অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যজ্ঞ বেজবৰুৱা

যজ্ঞ বেজবৰুৱা (Jajna Bezbaruah;১৯৩৯-২০২০)আছিল অসমৰ নগাঁও জিলাৰ এগৰাকী স্বনামধন্য সংগীতজ্ঞ, সুৰকাৰ আৰু গীতিকাৰ।তেখেত আকাশবাণীৰ এগৰাকী গ্ৰেড-'এ' কম্প'জাৰ আছিল।

হালনাগাদ: ৩০ আগষ্ট ২০২৬ ৮৯৭ শব্দ · ৫ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

যজ্ঞ বেজবৰুৱা

(Jajna Bezbaruah;১৯৩৯-২০২০)আছিল অসমৰ নগাঁও জিলাৰ এগৰাকী স্বনামধন্য সংগীতজ্ঞ, সুৰকাৰ আৰু গীতিকাৰ।তেখেত আকাশবাণীৰ এগৰাকী গ্ৰেড-'এ' কম্প'জাৰ আছিল। ‘সুৰৰত্ন’ সন্মানেৰে বিভূষিত এইগৰাকী শিল্পীয়ে নগাঁৱৰ সংগীত শিল্পী মঞ্চ,গান্ধাৰ,নগাওঁ নাট্য মন্দিৰ আদি অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থাকি অসমীয়া সংগীত জগতলৈ বহুমূলীয়া অৱদান আগবঢ়াই থৈ গৈছে।

জন্ম

১৯৩৯ চনৰ ২২অক্টোবৰত নগাওঁ জিলাৰ চেঁচামুখ তেলীয়া পহুকটা গাঁৱত জন্ম হয়।

সঙ্গীত শিক্ষা আৰু শিক্ষাগুৰুসকল

১৯৫১-৫২ চনৰ পৰাই নগাঁও জিলাতে উচ্চাঙ্গ শিক্ষাৰ বাবে সুশীল বেনাৰ্জী, হৰিমোহন গোস্বামী, পুৰুষোত্তম দাস আৰু বীৰেণ ফুকনৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ তালিম গ্ৰহণ।

সঙ্গীত যাত্ৰাৰ খতিয়ান

(ক) ১৯৬১ চনৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ হিচাপে Inter College Competition ত শীৰ্ষস্থান।

(খ) সৰুৰে পৰা 'যাত্ৰা’, ‘পাল্লা’ আদিত নেপথ্য গায়ক হোৱাৰ উপৰিও পিছলৈ নাটক-থিয়েটাৰ আদিত সংগীত প্ৰদান। বিশেষকৈ নগাঁৱত জন্ম হোৱা 'স্বৰগম' উদ্যোগত আৰু নগাঁও নাট্যমন্দিৰত মঞ্চস্থ কেইখনমান নাটকত আৱহ সংগীত প্ৰদান। তাৰ ভিতৰত ‘ফিংগাৰ প্ৰিন্ট’, ‘সেই বাটেদি’, ‘মগৰীবৰ আজান’ আৰু ‘শকুন্তলা’ উল্লেখনীয়।

(গ) সুৰকাৰ হিচাপে অনাতাঁৰ গীতিকাৰসকলৰ মাজত পৰিচয় লাভ আৰু গীত-মাতৰ প্ৰচাৰ।

(ঘ) সত্তৰ দশকত অনাতাঁৰ কেন্দ্ৰ গুৱাহাটীৰ পৰা গীত পৰিৱেশন।

(ঙ) ১৯৯৪ চনত দিল্লীত প্ৰযোজকৰ (Composer) পৰীক্ষাত Grade-A স্থান।

চ)Composer হিচাপে গুৱাহাটী আৰু ডিব্ৰুগড় দুয়োটা অনাতাঁৰ কেন্দ্ৰত উচ্চ পৰ্যায়ৰ শিল্পীসকলক গীত-মাত শিক্ষা।

(ছ)নগাঁও জিলাৰ মইনা পাৰিজাত সমূহক পোহৰলৈ নিয়াত মুখ্য ভূমিকা গ্ৰহণ।

(জ)প্ৰণবীৰাম বৰুৱাৰ সৈতে অসমৰ বিভিন্ন ঠাইত কৰ্মশালাত মাজেৰে গীতিকবিৰ গীত সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ ভূমিকা গ্ৰহণ।

ঝা)সদৌ অসম ভিত্তিত আয়োজিত সংগীতৰ বিভিন্ন প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত।

প্ৰকাশিত ৰেকৰ্ড আৰু কেছেট

(ক) ১৯৬৪ চনত আলিমুনিছা পিয়াৰৰ গীত বাণীবদ্ধ।

(খ) কেছেটৰ যুগৰ পৰা এতিয়ালৈকে ২৪-২৫ টা কেছেটৰ ভিতৰত মধুৰ, সৰাফুল, সেউজ, মূৰ্ছনা, মিঠা মিঠা জোনাক, পখিলা, সূৰ্যাস্তৰ পিনে ধাৱমান কিয়, মৌ, নীলিমা, অনন্যা, অমিয়া আৰু সুৰমঞ্জৰী আদি উল্লেখযোগ্য।

(গ) গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱৰ অনুবাদ কৰা ইংৰাজী কবিসকলৰ গীতত কণ্ঠদান।

(ঘ) পাৰ্বতীপ্ৰসাদ বৰুৱাৰ গীতসমূহ প্ৰচাৰ আৰু প্ৰচাৰৰ বাবে পুত্ৰ স্বৰ্গীয় প্ৰণবিৰাম বৰুৱাৰ সৈতে অসমৰ প্ৰান্তে প্ৰান্তে কৰ্মশালা আয়োজন।

(ঙ) ‘সুৰমঞ্জৰী’ শীৰ্ষক শ্ৰব্য সংৰক্ষণ পৰ্যায়ক্ৰমে সুৰ সমগ্ৰ সংৰক্ষণৰ ব্যৱস্থা।

স্বীকৃতি

অসম চৰকাৰৰ পৰা স্বীকৃতি:

★ ২০০৬ চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ।

★ অসম চৰকাৰৰ ২০১৯-২০ বৰ্ষৰ শিল্পী বঁটা লাভ।

● অন্যান্য স্বীকৃতি আৰু সম্বৰ্ধনা:

★ North-East Foundation for Culture and Socio-Economic Development-ৰ লগত উপদেষ্টা ৰূপে পৰিগণিত।

★ ১৯৯৪ চনত দিল্লীত প্ৰযোজকৰ (Composer)পৰীক্ষাত আকাশবাণীৰ Grade-A Composer হিচাপে স্বীকৃতি

  • ২০১৬ চনত গান্ধাৰ,নগাওঁ, পাৰিজাত সংগীত বিদ্যালয়, শিৱসাগৰ আৰু নগঞা শিল্পপ্ৰাণ ৰাইজৰ দ্বাৰা নগাওঁ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত তেখেতৰ ওপজা দিন উদযাপনত আনুষ্ঠানিকভাৱে 'সুৰ-ৰত্ন' অভিধা প্ৰদান।

★ ২০১৫ চনত অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনত সম্বৰ্ধনা।

★ ২০১৫ চনত দূৰদৰ্শন (DDK) কেন্দ্ৰৰ সম্বৰ্ধনা।

★ চলাপৰীয়া শাখা সাহিত্য সভা, নগাঁও, ১৯৮১ চন।

★ কলংপৰীয়া বৰগঞা সমাজ, নগাঁও, ১৯৯৮ চন।

★ অসম সাহিত্য সভা, মৰিগাঁও, ১৯৯৫ চন।

★ ৰংপুৰ সাহিত্য সভা, শিৱসাগৰ, ২০০৩ চন।

★ ভাস্বতী শাখা সাহিত্য, নুমলীগড়, ২০০৮ চন।

★ ৰাজ্যিক বিদ্যুৎ পৰিষদ, গুৱাহাটী, ১৯৯৪ চন।

★ পুষ্পাঞ্জলি সংগীত কলা একাডেমী, মঙ্গলদৈ, ২০০২ চন।

★ ঝংকাৰ সাংস্কৃতিক গোষ্ঠী, যোৰহাট, ২০০৪ চন।

★ সদৌ অসম ছাত্ৰ সংস্থা, নগাঁও, ১৯৯৬ চন।

★ সংগ্ৰামী শিল্পী গোষ্ঠী, ডিব্ৰুগড়, ২০০২ চন।

★ কিশলয় সাংস্কৃতিক গোষ্ঠী, নগাঁও, ২০০০ চন।

★ অৰুনোদয় সাংস্কৃতিক সমাজ, মাজবাট, ১৯৯৭ চন।

★ নূপুৰ শিল্পী সমাজ, দেৰগাঁও, ২০০৪ চন।

★ শ্ৰীশ্ৰী নিকামূল সত্ৰ, উৰিয়াগাঁও, ২০০৬ চন।

★ জখলাবন্ধা মিলন সংঘ, ২০০৬ চন।

★ প্রচাৰ ভাৰতী, দিল্লী, ২০০৮ চন।

★ সংগীত শিল্পী মঞ্চ, নগাঁও, ২০০৪ চন।

★ নলবাৰী আঞ্চলিক ছাত্ৰ সংস্থা, ২০০৫ চন।

★ বিশ্বজ্যোতি শিক্ষা সমিতি, নগাঁও, ২০০৭ চন।

★ নওনিহাল সাংস্কৃতিক গোষ্ঠী, নগাঁও, ১৯৯১ চন।

★ শিল্পী সমন্বয় সমিতি, নগাঁও, ১৯৯০ চন।

★ উত্তৰ পূৰ্বাঞ্চল ভূপেন্দ্ৰ সংগীত, কামৰূপ, ১৯৯৪ চন।

★ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, ৰাজস্থান, ২০০৫ চন।

★ সমলয় সাংস্কৃতিক গোষ্ঠী, নগাঁও, ১৯৮৯ চন।

★ সপ্তসুৰ কলেজ, বঙাইগাওঁ, ২০০৪ চন।

★ সমন্বয় ট্ৰেড এণ্ড এচ এম এচ, গুৱাহাটী, ২০১২ চন।

★ অসমীয়া সাহিত্য সন্মিলনী, নগাঁও, ২০১৩ চন।

★ অনিৰ্বাণ গোষ্ঠী, পুৰণিগুদাম, ২০০০ চন।

★ চন্দ্ৰজ্যোতি সাংস্কৃতিক গোষ্ঠী, গুৱাহাটী, ২০০২ চন।

★ শিৱস্থান, নগাঁও, ২০১৪ চন।

★ নুমলীগড় তেল শোধনাগাৰ, ২০০৪ চন।

★ কেন্দ্ৰীয় সমন্বয় সমিতি, বাৰপূজীয়া, ২০১৩ চন।

★ সদৌ অসম ভোগালী বিহু, নেহৰুবালি, ২০১০ চন।

★ নগাঁও টকচ আৰু আমাৰ নগাঁও, ২০১০ চন।

★ THE NATIONAL CONGRESS BRIGADE OF INDIA, WOMEN CELL, 2014.

★ সুন্দৰম নাট্য গোষ্ঠী, উৰিয়াগাঁও, ২০১৪ চন।

★ জয়হিন্দ থিয়েটাৰচ্,যোৰহাট, ১৯৯৯ চন।

★ মন্টেছৰী শিশু আৰু প্ৰা: বিদ্যালয়, নগাঁও, ২০১০ চন।

★ পূবেৰুণ সংগীত আৰু চাৰুকলা সংগীত বিদ্যালয়,চামগুৰি, ২০০৯ চন।

.★ গান্ধাৰ সঙ্গীত বিদ্যালয়, নগাঁও, ২০০৮ চন।

★ ৰিয়া প্ৰডাকচন নগাঁও, ২০০৪ চন।

★ সাধনা কলাক্ষেত্ৰ, নগাঁও, ২০১২ চন।

★ গীতিকানন সঙ্গীত বিদ্যালয়, ২০১১ চন।

★ সমন্বয় সাংস্কৃতিক গোষ্ঠী, শিৱসাগৰ, ২০১৪ চন।

★ কলংপৰীয়া লেখিকা সমাৰোহ, নগাঁও, ২০০৭ চন।

★ খ্ৰীষ্টজ্যোতি বিদ্যালয়, নগাঁও, ১৯৯২ চন।

★ যুৱতীৰ্থ, মঙলদৈ, ২০০০ চন।

★ মহাগুৰু বিভূতি নাৰায়ণ সঙ্গীত মহাবিদ্যালয়, গুৱাহাটী, ২০১৫ চন।

★ নগাঁও প্ৰেছ ক্লাব, নগাঁও, ২০১৫ চন।

★ কল্লোল সাংস্কৃতিক গোষ্ঠী, নগাঁও, ২০১৫ চন।

★ অসম সাহিত্য সভা, কলিয়াবৰ, ২০১৫ চন।

★ দূৰদৰ্শন কেন্দ্র, গুৱাহাটী, ২০১৫ চন।

★ পাৰিজাত সঙ্গীত বিদ্যালয়, শিৱসাগৰ, ২০১৫ চন।

★ অসম পশুপালন আৰু পশু চিকিৎসা অধিৱেশন, নগাঁও, ২০১৬ চন।

★ শিল্পী সমাজ, অসম- ২০১৯.. ইত্যাদি।

জনপ্ৰিয় গীতসমুহ

অ’ মন মোৰ জাকৈৰে চাবতে..., আবেলি তুমি অহা বুলি...,সুহুৰিয়াই মাতিলি..., তোমাৰ গানৰ অন্তৰা..., ফুল ফুলি ফুলি সৰি যায়..., সৰাফুল এপাহি হাততে লৈ..., এটি নতুন গান..., তুমি যদি বনলতা...,কথা দিলা যাবৰ পৰত..., ইয়াত বাজিলে মেঘৰ মাদল...,এই পথ হওক..., দুৱাৰ ধৰি দিলি আই..., তই আহিলে নাহৰ ফুলে...,ৰ'দালি মন ৰঙালি..., অলকানন্দা..., নজনাটো জানো বুলি..., ৰান্ধনি বেলিৰে ৰেঙণি..., দুহাতত জেতুকাৰ বোল..., আকাশ হৈ ৰ'ম...,সোণ সুৱদী চৰাই উৰে..., জীৱনৰ বাটে বাটে..., বুকুৰ মাজেদি বয়...,পখিলা অ’ পখিলা..., গকুলৰে প্ৰাণ তুমি... মিলিব নজনা.... অ' মোৰ মন যমুনা নৈ..ইমান চিনাকি হৈও কেতিয়াবা..মনত পৰিলে তুমি... এই বৰষা..আগ চোতালৰ ডাৰত পৰি...নয়নত জ্বলে সখী..মনত পৰেনে সেই কলঙৰে...অ' অভিমানী কামিনী.. এই নিজম সন্ধ্যা...বসন্তই আমনি কৰা..উন্মনা ৰং..উদাসী ফাগুনে..মেঘ-মেঘালী কন্যাজনী..দি যোৱানা...মই ভালপাওঁ...মধুকৰী পখী.. জীৱনৰ বাট বাটে...জীৱন ভৰিব পাৰে..শীতৰ শেষত আহিম বুলি... কওঁনে তোমাক..গধূলিতে পদূলিতে..এজন ৰণুৱা.. অ' ফাগুনৰ বলিয়া বা..জীৱনৰ আছে গভীৰ অৰ্থ.. মই ভালপাওঁ...তোমাৰ চকু পানীয়ে..লুইত পাৰৰ কণ্ঠ..পোৱাৰ সোণালী পখীয়ে...ইত্যাদি।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যজ্ঞ বেজবৰুৱা” প্ৰবন্ধৰ সংশোধন ৬৩৩৪০১ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।