অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মোনা সিং

মোনা সিং (ইংৰাজী: Mona Singh; জন্ম: ৮ অক্টোবৰ ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কাম কৰে। সিঙে বিশেষকৈ ধাৰাবাহিক জছী জৈছী কোই নহীঁ (২০০৩–২০০৬)-ত কৰা অভিনয়ৰ বাবে পৰিচিতি লাভ কৰিছে।

হালনাগাদ: ৪ মে’ ২০২৬ ৭০৭ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মোনা সিং (ইংৰাজী ভাষা: Mona Singh; জন্ম: ৮ অক্টোবৰ ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী ভাষা চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কাম কৰে। সিঙে বিশেষকৈ ধাৰাবাহিক জছী জৈছী কোই নহীঁ (২০০৩–২০০৬)-ত কৰা অভিনয়ৰ বাবে পৰিচিতি লাভ কৰিছে। তেওঁ দুটাকৈ ইণ্ডিয়ান টেলিভিছন একাডেমী বঁটা (ITA Awards) আৰু এটা ফিল্মফেয়াৰ অ’টিটি বঁটা লাভ কৰিছে।১

সিং ৰিয়েলিটী শ্ব' ঝলক দিখলা যা-ৰ প্ৰথম ছিজনত অংশগ্ৰহণ কৰি জয়ী হোৱাৰ বাবেও পৰিচিত। ইয়াৰ উপৰি তেওঁ ক্যা হুয়া তেৰা ৱাদা-ত মোনা চোপ্ৰা, প্যাৰ কো হো জানে দো-ত প্ৰীত সিং আৰু কৱচ... কালী শক্তিযোঁ চে-ত পৰিধি বুন্দেলাৰ চৰিত্ৰত অভিনয় কৰিছে। ৰাজকুমাৰ হিৰাণীৰ কমেডী-ড্ৰামা ৩ ইডিয়টচ (২০০৯)-ত এটা সহযোগী চৰিত্ৰৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে, যিখন সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম। সিঙে কেহনে কো হমচফৰ হ্যায় (২০১৮)-ৰ জৰিয়তে ৱেব জগতলৈ বিস্তাৰিত হয় আৰু য়ে মেৰী ফেমিলী (২০১৮) তথা মেড ইন হেভেন (২০২৩)-ৰ বাবে প্ৰশংসা বুটলিবলৈ সক্ষম হয়। পিছৰখন ধাৰাবাহিকৰ বাবে তেওঁ ড্ৰামা ছিৰিজৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ অ’টিটি বঁটা লাভ কৰে।

জীৱন আৰু পৰিয়াল

১৯৮১ চনৰ ৮ অক্টোবৰত চণ্ডীগড়ৰ এটা শিখ পৰিয়ালত মোনা সিঙৰ জন্ম হৈছিল।২

কৰ্মজীৱন

জুহুৰ ইস্কনত জন্মাষ্টমী উদ্‌যাপন কৰা অৱস্থাত সিং
জুহুৰ ইস্কনত জন্মাষ্টমী উদ্‌যাপন কৰা অৱস্থাত সিংছবি: Bollywood Hungama · CC BY 3.0

টেলিভিছন কেৰিয়াৰ

চিঙে প্ৰথমবাৰৰ বাবে হিন্দী টেলিভিছনত ছনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ ধাৰাবাহিক জছী জৈছী কোই নহীঁ (২০০৩–২০০৬)-ৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল।৩ এই শ্ব’টোৱে তেওঁক ঘৰে ঘৰে পৰিচিত কৰি তুলিছিল আৰু তেওঁ অপ্সৰা বঁটা, ইণ্ডিয়ান ট্ৰেলী এৱাৰ্ডছ আৰু ইণ্ডিয়ান টেলিভিছন একাডেমী বঁটাৰ দৰে সন্মান লাভ কৰিছিল।৪

২০০৬ চনত তেওঁ ৰিয়েলিটী শ্ব’ ঝলক দিখলা যা ১-ত অংশগ্ৰহণ কৰি জয়ী হয়।৫ তেওঁ ২০০৭ চনত ফেমিনা মিছ ইণ্ডিয়া আৰু ঝলক দিখলা যা ২ পৰিচালনা কৰিছিল আৰু ইয়াৰ পিছত ২০০৮ চনত এক খিলাড়ী এক হাছিনাত অংশগ্ৰহণ কৰি জয়ী হৈছিল।৬

তাৰ পিছত সিঙে একতা কাপুৰৰ বেনাৰ বালাজী টেলিফিল্মছৰ সৈতে একেলেঠাৰি চাৰিখন ধাৰাবাহিকৰ প্ৰথমখন এনডিটিভি ইমাজিনৰ ৰাধা কি বেটিয়া কুছ কৰ দিখায়েংগীত অভিনয় কৰিছিল, য’ত তেওঁ ২০০৮ চনৰপৰা ২০০৯ চনলৈ ৰৌনক মখিজাৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ এণ্টাৰটেইনমেণ্ট কে লিয়ে কুছ ভি কৰেগা (২০০৯), ঝলক দিখলা যা ৪ (২০১০), শাদী ৩ কোটি কি (২০১০), ষ্টাৰ ইয়া ৰকষ্টাৰ (২০১১) আৰু চিআইডি বীৰতা এৱাৰ্ডছ (২০১২) পৰিচালনা কৰিছিল আৰু মিঠী চুৰী নং ১ (২০১০)-ত অংশগ্ৰহণকাৰী আছিল।৭

ধাৰাবাহিকলৈ পুনৰ উভতি আহি তেওঁ ২০১২ চনত কাপুৰৰদ্বাৰা প্ৰযোজিত ছনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ ক্যা হুয়া তেৰা ৱাদা-ত মোনা নামৰ এগৰাকী পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল, য’ৰ পৰিপ্ৰেক্ষিতত স্বামীয়ে তেওঁক প্ৰাক্তন প্ৰেমিকাৰ সৈতে থকা অবৈধ সম্পৰ্কৰ বাবে ত্যাগ কৰে। ধাৰাবাহিকখন ২০১৩ চনত শেষ হৈছিল আৰু তাৰ পিছত তেওঁ টেলিভিছনৰপৰা কিছু বিৰতি লৈছিল।৮

দু বছৰৰ পাছত সিঙে ২০১৫ চনৰ অক্টোবৰ মাহত কাপুৰৰদ্বাৰা প্ৰযোজিত তৃতীয়খন ধাৰাবাহিক প্যাৰ কো হো জানে দো-ৰ জৰিয়তে টেলিভিছনলৈ উভতি আহে, য’ত তেওঁ পিতৃ-মাতৃক হেৰুওৱা এগৰাকী মহিলা প্ৰীত সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল।৯ কম টিআৰপিৰ বাবে ২০১৬ চনৰ জানুৱাৰী মাহত তিনি মাহৰ ভিতৰতে প্যাৰ কো হো জানে দো বন্ধ হৈ যায়।১০ পিছলৈ ২০১৬ চনত তেওঁ কাপুৰৰ অতিপ্ৰাকৃতিক ধাৰাবাহিক কৱচ...কালী শক্তিযোঁ চে-ত পৰিধিৰ চৰিত্ৰত অভিনয় কৰে আৰু কমেডী নাইটছ বাচাও-ৰ আঁত ধৰে।১১

২০২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ এণ্ড টিভিৰ শ্ব’ মৌকা-এ-বাৰদাত পৰিচালনা কৰিছিল।১২

ৱেব ধাৰাবাহিক কেৰিয়াৰ

২০১৮ চনত সিঙে কেহনে কো হমচফৰ হ্যায়-ত অনন্যাৰ চৰিত্ৰত অভিনয় কৰি ৱেব জগতত খোজ পেলায়।১৩ সেই বছৰতে তেওঁ দ্য ভাইৰেল ফিভাৰ আৰু নেটফ্লিক্স ধাৰাবাহিক য়ে মেৰী ফেমিলী-তো অভিনয় কৰিছিল।১৪ ২০১৯ চনত তেওঁক জি-ফাইভ (ZEE5) আৰু অল্ট বালাজীৰ ধাৰাবাহিক মিছন অভাৰ মাৰ্চ-ত দেখা গৈছিল।১৫ ইয়াৰ পিছত তেওঁ জি-ফাইভৰ ব্লেক উইড'জ-ত অভিনয় কৰে।১৬

২০২৩ চনত সিঙে জয়া আখতাৰৰ দ্বাৰা নিৰ্মিত মেড ইন হেভেন-ত বুলবুল জৌহৰীৰ চৰিত্ৰত অভিনয় কৰে। এই ধাৰাবাহিকত তেওঁ এগৰাকী অডিটৰৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে কোম্পানীটোক ধাৰৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰাৰ লগতে নিজৰ পুত্ৰৰ বিৰুদ্ধে চলা এটা আৰক্ষীৰ গোচৰো চম্ভালে। এই চৰিত্ৰটোৰ বাবে তেওঁ সমালোচক আৰু দৰ্শক উভয়ৰে পৰা উচ্চ প্ৰশংসা লাভ কৰে।১৭১৮ ইয়াৰ পিছত সিঙক নেটফ্লিক্সৰ কালা পানী-ত এগৰাকী চিকিৎসকৰ এক চুটি অথচ গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যায়।১৯ সমালোচকসকলে তেওঁৰ অভিনয়ক আদৰণি জনায়।২০ ২০২৫ চনত তেওঁ দ্য বাষ্টাৰ্ডছ অৱ বলীউড-ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে।২১ ২০২৬ চনত তেওঁ কোহৰা ধাৰাবাহিকৰ দ্বিতীয় ছিজনত মুখ্য চৰিত্ৰত অভিনয় কৰে। তেওঁৰ অভিনয়ত মুগ্ধ হৈ দ্য হিন্দু-ৰ অনুজ কুমাৰে লিখিছে, "আৰক্ষীৰ পোছাক পিন্ধা এগৰাকী শোকাতুৰ মাতৃ হিচাপে মোনা সিং এক শক্তিশালী বিস্ফোৰণৰ বাবে সাজু হৈ থকা শক্তিৰ উৎসস্বৰূপ।"২২২৩

চলচ্চিত্ৰ কেৰিয়াৰ

২০০৯ চনত ৰাজকুমাৰ হিৰাণীৰ হিন্দী ব্যংগাত্মক কমেডী ৩ ইডিয়টচ-ত মোনা সহস্ৰবুদ্ধে নামৰ সহযোগী তথা গুৰুত্বপূৰ্ণ চৰিত্ৰটোৰ জৰিয়তে সিঙে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। এই ছবিখন বিশ্বজুৰি প্ৰায় উপাৰ্জনেৰে অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।২৪ ইয়াৰ পিছত তেওঁ উট পতাং, জেড প্লাছ আৰু অমাবাস-ত অভিনয় কৰে।২৫২৬২৭২৮২৯৩০

২০২২ চনত তেওঁ আমিৰ খানৰ লাল সিং চড্ডা-ত অভিনয় কৰে, য’ত তেওঁ নায়কৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। আমিৰ খানতকৈ ১৬ বছৰ সৰু হোৱা সত্ত্বেও সিঙে নিজৰ চৰিত্ৰটোৰ সমৰ্থনত কয়, "মই আমিৰ খানৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰা নাই, মই লালৰ মাতৃৰ চৰিত্ৰতহে অভিনয় কৰিছোঁ।"৩১

তথ্যসূত্ৰ

  1. ↑ Mona Singh celebrates a fabulous 39th birthday; gets a surprise from hubby Shyam Gopalan. Times Of India
  2. ↑ Jha, Subhash K. (9 October 2008). 'Jassi' Mona Singh bags role in 3 Idiots. হিন্দুস্তান টাইমছ
  3. ↑ Mona Singh. বলিউড হাংগামা
  4. ↑ (20 October 2003). Plain Jane Jassi a charm for Sony. দ্য হিন্দু
  5. ↑ (27 October 2006). Mona 'Jassi' Singh wins Jhalak Dikhhla Jaa. Daily News & Analysis
  6. ↑ (20 August 2016). Jassi Jaissi Koi Nahin cast: Then and Now. The Times of India
  7. ↑ Bhirani, Radhika. (2 March 2011). Mona Singh, the 'Jassi' girl. The New Indian Express
  8. ↑ (7 June 2016). Mona Singh keen on season two of Jassi Jaissi Koi Nahin. The Indian Express. IANS
  9. ↑ (2015-10-19). Mona Singh back on TV with 'Pyar Ko Ho Jaane Do', says doesn't like backstabbing in family dramas. The Indian Express
  10. ↑ (17 March 2006). Bollywood Interview Mona Singh – 'Jassi'. Femalefirst.co.uk
  11. ↑ Mona dancing. Mumbai Mirror
  12. ↑ (28 May 2021). Mona Singh set to comeback on Television after five years as a host of Mauka-e-Vardaat 2. বলিউড হাংগামা
  13. ↑ Mona Singh introduces us to Yeh Meri Family. Rediff
  14. ↑ Bausch & Lomb ropes in 'Jassi' Mona Singh. The Hindu
  15. ↑ (8 June 2019). Sakshi Tanwar, Mona Singh team up for ALTBalaji's Mission Over Mars. The New Indian Express
  16. ↑ Singh on song. Mumbai Mirror
  17. ↑ (2023-08-29). Truly made in heaven for me: Mona Singh on standout role in the series. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  18. ↑ (12 August 2023). Made In Heaven Season 2: Mona Singh Reacts To Being Praised For Her Performance On The Show, "Such An Overwhelming Response Makes Me Happy". Koimoi
  19. ↑ Mona Singh Delivers Impeccable Performance In Kaala Paani. Zee News
  20. ↑ 'Kaala Paani': A Tragedy That Sacrifices Its Heroes. The Wire
  21. ↑ Wandermurem, Isadora. (September 19, 2025). Breaking Down the Ending of Netflix’s Glitzy Indian Dramedy Ba***ds of Bollywood. Time
  22. ↑ Kumar, Anuj. (2026-02-12). ‘Kohrra’ Season 2 series review: Mona Singh pierces through the mist of motives in this intriguing police procedural. দ্য হিন্দু
  23. ↑ Ganguly, Arnab. (February 14, 2026). Mona Singh aces in slow burn of ‘Kohrra Season 2’, a whodunnit with emotions and women at its core. Telegraph India
  24. ↑ Utt Pataang Movie (Feb 2011) - Trailer, Star Cast, Release Date · Paytm.com. Paytm
  25. ↑ BookMyShow. Utt Pataang Movie (2011) · Reviews, Cast & Release Date in. BookMyShow
  26. ↑ Zed Plus · Netflix. www.netflix.com
  27. ↑ BookMyShow. Zed Plus Movie (2014) · Reviews, Cast & Release Date in Bhubaneswar. BookMyShow
  28. ↑ Hungama, Bollywood. (8 February 2019). Amavas Cast List. বলিউড হাংগামা
  29. ↑ Hungama, Bollywood. Mona Singh News, Latest News of Mona Singh, Movies, News, Songs, Images, Interviews - Bollywood Hungama. বলিউড হাংগামা
  30. ↑ (26 December 2019). EK CHOTI SI EGO. ইউটিউব
  31. ↑ (2022-08-13). Mona Singh defends Laal Singh Chaddha age difference: 'I'm not playing Aamir Khan's mother, I'm playing Laal's mother'. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোনা সিং” প্ৰবন্ধৰ সংশোধন ৬০৪৪৫১ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।