অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যদুনাথ ভট্টাচাৰ্য

যদুনাথ ভট্টাচাৰ্য বা যদু ভট্ট (Jadunath Bhattacharya; ১৮৪০ – ৪ এপ্ৰিল ১৮৮৩) এজন ভাৰতীয় সংগীতজ্ঞ আৰু ঊনবিংশ শতিকাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ। কবিৰ ভাষাত তেওঁ " ঐশ্বৰিক হাতৰ গৰাকী" আছিল।

হালনাগাদ: ১ আগষ্ট ২০২৬ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ
মহাৰাজ শত্ৰুঘ্নাদিত্যই যদু ভট্টক প্ৰদান কৰা এখন পুৰণি প্ৰমাণপত্ৰ
মহাৰাজ শত্ৰুঘ্নাদিত্যই যদু ভট্টক প্ৰদান কৰা এখন পুৰণি প্ৰমাণপত্ৰছবি: Unknown author · Public domain

যদুনাথ ভট্টাচাৰ্য বা যদু ভট্ট (Jadunath Bhattacharya; ১৮৪০ – ৪ এপ্ৰিল ১৮৮৩) এজন ভাৰতীয় সংগীতজ্ঞ আৰু ঊনবিংশ শতিকাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ।১২ কবিৰ ভাষাত তেওঁ " ঐশ্বৰিক হাতৰ গৰাকী" আছিল।৩ তেওঁ বিষ্ণুপুৰ ঘৰানাৰ সংগীতক নিজৰ স্বকীয়তাৰে সমৃদ্ধ কৰি দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ সৌন্দৰ্য্য আৰু সোৱাদ বিয়পাই নিজৰ অতুলনীয় খ্যাতি অৰ্জন কৰিছিল আৰু বংগৰ গৌৰৱ বৃদ্ধি কৰিছিল।৪

বংকিমচন্দ্ৰ আৰু ৰবীন্দ্ৰনাথৰ ওপৰত যদু ভট্টৰ প্ৰভাৱ

ঊনবিংশ শতিকাৰ মাজভাগত ধ্ৰুপদ কিংবদন্তী যদু ভট্টই বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে দিগগজক শিক্ষাপ্ৰদানৰ সময়ত তানপুৰা সংগত কৰিছিল।৫

বংকিম চন্দ্ৰ যদু ভট্টৰ সংগীত শিষ্য আছিল। ভট্টই নৈহাটীৰ ভাটপাৰাত থকা বংকিম চন্দ্ৰৰ ঘৰলৈ গৈছিল। তেওঁ "বংগৰ জাতীয় সংগীত" বন্দে মাতৰমৰ প্ৰথম সুৰকাৰ। তেওঁ প্ৰথমে ত্ৰিতালৰ কাফি ৰাগত এই গীতটোৰ সুৰাৰোপ কৰিছিল।৬

উত্তৰাধিকাৰ

যদুনাথ ভট্টাচাৰ্যই ব্যৱহাৰ কৰা ১৭৭ বছৰীয়া তানপুৰা বৰ্তমান কলকাতা সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।৭৮ বাঁকুৰাৰ বিষ্ণুপুৰ চহৰত তেওঁৰ স্মৃতিত এটা যদুভট্ট মঞ্চ আৰু মাৰ্বলৰ আৱক্ষ মূৰ্তি স্থাপন কৰা হৈছে।

জনপ্ৰিয় সংস্কৃতিত

ভাৰতীয় চলচ্চিত্ৰ পৰিচালক নিৰেন লাহিড়ীয়ে যদু ভট্ট (১৯৫৪) নামৰে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে, যিখন ছবিয়ে ২য় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।৯

তথ্যসূত্ৰ

  1. ↑ (24 November 2012). Jadu Bhatta's 177-year-old tanpura finds place in Indian Museum. The Times of India
  2. ↑ (2013). Saṃsada bāṅgālī caritābhidhāna. 1. Sāhitya Saṃsada. পৃ. 600. ISBN 978-81-7955-135-6
  3. ↑ যদুভট্টের থেকে পালিয়ে বেড়াতেন রবীন্দ্রনাথ, স্বীকার করেছেন নিজের গানের সীমাবদ্ধতাও - Prohor. যদুভট্টের থেকে পালিয়ে বেড়াতেন রবীন্দ্রনাথ, স্বীকার করেছেন নিজের গানের সীমাবদ্ধতাও - Prohor
  4. ↑ Saha, Sanghamitra. (1998). A Handbook of West Bengal. International School of Dravidian Linguistics. ISBN 978-81-85692-24-1
  5. ↑ (24 November 2012). Jadu Bhatta's 177-year-old tanpura finds place in Indian Museum. The Times of India
  6. ↑ (5 June 2021). স্বর্গীয় যদুনাথ ভট্টাচার্য্য (যদুভট্ট)
  7. ↑ (24 November 2012). Jadu Bhatta's 177-year-old tanpura finds place in Indian Museum. The Times of India
  8. ↑ আনন্দবাজার পত্রিকা - কলকাতার কড়চা. archives.anandabazar.com
  9. ↑ Bilingual E-archive Digital Platform for Bengal's Cinema. Bengal Film Archive

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সংগীতজ্ঞভাৰতীয় সুৰকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যদুনাথ ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৬২২৪২০ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।