অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যমুনা (অভিনেত্ৰী)

যমুনা (জন্ম: নিপ্পানিচ Jamuna; ৩০ আগষ্ট ১৯৩৬ – ২৭ জানুৱাৰী ২০২৩) এগৰাকী অভিনেত্ৰী, পৰিচালক আৰু ৰাজনীতিক, যিয়ে মূলতঃ তেলুগু ছবিত কাম কৰিছিল। ১৬ বছৰ বয়সত ড° গৰিকাপতি ৰাজাৰাও পুটিল্লুত (১৯৫৩) অভিনয়ৰে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু এল ভি প্ৰসাদৰ মিছাম্মা (১৯৫৫) ছবিৰে তেওঁৰ সফলতা লাভ কৰে।

হালনাগাদ: ২৯ ডিচেম্বৰ ২০২৫ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

যমুনা (জন্ম: নিপ্পানিচ Jamuna; ৩০ আগষ্ট ১৯৩৬ – ২৭ জানুৱাৰী ২০২৩) এগৰাকী অভিনেত্ৰী, পৰিচালক আৰু ৰাজনীতিক, যিয়ে মূলতঃ তেলুগু ছবিত কাম কৰিছিল।১ ১৬ বছৰ বয়সত ড° গৰিকাপতি ৰাজাৰাও পুটিল্লুত (১৯৫৩) অভিনয়ৰে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু এল ভি প্ৰসাদৰ মিছাম্মা (১৯৫৫) ছবিৰে তেওঁৰ সফলতা লাভ কৰে। তেওঁৰ ফিল্ম’গ্ৰাফীত তামিল, কানাড়া আৰু হিন্দী চলচ্চিত্ৰসমূহো অন্তৰ্ভুক্ত হৈছে।২ তেওঁ বহু কেইটা ফিল্মফেয়াৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটা দক্ষিণ লাভ কৰিছে। নৱম লোকসভাত (১৯৮৯–১৯৯১) এগৰাকী লোকসভাৰ সাংসদ হিচাপে জয়ী হৈছিল আৰু ৰাজামুন্দ্ৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।

চলচ্চিত্ৰীয় জীৱন

যমুনাই স্কুলত পঢ়ি থাকোঁতে মঞ্চত অভিনয় কৰিছিল। মাকে তেওঁক কণ্ঠ সংগীত আৰু হাৰমনিয়াম শিকাইছিল। ১৯৫২ চনত ভাৰতীয় গণনাট্য সংঘৰ ড° গৰিকিপতি ৰাজা ৰাৱে তেওঁৰ মঞ্চ অনুষ্ঠান মা ভূমিক তেওঁক দেখি পুত্তিল্লু ছবিত অভিনয়ৰ প্ৰস্তাৱ দিয়ে।৩

যমুনাই তেলেগু আৰু অন্যান্য দক্ষিণ ভাৰতীয় ভাষাৰ ১৯৮খন ছবিত অভিনয় কৰিছিল। হিন্দী ছবিতো অভিনয় কৰি মিলনৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰে (১৯৬৭), মূল তেলেগু ছবি মুগা মনাছুলুত (১৯৬৪) এক ভূমিকাৰ পুনৰাবৃত্তি কৰে।

যমুনাই তেলেগু শিল্পী সংঘও প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ জৰিয়তে ২৫ বছৰ ধৰি সমাজ সেৱা আগবঢ়াইছিল।৪

তথ্যসূত্ৰ

  1. ↑ (24 June 2007). I Love Hyderabad. archive.vn
  2. ↑ Madhavan, Pradeep. (23 January 2015). அமுதாய்ப் பொழிந்த நிலவு -அந்தநாள் ஞாபகம். The Hindu
  3. ↑ Narasimham, M. L. (1 September 2013). PUTTILLU (1953). The Hindu
  4. ↑ (27 January 2023). Veteran Telugu actor, former parliamentarian J Jamuna passes away. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

তেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীকানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যমুনা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫৬৬৬৩৮ (২৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।