অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যশপাল শৰ্মা

যশপাল শৰ্মা (; ১১ আগষ্ট ১৯৫৪ – ১৩ জুলাই ২০২১) এজন ভাৰতীয় আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ। ৭০/৮০ৰ দশকৰ তেওঁ এজন বিধ্বংসী মিড্‌ল অৰ্ডাৰ বেটছ্মেন আছিল। ১৯৮৩ চনত বিশ্বকাপ জয় কৰা ভাৰতীয় ক্ৰিকেট দল তেওঁ এজন সদস্য আছিল তেওঁ ১৯৭৮ চনৰপৰা ১৯৮৫ চনলৈ ৩৭খন টেষ্ট মেচ, ৪২খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয়(ODI) খেলিছে।

হালনাগাদ: ২৯ জুলাই ২০২১ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

যশপাল শৰ্মা (; ১১ আগষ্ট ১৯৫৪ – ১৩ জুলাই ২০২১) এজন ভাৰতীয় আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ। ১৭০/৮০ৰ দশকৰ তেওঁ এজন বিধ্বংসী মিড্‌ল অৰ্ডাৰ বেটছ্মেন আছিল।২ ১৯৮৩ চনত বিশ্বকাপ জয় কৰা ভাৰতীয় ক্ৰিকেট দল তেওঁ এজন সদস্য আছিল৩ তেওঁ ১৯৭৮ চনৰপৰা ১৯৮৫ চনলৈ ৩৭খন টেষ্ট মেচ, ৪২খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয়(ODI) খেলিছে। তেওঁৰ ভতিজাক চেতন শৰ্মাও এজন ক্ৰিকেট খেলুৱৈ। ৪

জীৱনৰ প্ৰথমছোৱা

১৯৭২ চনত জম্বু আৰু কাশ্মীৰ স্কুলৰ বিপক্ষে পঞ্জাব স্কুলৰ হৈ ২৬০ ৰাণ কৰি যশপাল শৰ্মা প্ৰথম লোকচক্ষুলৈ আহে।৪ দুবছৰৰৰ ভিতৰতে তেওঁ ৰাজ্যিক দলত খেলিবলৈ সুযোগ লাভ কৰে আৰু নৰ্থ জ'ন দলৰ সদস্য ৰূপে ৱিঝী ট্ৰফী জয় কৰে।৫ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত প্ৰথমবাৰৰ বাবে দুলীপ ট্ৰফীত তেওঁ সৰ্ব্বোচ ১৭৩ ৰাণ কৰিছিল। ৫

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ

ইৰাণী ট্ৰফীত কৰা ৯৯ ৰাণেৰে যশপাল শৰ্মাই ভাৰতীয় দলত তেওঁৰ স্থান নিশ্চিত কৰিছিল আৰু তাৰ কিছু সপ্তাহ পিছতে পাকিস্তান টুৰলৈ যোৱা ভাৰতীয় দলৰ অংশ হৈছিল। এইদৰে পাকিস্তানৰ বিৰুদ্ধে ১৯৭৮ চনৰ ১৩ অক্টোবৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যশপাল শৰ্মাৰ অভিষেক ঘটিছিল৬ টেষ্ট ক্ৰিকেটত তেওঁৰ অভিষেক ঘটিছিল ১৯৭৯ চনৰ ২ আগষ্ট তাৰিখে, ইংলেণ্ডৰ বিৰুদ্ধে ল'ৰ্ডচত।৭

অৱসৰ

ক্ৰিকেটৰপৰা অৱসৰ লোৱাৰ পাছত তেওঁ আম্পায়াৰ হিচাপে আৰু ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ নিৰ্বাচক হিচাপে কাম কৰিছিল।৮ বি বি চি আইৰ বিভিন্ন পদত তেওঁ অধিষ্ঠিত হৈছিল।

মৃত্যু

২০২১ চনৰ ১৩ জুলাই তাৰিখে, ৬৬ বছৰ বয়ত হৃদক্ৰিয়া বন্ধ হৈ যশপাল শৰ্মাৰ আকস্মিক মৃত্যু ঘটে।৯১০

প্ৰাপ্তি

২০০০ চনত, 'দ্য বৰ্ড অৱ কণ্ট্ৰল ফ'ৰ ক্ৰিকেট ইন ইণ্ডিয়া'ই যশপাল শৰ্মাৰ সন্মানাৰ্থে এখন দিবা/নৈশ বেনিফিট ক্ৰিকেট খেলৰ আয়োজন কৰে।.১১

জনপ্ৰিয় মাধ্যমত

লৰ্ডচত ভাৰতীয় ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰা ঘটনাটিৰ ভিত্তিত নিৰ্মিত এইট্টি থ্ৰী নামৰ এখন বলিউডী চলচ্চিত্ৰ ২০২১ চনত মুক্তি দিয়াৰ বাবে সাজু কৰি তোলা হৈছে। চিনেমাখনত যতীন সৰ্ণই যশপাল শৰ্মাৰ নাম ভূমিকাত অভিনয় কৰিছে। ছবিখন ক্ৰমে কবীৰ খান আৰু অনুৰাগ কাশ্যপে পৰিচালনা আৰু প্ৰযোজনা কৰিছে। ১২১৩

তথ্যসূত্ৰ

  1. ↑ India's Yashpal Sharma dies aged 66. ESPNcricinfo
  2. ↑ Yashpal Sharma. ESPN Cricinfo
  3. ↑ (13 July 2021). India's 1983 World Cup hero Yashpal Sharma dies of cardiac arrest. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (2015-08-11). Yashpal Sharma: 12 facts about India's World Cup 1983 hero. Cricket Country
  5. ↑ (2021-07-13). Former India cricketer Yashpal Sharma dies of heart attack. The Indian Express
  6. ↑ Full Scorecard of India vs Pakistan 2nd ODI 1978/79 - Score Report · ESPNcricinfo.com. ESPNcricinfo
  7. ↑ Full Scorecard of India vs England 2nd Test 1979 - Score Report. ESPNcricinfo.com
  8. ↑ Yashpal Sharma Profile - ICC Ranking, Age, Career Info & Stats. Cricbuzz
  9. ↑ World Cup winner Yashpal Sharma passes away aged 66. Cricbuzz
  10. ↑ (2021-07-13). India's 1983 World Cup hero Yashpal Sharma dies of cardiac arrest. The Hindu
  11. ↑ Leading players for Yashpal Sharma benefit match. ESPNcricinfo
  12. ↑ (2 April 2019). Sacred Games actor Jatin Sarna to play Yashpal Sharma in 83. The Indian Express
  13. ↑ (14 January 2020). '83: Jatin Sarna as Yashpal Sharma looks fearless; see. The Asian Age

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যশপাল শৰ্মা” প্ৰবন্ধৰ সংশোধন ২৮৮৮১৫ (২৯ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।