হৰাকা আৰু ৰাথু কেকুলাৰ দৰে বিষয়বস্তুতকৈ বহুত বেলেগ আছিল। কিন্তু তেওঁ সিংহল কবিতাত দৃষ্টান্ত প্ৰৱৰ্তন কৰা প্ৰথমগৰাকী ব্যক্তি আছিল।২তেওঁৰ অন্যান্য কবিতা সংকলনসমূহৰ ভিতৰত আছে আবি নিকমানা (১৯৫৮), ৰাথু কেকুলা (১৯৬২) আৰু অলকামনন্দৱা (১৯৯৮)।১২ তেওঁ সিংহলা চনট্ৰিবিউচন টু দ্য বুদ্ধ ষ্টেচু শীৰ্ষক গৱেষণা প্ৰবন্ধটো লিখিছিল যিয়ে বেছিভাগ মন্দিৰৰ ক্ৰমান্বয়ে হ্ৰাস হোৱা ম্যুৰালবোৰৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিছিল।৭
১৯৬৮ চনত তেওঁ এখন চিত্ৰনাট্য লিখে আৰু তাৰ আধাৰত সাত সমুদুৰা চলচ্চিত্ৰখন নিৰ্মাণ কৰে; এই চলচ্চিত্ৰখনে সমালোচকৰ ভূয়সী প্ৰশংসা লাভ কৰে।১৩ চিনেমাখনে শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালকসহ আঠটা সৰসাৱী বঁটা লাভ কৰে।২১৪ তেওঁ চিনেমাখনৰ কষ্টিউমও ডিজাইন কৰিছিল।১৫ শ্ৰীলংকাৰ এগৰাকী অগ্ৰনী বুক কভাৰ ডিজাইনাৰ (গ্ৰন্থ প্ৰচ্ছদ নিৰ্মাতা) বুলিও গণ্য কৰা হয় আৰু তেওঁ কেইবাটাও ৰেডিঅ’ অনুষ্ঠানো পৰিচালনা কৰিছে।১৬ ২০১০ চনত তেওঁ চিগিৰিয়াঃ কাশ্যপেজ সৌন্দৰ্য প্ৰাণময় নামৰ ৰচনাখন প্ৰকাশ কৰে, যাক আগতে ২০০৮ চনত কাচ্ছাপাচ্ হ’মেজ টু বিউটি শীৰ্ষকেৰে অনুবাদ কৰা হৈছিল। [7] [17]৭১৭
তথ্যসূত্ৰ
- ↑ Death of Prof. Emeritus Siri Gunasinghe. Daily News
- ↑ Siri Gunasinghe. Dinamina
- ↑ Simple Siri. saaravita
- ↑ Siri Gunasinghe: Rebel with a literary clout. Sunday Observer
- ↑ Siri Gunasinghe is silent. BBC Sinhala
- ↑ Siri Gunasinghe, La technique de la peinture indienne d'après les textes du Silpa (Paris: Presses universitaires de France, 1957)
- ↑ He pierced deep into expression. Daily News
- ↑ Prof. Siri Gunasinghe passes away. lankapuvath
- ↑ Siri Gunasinghe is a cultural giant. Silumina
- ↑ In the shadow of metamorphosis. Daily News
- ↑ Tribute: Prof Emeritus Siri Gunasinghe: Author, historian and critic. Sunday Observer
- ↑ Siri Gunasinghe is the revolutionary poet of modern Sinhala poetry. Silumina
- ↑ Siri Gunasinghe. films.lk
- ↑ Sarasaviya Film Festival - 1968. Sarasaviya
- ↑ Mirror The versatile exponent:Prof. Siri Gunasinghe
- ↑ The poet who dared. Sunday Observer
- ↑ Siri Gunasinghe meets the Apsaras. Sunday Observer
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰী গুনসিংহে” প্ৰবন্ধৰ সংশোধন ৬১৫৬৪১ (৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।