অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

য়েছুবাই ভোঁচলে

মহাৰাণী য়েছুবাই ভোঁচলে (Maharani Yesubai Bhonsale (née Jivubai / Rajau / Rajasa Shirke)) ছত্ৰপতি সম্ভাজী মহাৰাজৰ পত্নী আছিল৷ তেওঁক মাৰাঠা ৰাজ্যৰ ছত্ৰপতি মহাৰাণী বুলি কোৱা হয়। তেওঁ আনুষ্ঠানিকভাৱে স্বৰাজ্যৰ দ্বিতীয়গৰাকী ৰাজ অভিষেক ৰাণী হৈছিল। তেওঁ ছত্ৰপতি শ্বাহু-প্ৰথমৰ মাতৃ।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৫ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মহাৰাণী য়েছুবাই ভোঁচলে (Maharani Yesubai Bhonsale (née Jivubai / Rajau / Rajasa Shirke)) ছত্ৰপতি সম্ভাজী মহাৰাজৰ পত্নী আছিল৷ তেওঁক মাৰাঠা ৰাজ্যৰ ছত্ৰপতি মহাৰাণী বুলি কোৱা হয়। তেওঁ আনুষ্ঠানিকভাৱে স্বৰাজ্যৰ দ্বিতীয়গৰাকী ৰাজ অভিষেক ৰাণী হৈছিল। তেওঁ ছত্ৰপতি শ্বাহু-প্ৰথমৰ মাতৃ। পিছলৈ ছত্ৰপতি শ্বাহুৰ ৰাজত্বকালত তেওঁ ৰাজমাতা/ৰাণী মাতৃ হয়। ছত্ৰপতি সম্ভাজীয়ে সম্ৰাজ্ঞী য়েছুবাইৰ লগত নিজৰ ক্ষমতা ভাগ কৰিছিল। যুদ্ধৰ বাবে সম্ভাজী যেতিয়া মাৰাঠা ৰাজধানীৰ পৰা আঁতৰত আছিল, তেতিয়া সকলো ৰাজনৈতিক সিদ্ধান্ত তেওঁৰ দ্বাৰাই লোৱা হৈছিল।১২৩৪৫৬৭

জীৱন আৰু সংগ্ৰাম

জিজাবাইৰ পিছত য়েছুবাই স্বৰাজ্যৰ কুলমুখ্যতৰ (যিজনে ন্যায়ৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব পাৰে) হয়। ছত্ৰপতি সম্ভাজী মহাৰাজে য়েছুবাই ৰাণীচাহেবাক তেওঁৰ নিজা (ৰাজমুদ্ৰা) "শ্ৰী সখী ৰদনী জয়তী" দিছিল যাতে তেওঁ স্বতন্ত্ৰভাৱে ৰাজনৈতিক সিদ্ধান্ত ল'ব পাৰে। ছত্ৰপতিৰ অনুপস্থিতিত স্বৰাজ্য চোৱাচিতা কৰাৰ ক্ষমতা ধাৰণ কৰা মূল ব্যক্তিগৰাকী আছিল য়েছুবাই। ঔৰংজেৱে ছত্ৰপতি সম্ভাজী মহাৰাজক ফাঁচী দিয়াৰ পিছত যুৱৰাজ ৰাজাৰামক স্বৰাজ্যৰ পৰৱৰ্তী ছত্ৰপতি হিচাপে ঘোষণা কৰে। ছত্ৰপতি সম্ভাজী মহাৰাজৰ মৃত্যুৰ পিছত ৭-৮ মাহ ৰায়গদ দুৰ্গত যুদ্ধ কৰিছিল যদিও পিছলৈ মোগলৰ ৰাজকুমাৰী জীনাতুন্নিছাৰ স্বাক্ষৰিত কিছু চুক্তিৰে ৰায়গদ দুৰ্গ মোগলৰ হাতত অৰ্পণ কৰিছিল যিয়ে ৰাজপৰিয়ালৰ নিৰাপত্তা নিশ্চিত কৰিছিল। মোগলে মহাৰাণী য়েছুবাইক বন্দী কৰি ৰাখিছিল যাতে ছত্ৰপতি শহুৰাজে মুক্তিৰ চৰ্ত মানি চলি থাকে। ২৯ বছৰ ধৰি বন্দী কৰি ৰখা হৈছিল, ১৭ বছৰ ধৰি মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইত পুত্ৰ শ্বহুৰাজৰ সৈতে আৰু ১২ বছৰ দিল্লীৰ ৰঙা দুৰ্গত তেওঁক ৰখা হৈছিল। মোগলৰ বন্দী অৱস্থাত তেওঁৰ পাৰ্চী ভাষাত আন এখন নমামুদ্ৰা আছিল-"য়েছুবাই ৱালিদা-ই-শ্বাহু"। ছত্ৰপতি শ্বাহু মহাৰাজ আৰু ৰাজমাতা য়েছুবাই আনৰ লগত গোপনে যোগাযোগ কৰিছিল-যাৰ প্ৰমাণ ইতিহাসত উপস্থিত। ১৭১৯ চনত ছত্ৰপতি শ্বাহু মহাৰাজ (ছত্ৰপতি সম্ভাজী মহাৰাজ আৰু মহাৰাণী য়েছুবাইৰ পুত্ৰ) আৰু পেশ্বৱা বালাজী বিশ্বনাথৰ অধীনত মাৰাঠাসকল শক্তিশালী হৈ উঠাত তেওঁক মুকলি কৰি দিয়া হয়।

তথ্যসূত্ৰ

  1. ↑ Vaidya, Sushila. (2000). Role of Women in Maratha Politics, 1620-1752 A.D.. Sharada Publishing House. ISBN 978-81-85616-67-4
  2. ↑ Gate, Smita. (1998). Development of Women: The Maharashtra Experience in Women's Policy Implementation. Yeshwantrao Chavan Academy of Development Administration
  3. ↑ Joshi, Pandit Shankar. (1980). Chhatrapati Sambhaji, 1657-1689 A.D.. S. Chand
  4. ↑ Mehta, Jl. Advanced Study in the History of Medieval India. Sterling Publishers Pvt. Ltd. ISBN 978-81-207-1015-3
  5. ↑ G.S.Chhabra. (2005). Advance Study in the History of Modern India (Volume-1: 1707-1803). Lotus Press. ISBN 978-81-89093-06-8
  6. ↑ Mukherjee, Soma. (2001). Royal Mughal Ladies and Their Contributions. Gyan Books. ISBN 978-81-212-0760-7
  7. ↑ Parameswaran, Uma. (2010-12-24). Malgonkar, Manohar. The Encyclopedia of Twentieth-Century Fiction. John Wiley & Sons, Ltd. ISBN 9781444337822

সম্পৰ্কিত শ্ৰেণী

মাৰাঠী ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়েছুবাই ভোঁচলে” প্ৰবন্ধৰ সংশোধন ৪৭৯২৮৮ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।